ফটাঢোল

কৌতুক  – কমল তালুকদাৰ

(১) দুগৰাকী চিনাকি মহিলা, মন্দিৰত লগ পালে দুয়ো। পূজা-অৰ্চনা কৰি বাহিৰলৈ ওলাই আহিছে। ১ম মহিলা:  ঐ তই সদায় আহ নেকি মন্দিৰলৈ? ২য় মহিলা: ওহোঁ, আজি মানে মোৰ হাবীৰ জন্মদিন। সেয়েহে অলপ… ১ম মহিলা: অ’ সেইকাৰণে ইমান দেৰিলৈ মূৰ দোঁৱাই আছ। পিচে কি ক’লি ভগৱানক, পিছৰ জনমতো এইজনাকে পতি হিচাপে পঠিয়াবলৈ ক’লি নেকি? ২য় মহিলা: নহ’লে কি? ইমান বছৰে ঘঁহি-পিহি, কোবাই-ধুৱাই একেবাৰেই ৰেদিমেদ পতি বনাই লৈ পিছৰ জনমত বেলেগৰ হ’বলৈ দিম নেকি? (২) মাঘ বিহুৰ কথা, দুগৰাকী চহৰৰ মহিলাই মোবাইলত কথা

Read more

সাক্ষাৎকাৰ– অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে কে)ৰ সৈতে এখন্তেক।

হাঁহি যদি মূল বিষয় হয় তেন্তে তেওঁ সেই বিষয়ত বিশাৰদ। প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো পৰিস্থিতিৰ বুদ্ধিদীপ্ত উত্তৰ তেওঁৰ ওঁঠত অহৰহ ওলমি ৰয়। অভিনয় স্বতঃস্ফূৰ্ত ৰসাল আৰু কৃত্ৰিমতাবিহীন। তাহানিৰে পৰা স্থূল হাস্যৰসে অধিপত্য বিস্তাৰ কৰি ৰখা অসমীয়া কমেডীৰ জগতখনত নিৰ্মল হাস্যৰস প্ৰদানেৰে তেওঁ জিলিকি উঠিছে ব্যতিক্ৰমী হৈ। নগাঁৱৰ বুকুৰ পৰা ওলোৱা আন এক উজ্জ্বল প্ৰতিভা। নাম সিদ্ধাৰ্থ শৰ্মা। পিচে শদিয়াৰ পৰা ধুবুৰীলৈ বেছিভাগ দৰ্শকে তেওঁক সেই নামেৰে নেজানে। তেওঁ বিখ্যাত কে.কে দা বুলিহে। হয় আপোনালোকে ঠিকেই ধৰিছে। ইয়াত আমি ৰেঙণি টি.ভিত প্ৰচাৰিত

Read more

দেউতাৰ লগৰ দেউতা — প্ৰদীপ বৰা

গুৱাহাটীৰ সোণালী নগৰত আমাৰ সংগঠনৰ এখন প্ৰতিনিধি সভা আছে সন্ধিয়া ছয় বজাৰ পৰা৷ পূৰ্ব পৰিকল্পনা অনুযায়ী বিজয় মহন্তও মোৰ লগত যাব৷ মহন্তই বোলে, : কিমান সময়ত যাব? মই বোলো : সন্ধিয়াহে সভা আৰম্ভ হ’ব৷ গতিকে ঘৰতে গৰম ভাত এমুঠি খাই দিনৰ ন’ বজাত যাত্ৰা আৰম্ভ কৰিম৷ আপুনি আমাৰ ঘৰলৈকে আহিব দুয়োজন একেলগ হৈ ধীৰে ধীৰে গৈ থাকিম৷ ফলঙনি ডাকঘৰ চাৰিআলিতে ট্ৰেকাৰ বা টাটা মেজিকত ৰঙাজানলৈকে যাম৷ ৰঙাজান বা বোকাখাত নহ’লে নগাঁও বা একেকোবে গুৱাহাটীৰ গাড়ীত উঠিম৷ কথা মতে কাম৷ মহন্ত

