ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

বৰ্তমান সময়ৰ ব্যস্ত পৃথিৱীখনত সকলোৱেই যেন একো একোটা যন্ত্ৰ হৈ পৰিছে। ব্যস্ততাৰ মাজতো কিন্তু সকলোৱেই বিচাৰে অকণমান আজৰি সময় হাঁহি ফূৰ্তি কৰি উপভোগ কৰিবলৈ। ময়ো তাৰ ব্যতিক্ৰম নহওঁ। হাস্য ব্যংগৰ প্ৰতি আগৰে পৰাই মোৰ এটা টান আছিল। সেই বাবে ফেচবুক একাউণ্ট খোলাৰ দিনৰ পৰাই বিভিন্ন হাস্য ব্যংগ গোটত সোমাইছিলোঁ, কিন্তু কোনোটোৱেই মোৰ মনৰ পচন্দৰ নাছিল। ২০১৭ চনৰ কথা। জুলাই মাহত প্ৰথম ফটাঢোল ই আলোচনীখন প্ৰকাশ হৈছে। সেইখনৰ বিষয়ে মোৰ বন্ধু তালিকাত থকা কোনোবা এজনে তেওঁৰ ৱালত লিখিছিল- হাস্য ব্যংগ গোট

Read more

সম্পাদকীয় – অনুৰূপ মহন্ত

“বহাগ মাথোঁ এটি ঋতু নহয় নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ” গণশিল্পী শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ গীতত বহাগৰ যি সংজ্ঞা সেয়াই বহাগৰ পৰিচয়ৰ বাবে যথেষ্ট৷ চাওঁতে চাওঁতে চ’ত মাহ পাৰ হৈ বহাগ সোমাবৰ হ’ল৷ গছত নতুন কুঁহিপাত, কুলি কেতেকীৰ মাত আৰু বৰ্ষাৰ আগজাননী লৈ অহা বৰদৈচিলাৰ আগমনে বহাগ অহাৰ জাননী দিছে৷ আমাৰ অসমীয়া জাতিটো এটা সংমিশ্ৰিত জাতি৷ ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন জাতি, উপজাতিৰ লোকৰ অসম ভূখণ্ডলৈ প্ৰব্ৰজন ঘটিছিল৷ সেইবাবেই হয়তো অসমত বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ

Read more

ক্লকৱৰ্ক (মূল: হাৱাৰ্ড ব্ৰেচলিন) – অনুবাদ : অলকেশ ভাগৱতী

(ঘটনাৰ পটভূমি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ লণ্ডন চহৰ) চহৰখনৰ এক ব্যস্ত ৰাজপথৰ কাষতেই থকা দোকানখনৰ সন্মুখৰ সৰু খিৰিকীখনত চাৰিওকাষে কাগজ কিছুমান নুৰা কৰি কৰি আঠা মাৰি দিয়া হৈছে৷ যুদ্ধৰ এই ভয়াবহ সময়ত শত্ৰুৰ বিমানে কৰা বোমাবৰ্ষণৰ শব্দত খিৰিকীৰ কাঁচবোৰ ভাঙি নাযাবলৈ এয়া এক সাধাৰণ ব্যৱস্থা৷ দোকানখনৰ সোঁমাজতে থকা বাকচটোৰ পিছপিনে ঠিয় হৈ চশমা পিন্ধা এজন ক্ষীণকায় লোকে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ঘড়ীবোৰ সজাবলৈ আৰম্ভ কৰিছে৷ তেওঁ নিজ কামত ইমানেই মগ্ন যে লণ্ডন চহৰৰ এই ৰাতিপুৱা এটা নতুন দিনৰ বাবে ওলাই অহা

Read more

কৌতুক – মনালিছা গগৈ

১/ : অ’ মা অ’ মা৷ কোৱানা মই কেনেকৈ জন্ম হ’লোঁ? : এহহ আহিলা আৰু দেতাই কিনি আনিলে বজাৰৰ পৰা৷ : ইহহ, নকবা সদাই সদাই মিছা কথা৷ সঁচাকে কোৱা মই কেনেকে আহিলোঁ? : বেটা শুনা৷ আজিয়ে ক’ম মনত ৰাখি থ’বা৷ আকৌ ডাঙৰ হ’লেহে বুজিবা আৰু৷ শুনা৷ এবাৰ এটা বাকচত মিঠাই থ’লোঁ ধুনীয়াকে৷ অলপদিন পাছত সেই মিঠাইখিনিৰ লগতে তোমাক পালোঁ৷ ধুনীয়াকে বুজি পালে টিংকুৱে৷ দেউতাকে খাবলে অনা মিঠাই অলপ ৰাখি থৈ দিলে বক্সত৷ এসপ্তাহ মানৰ পাছত তাৰ হঠাতে মনত পৰিল৷ দৌৰি

Read more

লিকটীয়া বুদ্ধিজীৱীৰ পত্ৰ – জ্যোতিৰূপম দত্ত

শ্ৰদ্ধাৰ সম্পাদক মহোদয়, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব৷ আপোনাৰ দ্বাৰা সম্পাদিত আলোচনীখনৰ বাবে মই লেখা দিবলৈ নোৱাৰিম বুইছে৷ এইকেইদিনতে কৰিবলগীয়া বহুকেইটা জৰুৰী কাম আছে৷ গতিকে আপোনাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম৷ চেঃ! বৰ বেয়া কথা এটা হ’ল৷ আপোনাৰ আলোচনীখনৰ নামটোকেই পাহৰিলো নহয়! জানেই নহয়, মই বৰ ব্যস্ত লেখক৷ কেইবাখনো দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা স্তম্ভ মোৰ বাবে ৰিজাৰ্ভ হৈয়েই থাকে৷ তাৰ উপৰিও আন কেইবাখন কাকত, আলোচনীত মোৰ দীঘলীয়া লেখা নিয়মীয়াকৈ প্ৰকাশ হয়৷ আন লেখকৰ বাবে পৃষ্ঠা সংখ্যা বা লেখাৰ কলেৱৰ নিৰ্দিষ্ট থাকে৷

