ফটাঢোল

জয় শ্বেৰাৱালী মা বৈষ্ণোদেৱী – ধ্ৰুৱজ্যোতি বৰা

এই পৃথিৱীত কিছুমান কথা বিশ্বাস নকৰিলেও, পিছত নিজৰ অভিজ্ঞতাৰপৰা বিশ্বাস কৰিবলৈ বাধ্য হোৱা যায়। আগতে বহুতৰ মুখত শুনিছিলো যে যেতিয়ালৈকে মা বৈষ্ণোদেৱীয়ে ভক্তগৰাকীক নিজে আহ্বান নকৰে, সেই ভক্তৰ কোটি টকা থাকিলেও মাৰ দৰ্শন নাপায়। মই কিন্তু কথাষাৰ ইমান বিশ্বাসত লোৱা নাছিলো, যদিও পাছত নিজৰে এটা অভিজ্ঞতাৰপৰা বিশ্বাস হ’ল। সেই অভিজ্ঞতাখিনি আপোনালোক সকলোকে জনাব বিচাৰিছোঁ। আজিৰপৰা প্ৰায় চাৰি বছৰৰ আগৰ কথা। মই মোৰ পৰিবাৰ আৰু পুত্ৰক লৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণলৈ গৈছিলো। আমাৰ ইচ্ছা আছিল যে জম্মুত এদিন থাকি কাশ্মীৰত বাকী

Read more

বাজী – বৈদুৰ্য্য বৰুৱা

: হাৰে কাকতি দেখোন। হঠাৎ যে? ক’ত আছিল ইমান দিন! আহক। আহক। ব্ৰান্স মেনেজাৰ সৌৰভ বৰুৱাৰ সম্ভাষণটো সামান্যভাবে মূৰটো দুপিয়াই গ্ৰহণ কৰি দিনদয়াল চাংকাকতিয়ে গ্লাছৰ দুৱাৰখন ঠেলি পোনেই আহি চকী এখন টানি বৰুৱাৰ টেবুলখনৰ সন্মুখতে বহিল। : অলপ ব্যৱসায়ৰ কামত বিজি আছিলোঁ। বেগ এটা টেবুলৰ ওপৰত থৈ কাকতিয়ে মেনেজাৰ বৰুৱালৈ চাই ক’লে। তাৰ পাছত কোঠাটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে। তেওঁৰ কাষতে তৃতীয় প্ৰাণী পান্নালাল প্ৰজাপতি বহি আছে। : কাগতি বাবু আপ্নি কি ব্যচায় কৰে ভগৱানৰভি মালুম নেই৷ কাকতিৰ খংটো টিঙিচকৈ

Read more

শৈশৱৰ দুষ্টালি – চিন্ময় দাস

তেতিয়া মই চতুৰ্থ শ্ৰেণীত আছিলোঁ। মোৰ লগত তিনিজন আৰু আছিল। সৌৰভ(লাডেন) চন্দন(মাইকেল)আৰু ধৃমান। থ্ৰি ইডিয়ট্‌চ চিনেমাখনৰ দৰেই আমাৰ কাহিনী আছিল। তেতিয়া বাৰিষাকাল আছিল। আমাৰ আকৌ বৰশী বোৱাৰ বৰ হেঁপাহ। কিন্তু খাল বিলত পানী বেছি হোৱাৰ বাবে বৰশী বাব নোৱাৰা হ’লোঁ। সেয়ে আমি আলোচনা কৰিলোঁ যে এখন কলগছৰ ভুঁৰ যদি বনাও তেন্তে বৰশী পাতিবলৈ যাব পাৰিম। কিন্তু এতিয়া কলগছ কাৰ পৰা লওঁ? আমাৰ চাৰিওটাৰ ঘৰত কলগছ নাই। আমি য’ত বৰশী পাতিছিলোঁ, তাৰ কাষতে কলৰ বাগিছা এখন আছিল। তাতেই চাৰিওজন সোমাই পৰিলোঁ।

