ফটাঢোল

ভোজন – অৰবিন্দ গোস্বামী

জীৱন ধাৰণৰ বাবে ভোজন প্ৰত্যেক প্ৰাণীৰ বাবে এক জৰুৰী কথা। মানুহ হওক বা আন পশু-পক্ষীয়েই হওক জীৱন ধাৰণ কৰিবলৈ ক্ষুধা নিবাৰণৰ বাবে মানুহ বা পশু-পক্ষী সকলোৱে জীৱন সংগ্ৰাম কৰিবলগা হয়।যিসকল মানুহৰ জীৱন সংগ্ৰাম কঠিন হয়, তেওঁলোকে জীৱন ধাৰণৰ বাবে খাদ্য গ্ৰহণ কৰে। কিন্তু বিশেষ অসুবিধা নথকাসকলে ভোজনক প্ৰয়োজনীয়তাৰ লগতে বিলাস হিচাপেও গ্ৰহণ কৰে। মই সৌভাগ্যবান অছিলোঁ যে ভোজনক বিলাস হিচাপেও গ্ৰহণ কৰিব পাৰিছিলোঁ। সময়ৰ লগে লগে যেতিয়া ডাঙৰ হ’লোঁ আৰু জানিব পাৰিলোঁ যে কোনো কোনো মানুহে কিমান কষ্টৰে এসাজ ভাত

Read more

‘ক’লা শণিবাৰ; ব্লেক চেটাৰডে’ – অভিজিত কলিতা

ৰাজশ্ৰী প্ৰডাকচনচৰ নিৱেদন:- =ক’লা শণিবাৰ; ব্লেক চেটাৰডে’= ধেন- তেনেনননন………………. প্ৰযোজনা, পৰিচালনা, লিৰিকচ, সংগীত, কণ্ঠ, কাহিনী, চিত্ৰনাট্য, সংলাপ, চিনেমাটোগ্ৰাফী, পোহৰ, একচন, কৰিঅগ্ৰাফী, VFX, আন বাকী যি যি আছে :- অভিজিত কলিতা   অভিনয়তঃ- সকলো মুল পুৰুষ চৰিত্ৰ:- অভিজিত বচ্ছন সকলো মুল নাৰী চৰিত্ৰঃ- পল্লৱী ভাডুৰী বচ্ছন জুনিঅৰ আৰ্টিষ্ট:- হেমন্ত কাপুৰ, দেৱজিত খান, হিতেশ কুমাৰ, অঞ্জন ছিদ্দিক্কি, অনুৰূপ দেৱগন, সৌৰভ খেৰ, মাধুৰ্য ভাটীয়া, শ্ৰীডলী, তৃ‍ষ্ণা কাইফ, নিৰ্মালী কাপুৰ, তবিবৰ চোপ্ৰা, মৌচুমী ফাৰ্নাণ্ডেজ, ৰিমঝিম ৰবাৰ্টচ, কাবেৰী খান্না, কমলা পাডুকণ, চবিনা স্বোৱাৰজেনেগাৰ, প্ৰনীতা জ’লি,

Read more

এজন ব্যস্ত দালালৰ ৰোমাঞ্চ (মূল: অ’ হেনৰী) – অনুবাদ: নীলাক্ষী কাকতি

যেতিয়া থমাচ মেক্সুৱেলে নিজৰ ব্যক্তিগত সহায়িকা মিচ লেজলীৰ সৈতে ৰাতিপুৱা ৯:৩০ বজাত একেলগে অফিচত প্ৰৱেশ কৰিলে, তেতিয়া কেৰাণী পিটচাৰে অকণমান উৎসুকতাৰে মূৰ তুলি চালে৷ পিটচাৰক সুপ্ৰভাত জনাই খৰ খোজেৰে মেক্সুৱেলে নিজৰ কোঠাৰ ফালে এনেদৰে দৌৰা-দৌৰিকৈ সোমাই গ’ল যেন তেওঁ অফিচৰ ফাইলসমূহৰ ওপৰত জঁপিয়াইহে পৰিব৷ মিচ লেজলী অফিচত প্ৰায় এবছৰ ধৰি কাম কৰি আছে৷ সাধাৰণ সহায়িকাতকৈ তেওঁ কিছু বেলেগ৷ তেওঁ অতি সাধাৰণ পোচাক পৰিধান কৰে৷ কোনোধৰণৰ গহণা নিপিন্ধে৷ সেইদিনা তেওঁ এযোৰ ধোঁৱা বৰণৰ পোচাক পিন্ধিছিল৷ মূৰত আছিল ভাটৌৰ পাখি লগোৱা টুপী৷

