ফটাঢোল

আইতা – উষা মহন্ত

যৌথ পৰিয়ালৰ বিশাল ঘৰখনত আইতা এতিয়া অকলে। ঘনে ঘনে আগফালৰ বাৰাণ্ডালৈ অহাযোৱা কৰি ভাগৰি পৰিছে আইতা। নাই আজিও আনন্দহঁত নাহিল। এসপ্তাহ পূৰ্বে তেজপুৰৰ জীয়েকৰ ঘৰলৈ যোৱা আনন্দহঁত কালিয়েই অহাৰ কথা আছিল যদিও আজিও দেখাদেখি নাই। কি বা হৈছে! এই ফোনটোও যে আৰু! দৰকাৰৰ সময়ত নাবাজে। অনবৰতে কঁকালত লৈ ফুৰা ফোনটোলৈকে আইতাৰ খং উঠে মাজে মাজে। সৰুটো ভতিজা প্ৰদীপে গুজৰাটৰ পৰা আহোঁতে আইতালৈ এটা মোবাইল ফোন আনিলে। নাতি নাতিনীহঁতে আইতাক জোকালে- “বাঃ আইতাক এইবাৰ আৰু কোনে পায়? পিচে আইতা, মোবাইলত ফোন

Read more

বৈপ্লৱিক লটিঘটি – ধুৰ্জ্জটি কাকতী

কলেজত পঢ়ি থকাৰে কথা৷ আমাৰ থকা ঠাইখিনিৰ মাটিৰ পট্টাৰ কাৰণে আমাৰ ঠাইৰ মানুহখিনিয়ে প্ৰতিবাদী সমদল এটা ওলিয়ালে নুনমাটিৰ পৰা ডিচি অফিচলৈ৷ তেতিয়া আমাৰ প্ৰতিবাদী গগৈ মাৰ্কেটত অহাই নাছিল, গতিকে তেনে কোনো নেতা নাছিল আমাৰ আন্দোলনৰ, স্থানীয় মানুহখিনিয়ে একেলগে প্ৰতিবাদ কৰিবলৈ ওলাল৷ ৰাতিপুৱা সমদল আৰম্ভ হ’ল, সমদলত প্ৰতিবাদী কন্ঠস্বৰূপে আমাৰ বন্ধুবোৰৰ লগত ময়ো ভাগ ল’লোঁ‌৷ প্ৰায় পাঁচ হাজাৰমান মানুহৰ বিশাল সমদল “তেজ দিম, মাটি নিদিওঁ বুলি” শ্লোগান দি আকাশ কঁ‌পাই আগবাঢ়িল৷ লগতে সমস্বৰে চিঞৰিলোঁ‌ ইনক্লাব জিন্দাবাদ৷ যদিও মই ইন বুলি কোনো

Read more

লটিঘটি – উৎপলা শইকীয়া

আজি সন্ধিয়ালৈ কাষৰে বয়জ হোষ্টলত এটা সৰু গেট টুগেদাৰ পাতিছে বুলি জনাৰ পিছৰ পৰাই সিহঁতৰ অসম আৰ্হিৰ সৰু হোষ্টলখনত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ কোনে কি পিন্ধিব, কোন কেইটাত যাব, কোনে কাৰ লগত চিনিয়ৰে নেদেখাকৈ দুআষাৰ পাতিব- এইবোৰ লৈ চবৰে মাজত আলোচনা হৈ থাকিল৷ কালিলৈ চাবমিট কৰিব লগা প্ৰেক্টিকেলৰ শ্বিটবোৰ চিজিল কৰি থকাৰ মাজে মাজে নীলাঞ্জনাইয়ো তাইৰ বাবে কোনসাজ কাপোৰ উলিয়াব কোনসাজৰ লগত কোনটো ব্লাউজ মেটচিং কৰি পিন্ধিব তাকে লৈ মনতে গুণাগঁঠা কৰাত লাগিল৷ তেনেতে ৱালমেট ৰিণিকি তাইৰ ৰূমলৈ হুৰমুৰকৈ

Read more

বলিয়া বতাহ – মানসী বৰা

: নাম তাইৰ ডায়েনা শইকীয়া৷ ফাৰ্ষ্ট ইয়েৰ৷ কেমিষ্টি মেজৰ৷ ঘৰ শিৱসাগৰত৷ চন্দনে সমীৰণৰ কাণত লাহেকৈ ক’লে। : আৰু কি জান তাইৰ কথা? বয়ফ্রেইণ্ড আছে নেকি? সমীৰণৰ উৎকণ্ঠাসূচক প্ৰশ্নবানত ওচৰতে চিগাৰেট হুপি থকা সুজিতে অলপ খঙেৰে ক’লে, : বয়ফ্রেইণ্ড আছে নাই মানে? ইমান ধুনীয়া ছোৱালী! গ’লকীপাৰ থাকিবই৷ সেইবুলি তই গ’ল নিদিবি নেকি? কথাষাৰ শুনি অলপ উৎসাহ পোৱা যেন লাগিল সমীৰণৰ৷ আজি ছমাহ ধৰি সমীৰণৰ মুখত অকল ডায়েনাৰ কথা। প্রেমত একেবাৰে হাবুদুবু খাই আছে।লেপটপ, মোবাইলৰ ওৱাল পেপাৰত কেৱল ডায়েনাৰ ফেচবুক প্রফাইলৰ পৰা

Read more
1 7 8 9