ফটাঢোল

ফুলমাক্স হেলমেট – মৃদুলা গগৈ

মৰিগাঁও জিলাৰ এখন ভিতৰুৱা গাঁৱৰ বিদ্যালয়ৰ মই শিক্ষয়িত্ৰী। মৰিগাঁও টাউনৰ পৰা বাছেৰে গৈ আকৌ টেম্প’ত যাব লাগে। টেম্প’ৰ চলাচল অলপ সেৰেঙা সেয়ে বিদ্যালয় সময়ত পোৱাত অসুবিধা হয়। যি কেইখন টেম্প’ সেইফালে যায় ছিটকেইটা ভৰ্তি হোৱাৰ উপৰিও নিজৰ কান্ধতো পাৰিলে এজনমানক লৈ যাম যেনহে কৰে। ইফালে সময়ত বিদ্যালয় পাবগৈ লাগে৷ এনে লাগে যেন টেম্প’ৰ ভিতৰতে দৌৰি দিম। মোৰ লগতে ওচৰৰে বিদ্যালয় এখনৰ বাইদেউ এগৰাকী প্ৰায়ে যায়৷ আমি দুয়ো একেলগে টেম্প’ৰ বাবে ৰৈ থাকোঁ যদিও বাইদেউৰ বিদ্যালয়ৰ ছাৰ এজনে প্ৰায়ে বাইদেউক বাইকত

Read more

ফটা পদ্য – পৰীস্মিতা দাস

(১) ডকাইট যেনহে দাম্ভিকতা কৰিব অহা নাই ভিক্ষা হাজাৰ টকীয়া ৰচিদ কাটি কৰে উদ্দেশ্য ব্যাখ্যা সাংস্কৃতিক সন্ধিয়া পাতে বিখ্যাত গায়ক মাতে সিহঁতে নকৰিলে কৰিব কোনে আমাৰ সংস্কৃতি ৰক্ষা৷ (২) সম্পদশালী ব্যক্তিৰ মতে বিহু কমিটিয়ে নাচে দেখুৱাই দিয়ে বিশেষ অতিথিত তেওঁৰেই নাম আছে নকল ভাষণ পঢ়ি যায় মনে মনে থাকক চায় সংস্কৃতি ৰক্ষক সমিতিয়ে ফুলাম গামোচা যাঁচে৷ (৩) বিহুনামযে আউটডেটেদ ৰেপ গান চালিয়া লাগে গানৰ তালত জিন্স পৰিহিতাৰ লাহি কঁকাল ভাগে চিঞৰি ফালে টেটু সাজে হেনো সংস্কৃতিৰ সেঁতু একেৰাতিতে চেলিব্ৰিটি হোৱাৰ

Read more

খণ্ডচিত্ৰ – ডঃ বিক্ৰমজিত কাকতি

(১) ছাৰৰ মহিমাআমাৰ ভাৰতীয় সকলৰ বহুতৰ বাবে “ছাৰ” শব্দটোৰ এক মাদকতা আছে।মানুহ সাপেক্ষে ছাৰ শব্দটো শুনাৰ লগে লগে পুলকিত, শংকিত বা কম্পিত হৈ যায়। উদাহৰণ স্বৰূপে ধৰাহল আপুনি এজন মহাপ্ৰতাপী চৰকাৰী কেৰাণী, সদ্য অৱসৰ প্ৰাপ্ত এজন চৰকাৰী আমোলাই পেঞ্চন সংক্ৰান্তীয় কামৰ বাবে তাঁতবাটি কাঢ়ি আছে। তেওঁ আপোনাক ছাৰ বুলি সম্বোধন কৰিলে আপুনি পুলকিত হয়।থিক সেইদৰে দুদিন অফিচ ক্ষতি কৰি অহাৰ পাছত আপোনাৰ ছাৰে মাতিলে, তেওঁৰ ৰুমত সোমোৱাৰ পাছত আপোনাৰ মুখৰ পৰা যিটো “ছাৰ” শব্দ ওলাব সেইটো হ’ল শংকিত “ছাৰ”। টিকেন

