ফটাঢোল

ফটা-কৌতুক – তাবিবৰ ৰহমান

পতি: ৰাতিপুৱাই ৰাতিপুৱাই ভাতৰ লগত শিল পালোঁ। ভগৱানে অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ দুটা চকু দিছে। শিল কেইটাও চাউলৰ পৰা বাছি উলিয়াব নোৱাৰা নে? পত্নী: ভগৱানে আপোনাকো লোৰ দৰে বত্ৰিশটা দাঁত দিছে। শিল কেইটাও চোবাই খাব নোৱাৰে নে? পতি বেহুচ পত্নী খুচ। ☆★☆★☆

Read more

মেন উইল বি মেন – মনজিৎ

থুলুক আৰু তাৰ বয়সস্থ বন্ধু বৰঠাকুৰ কাই পুৱাই ওলাই গ’ল সৰস্বতী পূজা বুলি মিহিকে চকু সেকিবলৈ। চহৰৰ নামী কলেজৰ সমুখৰ পাণ দোকানত বাইকৰ ডাবোল ষ্টেণ্ড কৰি বহি ল’লে আড্ডা দিবলৈ। আড্ডাটো বাহানাহে। পূজাৰ এই মায়াময় পৰিবেশত হেৰোৱা যৌৱন ঘূৰাই অনাৰহে আছল চেষ্টা। পকা ডাঢ়ি চুলিয়ে দেহৰ বয়সহে বুজাই ৰঙ কৰিলে বয়স কমি যায়। থিক তেনেকৈ মনৰ বয়স বাঢ়ি যোৱা যেন দেখিলে এনেকৈ কলেজৰ আগত আড্ডা দি মনটোও ৰঙীন কৰিব পাৰি। সেয়ে চম্ভুৰ পাণ দোকানত এই আয়োজন। ভেৰাইটিজ ইচটাইলৰ বেলাউজ কাটিঙেৰে

Read more

ফটাকৌতুক – মানসী বৰুৱা

ভেলেণ্টাইন ডে’ৰ দিনা। পাৰ্কত প্ৰেমিক প্ৰেমিকা। প্ৰেমিকা: (প্ৰেমিকৰ হাতত হাত আৰু চকুত চকু থৈ) জান, আজি এই ভাললগা দিনটোত মোক তুমি এনে এষাৰ কথা কোৱা যাতে শুনিলে মোৰ হিয়া কঁপি উঠে, ক’লৈ যাওঁ কি কৰোঁ লাগে… প্ৰেমিক: ( কিছুসময় ইফালে সিফালে চাই) চাল্লা, বাপেৰ আৰু ককায়েৰ আহিছে পলা ঐ….. ☆★☆★☆

Read more

সংখ্যাটোৰ আঁৰৰ কথা–চাহিন জাফ্ৰি

২০১৭ চনৰ জুন নে জুলাই মাহৰ কোনোবা এটা দিনত কোনোবাই মোক এই ‘ফটাঢোল’ নামৰ গোটটিত সোমোৱাই দিছিল। হাস্য ৰসেৰে ভৰপূৰ পোষ্ট আৰু কমেণ্টবোৰ পঢ়ি হাঁহিত বাগৰি পৰিছিলোঁ। লগতে আচৰিতো হৈছিলোঁ যে-কেনেকৈ ভাৰ্চুৱেল পৃথিৱীৰ মানুহবোৰো ইমান আপোন, ইমান মৰমৰ হ’ব পাৰে..! সকলোবোৰ যেন একোটা পৰিয়ালৰে সদস্য..। লাহে লাহে নিজেও দুই এটা পোষ্ট লিখিবলৈ ধৰিলোঁ আৰু এইদৰেই নিজে ক’ব নোৱাৰাকৈয়ে গোটটিৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰিলোঁ। ফটাঢোল সম্পৰ্কে এষাৰ কথা মই একেমুখেই স্বীকাৰ কৰিবলৈ বাধ্য যে- ‘ফটাঢোল’ মাথোঁ এটি গোট নহয়, আমাৰ

Read more

ফটাপ্ৰশ্ন মাৰ্চ, ২০১৯

১) নিলাক্ষী কাকতি: ফটহুকাই যদি মেকআপ কোম্পানীবোৰ নাথাকিলে হয় তেতিয়া ছোৱালী আৰু মহিলাসকলৰ কি সমস্যা হ’ল হয়? উত্তৰ: পুৰুষসকলে ৰন্ধা বঢ়া, বাচন ধোৱা আদি ঘৰুৱা কামতে ব্যস্ত থাকিলহেঁতেন, কাৰণ মহিলাসকলৰ “দিল আৰু দিমাগ” সদায় নতুন নতুন ঘৰুৱা বস্তুৰে মেক আপৰ সামগ্ৰী উদ্ভাৱন কৰাত ব্যস্ত হৈ থাকিলহেঁতেন৷ ফলত হাই কাজিয়াও কিছু পৰিমাণে হ্ৰাস পালেহেঁতেন৷ ২)কমলা দাস: ফটহু কাই, প্ৰপ’জ ডে, ৰোজ ডে এই বিলাক সংস্কৃতি আমাৰ সমাজলৈ ক’ৰ পৰা বুটলি অনা হ’ল নো? উত্তৰ: এই বিলাকৰ উত্তৰ আমাৰ ফুটুকীয়ে জানে৷ ৰ’ব,

