ফটাঢোল

মেৰুণ প্ৰেম – অসীমা শইকীয়া দত্ত

ভালপোৱা কি নুবুজাকৈয়ে বিয়া ঠিক হ’ল। মানুহো যিটো পালোঁ তেনেই গেঠেলা মৰা। আমাৰ ঘৰৰ বোন্দা মেকুৰীহাল নেগুৰ দাঙি দাঙি আমাতকৈ বেছিহে ৰোমাণ্টিকহে আই। আজিৰ পৰা তেৰ বছৰৰ আগৰ সময়। মোক চাবলৈ যোৱা মানুহজনৰ লগতে মোৰ বিয়া ঠিক হ’ল। তাৰিখ ঠিক হোৱাৰ পিছত এদিন গৈছিল আমাৰ ঘৰত থকাকৈ। মই দেতাৰ চাইকেল লৈ গাঁৱৰ মূৰৰ পৰা মানুহটোলে হাঁহ বিচাৰি আনিলোঁগৈ। আলহী ৰাতি থাকিল। ৰাতিয়ে আকৌ মানুহটোক চাবলৈ গাঁৱৰে ভাতখোৱা আলহী পাঁচটামান বাঢ়িল। সিফালে দেতা হ’ল হাৱাই চেণ্ডেলেও নীলা ওলাই ভৰিত ধৰা! কোৱাইদেউ

Read more

অথহঃ গাই চৰিত – সোণটো ৰঞ্জন বৰুৱা

: হিঃ হিঃ হিঃ। পঢ়িলেনে? : কি? : আপুনি লৈ থকা কাকতখন। : উম, কিয়? কিবা বিশেষ খবৰ? : গাইগৰুৰ বিষয়ে যে লিখিছে শিক্ষক এজনে। : পঢ়িলোঁ। বৰ দীঘলীয়া। বঢ়িয়া লিখিছে কিন্তু। : বঢ়িয়া লিখিছে! এজন শিক্ষকে যদি গাইগৰুৰ বিষয়ে এনে কথা লিখে, ল’ৰা-ছোৱালীক কি শিক্ষা দিব গম পোৱা গৈছে আৰু! চাৰিআলিৰ চুকৰ ঘুমটিখনৰ বেঞ্চতে সদায় বহি দোকানীজনৰ লগত দুই-এষাৰ কথা পাতোঁ, লগতে মানুহৰ আলেখ-লেখ চাওঁ‌। আজি তামোলখন আগবঢ়াই তেওঁ যি আক্রমণাত্মকভাৱে প্ৰশ্ন কৰিলে, ময়ো থতমত খাই প্ৰত্যুত্তৰ দিবলৈ বাধ্য

Read more

শহুৰ দেউতা, ছিয়েৰ্চ! – দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱা মাহত শাহু-শহুৰ আহিছে কেইদিনমান থকাকৈ। শহুৰ দেউতাই সদায় সন্ধিয়া দুই পেগকৈ খায়। সন্ধিয়া হঠাতে তেওঁ দুই-তিনিমিনিটৰ কাৰণে নোহোৱা হয়। সেই নোহোৱা হোৱা সময়খিনি একেবাৰে ‘ছৰ্ট ক’মাৰ্চিয়েল ব্ৰেক’ টাইপৰ বাবে কাৰো চকুত নপৰেই! গমকে নাপায় কোনেও। তাৰ পাছত আহি তেওঁ যেতিয়া ভিন্নস্বাদৰ কথা আৰম্ভ কৰে, জিভাখনে পাক ল’বলৈ ধৰে আৰু গাল-মুখে ৰঙচুৱা বৰণ ল’বলৈ চেষ্টা কৰে, তেতিয়াই মই গম পাই যাও যে তেওঁ কামফেৰা কৰি আহিলে! বটল-গ্লাছ আদি ক’ত ৰাখে সেয়া কোনেও গম নাপায়৷ তেওঁক দেখিলে মোৰো অলপ মন যায়।

