ফটাঢোল

ঐশ্বৰিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: আপুনি ঈশ্বৰ বিশ্বাস কৰে, নহয় জানো? : হয় কৰোঁ, কিয় সুধিলে? : নহয় মানে, পাৰ হৈ অহা বাছ আস্থানটোত থকা ডাঙৰ আঁহত গছডাল দেখি আপুনি মূৰ দোঁৱাওঁতেই মোৰ সন্দেহ হৈছিল, এইমাত্ৰ মন্দিৰটো পাৰ হওঁতে আপুনি পুনৰবাৰ মূৰ দোঁৱালে গতিকে মই নিশ্চিত হ’লোঁ যে আপুনি এজন ঈশ্বৰ বিশ্বাসী লোক। : এইবোৰ কি বকিব ধৰিছেহে ডাঙৰীয়া, মই নিজেই ক’লোঁ যে মই এজন ঈশ্বৰ বিশ্বাসী লোক, তাৰপিছত আপুনি নিশ্চিত হোৱা নোহোৱাৰ প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। আপুনি এশ শতাংশ নিশ্চিত থাকক যে

Read more

ঘটিৰামৰ বৰতাল বাদন – খগেশ সেন ডেকা

ঘটিৰাম৷ আমাৰ অসম মুলুকৰ এখন ভিতৰুৱা গাঁৱত তাৰ ঘৰ৷ আজিৰ জগতৰ আওভাও বুজি নোপোৱা তেনেই সহজ-সৰল ল’ৰা৷ সৰুতেই বাপেক ঢুকাইছে৷ বাঁৰী দুখুনী মাকজনীয়ে বৰ কষ্টেৰে তাক ডাঙৰ-দীঘল কৰিছে৷ ঘৰুৱা জঞ্জালৰ বাবে প্ৰাইমেৰীৰ তিনিটা শ্ৰেণী পঢ়িয়ে সি শিক্ষা-জীৱন সামৰি খেতি-খোলাত ধৰিছে৷ হওঁতে বাপেকৰ দিনৰ ৰূপিত মাটি-বাৰী অলপ আছে৷ সেইখিনিকে চলাই মেলি মাক-পুতেকহাল কোনো ৰকমে চলি আছে৷ হালোৱা গৰু এহাল আৰু খীৰতী গাই এজনী আছে৷ মাকজনী কামিলা৷ বোৱা-কটাকে ধৰি সকলো বিদ্যাত পাকৈত৷ মুঠতে ঘটিৰামৰ বিশেষ আকালো নাই ভঁড়ালো নাই৷ ঘটিৰামৰ আচল নাম

Read more

সন্ধিয়াৰ দুঃচিন্তা – অভিজিত মেধি

ফুট-গধূলি হোৱাতহে বাৰাণ্ডাত চাহকাপ আৰু দুখন বিস্কুট লৈ আপোনমনে বহিবলৈ সাহস কৰিছোঁ। এনেয়ে আবেলিহে বাৰাণ্ডাত বহি চাহ-বিস্কুট খোৱা মোৰ পুৰণি অভ্যাস। কিন্তু এই বিহুৰ দিনকেইটাত পোহৰ থাকোতেই, বাটৰ মানুহৰ চকুত পৰাকৈ বাৰাণ্ডাত বহিব নোৱাৰি। গাঁৱৰ ডেকা-চেঙেলীয়াই চিকাৰী চকু লৈ ঘূৰি আছে। ঘৰত থকাৰ উমান পালেই চান্দা খুজিবলৈ আহি যাব। যোৱা দুটা বছৰে মানুহজনীয়ে “এওঁ এতিয়া ঘৰত নাই নহয়, হাতত যি আছিল তাকে দিলোঁ” বুলি কম পইচাতে লেঠাবোৰ মাৰি আহিছে। বিহুৰ দিনকেইটাত মই ঘৰত নাই। মানে আছোঁ, কিন্তু নাই। শ্ৰীমতীক এশ

