ফটাঢোল

আৰে বিবি আইটী – সোমকান্ত শইকীয়া

আমি হাইস্কুলত পঢ়াৰ দিনত ইংৰাজী পাঠ্য পুথিত Rabbits Rabbits and Rabbits নামৰ পাঠ এটা আছিল৷ পাঠটোৰ মূল বিষয় হ’ল- এসময়ত কেনেকৈ অষ্ট্ৰেলিয়াত ৰেবিট নামৰ বগা-এন্দুৰ বিধৰ বংশ বৃদ্ধি হৈ এটা সহজে সমাধান কৰিব নোৱৰা ৰাষ্ট্ৰীয় সমস্যাৰ সৃষ্টি কৰিছিল। অৱশ্যে, আজিৰ এই লিখাটোৰ উদ্দেশ্য Rabbit ৰ বিষয়ে বা সেই সময়ত অষ্ট্ৰেলিয়াত সৃষ্টি হোৱা সমস্যাৰ কথা বৰ্ণনা কৰা নহয়৷ আমি ক’ব খুজিছোঁ আন এটা হাস্য ৰসিক অথচ জানিবলগীয়া বিষয় সম্পৰ্কেহে। আমাক দশম শ্ৰেণীত ইংৰাজী পঢ়াইছিল প্ৰধান শিক্ষকে নিজে। ইংৰাজীৰ লগতে গণিত বিষয়টোও

Read more

বাঁহেৰে তৈয়াৰী নাৰ্জিৰ ঠাৰি – মন্দিৰা শৰ্মা

মই তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰী। সেইদিনা শিক্ষক দিৱস আছিল। শিক্ষক দিৱসৰ সকলো আয়োজন দশম শ্ৰেণীৰ ছোৱালীবোৰে কৰে। মোৰ দায়িত্বত আছিল সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনা কৰা। সেয়ে খুব ব্যস্ত।অনুষ্ঠান চলি আছে। তেনেকুৱাতে ছোৱালী এজনী আহি ক’লে যে, মোক লগ পাবলৈ কোনোবা আহিছে।মই গৈ আছোঁ বুলি ক’লোঁ যদিও ব্যস্ততাৰ বাবে যাব পৰা নাই। প্ৰায় আধা ঘণ্টামান পিছত আকৌ ক’লেহি যে গেটৰ বাহিৰত কোনোবা ৰৈ আছে আৰু মোক মাতিছে। আমাৰ স্কুলখন গাৰ্লছ স্কুল আছিল বাবে অনুমতি নোলোৱাকৈ ভিতৰলৈ কাকো আহিবলৈ নিদিয়ে। তেতিয়ালৈকে ময়ো আজৰি

Read more

খৰ্বানন্দ ঘোষৰ উইল – সদানন্দ ভূঞা

আজি মই শ্ৰী গৰ্বানন্দ অসমীয়াই অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে অসমখনৰ মঙ্গলৰ বাবে অসমবাসীৰ হিতাৰ্থে সকলো অসমীয়ালৈ এই উইলখন অৰ্পণ কৰিলোঁ। অসমবাসী ৰাইজক এই উইলখনৰ জৰিয়তে মই মোৰ নামটো গৰ্বানন্দ অসমীয়াৰ পৰা সলনি কৰি খৰ্বানন্দ ঘোষ কৰিলোঁ। যিহেতু জাতিৰ কথা কৈ, মাটিৰ কথা কৈ, ভেটিৰ কথা কৈ খাৰখোৱা অসমীয়াৰ মন জয় কৰি অসমৰ ৰজা হোৱাৰ বাবে গৰ্বানন্দ অসমীয়া হৈছিলোঁ। অসমত প্ৰৱেশ কৰা সকলো বিদেশী প্ৰবজনকাৰীক অসমৰ পৰা বিতাৰণ কৰিম বুলি হুমকি দিছিলোঁ। গৰ্ব কৰিছিলোঁ নিজকে খাৰখোৱা অসমীয়া বুলি। ৰজা