Read more

বীৰেণৰ বিৰহ – অভিজিত মেধি

একালৰ বিখ্যাত নিবনুৱা বীৰেণৰ একে গাঁৱৰে প্ৰমিলা ওৰফে ফাপেৰীৰ লগত ‘ব্ৰেক-আপ’ হোৱাৰ আজি দুবছৰ হ’ল। প্ৰথম অৱস্থাত অলপ দুখ হৈছিল, বুকুখন তাৰ বিষাইছিল কোনোবাখিনিত। কিন্তু লাহে লাহে সি ফাপেৰীক স্মৃতিৰ এন্ধাৰ চুকলৈ ঠেলি পঠিয়ালে। সুখী এতিয়া সি, মুম্বাইৰ দৰে চহৰত সৰুকৈ হ’লেও চাকৰি এটা পালে। নতুন জীৱনৰ পাতনি মেলিছে সি। আজিকালি ফ্লাইটত অহা-যোৱা কৰে বীৰেণে। বহুদিনৰ মূৰত বিহু বুলি অসম আহিবলৈ ওলাইছে সি। মুম্বাই এয়াৰপোৰ্টত বহি ব’ৰ্ডিং আৰম্ভ হোৱালৈ ৰৈ আছে। ঠিক তেনেতে : এক্সকিউজ মি! প্ৰায় ছয় ফুট ওখ,

Read more

হেৰুৱা শব্দৰ ৰিং – অসমী গগৈ বৰুৱা

জীবনত আপুনি নিশ্চয় কিবা নহয় কিবা এটা হেৰুৱাইছে। কলম-পেঞ্চিল, জোতা-চেন্দেল, কাপোৰ- কানি, টকা-পইচাৰে ভৰা বেগ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ, অতি দৰকাৰী এখন ৰচিদ। নহলেবা এখন ফণী বা ৰুমাল। নিশ্চয় হেৰুৱাইছে। কেনে লাগে তেতিয়া? ভাবিছে, সেইটোওনো এটা সুধিব লগা কথা হ’লনে– খঙে দুখে একাকাৰ। অতিপাত চোকা ৰদ। গৰমত বাছেৰে আপুনি কৰবালৈ গৈ আছে। তাকো ভৰি থ’বলৈ ঠাই নোহোৱা ভিৰত থিয় হৈ। ঘামে আপোনাৰ মুখ হাতকে আদি কৰি গোটেই দেহা ধুৱাই নিছে। যেনে তেনে গৈ নিৰ্দিষ্ট ঠাইত নামিল। মুখখন মুচিবলৈ ৰুমাল বিচাৰি দুয়োটা

Read more

ভেলেণ্টাইন ডে বিশেষ পদ্য – ৰাজীৱ শৰ্মা

(১) প্ৰেমৰ দিন পালেহি কাষত আছে শ্ৰীমতী দুখ লাগিল ভাবি মোৰ আজি কি হ’ল গতি কেইবাজনীৰ লগত ছাটিং সময় মিলাই দিছিলোঁ ডেটিং কৈফিয়ৎ দিব লাগে আজি কৰিলেও পাৰ্টি (২) বিয়াখন পাতিছিলোঁ লাগিলেও ধুৰ-ধাৰ ফূৰ্তিতে ভাবিছিলোঁ হ’ব এওঁ গলৰ হাৰ ওলোটা বুজিলি ৰাম ললাট আছিল বাম পুৱা-গধুলি নুগুছে আজিকালি ধৰ-মাৰ (৩) ডাৰ্লিং নুবুলিলে লাগিছিল ঠেহ বেবী বুলি ওলালে ভাবিছিলোঁ ছেহ ক’ত হেৰাল সুদিন ভেলেণ্টাইনৰ দিন ঠগিলোঁ বুলি দিয়ে পিঠিত গেমেহ ☆★☆★☆

Read more

ফটা প্ৰশ্ন

  মঞ্জিল কাশ্যপ বৰঠাকুৰ: ঘঁহি থাকিলে যে শিলো ক্ষয় যায় তেন্তে আমি সদায় ঘঁহি ঘঁহি গা ধোৱাৰ পিছত গাটো কিয় ক্ষয় নাযায়? উত্তৰ: হেৰি, শিলত যিটো ঘঁহন দিয়ে আপুনি, সেইটো ঘঁহন নিজৰ গাত দিয়ে জানো? মাখি ছাল চিগিলেই চকু পানী ওলায়। ড’ভ চাবোন লগাই ‘লুইতৰে পানী যাবি অ’ বৈ’ গানটো গাই ঘঁহি থাকিলে শিলো ক্ষয় নেযায়, মন কৰিব। নীতুমণি বৰঠাকুৰ: টান টান টান তিনিটা কাম টান। কি কি টান ফটহুকাই? উত্তৰ: ১) টুথপেষ্টৰ টিউবৰ পৰা টুথপেষ্টখিনি চেপি উলিয়াই আকৌ তাতে