Read more

নৰেশ্বৰ কাইটিৰ স্মাৰ্ট ফোন – ঋতুপৰ্ণ শৰ্মা 

নৰেশ্বৰ কাইটিৰ ঘৰ আমাৰ গাঁঁৱতে। সহজ সৰল হোজা গাঁঁৱলীয়া লোক। পিচে তেওঁৰ এটি গুণ আছে, যিটো গুণৰ বাবে গাঁৱৰ লোকসকল তেওঁৰ পৰা অলপ আঁতৰি থাকিব বিচাৰে। যিকোনো বিষয়তে হোৱাই নোহোৱাই নিজৰ পাণ্ডিত্য জাহিৰ কৰিবলৈ যায়। গাঁৱলীয়া ভাষাত ‘কামোৰ’। মোক পিচে কাইটিয়ে বেয়া নাপায়। কাৰণ আনবোৰৰ দৰে তেওঁক দেখিলেই মই আঁতৰি নাযাওঁ। তেওঁৰ লগত মনৰ ভাববোৰৰ আদান প্ৰদান কৰোঁ। সিদিনা মোক দেখি তেওঁ ওচৰ চাপি আহিল। : হৌৰা ডেকা ল’ৰা, খবৰ কিহে? : আছোঁ দিয়ক কাইটি, মোৰ ভালেই। আপোনাৰ কেনে? :

Read more

ফটা প্ৰেম – জ্ঞানদীপ খনিকৰ

বহু দিনৰ আগৰ কথা, খ্ৰীষ্টাব্দ ২০০৫। হাতীঘূলী নামৰ এখন গাঁৱত মোৰ নামেৰে এজন দশম শ্ৰেণীত পঢ়ি থকা ল’ৰা আছিল। তেতিয়া বৈপ্লৱিক মন, ব্যক্তি স্বাধীনতাৰ সংগ্ৰাম, সন্মুখত মেট্ৰিক আৰু ডেকা বয়সৰ আৰম্ভণিৰ গলগলীয়া হোৱা মাতটোৰ অকণমান মিহি হোৱাৰ সময় আছিল। তেনে এটা দিনতেই হৈ গৈছিল কাৰোবাৰ বাবে এক অদ্ভূত আকৰ্ষণ। পিছতহে গম পালোঁ সেইয়াই প্ৰেম, সেইবোৰেই ভালপোৱা…। সেইদিনা আছিল…দিনটো পাহৰিলোঁ। স্কুলৰ বাৰ্ষিক খেল-ধেমালি সপ্তাহ হৈ আছিল। খেল বিভাগৰ সম্পাদক মই। আবেলি সেইদিনা স্কুলৰ ল’ৰা-ছোৱালী গৈ প্ৰায় শেষ। মইও হেড্ ছাৰৰ ৰূমৰ

Read more

ফটাপ্ৰেম – পূৰ্ণময়ী মেধি

ক্লাছ নাইন মানৰ কথা। তেতিয়া মই অজয় জাদেজাৰ সাংঘাতিক প্ৰেমিকা। তেওঁৰ ফটো বিচৰাই মোৰ কাম। যিয়ে ফটো দিয়ে, তাক যি লাগে তাকে দিওঁ। চেণ্টাৰ ফ্ৰেচৰ লগত তেতিয়া ভাৰতীয় ক্ৰিকেটাৰসকলৰ কেৰিয়াৰ ৰেকৰ্ডসহ ফটোৰে সৈতে কাৰ্ড দিছিল। তেনেকৈও জাদেজাৰ ফটো বহুত গোটাওঁ। মোৰ ভাইটিৰ লগত কেৰম খেলিবলৈ অহা মেট্ৰিক দিবলগীয়া ল’ৰা এটাই প্ৰায়ে মোলৈ অজয়ৰ কাৰ্ড লৈ আহে। সি আহিলে মই খুব ভালপাওঁ। সি আকৌ সুবিধা লৈ মোৰ বাহিৰা বহীত কবিতাৰ দৰে কিবা কিবি লিখি থৈ যায়। মই পঢ়োঁ, কিন্তু বুজি নাপাওঁ।

