ফটাঢোল

হাত দীঘল – ঠেং চুটি!! – জ্যোতিৰূপম দত্ত

কথা এটা শুনকচোন! হয়, আপোনাকেই কৈছো! জয়জয়তে মোৰ ফালৰ পৰা আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিব৷ মানে এইবোৰ এনেই ক’ব লাগে বাবেই কৈছো৷ আজিকালি এই ভক্তি, শ্ৰদ্ধা, মৰম, অভিনন্দন আদি শব্দবোৰৰ অৰ্থ সলনি হৈ গ’ল৷ এই ধৰক, কোনোবা নেতাৰ ভাল কথা এটাৰ শলাগ ল’লেই আমি ভক্ত! মাতৃ দিৱস, পিতৃ দিৱসৰ দিনা আনকালে এলাগী হৈ থকা মাক বাপেকক বিচাৰি বিচাৰি লেৰেলা সাদৰ দেখুৱাই ফটো তুলি ৰাইজক দেখুৱালেহে শ্ৰদ্ধা! মৰমবোৰো আজিকালি তলে-পুতল হ’ল৷ শেতেলীৰ তিৰোতাক এৰি থৈ বহুতো ভদ্ৰলোকেই নিশা হলেই ম’বাইলটো উলিয়াই সেউজীয়া

Read more

দেই – ঈশান জ্যোতি বৰা

চনঃ ১৯৮০, সময়ঃ সন্ধ্যা ৮ আকাশত মেঘৰ ভোৰ্‌ভোৰণি! নহয়! পদূলিত খৰিকাজাঁইৰ থেন্‌থেননি! নহয়৷ গোহালিত গৰুৰ খেচ্‌খেচনি! নহয়,নহয়৷ সেইটোও নহয়! তেন্তে কিনো! তেন্তে? তেন্তে সেয়া পাগঘৰৰ চাকিৰ পোহৰত আমাৰ শিলকণ্ঠ চলিহা৷ অশান্ত-অস্থিৰ-অবুজ, লেঙ-লেঙকৈ ওখ, অথচ শূন্য সহনশীলতাৰে নিৰ্বোধ-সেইজন শিলকণ্ঠ চলিহা৷ চিঞৰত বতাহ-গগন একাকাৰ কৰি এতিয়া অসমীয়া ব্যাকৰণৰ পাঠ আওৰাব লাগিছে৷ ইছ! কি যে কোৱা! আকাশত তৰা কেইটা গণি নোপোৱা এই ধোদৰ পচলাটোৱে কিতাপ পঢ়িব! তাকো অসমীয়া ব্যাকৰণ! তুমিও আজিকালি বেচ জমনি কৰিব পৰা হৈছা! ‘নাম নাজানো’ বুলিহে ক’লোঁ আৰু দিয়া৷ তুমি

Read more

কুৰিবছৰৰ পাছত (মূল:অ’ হেনৰী) – অনুবাদ: নীলাক্ষি দেৱী ডেকা

নিউয়ৰ্কৰ এটা ভিতৰুৱা অঞ্চলৰ এটা বজাৰৰ এলাকা। শীতৰ সময়। তেতিয়া নিশা দহ বাজিবৰ হোৱাই নাছিল যদিও হিমশীতল বতাহ আৰু কিনকিনিয়া বৰষুণজাকে পথটো প্ৰায় জনশূণ্য কৰি পেলাইছিল। পথেদি এজন আৰক্ষী বিষয়া নিজ স্বভাৱসুলভ গাম্ভীৰ্য্যতা আৰু আকৰ্ষণীয় ভঙ্গীমাৰে অহাযোৱা কৰি আছিল। অৱশ্যে বতৰত গতিৰ কাৰণে তেখেতৰ প্ৰতি মন কৰিবলগীয়া মানুহ ৰাস্তাত প্ৰায় নাছিল বুলিবই পাৰি। পথেদি আগবাঢ়ি যাওঁতে তেখেতৰ দৃষ্টি আছিল ৰাস্তাৰ দুয়োকাষৰ দোকান পোহাৰৰ প্ৰতি। হাতত থকা লাঠিদালেদি বন্ধ দুৱাৰসমূহত টুকুৰিয়াই টুকুৰিয়াই তেওঁ আগবাঢ়ি গৈছিল। সাধাৰণতে সেই অঞ্চলৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বেছিভাগেই