Read more

‘ব’ৰ অনুপ্ৰাস – ৰিতন বৰুৱা

বুদ্ধিত বৃহস্পতি বাটিৰামে বগা বলধহাল বিয়লি বলুকাত বনোৱা বহাত বান্ধি বজাৰলৈ বাট বুলিলে। বজাৰত বিনিয়োগ বুজিলৈ বহুত বস্তু বাহানি বান্ধিলৈ বলুকাৰ বহালৈ বাট বুলিলে। বাটত বাপুৰামে বাটভেটি বাটিৰামক বহু বেছি বস্তু বাহানি বান্ধিবলৈ বাধাদি বুজালে। বাটকুৰি বাই বাই বাটিৰামে বিষত বেঁকাকৈ বৰজুপিতে বহিল। বতৰৰ বতৰা বুজি বাটিৰামে বৰ বেগাবেগিকৈ বেঙা বোলালে। বাটত বহালৈ বহু ব্যৱধানত বাটিৰামক বৰষুণে বুৰালে। বহুবল্কী বাটিৰামে বৰষুণজাকক বৰকৈ বলিয়ালি বলকিলে। বগা বলধহাল বৰষুণত বুৰিলে বাবে বাটিৰামৰ বদনত বৰজামুৰ বৰণ বিয়পিল। বিষণ্ণ বদনে বান্ধৈয়ে বাট বুলাইছে বাবে

Read more

ফেচবুকীয়া প্ৰেম – জ্যোতিৰ্ময় কলিতা

হাই হেল্লোৰে শুভ উদ্বোধন হৈ ফেচবুক মেচেঞ্জাৰৰ জৰিয়তে হোৱা প্ৰেমত ময়ো পৰিছিলোঁ। প্ৰথমে ক’ত ঘৰ, কি পঢ়ি আছে, ঘৰত কোন কোন আছে এইবোৰ কথাৰেই তিনি চাৰিদিনমান গ’ল। তাইয়ো মোৰ প্ৰতিটো বাৰ্তাৰ সঁহাৰি জনাই আহিছিল। নানা কথা বতৰাৰ মাজেৰেই বন্ধুত্বৰ সম্পৰ্কটো লাহে লাহে মজবুত হৈ পৰিছিল। এদিন নিশা প্ৰায় ১২:৩০ বজাত তাই মোক ক’লে, “শুনাচোন তোমাৰ লগত কথা এটা আছে।” কি কথা নজনাকৈয়ে মনত সৰু সৰুকৈ কেইবাটাও লাড়ু বান্ধি পেলাইছিলোঁ, যেন মই ক’ম বুলি ভাবি থকা কথাটোৱেই হ’ব! মই ঘপকৈ সঁহাৰি

Read more

ৰত্ন পেগু পুৰাণ (হাঁহ কাণ্ড) – অৰবিন্দ গোস্বামী

আউলি-বাউলি চুলি। কঁকালত এখন অসমীয়া গামোচা। উৰ্দ্ধাংশ বস্ত্ৰবিহীন। দেখিলেই গম পোৱা যায় যে, সি যেন অত্যন্ত চিন্তিত। আমাৰ মেছৰ ডাঙৰ নিমজোপাৰ তলত এযোৰ কাঠৰ টেবুল আৰু চকী লৈ চলে পেগুৰ বন্ধ বাৰৰ অধ্যয়ণ। টেবুলত এজাপমান কিতাপ-বহী, বিড়িৰ পেকেট আৰু দিয়াশলাই সদাই বান্ধি ৰাখে এখন ৰঙা কাপোৰেৰে। এই ফটাকানি সদৃশ টুকুৰাটো সি কোনটো যুগৰপৰা ব্যৱহাৰ কৰা দেখিলে সন্দেহ হয়। কাৰণ দেখাত মধ্যযুগীয় যেন লাগে যদিও এজন মানুহৰ বয়স ইমান হ’ব নোৱাৰে। ভগৱান প্ৰদত্ত ধুনীয়া চেহেৰাটোৰ সহায়ত হঠাৎ প্ৰেমত পৰা পেগুৱে নিজৰ

Read more

মুখ-পুথি :: ‘The facebook’ – চিদানন্দ বৰা

শুনা ভাই শুনা বন্ধু মুখ-পুথিৰ কথা কলিৰ মহাভাগৱত ই গুচায় মনৰ বেথা ।।   মানুহ মাত্ৰেই আহে যি ইয়াৰ সংস্পৰ্শত ভকতিত ওফন্দে মন ভিন্ন স্বৰূপত ।।   প্ৰাতঃ সন্ধ্যা নুগুনি পৰ ভক্তি মাৰ্গে ধৰে লৰ প্ৰকাশি নিজকে বৰ সন্তুষ্টিত হয় যে থৰ।।   সুপ্ত প্ৰতিভাক যোগাই সাৰ মনত বোৱায় ক্ষিপ্ৰ ধাৰ ৰাতি এপৰলৈকে চকু ফালি ফালি আঙুলিক সোধায় মাধ-মাৰ।।   খেনোৱে কৰে সাহিত্য চৰ্চা খেনোৱে বিলায় ছবি প্ৰকাশে সবে নিজ নিজ ভাৱে যাৰ যিটো মতে হ’বি।।   চুবুৰীয়াৰ সৈতে নাই

Read more
1 8 9 10