ফটাঢোল

ভট্টৰ ভূত — অভিজিত কলিতা

একেৰাহে তেৰদিন অচেতন থকাৰ পাছত আজি শংখ ভট্টৰ সংজ্ঞা ঘুৰি আহিল। আহিল মানে একেকোবে মানুহটো বিছনাৰ পৰা জপিয়াই উঠা নাই, মানুহটোৰ গাত লগাই থোৱা টিভিৰ দৰে যন্ত্ৰবোৰত ওলাই থকা ৰেখাবোৰৰ আকাৰহে সলনি হ’ল। অৱশ্যে মানুহটোৰো গভীৰ টোপনিৰ পৰা সাৰ পাই উঠা যেন নলগা নহয়। কিন্তু কিবা যেন আচহুৱা আচহুৱা পৰিবেশ। ভট্টৰ সদায় সোণকালে শুই উঠাৰ অভ্যাস। তেওঁৰ শোৱাকোঠাৰ খিৰিকী এখনৰ পৰ্দাখন অলপ কাষলৈ টানি থোৱা থাকে, পূৱা বেলিয়ে ওলোৱাৰ যো-জা কৰোতেই ভট্টৰ কোঠাটো জান নিজান পোহৰ হৈ উঠে। ভট্টই তেতিয়াই

Read more

এনাকোণ্ডাৰ প্ৰেম — মনোজ নেওগ

কেইদিনমানৰ পৰা হৰেণৰ মনটোত লাগিয়ে আছে – তাৰ দ্বাৰা কবিতা, গল্প, উপন্যাস নহ’বগৈ। অৱশ্যে লিখাৰ নামত কি লিখিছোঁ বুলিলে দাঁতেৰে নখ কামুৰিও অনেক পৰ সি ভাবি উলিয়াব নোৱাৰে, ইমানদিনে সি কিনো পঞ্চমুখী কঁচুটো লিখিলে! কবিতাৰ নিচিনা দুই এটা অৱশ্যে হৰেণে নিলিখা নহয়- ”তোমাৰ চুলি নহয় উৰি যায় মেঘৰ ফিনফিনীয়া চাদৰ, মোৰহে কলিজাৰ নাই কদৰ” মানে অলপ ৰোমাণ্টিক ধৰণে লিখি ভাল পায় সি। মাজে মাজে হ’লে তাৰ একদম কিবা দেও লম্ভাদি লম্ভে, লিখোঁতে কাগজ ফাটি যায়গৈ- ”ফালি দিম চিৰি দিম এই

Read more

এক দিন কা ভগৱান – মণিষা কাকতি

“আত্মাৰাম, ঐ আত্মাৰাম? উঠচোন উঠ!” “হা! কোন?” আত্মাৰাম ধহমহাই বিছনাত উঠি বহিল। এই দোভাগ ৰাতিখন কোনে তাৰ নাম লৈ ফুচফুচাই মাতে? সপোন দেখা নাইতো? লেলাৱটীখিনি হাতেৰে মচি উৎসুকতাৰে ইফালে-সিফালে চাই কোঠাটো পৰীক্ষা কৰিলে সি। এন্ধাৰ যদিও নিশ্চিত হ’ল যে এইমুহূৰ্ত্তত সি নিজ কোঠাৰ বিছনাতে আছে। কিন্তু মাতিলে কোনে তাক? চোৰ-ডকাইত সোমাল নেকি? চোৰে আকৌ চুৰ কৰিবলৈ আহি নাম কাঢ়ি মাতিব কিয়? তেন্তে? ওহো, ভূত-চুত হ’বই নোৱাৰে। সেইবোৰ সি বিশ্বাস নকৰে। ভগৱানক অৱশ্যে বিশ্বাস কৰে। সেইবুলি ভগৱানতো হ’ব নোৱাৰে। “মই ভগৱানেই