Read more

সংখ্যাটোৰ আঁৰৰ কথা

স্থানঃ শোৱাপাটি সময়ঃ ১ এপ্রিল, পুৱা ৭ বাজি ৪৫ মিনিট চকু মেলিয়েই মোবাইলৰ ‘দাতা’ অন কৰাটো এটা অলিখিত অভ্যাস মোৰ। স্বভাৱগতভাৱে সেইদিনাও পুৱাই ‘দাতা অন’ কৰিছোঁ, দেখিছোঁ কাকতি দাই মেচেঞ্জাৰত বার্তা এটা দি থৈছে, “খনিন, তোমাৰ ফোন নংটো দিবাচোন”। মই বোলো হঠাৎ আজি দাদাই ফোন নং খুজিলে যে, তাকো ইমান পুৱাই পুৱাই। মুখ-হাতখন ধুই আহি দেখিছোঁ এইবাৰ ৰিণ্টুদাৰ মেচেজ, “তোমাৰ লগত কথা এটা আছে।” মই মনতেহে, বোলো দুইজনৰে আজি কি হ’ল! ফোন নং আদান-প্রদান হোৱাৰ পাছত কাকতি দাই ক’লে যে

Read more

কৌতুক — ৰিতন বৰুৱা

ট্ৰেফিক পুলিচ : আপোনাৰ গাড়ীৰ কাগজ পত্ৰ আছে নে ? ড্ৰাইভাৰ : আছে । ট্ৰেফিক পুলিচ : লাইচেঞ্চ ? ড্ৰাইভাৰ : নাই ট্ৰেফিক পুলিচ : কিয় ? আপুনি লাইচেঞ্চ নোহোৱাকৈ ৰাজপথত গাড়ী চলাই নীতি বৰ্হিভূত কাম কৰিছে, আপুনি জানেনে ? ড্ৰাইভাৰ : হয় জানো, কিন্তু আপোনাৰ অচিনাকি ভাগিনে মোৰ পইচা বেগসহ লাইচেঞ্চখনো পকেট মাৰি লৈ গ’ল, মই কি কৰো !! ☆★☆★☆

Read more

সপোনত একতা কাপুৰ – সৌৰভ শৰ্মা

যোৱা নিশা সপোনত একতা কাপুৰ আহিছিল। মোৰো ফটামুখ, ওলাই গ’ল সচাঁ কথা, “একদম বুঢ়ী হৈ গলা, সেই একতা কাপুৰ নাই। কম ‘বোল্ড’ আছিলানে আমাৰ দিনত !” তাই ধমক লগাই দিলে, “কি ফেট-ফেটাই বকি গৈছা ? মোক কথা কবলৈ নিদিয়া নেকি ?” মই বোলে, “নিদিওঁ। এহাল মতা-মাইকীৰ ৭বাৰ বিয়া হয়। তাৰে মাজতে মাইকীজনীৰ  দেওৰেকৰ লগত দুবাৰমান বিয়া পাতা। সেইখিনি কৰিও শান্তি নোপোৱা। তাইক আকৌ ননদৰ গিৰিয়েকৰ সৈতে বিয়া পাতি দিয়া। আকৌ ক’ৰবাত বাগৰি বা খুন্দা খায় স্মৃতি শক্তি নোহোৱা হয়। তাইৰ

