ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১) কূটবুদ্ধিজীৱিৰ কি কৃতি কেচকেচ কথা কটাকটি! কাপত কুটিলতা কিহৰ কুশলতা? কাজিয়া কৰে কথাইপতি৷ (২) বু্কুত খোৱা বিদেশীৰ ৰক্ষক বহুৰূপী কত জাতিৰ ভক্ষক বিৰাট কথাৰ ধূলি ব্যাগ্ৰতাৰে দিওঁ তালি বেহেৰাই বোলে ভেটি বেচোঁ দিয়ক! (৩) চপনীয়াৰ চিকুণ চঞ্চলতা চেগ চাই চলা চহানেতা চিৰকলীয়া চিকাৰ চিকাৰী চমৎকাৰ চিলনীৰ চিৰন্তন চতুৰতা! (৪) আপুৰুগীয়া অদ্ভুত ভৃত্য আসুৰিক অন্ধ আনুগত্য আঁহফলা ৰণুৱা আচহুৱা বনুৱা আবেগৰ নিচাত বিভ্ৰান্ত! (৫) নীতিবিগৰ্হিত নাট নীতিবাগিশ নিমাত নিষ্ক্ৰিয়তা নিষ্পৃহতা নাটক নষ্ট নিৰ্ঘাত৷ (৬) নাভূত-নাশ্ৰুত নাট্য নটৰ নিস্তেজ নৃত্য নিদ্ৰাহীন

Read more

যাদু তেৰী নজৰ – মধুমিতা বৰুৱা শইকীয়া

পূজাৰ সময়ৰ কথা। শাৰদ উন্মাদনাই মহানগৰীখনকো চুই গৈছে। ব্যস্ত প্ৰাত্যহিকতাৰ পৰা সুৰুঙা কাটি মহানগৰীৰ বাসিন্দাই শৰতৰ মাধুৰীমাক উপভোগ্য কৰি তুলি, বজাৰে-সমাৰে এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।বিলাসী গাড়ীৰ সমদলৰ মাজতো কিন্তু চিটিবাছ কেইখনে নিজৰ স্থিতি অক্ষুন্ন ৰাখিছে। সকলোৰে বাবে গাড়ী ঘোঁৰাৰ সুখ লিখি থোৱা নাথাকে। বহুতৰ আকৌ প্ৰথম পছন্দও এই বাছকেইখন।ইমান সুলভ যাত্ৰা, সুচল বাহনৰ সুখ পোৱা বাছকেইখন। বাছকেইখনত যেন উমলি থাকে নগৰীয়া জীৱনৰ কথকতা। গমপাইছেই নিশ্চয় পাঠকে যে আন একো নহয়, সেইখন মধ্যবিত্তৰ সকাহ-চিটিবাছ। একপ্ৰকাৰ মহানাগৰিকৰ উশাহ। শাৰদীয় বতৰ। হৰ্ডিঙে,

Read more

সেই নিৰ্বাচনী কোঠালিটোত – পৰিস্মিতা দাস

প্ৰেম এটা আলফুল শব্দ ফুলৰ দৰে সুবাসিত জোনাকৰ দৰে স্নিগ্ধ লালন কৰোঁ হৃদয়ত প্ৰতিনিয়ত৷ সঁচাকৈয়ে প্ৰেম মোৰ প্ৰতি উশাহৰ অপূৰ্ণ হেঁপাহ৷ প্ৰতিটো পুৱাই মই যেন হৈ পৰোঁ প্ৰেমৰ পৰশ বিচাৰি উৰি ফুৰা এটি পৰিভ্ৰমী চৰাই আৰু প্ৰতিনিশা টোপনি যাওঁ এটি প্ৰেমময় সপোনৰ অপেক্ষাত৷ ৰ’ব, আপোনালোকে নাভাবিব যে মোৰ জীৱনলৈ প্ৰেম কেতিয়াও অহাই নাছিল৷ আহিছে৷ ময়ো পাইছোঁ প্ৰেমৰ আলফুল সুকোমল পৰশ৷ এবাৰ নহয় বহুবাৰ মোৰ হৃদয়ৰ পদূলি গৰকিছে প্ৰেমে৷ কিন্তু প্ৰতিবাৰেই মলয়া বতাহৰ দৰে আহি বৰদৈচিলাৰ দৰে গুচি গৈছে প্ৰেম মোৰ