Read more

বদলৰামৰ দুটি ঘোঁৰা – ধনজিৎ বৰুৱা

বদলৰামৰ দুটি ঘোঁৰা এটি কণা এটি খোৰা বাগী চলাৰ আজব ধৰণ খোৰাৰ টিলিঙা শুনি কণাই আছে ভাবি গুনি তাল মানৰ কোনটো চৰণ বদলৰাম হোলোং গোজ কথা কাণ্ড আকোৰগোজ নসলায় এটিউ যে ঘোঁৰা চলি আছে চলি যাব যি হয় ভাল হ’ব ক’ত পাম এনেহেন যোৰা। ঘাঁহ বুট ঘোলনিত পাই খোৰাই বুট বাচি খায় কণায়ো খায় হাঁহি হাঁহি বেগী ঘোঁৰাৰ ৰচদত এসপ্তাহ আৰামত বদলৰামৰ ধন হয় ৰাহি। শেলুকীয়া মগজৰ শামুকীয়া চহৰত বদলৰাম ধনী হৈ পৰে কণা খোৰাৰ পোৱালী সিয়ো একে পালি বদলৰামৰ

Read more

সঁচাও নহয় মিছাও নহয় – জিতা ফুকন

এজন মানুহৰ গা খুউব বেয়া শেষ সময় সমাগত। ডাক্তৰে ক’লে, আপোনাৰ হাতত মাত্ৰ 12 ঘন্টামান সময় আছে গতিকে এই সময়কন আনন্দ মনেৰে পাৰ কৰক। ঘৰলৈ আহি তেওঁ ঘৈণীয়েকক কথাটো ক’লেহি আৰু মৰম চেনেহ কথা-বতৰাৰে ৰাতিটো পাৰ কৰিবলৈ বিচাৰিলে।দুয়ো পুৰণি দিনৰ কথাবোৰ সুৱৰিলে। বিভিন্ন কথা পাতি থাকোঁঁতেই মানুহজনে দেখিলে ঘৈণীয়েক টোপনি যাবলৈ ধৰিছে। তেওঁ ক’লে , হেৰা উঠাচোন মোৰ হাতত দেখোন বেছি সময় নায়েই। ঘৈণীয়েকঃ হ’ব হ’ব ,কি কৰিম কোৱা? তুমিতো ৰাতিপুৱা উঠিবই নালাগে কিন্তু মইতো কান্দিবৰ বাবেই উঠিব লাগিব ন।

Read more

সম্পাদকীয়ৰ পৰিৱৰ্তে – দিগন্ত কুমাৰ ভট্টাচাৰ্য

জপনামুখতে শৈশৱৰ ‘মেধি ঐ মেধি’য়ে আহিল খেদি: : ঐ তাৰ ঘৰ পাবলৈ হৈছেই : আজি তই আৰম্ভ কৰিবি : না: কালি সি হেডছাৰক কৈ দিম বুলি কৈছিল : ঠিক আছে, মই আৰম্ভ কৰিম। তহঁতে একেলগে গাবি… হাইস্কুলৰ তলৰ শ্ৰেণীত তেতিয়া আমি। স্কুল ছুটীৰ পাছত খোজ কাঢ়ি আমি এজুম আহি থাকোঁ ঘৰলৈ। মনজিতৰ উপাধি আছিল মেধি। সি আমাক ঘাইপথত এৰি তাৰ ঘৰলৈ বুলি উপপথেৰে সোমাই যাবলৈ লওঁতেইআমি চিঞৰোঁ -“মেধি ঐ মেধি, কুকুৰে নিলে খেদি। মেধি পৰিল খালত, কুকুৰে কামুৰিলে গালত”! সি

