ফটাঢোল

সপোনৰ অতপালি – মনালিছা পাঠক নেওগ

দুখ নং ১ সব্জিৱালাজন সদায় নাহিব লগা সময়ত আহে। মানে ৰাতিপুৱাতে। সেইকণ সময়ত মই টোপনিৰ চিকুণ পুৱা নামৰ বাক্যশাৰী সাৰ্থক কৰিবলৈ কোনো মতে ক্ৰুতি নকৰো হ’লে দেই। তাতে ঠাণ্ডা দিন। মানুহজনো অফিচিয়েল কামত বাহিৰত। ৰাতিপুৱা সোনকালে উঠাৰ এলাহতে দুদিন আলুকে খালোঁ। নতুন নতুন আলু ওলাইছে এনেনো সোৱাদ। হ’ল বুলি চাৰি সাজ খোৱাৰ পিছত আৰু কিমান আলুকে খাম। পিছদিনা ৰাতিপুৱা উঠি সব্জি ল’ব লাগিব বুলি ভাবি শুই থাকিলোঁ। পইচাটো শুই উঠি হাতে পোৱাতে থৈ দিলোঁ কিজানিবা পইচা বিচাৰিবলৈ যাওঁতে সব্জিৱালা গুচিয়েই

Read more

অতিথি দেৱ ভৱ – পাপৰি গগৈ

সহজ সৰল গাৱঁৰ মানুহৰ অতিথি আপ্যায়ন দেখিলে মনটো ভৰি আহে৷ সেউজীয়া গছ-পাতৰ দৰেই মনবোৰো ঠিক সেউজীয়া৷ এই যে সেউজীয়া মনৰ মানুহবোৰৰ বুকুৰ আবেষ্টনীত সোমাই যাবলৈ লেখমানো ক্ৰটি কৰিব মন নাযায়৷ হয়তো ৰতনপুৰ নামৰ সেই গাওঁখনলৈ নোযোৱা হ’লে নিঃস্বাৰ্থ মৰমবোৰৰ পৰা বঞ্চিত হ’লোঁ হয়৷ কাহিনীটো ক’ৰ পৰা আৰম্ভণি কৰিম তাকে ভাবি বিপাঙত পৰিছো৷ কথাবোৰ যে দুচকুত ভাঁহি আহিছে এটি এটিকৈ৷ হাঁহিবোৰ চোন ৰখাব পৰা নাই৷ ডাঙৰকৈ হাঁহিলেও নৱ বিবাহিত শ্ৰীমতীয়ে ভাবিব এইজন চাইক’হে৷ মুখৰ ভিতৰতে হাঁহিবোৰ সামৰিছো। আমাৰ ডিপাৰ্টমেণ্টৰ ঠাণ্ডা বুলি

Read more

হাঁহি – ৰিটন বৰুৱা

কেইবছৰমান আগৰ ঘটনা। নবেম্বৰ মাহ। দূৰ্গা পূজা পাৰ হৈ কালীপূজা বা দ্বীপাৱলীৰ পিছত ৰাসৰ সময়ত। অলপ অলপ ঠাণ্ডা পৰিছে শৰৎ পাৰ হৈ শীতৰ আগমন ঘটিছে। তিনিজন বন্ধুৱে কথা পাতি ৰাসৰ গাৰ্ডেন শ্ব’ চাবলৈ যাম বুলি ঠিৰাং কৰিলোঁ। ঘৰৰ পৰা প্ৰায় ১৫ / ২০ কিঃ মিঃ আঁতৰত যাব লাগিব। গতিকে ভাত পানী খাই তিনিও একেলগে ওলালোঁ গাৰ্ডেন শ্ব’ চাবলৈ। তিনি বন্ধু লগ হৈ যাত্ৰা আৰম্ভ কৰাৰ আগতে হোটেল এখনত সোমাই ডিঙি কেইটা অলপ তিয়াই ল’লোঁ। বন্ধু এজনে গাড়ী চলাইছে মই আগ

Read more

সোণৰ সংসাৰ – চৈয়দা চেমিন ইচলাম

১) প্ৰেমিক-প্ৰেমিকা নতুনকৈ কোম্পানী এটাত জব কৰিবলৈ লোৱা পিণ্টুক চিমিয়ে ক’লে, : আমাৰ গাঁৱৰ মানুহে নকলি সোণ চিনি নাপায় দিয়াহে। আচল সোণতেই ঠগ খোৱা মানুহ সিহঁত। তুমি মাথো মোক সোণৰ আঙুঠিটো দিবা, হৈ যাব। বাকীখিনি কিনা দিলেই হ’ল। সৰ্ব সন্মতিক্ৰমে বিয়াখন সুকলমে হৈ যোৱাটোহে আচল কথা আমাৰ৷ : পিচে, তুমি কি কৰিম বুলি ভাবিছা? জানাইতো আমাৰ ঘৰৰ মানুহখিনিক৷ সিহঁতৰ চকুত কেনেকৈ ধূলি মাৰিবা তুমি? : ময়ো তোমাক অকল আঙুঠিটোহে সোণৰ দিম। তোমাৰ মাৰাই দাবী কৰা সোণৰ হাৰডাল কিন্তু নকলি দিম।

Read more
1 14 15 16