Read more

জুবিন গার্গক ভালপোৱা আৰু বেয়া পোৱা মানুহবোৰ…–পার্থ পি. বৰা

মই অফিছৰ ইণ্টাৰনেট, প্ৰিণ্টাৰ ইত্যাদি ব্যক্তিগত কামত মাজে সময়ে ব্যৱহাৰ কৰোঁ যদিও দুর্নীতিক প্ৰশ্ৰয় দিয়া স্বভাৱ মোৰ সাধাৰণতে নাই। গতিকে মই দিল্লী আৰু গুৱাহাটীৰ মাজত কৰা যাত্ৰা কালত যাত্ৰীক পৰিচর্যা কৰা কর্মচাৰীসকলক কেতিয়াও অতিৰিক্ত পইচা টিপছ্ হিচাপে নিদিওঁ। এই ধৰণে অতিৰিক্তভাৱে টিপছ দিয়া ব্যৱস্থাটোক মই এক প্ৰকাৰৰ দুর্নীতি বুলিয়েই গণ্য কৰোঁ। আজিকালি কথাবোৰ মই এনেকৈয়ে ভাবোঁ আৰু সুবিধা পালেই মোৰ এই দর্শনবোৰ মানুহক কওঁ। পিছে আজি গুৱাহাটীৰপৰা দিল্লীলৈ আহোঁতে যাত্ৰা কালত আমাক পৰিচর্যা কৰা কর্মীসকলৰ শুকান মুখকেইখন দেখি তেওঁলোকক টিপছ্

Read more

আপদীয়া পদ্য – জোনমণি দাস

১. বি.এ পাছ বেকাৰে নকৰে যে খেতি আন্দোলন কৰি কৰি বচাবই জাতি বিহু-পূজাত চান্দা তোলাটোৱেই ধান্দা পথাৰত পৰি আছে ছনপৰা মাটি।। ২. মেট্ৰিক ফেল তন্তী পঞ্চায়তৰ মেম্বাৰ ঘৰতো খুলি লৈছে আছুতীয়া চেম্বাৰ মাথাত নাই মাল ভাষণত ভাল কোট-টাই পিন্ধিলে কি চাবা টেম্পাৰ।। ৩. ছাত্ৰ সমাজৰ চেনেহৰ পাত্ৰ অনুজ্জ্বল ভট্ট আজিও যে ছাত্ৰ পকা চুলিত সানে ৰং তিলমানো নাই খং ছাত্ৰৰ বয়সটোহে মিলা নাই মাত্ৰ।। ৪. বিহালীৰ বৰুৱা বিয়াগোম বেজ বেজালি কৰিবলৈ পাৰি লয় মেজ ঘৈণীৰ চৰ খাই একতিল লাজ নাই

Read more

পৰম জ্ঞান – হিৰণজ্যোতি দাস

পত্নী : তুমিহে কোৱা মই বুঢ়ী হৈছোঁ‌৷ মোৰ আগৰ ৰূপ-সৌন্দৰ্য আৰু নাই৷ কিন্তু তোমাৰ বন্ধু এজনে কালি মোৰ খুব প্ৰসংশা কৰিলে। পতি : ই বেটা ওচমান ভাই হ’ব৷ পত্নী: আৰে হয়তো, তুমি কেনেকৈ জানিলা! পতি: সি আগতে ভঙা-ছিঙা পুৰণি বস্তুৰ ব্যবসায় কৰিছিল। ☆★☆★☆