Read more

চান্দাসুৰ(দুৰ্গা মাই কি জয়!) – পাৰ্থ প্ৰতীম শৰ্মা

যুদ্ধ শেষ হওঁ হওঁ! দেৱী দুৰ্গাই মহিষাসুৰৰ বুকুত উদ্দেশ্যি ত্রিশূল মাৰি পঠিয়ালে। দেৱীৰ বাহন, সিংহটোই মহিষাসুৰৰ আঁঠুত কামোৰ বহুৱাই দিলে। ত্ৰিশূলে মহিষাসুৰৰ বুকু ভেদি গ’ল। মহিষাসুৰৰ শেষ সময়! সিফালে চিত্ৰগুপ্তই হিচাপ-পাতি আৰম্ভ কৰিছেই। চিত্ৰগুপ্তই যমৰাজক কৈছে বোলে মহিষাসুৰ বৰ ভয়ানক অসুৰ, ইয়াৰ বাবে কিবা বেলেগ শাস্তিৰো ব্যৱস্থা হ’ব লাগে। যমৰাজে ইতিমধ্যে তেওঁৰ এজেন্ট এজনক সাজু হ’বলৈ নিৰ্দেশ দিলে। সকলো বিধাতাৰ লিখনিমতেই হৈ আছিল। কিন্তু, তেনেতে মহিষাসুৰে তাচ্ছিল্যৰ হাঁহি মাৰি ক’বলৈ আৰম্ভ কৰিলে- “হে দেৱী, মোক বাৰু দুৰ্বল পাই মাৰি পেলালা!

Read more

গুহেটী, নমস্কাৰ! – মল্লিকা শৰ্মাবৰদলৈ

হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজীয়া জীৱন আৰম্ভ কৰিছোঁ তেতিয়া। বাইদেউৰ (টিউচনৰ) পৰামৰ্শ অনুসৰি মেজৰৰ কিতাপ কেইখনমান কিনিবলৈ বুলি গুৱাহাটীলৈ যোৱা ঠিক কৰা হ’ল। যিহেতু তেতিয়া কিতাপবোৰ নিৰ্দিষ্ট কেইখনমান দোকানতহে পোৱা গৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে ঘৰৰ মানুহৰ অবিহনে, বান্ধৱীৰ লগত মহানগৰীলৈ বজাৰ কৰিবলৈ ওলাইছোঁ। যদিও ঘৰৰপৰা কিতাপ কিনাৰ উদ্দেশ্যেই ওলাইছিলোঁ, তথাপিও ইমান কাষলৈ আহি ফাঁচীবজাৰখনত এপাক নামাৰিলে মহানগৰীলৈ যাত্ৰা আধৰুৱা হৈ থাকিব, সেয়ে কিতাপ কিনাৰ পিছত, সুসজ্জিত চকু চাট মাৰি ধৰা দোকান নে চুপাৰ মাৰ্কেট কিবা এখনত সোমালোঁগৈ। দোকানখন বিভিন্ন বস্তুৰে

Read more

ডাৰ্টি ফ্লাওৱাৰ – (অভিজিৎ দত্ত)

মূল : বৰুণ কুমাৰ সাহা অনুবাদ : অভিজিৎ দত্ত ১) মন্দিৰৰ বাৰাণ্ডাত ঘণ্টা বাজিছে। হালিজালি থকা ঘন্টাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে ফটফটীয়া মজিয়াত। দানপাত্ৰটিও শ্বেতপাথৰৰ। মন্দিৰৰ সন্মুখৰ বাগিচাখন টিপটপ, ফিটফাট। গছবোৰ সাজিকাচি বহি থাকে। ডাল পাতবোৰ অলপ ইফাল সিফাল হোৱাও এই বাগিচাত অসম্ভৱ। যমদূত মালী অস্ত্ৰ হাতত লৈ সদা প্ৰস্তুত। বাগিচাৰ এটা বগা গোলাপে তাৰ কাষৰ গোলাপটিক ক’লে, “চা ভাই, আমাৰ জীৱনটো কেনে একঘেয়ামী আৰু বিৰক্তিকৰ। সৌ মন্দিৰৰ বাৰাণ্ডালৈ চা। মহিলাৰ খোপাত গোলাপী গোলাপ।” “হয়, ঠিক, ঠিক। সেই গোলাপী ৰঙ ধাৰ

Read more
1 2 3 13