ফটাঢোল

মোৰ প্ৰথম প্ৰেম – মৃদুল নাথ

প্ৰথম প্ৰেম বুলি ক’লে আন বহুতৰ দৰে ময়ো কিছু অতীতলৈ উলটি যাব লাগিব। সেয়া প্ৰথম দৃষ্টিতে হোৱা বুলি ক’লেও ভুল কোৱা নহ’ব, অৰ্থাৎ ইংৰাজীত যাক কোৱা হয় “লাভ এট ফাৰ্ষ্ট ছাইট”; আৰু আজিও মই তাইৰে প্ৰেমত নিমজ্জিত। অকোৱা পকোৱা একেবাৰে সাধাৰণ বেভূষাৰে তাই যেতিয়া মোৰ সন্মুখলৈ আহিছিলে, প্ৰথম দৃষ্টিতে ভাল লাগিছিল তাইক। লাহে লাহে আমি সঘনাই লগ পাবলৈ ধৰিছিলোঁ। যিমানে সময় বাগৰিছিল, সিমানে যেন বুজিব পাৰিছিলোঁ তাইক! সমান্তৰাল ভাৱে বাঢ়িছিল মৰমবোৰ! তাইৰ লগত মোৰ প্ৰথম সাক্ষাৎ হয় গুৱাহাটীত। তেতিয়া মই

Read more

মিচিকিয়া হাঁহিটি – মিৰাজুল ৰছিদ

আজি আৰু নিলিখাকৈ ৰ’ব নোৱাৰিলোঁ। হেৰৌ গুলাপী গেঙৰ সদস্যা কেইজনী, আমাৰ দৰে ল’ৰাৰ প্ৰেম আৰু কলিজা কেনেকৈ তোমালোকৰ ভৰিৰ তলুৱা/গোৰোহা ফটা দি ফাটে শুনা। প্ৰথম কথাটো হ’ল এই প্ৰেম আখ্যান মোৰ নহয়। মোৰ দৰে হুদুৰ দ্বাৰা ছোৱালী পতোৱাটো জীৱনত সম্ভৱ নহয়। ছোৱালীৰ বাবে আমিবোৰ বন্ধ হৈ যোৱা ৫০০ টকীয়া নোটৰ দৰে। বাৰু, নাউ কামিং টু দ্যা পইণ্ট। কেচটো হ’ল আমাৰ বন্ধু এজনৰহে। ফটাঢোলৰ নিষ্পাপ সদস্য এখেত। পেশাত টেটৰ মাষ্টৰ, নিচাত ‘অফিচাৰ চইচ’ (অচি)৷ মৰিগাঁঁৱৰ সেই বিশেষ স্কুলখনলৈ এখেতে গুৱাহাটীৰ পৰা

Read more

ফটা পোষ্টাৰ নিকলা হিৰো–ডলী তালুকদাৰ

ৰাজশ্ৰী ক্ৰিয়েচনৰ নিৱেদন মৰিলেহে তোমাক পাহৰিম কাহিনী, চিত্ৰনাট্য, পৰিচালনা, সংলাপ, সহকাৰী প্ৰযোজনা, কন্ঠ ডলী তালুকদাৰ। সহকাৰী পৰিচালক মাধুৰ্য্য গোস্বামী। সঙ্গীত পৰিচালনা, কণ্ঠ হেমন্ত কাকতি (৩০ টাৰো অধিক পুৰস্কাৰেৰে সন্মানিত) কাষ্টিং ডিৰেক্টৰ দেৱজিত শইকীয়া একচন দিম্পল কলিতা চাউণ্ড অনুৰূপ মহন্ত এডিটৰ ভাস্কৰ দাস স্পট বয় হিতেশ বি বৰুৱা স্পট গাৰ্ল মিতালি চহৰীয়া কষ্টিউম ৰীতা শইকীয়া কৰিঅ’গ্ৰাফী পল্লৱী কলিতা সহকাৰী কৰিঅ’গ্ৰাফী উৎপলা শইকীয়া লাইট অনুৰূপ মহন্ত খাদ্য যোগান জিতু শৰ্মা ষ্টাণ্ট মেন অশোক হুজুৰী মেকআপ পূৰ্ণময়ী মেধি সহকাৰী জিতা ফুকন হেয়াৰ ষ্টাইলিষ্ট

Read more

এক অনাকাংক্ষিত পৰীক্ষাৰ ইটো-সিটো – খনিন্দ্র ভূষণ মহন্ত

(১) শুক্রবাৰে ৰাতি ‘মেইল’ আহিছে। দেওবাৰে পুৱা ১০-৩০ বজাৰ পৰা পৰীক্ষা! তাকো গুৱাহাটীত। ৯ বজাত কলেজত গৈ উপস্থিতি জাহিৰ কৰিব লাগিব। আইজ্জাও বালক! টেমাটো গৰম হ’বলৈ ইয়াতকৈ কিবা বেলেগ খবৰ লাগেনে এই পৃথিৱীত! অমুকা তেতিয়া আছো মামাৰ ঘৰত। মেইল দেখিয়েই খঙে-ভয়ে মুখৰ ৰং যে সলনি হৈছিল তাত কোনো সন্দেহেই নাই। পঢ়াৰ ঘৰত এটা বৃহৎ শূন্যই নাচি নাচি আগৰ পৰাই মোক ভেঙুচালি কৰিয়েই আছিল যদিও এনেই ‘গহীন ফিলিং’ এটা দি আছিলোঁ। কিন্তু এতিয়া উপায় নাই। ইতিমধ্যে মোৰ জোলোঙাৰ মেকুৰী বাহিৰ হ’বলৈ