Read more

জ্যোতিৰূপম দত্তলৈ আষাৰচেৰেক – মাধুৰ্য্য গোস্বামী

ডাঙৰীয়া, যোৱামাহত আলোচনীত প্ৰকাশিত আপোনাৰ লেখাত আমাৰ যি ভণ্ড আৰু নাঙঠ স্বৰূপ দেখুৱালে, তাৰপিছত এজন “সৎ বুদ্ধিজীৱী আৰু লেখক” হিচাপে আপোনাৰ শলাগ লৈছোঁ। লগতে জনাই থওঁ যে, আপুনি আৰু আমি একেটা ঘাটৰে পানী খাওঁ, সেয়া আমাৰ দৰে লবীকেন্দ্ৰিক মানুহে ভালদৰে জানে। লবী বুলি কওঁতে আপুনি গোটেইখিনি কথা লিখিছেই, বিশেষকৈ স্তাৱক বাহিনীৰ কথা। কিন্তু আমাৰ আটাইবোৰ সাহিত্যিক, লেখক আৰু বুদ্ধিজীৱী মিলিও যে এটা লবী বা সহজ অৰ্থত “গেং” আছে সেইটো বোধহয় বহুত সাধাৰণ মানুহে নাজানে। মানে ধৰক আপুনি কিবা এটা নক’বলগীয়া

Read more

ইটাৰ উপকাৰিতা — দেৱজিত শইকীয়া

ইটা এবিধ মূল্যবান সম্পদ৷ পূৰ্বতে এক লিটাৰ ইটাৰ দাম ৬০ টকা আছিল যদিও হঠাৎ পৰিবৰ্তনৰ ঢৌৱে অনা মেজিকৰ অচ্ছে দিনৰ ফলত আকাশলংঘী হৈছেগৈ৷ বিদেশত যথেষ্ট পৰিমানে মূল্যবান ক’লা ইটা পোৱা যায়৷ ভাৰতীয় ইটাৰ মূল্য অন্য ৰাষ্ট্ৰতকৈ কম যদিও ক’লা বেপাৰী সকলে ক’লা ইটা লুকুৱাই থয়৷ ইটাৰ উপকাৰিতাৰ কথা লিখি শেষ কৰিব নোৱাৰি। সেয়ে ইটাৰ বিষয়ে ৰচনা মেট্ৰিক পৰীক্ষা বাদেই IAS পৰীক্ষাতো কমন নপৰে৷ ইটাক কাপোৰৰে বান্ধি তিনিদিন পানীত ডুবাই ৰাখিলে গজালি মেলে আৰু তাৰ পৰা বিভিন্ন প্ৰকাৰৰ ১৫ দিনতে লগা

Read more

কৌতুক – তাবিবৰ ৰহমান

পতি : ৰাতিপুৱাই ৰাতিপুৱাই ভাতৰ লগত শিল পালোঁ। ভগৱানে অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ দুটা চকু দিছে। শিলকেইটাও চাউলৰপৰা বাচি উলিয়াব নোৱাৰানে? পত্নী : ভগৱানে আপোনাকো লোৰ দৰে বত্ৰিশটা দাঁত দিছে। শিলকেইটাও চোবাই খাব নোৱাৰেনে? পতি বেহুঁচ, পত্নী খুচ। ☆★☆★☆

Read more

এটা মহৰ অপঘাতী মৃত্যুত – বাসৱদত্ত দাস

এটা মহে আপোনাৰ কাণৰ কাষত কুন্‌কুনাই আপোনাক আমনি কৰি আছে। মহটোৱে আপোনাৰ ইখন কাণৰপৰা সিখন কাণলৈ কুঁ-কুঁৱাই আপোনাক সুস্থিৰ হৈ থাকিবলৈ দিয়া নাই, আৰু এনেতে- ‘চেটেপ’! আপোনাৰ দুহাতৰ চাপৰিৰ মাজত চেপেটা লাগি আপোনাৰেই তেজ বঁতিয়াই মহটোৰ কৰুণ মৃত্যু ঘটিল। কাহিনী খতম? নাঃ এইখিনিতে কাহিনীটোৰ আৰম্ভণিহে। মহটোক হত্যা কৰি আপুনি হয়তো আশ্বস্ত হৈ বহি আছে – এতিয়া আৰু আমনি নাই। হয়তো নতুনকৈ মহৰ আগমন ৰুধিবলৈ অল-আউটটো অন কৰি লৈছে। কিন্তু আপুনি জানেনে, আপুনি এইমাত্ৰ এটা জীৱন নাশ কৰিলে; আপুনি দৰাচলতে এটা

