ফটাঢোল

সাক্ষাৎকাৰ – অভিনেত্ৰী গায়ত্ৰী মহন্তৰ সৈতে অন্তৰংগ আলাপ

অসমীয়া সাংস্কৃতিক জগতৰ এটি সুন্দৰ নক্ষত্ৰৰ নাম গায়ত্ৰী মহন্ত। নামেই যাৰ পৰিচয়, শদিয়াৰ পৰা ধুবুৰীলৈ কাকো বেলেগকৈ তেখেতক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গায়ত্ৰী মহন্তৰ নৃত্য আৰু অভিনয় প্ৰতিভাই সকলোকে যেনেকৈ আকৰ্ষিত কৰে, তেনেকৈয়ে তেওঁৰ মনোমোহা হাঁহিটিয়েও সকলোৰে অন্তৰত সাঁচ বহোৱাই যায়। ‘জোনবাই’ ভিচিডিৰ ‘জোনালী’ চৰিত্ৰৰ জৰিয়তে প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই লোৱা গায়ত্ৰী মহন্ত সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰ ‘বৰদৈচিলা’ৰ সৈতে জড়িত হৈ আছে। ‘প্ৰেম আৰু প্ৰেম’, ‘দীনবন্ধু’, ‘জীৱন তৃষ্ণা’, ‘দেউতা দিয়া বিদায়’, ‘পলে পলে উৰে

Read more

ফটা প্ৰেম – মাধুৰীমা ঘৰফলিয়া

ফাগুনৰ বতাহজাকে যেতিয়াই তেতিয়াই মন ৰিঙা ৰিঙা কৰিব পৰা বয়স সেয়া। প্ৰেম বুলিলে ভাললগাৰ পৰা ভালপোৱা হোৱাই নাছিল। হ’বই বা কেনেকৈ, কোনোবা এজনক ভাললগাৰ পাছত, এটা দুটা প্ৰেমৰ বাৰ্তা আদান প্ৰদান হোৱাৰ পাছতে আনকোনোবা এজনক তাতোতকৈ বেছি ভাল লাগি যায়! লগা লগ আগৰজনৰ সৈতে ভালপোৱা-ভাললগাৰ কথা বন্ধ কৰি সিজনৰ সৈতে আদান প্ৰদান চলে! লাগিলে বহুজনৰ সৈতে সেয়া একপক্ষীয় হৈ থাকক! আমাৰ সেই সময়ৰ পৰা নীতি আছিল আমাৰ ভাল লাগিছে যেতিয়া সমুখৰজনৰ আমাক ভাল লাগক বা নালাগক তাত কি আহে যায়।

Read more

ভাড়াঘৰ – হিতেশ বি বৰুৱা

ৰাজশ্ৰী প্ৰডাকচনৰ শেহতীয়া নিবেদন। ভাড়াঘৰ প্ৰযোজনা: ৰাজশ্ৰী শৰ্মা কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: হিতেশ বি বৰুৱা। অভিনয়ত: দীপাংকৰ চৌধুৰী অনুৰূপ মহন্ত মাধুৰ্য্য গোস্বামী হৃষীকেশ ডেকা ভাস্কৰ বৰ ডেকা তবিবৰ ৰহমান নিৰ্মালি বৰমূদৈ ববিতা বৰুৱা পৰ্দাৰ লাইট জ্বলাৰ লগে লগেই ফটাঢোল প্ৰডাকচনৰ ল’গ’টো উজ্জ্বল হৈ ওলাব আৰু ধূপ ধূনাৰে পৰ্দাখন ঢাকি ধৰিব। বেকগ্ৰাউণ্ডত হৰেক ৰকমৰ মানুহৰ শব্দ, কোনোবা পোহাৰীয়ে মাছ ল’ব নে বুলি চিঞৰাৰ পৰা কোনোবা সৰু ল’ৰাই চিঞৰি চিঞৰি গান গোৱা শুনা যাব। ধোঁৱা আঁতৰি যোৱাৰ লগে লগে দেখা যাব এটা