Read more

কৌতুক – কমল তালুকদাৰ

মালিকে তেখেতৰ ঘৰত ঘৰুৱা কাম কাজ কৰা এজন ল’ৰা ৰাখিছে। ল’ৰাজন কাম-কাজত ভাল, কিন্তু বৰ অঘাইটং। কিবা নহয় কিবা এটা যত থাকেই৷ তামাম কামোৰ টাইপ। এদিন মালিকে তাক বজাৰ কৰিবলৈ পঠিয়াইছিল, সি কি কৰিলে তাৰেই আভাস এটা দিছোঁ তলত। ১/ ঘৰৰ পৰা ওলাই গৈয়ে বিপৰীত  ফালৰপৰা আহি থকা এখন ৰিক্সাক ৰখাই , : অ’ই ৰিক্সা বন্ধু, তিনি আলিলৈ যাবি? ( যিটো ফালৰ পৰা ৰিক্সাখন আহি আছিল।) : অ’ দাদা যাম। : দে, তেনেহ’লে ঘূৰাই ল! ৰিক্সাক ঘূৰিবলৈ দি সি গৈ

Read more

সম্পাদকীয়–তৃষ্ণা টি. ভূঞা

  “নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সিটি কথা মানুহৰ৷“ শ্ৰেণীকোঠাত মাষ্টৰৰ মাৰৰ ভয়তে মুখস্থ কৰি আঁওৰোৱাৰ পৰা গধূলি মা দেউতাক দেখাই টেটু ফালি আবৃত্তি কৰালৈ ওপৰোক্ত কবিতালানি আমাৰ আটাইৰে আপোন৷ “তোমাৰ প্ৰিয় কবিতা এফাকি গোৱা“ বুলি কলেজ ৰেগিঙত সোধোঁতেও মুখেৰে এইফাকি কবিতাহে ওলাইছিল৷ সময় বাগৰিল৷ কবিতা নতুন হ’ল৷ মডাৰ্ণ কবিতা আহিল য’ত কবিয়ে প্ৰেয়সীৰ চুলিক চাওমিনৰ লগত তুলনা কৰিও ৱাহ ৱাহ বুটলিলে৷ খাৰখোৱা মগজুৱে কিন্তু সেইবোৰ নুবুজিলে আৰু স্কুলীয়া দিনৰ সেই সাৰুৱা কবিতাবোৰহে মনত ৰাখিলে৷ আজি ২০১৯

Read more

ৰচনা-স্ক্ৰীণশ্বত এক অস্ত্ৰ — ৰিমঝিম বৰঠাকুৰ

আজিলৈকে মহিলাৰ চকুপানীয়ে আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছিল যদিও বৰ্তমান আটাইতকৈ ভয়াবহ অস্ত্ৰবিধ হ’ল স্ক্ৰীণশ্বত। আচলতে ইয়াক চাইলেণ্ট উইপন বুলিও ক’ব পৰা যায়। স্ক্ৰীণশ্বত নামৰ অস্ত্ৰপাত আহি কেতিয়া কেনেকৈ সংগোপনে আপোনাক আক্ৰমণ কৰিবহি আপুনি গমেই নাপাব। মাত্ৰ ই অপেক্ষা কৰে সুযোগলৈ। সুযোগ পালেই ই টোপা কাড়তকৈ দ্ৰুতবেগত আহি বিন্ধিব। স্ক্ৰীণশ্বত কাক বোলে? ব্যক্তি এজনৰ যিকোনো ডাটা মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ছবি আকাৰে সংগ্ৰহ কৰাকে স্ক্ৰীণশ্বত বোলে। সাধাৰণতে স্ক্ৰীণশ্বত যিকোনো কামতে ব্যৱহৃত হয় যদিও চ’চিয়েল মিডিয়াত ইয়াক ওপৰত উল্লেখ

Read more

স্মৃতিভাৰ (২)– দীপামণি শইকীয়া

sometimes memories sneak out of our eyes and roll down our cheeks! পাৰ হৈ অহা বাটলৈ উভতি চালে, সময়ৰ সোঁতত এৰি আহিব লগীয়াখিনিয়ে দুখ আৰু ক্ষোভৰ শিল হৈ  আমাৰ উশাহবোৰ গধূৰ কৰি তোলে। কিন্তু পাৰ হৈ অহা সেই সুন্দৰ সময়ে আমাৰ জীৱনক একেদৰে  হাঁহিৰে ধন্যও কৰে। তাৰে কত কাহিনী লৈ মনত পৰিলে এতিয়াও মৌন ওঁঠত হাঁহিৰ ফুল ফুলি উঠে। জীৱনতো সুখ-দুখ, হাঁহি-কান্দোনৰে এক বৰ্ণাধ্য আয়োজন!  মূলতঃ বাস্তৱৰ পৰা তুলি সামান্য সা-সলনি কৰি লিখা তাৰেই  কিয়দংশ……. বাৰিষাৰ সময়৷ ঘৰৰ আগফালৰ পুখুৰীটো

Read more
1 2 3 4 5 9