Read more

সংবাদ মাধ্যমৰ লগত জৰিত কিছু শব্দ – শান্তনু কৌশিক বৰুৱা

বাতৰিকাকত এখন মেলিলেই প্ৰথম পৃষ্ঠাৰ ওপৰতে কাকতখনৰ নামটো চকুত পৰে। জানে নে তাক কি বুলি কয়? একেদৰে টেলিভিছনৰ অনুষ্ঠান পৰিৱেশনকাৰী আৰু সংবাদদাতাৰ হাতত এক বিশেষ ধৰণৰ আহিলা আপুনি নিশ্চয় দেখিছে, যাৰ শীৰ্ষত এটা মাইক্ৰোফোন সংযুক্ত কৰা থাকে। তাৰেইবা নাম কি? দৰাচলতে বাতৰিকাকতৰ বিভিন্ন অংশৰ লগতে বাতৰি সংগ্ৰহ, বাতৰি পৰিৱেশন, সম্পাদনা আদি বিভিন্ন ক্ষেত্ৰ/পৰ্যায়ৰ সুকীয়া সুকীয়া নাম আছে। সেইদৰে ইলেকট্ৰনিক সংবাদ মাধ্যমৰ লগতো জৰিত হৈ আছে বহু শব্দ। আপুনি হয়তো এইবোৰ (যেনে : বাতৰিকাকত এখনৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত কাকতখনৰ নামটো, টেলিভিছনৰ

Read more

অজলা-ককাইৰ বিশ্ব-দৰ্শন – উচ্চজিৎ দশগিৰি

(প্ৰস্তাৱনাঃ – অজলা-ককাইক অমুকাই ঘটনাক্ৰমে লগ পাইছিলোঁ ২০১০ চনৰ ফুটবল বিশ্বকাপৰ সময়ত ভাৰতৰ দক্ষিণাঞ্চলৰ ৰাজ্য কৰ্ণাটকৰ ৰাজধানী চহৰ বেঙ্গালুৰুৰ এখন ভোজনালয়ত। মই হ’লোঁ লিঅ’নো মেছি আৰু বাৰ্চিলোনাৰ অনুগ্ৰাহী আৰু কথাচক্ৰত গম পালোঁ অজলা-ককাইও মেছিৰ ভক্ত আৰু বাৰ্চিলোনাৰ দুৰন্ত সমৰ্থক। বচ, এপিয়লা এপিয়লা চাহত শোহা মাৰি দুয়োৰে মাজত মিতিৰালি হৈ গ’ল। মিতিৰালি হ’লেও বিশ্বকাপৰ ভিন্নদলৰ সমৰ্থক হিচাপে দুয়োৰে মাজত দলীয় বৈৰিতাও আছিল। ককাই স্পেইনৰ সমৰ্থক আৰু মই মাৰাডোনাৰ দিনৰে পৰা আৰ্জেণ্টিনাৰ। পিছে বিশ্বকাপো শেষ আমাৰ বৈৰিতাও শেষ। ৰৈ গ’ল আমাৰ মাজত

Read more

বিড়ম্বনা – সুনীল দত্ত

ঘৰৰপৰা চাই চিতি বিয়াখন পতা বাবে হ’বলগীয়া কইনাগৰাকীৰ লগত সকলোৰে উপস্থিতিত দুবাৰ মুখামুখি হোৱাৰ বাদে বিয়াৰ আগত ভালকৈ কথা পতাই নহ’ল। যিমানেই বিয়াৰ তাৰিখটো ওচৰ চাপিল সিমানেই প্ৰেমত হাবুডুবু খাই ছোৱালী এগৰাকী পলুৱাই অনাই ভাল আছিল বুলি মনত এটা ভাব আহি থাকিল। নাহিবইবা কিয়? মই মানুহটো অলপ হিচাপী। হিচাপী মানে টকা সিকাৰ ক্ষেত্ৰত লগাতকৈ বেছিয়েই হিচাপী। সেইবাবে বিয়াৰ যা যোগাৰ কৰোতে জমা টকাৰ বুজন অংশ এটা খৰচ হওঁতে মনত আক্ষেপ হোৱাতো স্বাভাৱিক। পৰিয়ালৰ আটাইবোৰ সদস্যই বিয়াৰ নামত টকা খৰচ কৰা