Read more

সত্তা ৰূপান্তৰৰ সংকট – সঞ্জীৱ মজুমদাৰ

কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তিম পৰ্যায়ত পিতামহ ভীষ্ম শৰশৰ্য্যাত শায়িত হৈ আছিল। ভীষ্ম আছিল ইচ্ছামৃত্যুৰ বৰ প্ৰাপ্ত। কুৰুক্ষেত্ৰৰ কাষেৰে বৈ যোৱা ওঘাৱতী নদীৰ তীৰত, সূৰ্য্যৰ অৱস্থান উত্তৰায়ন নোহোৱালৈকৈ এই গৰাকী মহীৰূহ শৰবিদ্ধ হৈ পৰি আছিল। এই সময় চোৱাত যুদ্ধৰ বিজেতা যুধিষ্ঠিৰে ভীষ্মৰ পৰা ধৰ্ম্ম, ৰাজ কৰ্ত্তব্য, ৰাজনীতি, দৰ্শন, কূটনীতি আদি বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিছিল। মহাভাৰতত এই সময়চোৱাৰ, ভীষ্ম আৰু যুধিষ্ঠিৰৰ মাজত হোৱা বাৰ্ত্তালাপ সমূহ, শান্তি পৰ্ব্ব আৰু অনুশাসন পৰ্ব্ব নামৰ দুটা পৰ্ব্বত সন্নিৱিষ্ট কৰা হৈছে। যুধিষ্ঠিৰে ভিন ভিন বিষয়ৰ ওপৰত

Read more

ন্যায়…দ্যা জাষ্টিচ – ৰামানুজ গোস্বামী

“কাঠমাণ্ডু টাইগাৰ্ছ” প্ৰডাকছনৰ দ্বিতীয় নিবেদন – ন্যায়…দ্যা জাষ্টিচ – ৰামানুজ গোস্বামী সত্যমেৱ জয়তে। আপ্ত বাক্যশাৰীৰ তলতেই নিজ আসনত উপবিষ্ট ন্যায়মূৰ্তিগৰাকীয়ে গোচৰটোৰ শুনানী শুনাবলৈ তৎপৰ হ’ল। স্থান – গুৱাহাটী উচ্চ ন্যায়ালয়। – তামাম গৱাহো ঔৰ চবুটো কৌ মদ্দে নজৰ ৰখতে হুৱে, আদালত এই সিদ্ধান্তত উপনীত হয় যে যোৱা ৩১ জুলাইৰ বৰ্ষামুখৰ মধ্যনিশাত আচামী মিথুন চলিহাই তেওঁৰ ঘৰৰ পৰিচাৰিকা তগৰ ছেত্রীক সুৰামত্ত অৱস্থাৰে তাইৰ শোৱনি কোঠাত সোমাই ধৰ্ষণ কৰি হত্যা কৰে। কাঠগড়াত ঠিয় হৈ থকা মিথুন চলিহাৰ (অভিনয়ত : বঙ্গদাদা মিথুন চত্রৱৰ্ত্তী)

Read more

ৰগৰ – সৌৰভ শৰ্মা

(১) বিশ্বৰ সৰ্বাধিক প্ৰাৱল্যৰ শব্দ :- নাৰীৰ ক্ৰন্দন, (কাৰণ মুখেৰে শব্দ নোলোৱাকৈ চকু চলচলীয়া কৰি সেপ ঢুকিয়েই পুৰুষৰ থৰকাচুতি হেৰাই দিব পাৰে।) (২) সৰ্বাধিক ভয়লগা কথা :- নাৰীয়ে দিয়া অপযশ। (৩) তীব্ৰঘাতি অস্ত্ৰ :- নাৰীয়ে দিয়া গালি-গালাজ। (৪) শক্তিশালী চেঞ্চৰ :- নাৰীৰ চকু। (৫) শক্তিশালী অস্ত্ৰ :- নাৰীৰ নখ, দাঁ‌ত। (৬) সৰ্বাধিক শব্দ প্ৰদূষণ :- নাৰীৰ বাৰ্তালাপ। (৭) বায়ু প্ৰদূষণ :- কচমেটিকেৰে চলা ঠাণ্ডাত গা নোধোৱা নাৰী। (৮) বেক্টেৰিয়া প্ৰদূষণৰ মুল :- নাৰী (নিজৰ লেতেৰা কাপোৰো নুধোৱালৈ আলনাত ৰাখে। কিন্তু

Read more
1 2 3 7