Read more

অসময়ত সময় – অভিজিত মেধি

এই যে লিখি আছোঁ কথাখিনি, তাৰ উদ্দেশ্য ব্যক্তিগত অভিজ্ঞতা এটা বন্ধু হিচাপে আপোনালোকক জনোৱাহে। অথচ অভিজ্ঞতাটো কিমানদূৰ বাস্তৱৰ ভিত্তিত সেইয়া মই নিজেই নাজানোঁ। আৎসা, অভিজ্ঞতাটোৰ কথা কোৱাৰ আগতে বিষয়টোৰ কথা অলপ কৈ লওঁ। বিষয়টো হ’ল সময়। বৰ আচহুৱা নহয়নে এই সময় বোলা বস্তুবিধ! সময়ৰ নিচিনা আচহুৱা হয়তো একোৱেই নাই! এই যে এসময়ত শেঙুণ বোৱা আমাৰ নাকবোৰ এতিয়া খং-ৰাগ-অভিমানৰ ঘৰ হ’লগৈ, সেয়া সময়ৰে খেল। বাৰিষাৰ বৰষুণজাকত নতুনত্ব নেদেখা হ’লোঁ, জাৰৰ শেতেলীত আদৰৰ উষ্ণতা নিবিচৰা হ’লোঁ, সংশয়হীন টোপনি আজিকালি নহায়ে হ’ল….সকলো সময়ৰেই

Read more

চাহ বাগিছাতে আমাৰ মন – ডলী তালুকদাৰ

দুহেজাৰ দহ চনৰ পৰা দুহেজাৰ সোঁতৰ চনলৈকে আমি চাহ বাগানৰ সেউজীয়াবোৰৰ মাজত আছিলোঁ।মোৰ স্বামীয়ে ‘টাটা টি’ৰ অন্তৰ্গত চাহ বাগানত চিকিৎসক হিচাপে নিযুক্ত হৈ আছিল। বহুতো সেউজীয়া অভিজ্ঞতাৰ লগতে লটিঘটিও হৈছিল প্ৰথমাৱস্থাত। প্ৰথমে মোৰ স্বামী ডিগবৈৰ অন্তৰ্গত ‘পাৱৈ চাহ বাগান’ৰ চেণ্ট্ৰেল হস্পিতালত চিকিৎসক হিচাপে কাম কৰিছিল।বাগানত থকা আমাৰ দুয়োজনৰে প্ৰথম অভিজ্ঞতা।ইয়াৰ আগতে চাহ বাগান ইমান ওচৰৰ পৰা দেখা নাছিলোঁ। গতিকে বাগানৰ থলুৱা ভাষাটো বৰকৈ মই বুজি পোৱা নাছিলোঁ। আমি কোম্পানীৰ ফালৰ পৰা বাংলো পাইছিলোঁ আৰু বাংলোত সহায় কৰিবলৈ মালিৰ পৰা ৰান্ধনী,

Read more

মিছেছ শইকীয়ানী — নয়নমণি দত্ত নেওগ

আজি মিছেছ শইকীয়ানী আৰু শইকীয়াৰ বিবাহ বাৰ্ষিকীৰ উপলক্ষ্যে দুই এঘৰ লোকক নিমন্ত্ৰণ জনাই এটি সৰু পাৰ্টি আয়োজন কৰিলে৷ : হেৰা এইপিনে আহাচোন, মোৰ এই ব্লাউজৰ পিছফালৰ ৰছীকেইডাল ভালদৰে বান্ধি দিয়া আৰু এই নেকলেচডালৰ হুকটো ভালকৈ লগাই দিবা দেই আৰু তুমি ৰেডী হ’লাগৈ নে? সকলোবোৰ যোগাৰ ঠিকঠাকে কৰিলা নে? : মমমম……সকলোবোৰ কৰিলোঁ আৰু যদি কিবা কৰিবলৈ আছে ইয়াতেই কৈ লোৱা। নহ’লে পাৰ্টিত এনেই মিছাতে তুমি নিজৰ নামেই ল’বা। : কি ক’লা! আকৌ এবাৰ কোৱাচোন৷ : একো নাই অ’, এনেই তোমাক মৰমতে

Read more
1 2 3 4 5 7