Read more

মহাপলায়ন পৰ্ব (ষষ্ঠ খণ্ড) – অভিজিত কলিতা

  (পঞ্চম খণ্ডৰ লিংক) ফাকদিঙৰপৰা নামচে বজাৰ — পিছদিনা ৰাতিপুৱাই সকলোকে লৰালৰি কৰিবলৈ কঠোৰ ভাৱে কোৱা হ’ল। কাৰণ আজি বহুদূৰ ট্ৰেকিং কৰিব লাগিব, মনজ’ হৈ ৩৪৪০ মিটাৰ উচ্চতাৰ নামছে বজাৰ পাবগৈ লাগিব। এইটো শেষ বসতি, ইয়াৰ পাছত আৰু ক’তো জনপ্ৰাণী পোৱা নেযাব, কফি হাউছো নাই। গতিকে খৰধৰ কৰিব লাগিব। আজিৰ যাত্ৰাও কালিৰ দৰে পাহাৰৰ তললৈ নমাৰে আৰম্ভ হ’ল। বাটটো সৰু সৰু গাওঁ আৰু ঝুম খেতিৰ পথাৰেৰে ভৰা। ঝুম খেতিবোৰৰ মাজে মাজে শেলুৱৈ লগা শিলৰ দেৱাল। পথ বেয়া হ’লেও নামনি মুখী

Read more

সংখ্যাটোৰ আঁৰৰ কথা

নতুন বছৰৰ এই প্ৰথম মাহটো মোৰ বাবে অতি স্মৰণীয় হৈ ৰ’ব৷ আন বছৰৰ দৰে এইটো বছৰৰো পাতনি মেলিছিলোঁ নানা উদ্যম, আশা, কাৰ্য্যসূচী আদি হাতত লৈ৷ তথাপি মনতে ভাবিছিলোঁ যে এই ৰিজোলিউশ্যন বা প্ৰতিশ্ৰুতিবোৰ যে কৰিলোঁ নিজৰ লগতে, ইয়াৰ সন্মান ৰাখিব পাৰিম জানো! যোৱা বছৰৰ ৰিজোলিউশ্যনবোৰেচোন এতিয়াও ট ট কৈ চকু মেলি মোৰ লগত ভেঙুচালি কৰি আছে৷ সেইবোৰ সম্পূৰ্ণ হোৱাহেঁতেন চাগে এতিয়া মোৰ ওজন দহ কিলোমান কমিলেহেঁতেন, পি এইচ ডিৰ ভাইভা শেষ কৰি নামৰ আগত ড° উপাধি এটা লিখিব পৰা গ’লহেঁতেন৷

Read more

স্মৃতিভাৰ – দীপামণি শইকীয়া

  sometimes memories sneak out of our eyes and roll down our cheeks!   পাৰ হৈ অহা বাটলৈ উভতি চালে, সময়ৰ সোঁতত এৰি আহিব লগীয়াখিনিয়ে দুখ আৰু ক্ষোভৰ শিল হৈ  আমাৰ উশাহবোৰ গধূৰ কৰি তোলে। কিন্তু পাৰ হৈ অহা সেই সুন্দৰ সময়ে আমাৰ জীৱনক একেদৰে  হাঁহিৰে ধন্যও কৰে। তাৰে কত কাহিনী লৈ মনত পৰিলে এতিয়াও মৌন ওঁঠত হাঁহিৰ ফুল ফুলি উঠে। জীৱনতো সুখ-দুখ, হাঁহি-কান্দোনৰে এক বৰ্ণাধ্য আয়োজন!  মূলতঃ বাস্তৱৰ পৰা তুলি সামান্য সা-সলনি কৰি লিখা তাৰেই  কিয়দংশ, ১/ স্কুললৈ বাচেৰে