Read more

অসমীয়া লিপিৰ সৰলীকৰণ অপ্ৰয়োজনীয় — মনোহৰ দত্ত

‘আমাৰ অসম’ কাকতৰ ২৪ ছেপ্টেম্বৰ, ২০১৮ সংখ্যাত প্ৰকাশিত আমাৰ এক লেখাৰ আঁত ধৰি, সম্পাদিত ৰূপত এই লেখাটো ‘ফটা-ঢোল’ ই-আলোচনীলৈ আগবঢ়ালোঁ। প্ৰথমতেই দোহাৰিছোঁ, বৰ্তমানৰ পৰিস্থিতিত অসমীয়া ভাষা অসমৰ অধিক মানুহে যাতে কয়, লিখে আৰু পঢ়ে – আমি তেনে পৰিৱেশ ৰচনা কৰাহে যুগুত। তেনেদৰে নতুন প্ৰজন্মক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আকৰ্ষিত কৰিবলৈ হ’লে – তেওঁলোকৰ মনত ভাষা-প্ৰেম জগাই তুলিব লাগিব। ভাষা-প্ৰেমে যে জাতি এটাক সংগঠিত আৰু সবল কৰে সেই কথা বুজাব লাগিব। যি কি নহওঁক, এচাম অসমীয়াই অসমীয়া লিপিৰ সৰলীকৰণৰ পক্ষে ভিন্ন

Read more

ৰুণুমাই – মূৰ্চ্ছনা শইকীয়া গগৈ

হাফ পেডেল মাৰি মাৰি এপাকত যেনিবা ৰুণুমাই চাইকেলখনৰ দুইফালে ভৰি দি ছিটটোত বহি চলাব পাৰিলগৈ। এশখোজমান হাফ পেডেলতে যাবলগীয়া হয়গৈ। : আই,যাং দেই, চাহৰ কেটলিটো তই লৈ আনিবি৷ চিঞৰি চিঞৰি মাকক কৈ যোৱা উত্তৰত মাকে কি ক’লে আকৌ ঘূৰি চোৱাৰ সময় নাই, উভতি চালেই বা চাইকেল গৈ পথাৰত সোমাবগৈ। দুয়োফালে বেগ ভৰাই হালোৱাকেইজনলৈ জা-জলপানৰ টোপোলা লৈ তাই পথাৰৰ কাষৰ কাৰেণ্টৰ পষ্টটোৰ সমুখতে খোপনি পুতি ৰ’লগৈ। তাতে চাইকেলখন আওজাই থৈ পথাৰৰ বোকা-পানী ফালি পিন্ধি থকা ফ্ৰকটো ডাঙি নিজৰ পথাৰডৰা পালেগৈ। :

Read more

অথন্তৰ — খাণ্ডিল্য নয়ন শইকীয়া

(১) গ্ৰেজুৱেচনত তেতিয়া নতুনকৈ নামভৰ্তি কৰিছোঁ মাত্ৰ । উৎসবে পাৰ্বনে খুড়াহঁতৰ ঘৰলৈ যোৱা হয় । গাঁৱৰ মানুহবোৰে মোৰ খবৰ লয় হেনো “অমুকৰ পুতেকে কি কৰি আছেনো ?” বুলি । উত্তৰত পেছাৰে খেতিয়ক খুৰাই “ইঞ্জিনীয়াৰ কৰি আছে” বুলি কয় । “কিহত” বুলি সুধিলে খুৰাৰ হাহাকাৰ লাগি যায় । ফোন কৰি সুধিয়েই থাকে , তথাপিও এবাৰ গাওঁলৈ যোৱাত খুড়াই সুধিলে, “বাবা , তোমাৰ কিহত ইঞ্জিনীয়াৰ কৰি আছা ?” “ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন “ কেইদিনমানৰ পিছত আকৌ সুধিলে, “বাবা , তুমি ইলেক্ট্রিকচিটিত ইঞ্জিনীয়াৰ কৰি

Read more
1 5 6 7