Read more

সেই সময় – অসীমা শইকীয়া দত্ত

আগতে পৰীক্ষাৰ সময়ত মোৰ টোপনি বেছি হয়। তেতিয়া শুৱালকুছিৰ মাহীৰ পুতেক এটা আমাৰ ঘৰত আছিল। তাক আপা বুলি মাতো। মই ৰাতি পৰীক্ষালৈ পঢ়োতে প্ৰায়ে টেবুলত মূৰ থৈ সপোন দেখি থাকো। মূৰৰ চুলিৰ মাজডোখৰ পুৰি গোন্ধ ওলালে ঘৰৰ মানুহে গম পাই খুব গালি দিয়ে। মায়ে ৰাতিয়েই বকিবলৈ আৰম্ভ কৰে বহি লৈ। “হ’ল আইদেউ তুমি ফালিবা। লোকৰ ছোৱালীয়ে ৰাতি দুই বজালৈকে লাইট জ্বলাই পঢ়ে। আমাৰ এওঁক চোৱা।” “এ এ হ’ব, মোক তহঁতেহে লাইট জ্বলাবলৈ নিদিয়। একেটা ৰুমতে শুৱ, টোপনি খতি হয় বুলি।

Read more

বিহুগীতত অসমীয়া জীৱন চিত্ৰণ – জীমণি গগৈ

বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি অসমৰ ধন এনুৱা বিহুটি এৰিব লাগিলে নৰ’ব অসমৰ মান। বিহু অসমীয়া জাতীয় উৎসৱ, আনন্দৰ উৎসৱ। অসমীয়াৰ মনৰ, প্ৰাণৰ, হেঁপাহৰ, আদৰৰ উৎসৱ বিহুৰ লগত বিহুগীতৰ অঙ্গাংগী সম্বন্ধ। বিহুগীত কেৱল অসমীয়া লোকসাহিত্যৰ ভঁৰালৰ মূল্যবান সম্পদেই নহয়, অসমৰ লোকজীৱনৰো অবিচ্ছেদ্য অংগ। বিহুগীতৰ ভিতৰত হুঁচৰিগীত আৰু বনগীত দুয়োবিধে পৰে। হুঁচৰি গীতবোৰ নিৰ্দোষ ধেমালিৰে ভৰা; আশীৰ্বাদসূচক গহীন ভাবৰ গীত। গৃহস্থৰ চোতালত থিয় হৈ হুঁচৰি গাওঁতে দিয়া আশীৰ্বাদত অসমীয়া মানুহৰ আন্তৰিকতা বিহুগীতৰ মাজেৰে প্ৰকাশ পায় এনেদৰে – এটা বাটিত নহৰু এটা

Read more

বিদেশ-ভ্ৰমণ – ঈশান জ্যোতি বৰা

বিদেশত থকা বিজয় বহুদিনৰ মূৰত ঘৰলৈ উভতি আহিছে৷ বহুদিনৰ মূৰত আজি সি তাৰ বন্ধু নৰেন, অৰুণ, অনিল আৰু মুকেশৰ মুখকেইখন দেখিছে৷ আটাইৰে মাজত আজি কত যে কথা! কিমান যে বতৰা! আহক, সময় ব্যয় নকৰি আমিও পোনেপোনে উপস্থিত হওঁগৈ পাঁচ বন্ধুৰ সেই ৰঙচঙীয়া আড্ডাস্থলীত- ________________________________________________________________ “বুজিছ নৰেন, প্ৰথমেই মই ব্ৰাজিল পালোঁগৈ৷ ফুটবল যে খেলে ৰ’ণাল্ডো..” – পাণৰ চুকত সানি থোৱা চূণকণ অনিলৰ দোকানৰ বেৰখনত লিপি বিজয়ে বিদেশ-ভ্ৰমণৰ বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণনা আৰম্ভ কৰিলে৷ “অঁ অঁ মনত পৰিছে৷ চুলি যে কান্ধলৈকে পৰা!” –

Read more

পঞ্চপদী – হেমেন ডেকা

১ জীৱনটো নাটকৰ অন্য নাম মায়াৱী শব্দেৰে মুখৰিত ধাম মনত জ্বলন্ত আশা মুখত দুৰন্ত ভাষা শেষত কিন্তু যমপুৰীহে পাম৷ ২ খোজত তলবল শুৱনি ধৰা ৰঙীন নিচাত তিৰবিৰ তৰা ৰসত ডুবে প্ৰাণ নিষ্ফল অভিযান যমে বোলে- ঐ আওমৰণে মৰা৷ ৩ একাংশক কৰে চিৰদিন তোষণ এচামে আকৌ খাই থাকে ৰাম-ঠগন এয়াই হ’ল ভোটৰ অংক একেবাৰে দ’ত ভূতাতংক এনেই শুনো সমধিকাৰৰ ভাষণ৷ ৪ আমাৰ সভাৰ বিশিষ্ট অতিথি হওক এহেজাৰ দি গামোচা-সম্বৰ্ধনা লওক পাঁচশ দিলেও বাৰু হ’ব সমাজকৰ্মী উপাধি পাব নিৰ্দিষ্ট বক্তা হৈ মাত্ৰ

Read more
1 2 3 10