Read more

লুটুকনৰ কথাৰে– নিৰ্মালী বৰমুদৈ

সহজ সৰল সকলোকে একেষাৰে আপোন কৰি ল’ব পৰা আমাৰ গাঁঁৱৰ লুটুকন কাইটিৰ কথাই সুকীয়া। একেবাৰে ব্যতিক্ৰম লুটুকন কাইটিয়ে সকলো কথা যুক্তিৰে দৰ্শাই। তাৰ যুক্তিবোৰৰ লগত গাঁওখনৰ বিশিষ্ট ব্যক্তি সকলেও সেও মানিবলৈ বাধ্য হয়। তাৰোপৰি কিছুমান কথা ইমান সুন্দৰকৈ ৰস লগাকৈ যুক্তি দিব যে আপোনাৰ মুখত লাগি থকা সঁচা কথাটোও নোকোৱাকৈ হয় বুলি শলাগি গুচি আহিব। এদিনাখনৰ কথা। লুটুকনৰ দেউতাকৰ স্বৰ্গপথ প্ৰশস্ত হোৱাৰ সময়। তেতিয়া নিশা ৮ মান বাজিছে। ইষ্ট-কুটুম্ব সকলো আহি ঘৰখনত উপস্থিত হৈছেহি। ইতিমধ্যে ৯ মান বজালৈ সংসাৰৰ মোহ

Read more

মামা ভাগিন বৃত্তান্ত – ডলী তালুকদাৰ

আপোনালোকে ভাবিছে বোধহয় যে মই দেউতাৰ ফটা সোঁৱৰণী কিয় লিখিবলৈ ওলাইছোঁ। মই কোনো গল্প, প্ৰবন্ধ বা নিজৰ কোনো ফটা বা মিঠা সোঁৱৰণী নিলিখি দেউতাৰ ফটা সোঁৱৰণী লিখিবলৈ ওলাইছোঁ যে? হয় মই আজি আপোনালোকক মোৰ দেউতাৰ কিছুমান ৰসাল অভিজ্ঞতাৰ কথা ক’ম। যিবোৰ দেউতাই আমাক আজিও সাধুৰ নিচিনাকৈ কয়। আমিও বৰ ৰস পাওঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো ভগাওঁ।   সেইসময়ত দেউতা চফল ডেকা। বিয়া কৰোৱা নাই। শিক্ষা সাং কৰি চাকৰিত সোমাইছেহে। উজান বজাৰত ভাড়াঘৰ লৈছে। অকলে থাকে। পানবজাৰত অফিচ। গতিকে উজান বজাৰৰ

Read more

মুৰী লাগিব মুৰী–দিম্পল কলিতা

বন্ধৰ দিনত ঘৰত থাকিলে গালি খোৱাতো মোৰ চাগে জন্মগত ষ্টাম্পৰ দৰে লাগিল। সদায় ভাবোঁ আজি গালি নাখাওঁ‌, গালি নোখোৱাকৈ দিনটো পাৰ কৰিম। নাই কোনোবাপিনে কিবা নহয় কিবা অকন ভুল কৰিয়ে পেলাম তাৰ পিছত গোটেই দিনটো গালি। আজি ভাবিছিলোঁ আজি ভালকৈ পাৰ কৰিম দিনটো সোনকালে বিচনা এৰিলোঁ, বিচনা ঠিক কৰিলোঁ, অসমীয়া গান লগাই ৰূমটো অকন ঠিকো কৰিলোঁ লেতেৰা হোৱা চোলা দুটা চাৰ্ফত দিলোঁ। মুঠতে আজি সুৰুঙা নেৰোঁ। ধুনীয়াকৈ ৰাতিপুৱাৰ ভাতকেইটাও খোৱালে। মুঠতে চলি আছে ধুনীয়া। “দিম্পল খৰি কেইডালমান আছে পিচপিনে। চৌকাৰ