Read more

গৌৰৱ – তৃষ্ণা সোণোৱাল

লখেশ্বৰ বুঢ়া অৱশেষত গ’ল, গ’ল মানে একেবাৰে ওপৰলৈকে গ’ল। এসপ্তাহ ধৰি দিনে ৰাতিয়ে পৰ দিয়া ডেকাবোৰেও স্বস্তিৰ নিশ্বাস পেলালে, হওক তেওঁ বুঢ়াৰ নামত খৰচ কৰা সময়খিনি যে অথলে নগ’ল। বুঢ়াৰ পুতেকহঁতো খুশ, বুঢ়া বাছি যোৱা হ’লে পৰ ৰখীয়াকেইটাৰ নামত খৰচ কৰা বটলৰ দাম এনেই যোৱা যেনেই লাগিলহেঁতেন। : বুজিছে শৰ্মা, চাৰিহাজাৰ টকাৰ মাল খুৱাইছোঁ দীপুহঁতক। বৰুৱাই মাকৰ সময়ত বোলে দুহেজাৰ টকাও খৰচ কৰা নাই। পিতৃৰ মৃত্যুৰ খবৰ কৰিবলৈ অহা বন্ধুৰ আগত বৰপুত্ৰ অভয় শইকীয়াই গৌৰৱেৰে কৈ উঠিল। : হয় দিয়ক

Read more

এ.প্ৰ.বি. – ঈশান জ্যোতি বৰা

এটামান বাজিছিল হ’বলা। চলিহাৰ ঘৰত বাজি থকা উচ্চক্ষমতাসম্পন্ন মিউজিক চিষ্টেমটো ‘ধপ’কৈ শব্দ এটা কৰি বন্ধ হৈ থাকিল। লাইন যোৱা নাই। বোধহয়, যান্ত্ৰিক বিজুতি। নহ’লে চলিহায়ো বন্ধ কৰি থ’ব পাৰে। যিহে একাচেকা মানুহ! আজি উৰুকা বুলিহে ‘এলাও’ কৰিছে, নহ’লে কাৰ সাধ্য আছে এই দুপৰনিশা চলিহাৰ ঘৰত ‘সাংগীতিক বিস্ফোৰণ’ কৰাৰ! ‘খৰক,খৰক’ অ’! সেইয়া আকৌ কিহৰ শব্দ! শব্দটো আকৌ এবাৰ শুনিবলৈ কাণখন মেলি দিলোঁ। ‘খৰক,খৰক’ বুজিলোঁ। কোনোবা অঘাইতং চোৰে ঘৰৰ আগফালৰ টাটিখন সৰকোৱাৰ দিহা কৰিছে। গতিকে সময় নষ্ট কৰি লাভ নাই। জুহালৰ কাষতে

Read more

পঞ্চপদী – হেমেন ডেকা

১ জনতাক দিয়ে সীমাহীন ফাঁকি জুয়েপোৰা সপোনহে মাথোঁ বাকী জনজীৱন বিধ্বস্ত জোনাকো দেখোঁ সন্ত্ৰস্ত জহন্নামত জ্বলে আশাৰ চাকি!   ২ বৃথা হ’ল যে সংগ্ৰামৰ কচৰৎ, বহু দেখিলোঁ আভুৱা ভাৰা মহুৰৎ, কথাতহে অগ্নিস্ফুলিঙ্গ, কাৰ্যক্ষেত্ৰত ছত্ৰভংগ, শীতনিদ্ৰাত মগ্ন কত ৰাজভকত! ৩ অ’ ভোজখোৱা অ’ ভোজখোৱা পদূলি পালেহি বান, টোপনিত থাকোঁতে দেখোন ভঁৰালৰো ডুবে ধান! আগতে নহ’লোঁ সজাগ ভাগ, বোপাই অ’ ভাগ সৱ ভাগ্যৰ লেখা- বজা লাউ-টোকাৰী,গাওঁ গান! ৪ সহস্ৰজনৰ চকুত চকুলোৰ লাভা সুন্দৰভাবে সজ্জিত আজি শ্ৰাদ্ধৰ ৰভা সুদিন সুদূৰ পৰাহত সুহৃদ কালৰ

Read more
1 2 3 4 9