Read more

ইঞ্জিনটোৰ বাবে হোৱা সমস্যা – মূল: আৰ কে নাৰায়ণ অনুবাদ – অনুৰূপ মহন্ত

মহাবাতুনিয়ে কৈছিল, আজি বহু বছৰ আগতে আমাৰ ঠাইখনলৈ ‘গেটলেণ্ড’ নামৰ মেলা এখন আহিছিল। ৰাতিৰ ভিতৰতে জিমখানা ক্লাবৰ ফিল্ডখন বিভিন্ন ৰঙৰ পতাকা, লাইটৰ বাল্ব আৰু পোষ্টাৰেৰে সজাই পৰাই তোলা হ’ল। মেলা চাবলৈ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিবলৈ ধৰিলে। মেলা আৰম্ভ হোৱাৰ এসপ্তাহৰ পৰাই প্ৰতি দিনে মেলাৰ মালিকৰ উপাৰ্জন পাঁচশ টকা পৰ্যন্ত হ’বলৈ ধৰিলে। মেলাত বিভিন্ন ধৰণৰ খেল, যাদু, নৃত্য আদিৰ প্ৰদৰ্শন হ’বলৈ ধৰিলে। মাত্ৰ দুইঅনা পইচাৰে মেলাত সোমোৱাৰ টিকট কিনি ভাটৌবিলাকে প্ৰদৰ্শন কৰা সৰু সৰু খেলৰপৰা আৰম্ভ কৰি ‘মৌত কা

Read more

ভালপোৱাৰ এখন নিলিখা পৃষ্ঠা – অঞ্জলি গগৈ বৰগোহাঞি

‘কথাবোৰ মানে সেই ম’বাইল বা লেণ্ডলাইন নথকা দিনৰে বুজিছা! এস্ লেণ্ডলাইন আছিল, পাহৰিহে কিবাখন কৈছোঁ৷ আচলতে পেৰেম-পিৰীতিৰ কথা ক’বলৈ পালে মনটো সেই এতিয়াও ষোল্ল/সোতৰ বছৰীয়া হৈ যায় বুজিছা৷’ ‘এ আইতা আচল কথাবোৰ কোৱাচোন। কিনো সেই কিবা ষোল্ল/সোতৰ বছৰ গাই আছা!’ ‘হেঃহেঃ। ষোল্ল/সোতৰ মানে কি সেয়া বুজি যে পোৱা নাই, তাকেনো নোকোৱা কিয়!’ ‘কি বুলি ভাবিছা মোক! ইংৰাজী মাধ্যমত পঢ়িলোঁ বুলিয়েই নিজৰ মাতৃভাষাটোৰ জ্ঞান নাই নেকি মোৰ! নিজৰ মাতৃভাষাটোও সমানে আয়ত্ত কৰিছোঁ বুজিছা৷ ষোল্ল/সোতৰ মানে ছিক্সটিন/চেভেনটিন! হাঁহা এতিয়া নকলী দাঁত চেলায়৷’

Read more

লটিঘটি – ৰাজীৱ শৰ্মা

আজি পুৱাৰেপৰা মোৰ মনটো বেয়া। মানে দুখ লাগি আছে মাৰ কথা শুনি। অথনিয়েই আমাৰ পুৰণা ঘৰত মাৰ তত্বাৱধানৰ বাবে ৰখা ছোৱালী তৰাই ফোন কৰিছিল – “বৰমাৰ কিবা এটা হৈছে। একো নকয়ো, নাখায়ো। খালী উচুপি আছে”। তেতিয়াৰেপৰা মোৰো মনটো মৰা। চাকৰিৰ খাতিৰত ঘৰৰপৰা বহুদূৰত আছোঁহি। লাগ বুলিলেই হঠাতে কোনোপধ্যেই ঘৰলৈ দৌৰ মাৰিব নোৱাৰো। তাতে অফিচৰ বচ বুলিও কথা এটা আছে। ময়েই যদি অফিচৰ নীতি-নিয়ম নামানি হোৱাই নোহোৱাই ছুটি লৈ ঘৰলৈ গৈ থাকো অফিচৰ বাকী কৰ্মচাৰীসকলৰো কামৰ প্ৰতি ধাউতি নোহোৱা হয়। আজি

Read more
1 2 3 4 7