Read more

ফটাপ্ৰেম – মিতালী চহৰীয়া

কোনোৱে কয় প্ৰেমে প্ৰতাৰণা কৰে, বন্ধুৱে প্ৰতাৰণা কৰে। মাজে মাজে জড় বস্তুবোৰেও দেখোন প্ৰতাৰণা কৰে, কেতিয়াবা মোৰ দৰে ৰাস্তাৰে গৈ থাকোঁতে নতুন চেণ্ডেলৰ ফিটা চিগি পাইছেনে, অথবা ৰিক্সাৰ পৰা নামোতে কাপোৰ চিগি পাইছেনে! ঠিক তেনেকুৱাই প্ৰতাৰণা কৰিলে সিদিনা, স্কুটীখন লৈ চাৰে ন বজাত ততাতৈয়াকৈ ওলালো ঘৰৰ পৰা, দহ বজাৰ পৰা ট্ৰেইনিং এটা আছিলে ইউথ ক্লাবত। ঘৰৰ পৰা দেউতাই ষ্টাৰ্ট কৰি দিলে স্কুটীখন, ফৰটি স্প্ৰীডত চলাই ডেৰ কিঃমিঃ মান অহাৰ পাছত হঠাৎ ষ্টাৰ্ট বন্ধ হৈ গ’ল। ছেলফ্ ষ্টাৰ্ট নহয়, কিবাকৈ ডাবল

Read more

ফটাসপোন — দেবজিত শৰ্মা

বহু বছৰৰ আগৰ কথা৷ আমি তেতিয়া সৰু। বিজয়ে হাঁহৰ প্ৰেমত পৰিছে মাত্ৰ। আমাৰ ভাস্কৰ জ্যোতি দাসদায়ে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে গুৱাহাটীত দুজনমান বন্ধুৰ লগত মেচ কৰি আছিল৷ সেয়া ফে’চবুক, হোৱাটচ এপ নথকা যুগৰ কথা। টিভি চেনেল বুলিলেও কেৱল দূৰদৰ্শনৰ বাতৰি বা চিত্ৰহাৰ আৰু বিতং খবৰৰ বাবে অসমীয়া বাতৰি কাকত দুই এখন৷ এই সময়ছোৱাতে ভাস্কৰদা সাংঘাটিক ভাবে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল৷ দিনে নিশাই কেৱল ৰাজনীতিৰ যোগেৰে দেশ উদ্ধাৰৰ চিন্তা। কথা এনে এটা পৰ্য্যায়ত আছিল যে সম্ভৱ হ’লে, ভাস্কৰদায়ে ৰাজনৈতিক দলত যোগ দি

Read more

ৰঙা বিপদ – চৈয়দা চেমিম ইছলাম

: কিনো ৰঙা জেকেট ডাল পিন্ধি যায় হে সদায় সদায়? কাম নাই আৰু! গৰমৰ দিনত পিন্ধিব ৰঙা চাৰ্ট, ঠাণ্ডাৰ দিনত আকৌ এই ৰঙা জেকেটডাল। বুঢ়া হ’লহি! : হেঃ হেঃ হেঃ! তুম্ ক‍্যা সমঝোগে বেৱকুফ? নাদৰ ভেকুলী, সাগৰত কি ডাল পাত্তা পাবা তুমি? : কি? কি বুলি ক’লা মোক? : “নাদৰ ভেকুলী” – প্ৰিয়ে! হেঃ হেঃ হেঃ! : হুহ্! নাদৰ ভেকুলী? হেৰি, মই বুলিহে আপোনাৰ সৈতে ইমান দিনে …….! ঘৈণীয়েকৰ লগত আৰু বেছিকৈ কথা আগ নবঢ়াই পোন্দোৱাকৈ এবাৰ তাইৰ ফালে চাই

Read more
1 6 7 8 9