Read more

ফটাপ্ৰশ্ন এপ্ৰিল, ২০১৯

১) তৰালি কলিতাঃ- বৰষুণৰ বতৰত মইনা যদি মটৰত উঠে, তেন্তে ৰ’দ দিলে কিহত উঠে ? উত্তৰঃ- বৰষুণৰ দিনত মইনা মটৰত নুঠেহে, ৰ’দ দিলে উঠে। ২) হিতেশ বি বৰুৱাঃ- ফটহু কাই, ছোৱালীয়ে নিজেই কল নকৰে আৰু মিছকল হে দিয়ে ইয়াৰ কাৰণ কি? আনকি হোটেললৈ লৈ গ’লেও ল’ৰাজনৰহে পকেট খালি কৰে কিয়? উত্তৰঃ- ইয়াত ছোৱালীৰ দোষ নাই, মিছ কল দিয়াৰ পাছত নিজৰ বাপেকৰ পইচাৰে মোবাইল ৰিচাৰ্জ কৰি ঘণ্টা ঘণ্টা কথা পতা ল’ৰাবোৰৰহে দোষ। আকৌ হিয়াখন উদঙাই দিয়া কামটো ফাইনেল হওঁ-নহওঁতেই পকেট উদঙাই

Read more

ৰঙীন বিহুৰ আলোকপাত – জয়শ্ৰী শৰ্মা

“ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সাহ” বসন্তৰ আগমন! গছ লতিকাৰ ডালে পাতে সেউজ আৱৰণ। কুলি কেতেকীয়ে ইনালে বিনালে.. লুইতৰ দুই পাৰে আকাশ বতাহ ছানি এয়া বসন্তৰ ৰং! চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি বুলি ৰঙতে উত্ৰাৱল ঢুলীয়া, পেপাঁৰ মাতে শুনি গছকত যঁতৰ ভাঙি চেনাইৰ কাষলৈ ঢাপলি মেলে মূগা সাজে সুশোভিত নাচনীজনী। ৰঙালী বিহু বুলিলেই মনলৈ আহে এইখন ছবি.. অসমীয়া জাতীয় জীৱনত পম্পৰাগত সংস্কৃতিৰ ভিতৰত ৰঙালী বিহুটি অন্যতম। ইয়াৰ ভিতৰত নীহিত

Read more

সময়বোৰ – চন্দন মহন্ত

সময়বোৰ পাৰ হৈ যায়৷ মনত পৰে কথাবোৰ কেতিয়াবা৷ কিমান দিনৰনো আগৰ কথা৷ জলজল পটপটকৈ জিলিকি আছে এতিয়াও৷ : ল’ৰাহঁত পাৰিবিনে? : পাইম চাৰ৷ : অঁ পা বাউ৷ আকৌ ইফালে : ঐ তই দও মাই অফিচ পা বেতদাল লৈ আহগেচোন যা৷ স্কুলঘৰটো ইটাৰ, মাজত বাঁহৰ বেৰ দিয়া৷ তিনিটা ক্লাছ, ফাইভ ছিক্স ছেভেন৷ ছেভেনৰ দেবেন আৰু লোহিতৰ মাজত কুমাকুম যুঁজ৷ বেৰ ভাঙি ছেভেনৰ পৰা ছিক্স পালেহি৷ হেড চাৰ নাই বাকী দুজন চাৰ অফিচৰ ভিতৰত৷ এটাই গৈ ক’লেগৈ চাৰ ইহঁত দুটাই কাজিয়া লাগি

Read more

আপদীয়া পদ্য – ধনজিত বৰুৱা

নিয়ঁৰ পৰি জিলিকি আছে বাংলাদেশ সীমাৰ কাটাতাঁৰ মহান ভোটাৰ মহৎ লক্ষ্য আমাৰ মহৎ চৰকাৰ ফুচফুচাই কয় সোমাওক দিয়া এনেকেয়ে চলিব ভোটৰ ক্ৰীড়া হাজাৰ বছৰৰ সভ্যতাৰ নো আজি কাক দৰকাৰ | ☆★☆★☆