Read more

পলিটিক্স নকৰিবা বন্ধু–হেমন্ত কাকতি

ঘটনাটোৱে সমগ্ৰ অসম পুলিচৰ নিদ্ৰা হৰণ কৰিছিল৷ ঘটনাৰ আৰম্ভণি হৈছিল স্বয়ং মন্ত্ৰীছাৰৰ দিচপুৰস্থিত বাসভৱনৰ পৰা দুটা twins ৰ নিৰুদ্দেশ সম্পৰ্কে অহা ফোনকল এটাৰ পৰা৷ শেষ বাৰৰ কাৰণে দুয়োকে একেলগে দেখা গৈছিল আগদিনা গধুলি৷ কিন্তু পিছদিনা ৰাতিপুৱা দুয়ো ক’ত অন্তৰ্ধ্যান হৈ আকাশ বতাহৰ লগত মিলি গ’ল কোনেও নেজানে৷ ন’ জনীয়া পৰিয়াল এটাৰ পৰা দুটা ‘মিছিং’! এতিয়া সাতটা আছে৷ ছাৰৰ ‘সুখ’ এতিয়া অতীতৰ গৰ্ভত বিৰাজমান৷ বাকী থকা সাতটাৰ সুৰক্ষাৰ ওপৰত এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নচিহ্ন উঠিছে৷ “আমি লাচিতৰ দেশৰ অসম পুলিচ ছাৰ! চাহ পানী

Read more

শুধৰণি – অনুবাদ : পূৰবী এম কটকী (মূল কাহিনী :- হৰিশংকৰ পৰছাই)

এটা জনকল্যাণ সন্থাৰ কিছুমান সদস্যই সন্থাৰ দ্বাৰা পৰিচালিত কামত অসন্তুষ্টি প্ৰকাশ কৰিলে। কামবোৰত শুধৰণি হ’ব লাগে। সন্থাটো বৰবাদ হ’বলৈ ধৰিছে, সন্থাটোক এনেদৰে ডুবিবলৈ দিব নোৱাৰি।মুঠৰ ওপৰত সন্থাটোক ৰক্ষা কৰিব লাগে, কামবোৰত শুধৰণি কৰিব লাগে, নাইবা এই সন্থা ভংগই কৰি দিব লাগে। সন্থাৰ অধক্ষ্যই সুধিলে, “কোন কোন সদস্যই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে?” দহজন সদস্যই নিজৰ অসন্তুষ্টি ব্যক্ত কৰিলে। অধক্ষ্যই ক’লে, “আমাক সকলোৰে সহযোগিতাৰ প্ৰয়োজন। সকলো যাতে সন্তুষ্ট হয়, তেনেধৰণৰ কাম কৰাহে উচিত। আপোনালোক দহজনে সন্থাত কি কি শুধৰণি বিচাৰে কৃপা কৰি

Read more

তাৱৈয়েকৰ সাধু – তৃষ্ণা সোনোৱাল

কাহিনী একেই, বেজবৰুৱাৰ সাধুটোৰ দৰেই সীমান্তৰ পিতাকেও মৃত্যুৰ আগমূহুৰ্তত বন্ধু ধনমণি ডেকাক মাতি পঠিয়ালে। সীমান্তক কৈ গ’ল, -বোপা সীমান্ত, মোৰ অবৰ্তমানত তাৱৈয়েৰাৰ দিহা পৰামৰ্শ মানি চলিবি। তোৰ খুড়াৰহঁতৰ ওপৰত মোৰ বিশ্বাস নাছিল আৰু নাই। তইতো জানই তাৱৈয়েৰা মোৰ কিমান আপোন, মোৰ বিপদত মোৰ প্ৰয়োজনত তাৱৈয়েৰাই যি কৰিছে সেয়া মোৰ ভাই ককায়েও কৰা নাই। তাৱৈয়েৰাক মানিবি বোপাই, সখি মোৰ ঘৰখন তোমাৰ হাতত দিলোঁ, চাবা। ধনমণি ডেকাই বন্ধুক প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি এতিয়াৰ নহয়, সেই ডেকা কালৰে প্ৰতিশ্ৰুতি। সীমান্তৰ পিতাকৰ দুটামান মোটা অংকৰ

Read more

স্বত্ব ৰক্ষা – অসমীয়া ভাবানুবাদ : ৰাজশ্ৰী শৰ্মা (মূল হিন্দী: মুন্সী প্ৰেমচন্দ)

মীৰ দিলাৱৰ আলী চাহাবৰ এটা দীঘল কজলা ঘোঁৰা আছিল, চোঁৱৰো দীঘল তাৰ। মানুহক তেওঁ বৰ গৰ্বত শুনাইছিল তেওঁ হেনো জীৱনৰ আধা উপাৰ্জন ঘোঁৰাটোৰ নামটেই খৰচ কৰিছে। পিছে আচলতে সেইটো চিপাহী পল্টনৰ পৰা উলিয়াই দিয়া ঘোঁৰা আছিল। পল্টনৰ বিষয়াই তাক চাগে নিজৰ লগত ৰখাটো উচিত বুলি নাভাবি বিক্ৰী কৰি দিছিল। মীৰ চাহাব আছিল আদালতৰ মহৰি। ঘৰো চহৰৰ বাহিৰত।আদালতলৈ তিনি মাইল দূৰ, গতিকে জন্তু এটাৰ বৰ প্ৰয়োজন। এইটো ঘোঁৰা সেয়ে সুবিধাত পাই লৈ থ’লে। যোৱা তিনি বছৰে সি মীৰ চাহাবক সেৱা কৰিছে।

Read more
1 2 3 4 5 8