Read more

প্ৰীতি উপহাৰ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

বৰুৱাপুত্ৰ ৰক্তবীজৰ বিয়া হোৱা দুদিন হ’ল। বহুদিনৰ পৰা বিৰাজ কৰা উদুলি-মুদুলি পৰিৱেশটো কিছু শান্ত হ’ল। ওপৰ মহলাৰ ডাঙৰ কোঠা এটা বিয়াত পোৱা উপহাৰেৰে ভৰি পৰিছে। এটি এটিকৈ ৰং-বিৰঙী কাগজেৰে মেৰিওৱা উপহাৰ খুলিছে। বেছিভাগ প্লাষ্টিকৰ কাপ-প্লেট আৰু বাটিৰ ছেট। : “এইবোৰ ছাৰ্ট একদম আউটডেটেড ডিজাইনৰ। তইনো ক’ত পিন্ধিবি!” মাকে দেখুওৱা ছাৰ্টবোৰ চালে ৰক্তবীজে, এটাও ভাল নালাগিল। সঁচাকৈয়ে পুৰণি ডিজাইনৰ ছাৰ্ট সেইবোৰ। : “দুদিন পাছত আমাৰ চুবুৰীৰ শক্তি শৰ্মাৰ পুতেকৰ লগুণদিয়নী। ইয়াৰপৰাই ছাৰ্ট এটি দিলেই হ’ল…। আৰু মই এই কাপ-প্লেটৰ ছেটবোৰ ভালকৈ

Read more

বৰযাত্ৰী– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

ল’ৰালিৰপৰাই তাৰ লগ বন্ধুৰ সংখ্যা তেনেই নামমাত্ৰ।মাক বাপেকে গাঁৱৰ বাকীবোৰ ল’ৰাৰ লগত তাক বৰকৈ মিলামিছা কৰিব নিদিছিল। ধনী ঘৰৰ একমাত্ৰ ল’ৰা কাজেই চাহাবী ঢং এটা সৰুৰ পৰা তাৰ গাত বিদ্যমান। ঘৰৰ বাহিৰ ওলাব পাৰিলেই লগৰীয়া বুলিবলৈ একমাত্ৰ ময়েই, বাকী গাঁৱৰ ল’ৰাবোৰে কোনেও তাক পাত্তা নিদিয়ে। এনেই ৰাজু ল’ৰাটো সিমান বেয়াও নাছিল কিন্তু মাক বাপেকৰ কথা বতৰাবোৰৰ বাবে বাকীবোৰ সমনীয়া ল’ৰাৰ মনত তাৰ প্ৰতি ভাল ভাব নোহোৱা হৈছিল। আটাইবোৰ সমনীয়া ল’ৰাই লগ হৈ কিবা বদমাছি কৰিলে ৰাজুক বাদ দি বাকীবোৰে শাস্তি

Read more

এই যে আপগ্ৰেড নোহোৱা সাধুবোৰ– বাসৱদত্ত দাস

প্ৰায়ে মই ভাবোঁ, এই যে সৰুতে শুনা সাধুবোৰ; তাৰ কাহিনীবোৰৰ বহুকেইটা যে মোৰ মনঃপুত নহ’ল – তাক বাৰু সলনি কৰিব পৰা নাযায় নে! এই ধৰক তেজীমলাৰে সাধুটো। তেজীমলাই নমৰাকৈয়ে জানো মাহীমাকৰ অত্যাচাৰৰ কথা পিতাকক ক’ব নোৱাৰিলেহেঁতেন? আকৌ, সেই পাৰকেইটাৰ একতাৰ কাহিনীটো। জালখনৰ সৈতে উৰি যোৱাৰ পিছত সিহঁতৰ কি হ’ল? জালখনৰ পৰা মুকলি হ’ব নোৱাৰিয়ে তেনেকুৱাকৈ উৰিবলৈ বাধ্য হৈছিল সিহঁত; পিছত সিহঁতে জালখনৰপৰা নিজকে এৰুৱালে কেনেকৈ? নে সিহঁতে আন এডাল গছত আশ্ৰয় ল’বলৈ জালেৰে সৈতে নামোঁতে ডালে-পাতে জোঁট-পোট লাগি তাতে ফচি

Read more
1 2 3 4 5 6 9