Read more

চৰকাৰী ভোজ (মূল: কমল কিশোৰ বাৰ্মা কন্নৌদ) – অনুবাদঃ-পূৰৱী এম কটকী

এখন দেশ আছিল, দেশতটো ৰজা থাকেই। গতিকে সেইখন দেশটো আছিল। তাত চৰকাৰো আছিল, চৰকাৰখনত গাঁৱৰ পঞ্চায়তৰ পৰা প্ৰধানমন্ত্ৰীলৈকে সকলো নিযুক্ত আছিল। তেওঁলোকে জনতাৰ উন্নতিৰ কাৰণে জনতাক বহুতো অধিকাৰ দিছিল। উদাহৰণ স্বৰূপে জীয়াই থকাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, নপঢ়াকৈ উত্তীৰ্ণ হোৱাৰ অধিকাৰ ইত্যাদি ইত্যাদি … চাবলৈ গ’লে তেওঁ জনকল্যাণকাৰী ৰজা আছিল, গতিকে তেওঁৰো কিছুমান অধিকাৰৰ প্ৰয়োজন আছিল। সেইবাবে তেওঁ নিজৰ বাবেও কিছুমান অধিকাৰ নিৰ্ণয় কৰি লৈছিল…যেনে, কেলেঙ্কাৰীৰ অধিকাৰ, দালালীৰ অধিকাৰ, ভোট বেংকৰ অধিকাৰ, বিপক্ষৰ প্ৰতিটো কথাকেই মিছা বা বেয়া বুলি কোৱাৰ অধিকাৰ,

Read more

গড ইজ এ ডগ – বাসব দত্ত দাস

বাস্তৱ হেনো কল্পনাতকৈয়ো বিস্ময়কৰ। হ’ব পাৰে। মোৰ পোনপটীয়া অভিজ্ঞতা হোৱা নাই; গতিকে কথাষাৰ প্ৰতিপন্ন কৰিব পৰা যোগ্যতা মোৰ নাই। ইউট্যুবত কিছুমান আজৱ ভিডিঅ’ দেখিবলৈ নোপোৱা নহয়৷ সেইবিলাকৰ সত্যাসত্য কি মই নেজানো। ভূত মই দেখা নাই, দেখা নাই ঈশ্বৰকো। আলুগুটি আৰু সেকা ৰুটীত ঈশ্বৰক বিচাৰি থাকিবৰ মোৰ ধৈৰ্য্যও নাই। ভাতৰ পাতত মোৰ খোৱা কাম, কল্পনাৰ স্থান পায়খানাৰ ভিতৰত। অ’ হয়, মই এতিয়া মোৰ “सोचालय”টোৰ ভিতৰত আছোঁ। ভাবি আছোঁ, এই যে ফেণ্টাচী মুভীবোৰৰ ছুপাৰহিৰোবোৰ, ‘কল্পনাতকৈও বিস্ময়কৰ বাস্তৱ’ত এইবিলাকৰ আৱিৰ্ভাৱ কিয় সম্ভৱ নহয়

Read more

খন্তেকীয়া বৰলাৰ ল’জিক – অভিজিত মেধি

আজৰি পৰত নেইল কাটাৰটো লৈ ভৰিৰ নখকেইটা কাটি আছিলোঁ। তেনেতে মনত পৰিল চৰকাৰী গেছ কানেকচনৰ কামটো এইকেইদিনতে নকৰিলে শ্ৰীমতীৰ কথাৰ তৰোৱালে মোক কাটিব। আজি তাতে অফিচ ছুটী, আধাৰকাৰ্ডখন লৈ এজেঞ্চিটোত লাইন পতাই ভাল! মোৰ মানুহজনীও যে, শান্তিত নখকেইটা কাটিবলৈও নিদিয়ে। অৱশ্যে শ্ৰীমতী আজি ঘৰত নাই, দুদিনৰ বাবে কালিয়ে মাকৰ ঘৰলৈ গ’ল। দুদিনৰ বাবে ময়ো এতিয়া বৰলা, সেই বুলি কামটো কালি-পৰহি কৰি থাকিলে দুদিন পাছত মোক যে দুকথা ভালকৈ শুনাব সেইয়া ধুৰূপ। মানুহজনী আগতে ইমান এনেকুৱা নাছিল। বিয়াৰ পাছত লাহে লাহে

Read more
1 2 3 4 10