Read more

হেপী সৰস্বতী পূজা – দিম্পল কলিতা

নৱম শ্ৰেণীৰ ছাত্ৰ আছিলো। স্কুলীয়া জীৱনত সৰস্বতী পূজাৰ সপোন আৰু এতিয়াৰ সৰস্বতী পূজাৰ সপোনৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছিল বুলি এতিয়া অনুভৱ কৰিছো। সেই সময়ৰ পূজা মানেই দেৱী পূজা। তাত নাই কোনো ছোৱালীৰ প্ৰতি থকা চকুপূজা, যিটো বৰ্তমান সময়ত পূজাৰ মেইন উদ্দেশ্য হৈ পৰে আমাৰ নিচিনা ল’ৰাৰ জীৱনত। প্ৰতিবছৰে নৱম শ্ৰেণীৰ ল’ৰাবোৰে পূজাত আগভাগ লোৱাৰ সুবিধা পাই যিহেতু দশম শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰে মেট্ৰিকৰ সময় সমাগত হয়। নৱমশ্ৰেণীত ভদ্ৰ আৰু মৰমিয়াল হিচাপে মোকেই সেইবাৰৰ সম্পাদকৰ দৰে ডাঙৰ পদবীতো দিছিল স্কুলত। দায়িত্ব বহুত, লেবেল

Read more

ফটা প্ৰেম – ঋতুপৰ্ণা মহন্ত

আমি হ’লো ডিডি ওৱানত ফাল্গুণী পাঠকৰ গানে তোলপাৰ লগোৱা দিনৰ মানুহ। “চাৱন মে মৌৰণী বনকে মে তো চম চম নাচো”, “য়াদ পিয়া কি আনে লগি…” এনেকুৱা গানৰ ভিডিঅ’বোৰ চাই চাই ইতিমধ্যে প্ৰেম মানে কি তাৰ মোটামোটি ধাৰণা এটা কৰি পেলাইছিলো। হাইস্কুলত পঢ়ি থাকোঁতে দুই একে মোৰ চাইকেলৰ বক্সটোত “আই লাভ ইউ” বুলি লিখা কাগজৰ টুকুৰা একোটাহঁত নেপেলোৱা নহয়। পিছে সেই বেনামী চিঠিবোৰৰ প্ৰেৰক কোন আছিল সেয়া নজনাকৈয়ে তেনেবোৰ প্ৰেম কাহিনীৰ অন্ত পৰিছিল। এজন বুলি নকৈ দুই একে বুলি এইকাৰণেই কৈছোঁ,

Read more

শ্ৰেষ্ঠৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম – উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীৰ মোৰ থকা ঠাইৰপৰা কৰ্মস্থলীলৈ প্ৰায় ৮ কিলোমিটাৰ দূৰ হয়৷ সদায় বাইকখন লৈয়ে অহা-যোৱা কৰোঁ৷ অলপদিনৰ আগৰ কথা, কিবা কাৰণবশতঃ মই সেইদিনটোত বাইকখন নিব নোৱাৰিলোঁ, গতিকে চিটি বাছতে যাম বুলি ভাবি বেলতলা চিআইডি ষ্টপেজত বাছৰ বাবে অপেক্ষা কৰিলোঁ৷ বেলতলা লাইনৰ বাছবিলাক এখনৰ পাছত আনখন আহিয়েই থাকে, সেয়েহে মইও বেছি সময় ৰ’ব লগা নহ’ল৷ বাছখনৰ পাছৰ দুৱাৰেৰে উঠিলোঁ, চীট এটাও খালী নাছিল; সকলোতে চকু ফুৰাই মনত বিৰক্তিৰ ভাৱ এটা লৈ ঠিয় হৈ থাকিলো নেক্সট কোনোবা ষ্টপেজত চীট পোৱাৰ আশা এটা লৈ৷

Read more

সকীয়নি – বাসৱদত্ত দাস

(ব্যঙ্গ মাত্ৰেই হাস্যৰসাত্মক নহ’বও পাৰে।) মই এটি শিশুৱে কৈছোঁ, শুনিছেনে? আহক, এটা কাহিনী কওঁ — “কেঁচুৱাটো উপজিবৰ মাত্ৰ কেইটাঘণ্টামানহে পাৰ হৈছে- ল’ৰা সন্তান। মাকৰ কাষৰ কেঁচুৱা ৰখা বিচনাখনতে সি পৰি আছে, কান্দি-কাটি একেবাৰে লেবেজান- বেচেৰাটোৰ ভোক লাগিছে। কোনেও যেন তাৰ এই কান্দোন শুনিও গুৰুত্ব দিয়া নাই। ওচৰতে উদাসমনে শুই থকা মাকৰো তাৰ কান্দোনত হিয়া গলা নাই। বৰঞ্চ বৰ যেন বিৰক্তিহে পাইছে এনে ভাবত এবাৰ তাক দাবী দি সকিয়াইছে, “নো মিন্‌চ্‌ নো, বুজিছ। চুপ্ থাক! জোৰ-জবৰদস্তি এতিয়াৰ পৃথিৱীখনত তহঁতৰ আৰু নচলে,

Read more
1 2 3 4 5 16