ফটাঢোল

পাহিৰ পথাৰ যাত্ৰা — লোনা বৰা

ঘৰখনত হঠাৎ হুলস্থুল লাগিল৷ “তলত থ’লে পৰুৱাই খাব, মূৰত থলে ওকনিয়ে খাব” ধৰণে ডাঙৰ হোৱা পাহিয়ে ঘোষণা কৰিলে যে তাই গাঁৱৰ ঘৰলৈ যাব। যাব মানে যাবই; তাকো এদিনৰ ভিতৰতে৷ মাক, দেউতাকে কথাৰ একো উৱাদিহ নাপায়, জীয়েকৰ বেমাৰ বুলি ধৰিয়ে ল’লে। নিশ্চয় কোনোবাই কিবা যাদু কৰিছে, নহ’লে বৰষুণ দিলেও লেতেৰা বুলি ওলাই যাবলৈ টান পোৱা ছোৱালীজনী এই বাৰিষাৰ দিনত গাঁৱলৈ যাবলৈ ওলাইছে৷ কি কথা হ’ব পাৰে! তাইৰ এই ঘোষণাৰ পাছৰপৰা দুইজনৰে চকুৰ টোপনি নোহোৱা হ’ল। বুজাইছেহে বুজাইছে, জীয়েক পাহি নাচোৰবান্দা, যাবই৷

Read more

বিষয়: বিষ্ণুৰাভা – সন্দীপ বৰ্মন

আজি-কালি কি মন যায় জান? সৰুৰেপৰাই বন্ধুক দেখি আহিছো নাটক কৰে, কবিতা লিখে, সমাজ সচেতন বন্ধুৱে বিষ্ণু ৰাভা হোৱাৰ কথা কয়, মেন্ডেলা হোৱাৰ কথা কয়।‌ :কি? পৰম উৎসুকতাৰে তাৰ মুখলৈ চাই ৰ’লো।‌ ছয় বছৰ মুৰত দেখা।‌ জমি উঠাৰ কথা আছিল সন্ধিয়াটো।‌ :ধনী মানুহ হ’বলৈ মন যায়।‌ ইয়াহ… কিমান দিন যে বাট চাই আছিলো এইষাৰ কথাৰ বাবে।‌ আমাৰ কবিতা, আমাৰ গল্প…কিবা যেন উজ্বল নক্ষত্ৰৰ ওচৰত নিস্প্ৰভ।‌ সেই নক্ষত্ৰই এতিয়া পোহৰাব পৰা নাই দুটা কোঠাৰ চাৰিজনীয়া পৰিয়াল।‌ সেই যে ফিলিপছৰ টেপ ৰেকৰ্ডাৰটো,

Read more

শান্তিপাঠ – সোনটো ৰঞ্জন বৰুৱা

ঘৰখন সুখে-শান্তিৰে থাকিবলৈ হ’লে এক বিশেষ ধৰণৰ শান্তি পাঠ ৰেগুলাৰ কৰক। আপুনি ভাবিছে, কি বিশেষ শান্তি পাঠ নো? বুজাই আছো ৰ’ব। প্ৰথমে শান্তিপাঠ কৰিবলৈ খুঁত (কাৰণ) এটা বিচাৰক। যি কোনো খুঁত এটা হ’লেই হ’ব। ইয়াক মাত্র শান্তি পাঠ আৰম্ভ কৰিবলৈহে লাগে,তাৰ পাছত ইয়াৰ কাম নাথাকে। খুঁত পোৱাৰ পাছতেই শান্তিপাঠ আৰম্ভ কৰি দিয়ক। সৰ্বপ্ৰথমে পত্নীয়ে শ্লোক আওৰাওক :”হেৰা,তোমাক সদায় কিয় ক’ব লাগে তিতা টাৱেল বিচনাত নথ’বা৷ এতিয়া পতিয়ে আওৰাওক :”কোনে থ’লেহি জানো?” পত্নীঃ “এৰাটো টাৱেলৰ ভৰি আছে যে খোজকাঢ়ি আহি উঠিলহি”

Read more

ভাগিনৰ কথাৰে – কুকি কল্পিতা মহন্ত

‘মাহী-ভাগিনৰ সম্পৰ্কবোৰ বৰ মধুৰ’ -সকলোৱে কয়। হওঁতে মইও মাহী নোহোৱা নহয়। বৰদেউতা আৰু খুড়াৰ ছোৱালী তিনিজনীকৈ বাইদেউ আছে মোৰ ওপৰত। বিয়াৰ পাছৰে পৰা তিনিওজনী গুৱাহাটীৰে বাসিন্দা। মাজে সময়ে পূজা, বিহুৰ বন্ধ মিলাই ঘৰলৈ আহে সিহঁত। সেইকেইটা দিনতেই যি ভাগিন কেইটাক লগ পাওঁ। মৰম লাগে বহুত। পিছে ভালকৈ সিহঁতৰ লগত সময় কটাবলৈ নাপাওৱেই, সিহঁতৰ যাবৰে হয়। গুৱাহাটীলৈ বৰকৈ মাতি থাকে যদিও পিএইছডি’ৰ কামৰ কোবত মোৰ যোৱায়ে নহয়। এইবাৰ গৱেষণাৰ কাম শেষ কৰি বিহুৰ বন্ধত মাজুজনী বাইদেউৰ ঘৰলৈ আহোঁতে সিহঁতৰ লগতে ওলালোঁ

Read more

জাৰ্নি টু গোৱা – কমলা দাস

মামাৰ ল’ৰাৰ বিয়াৰ বৰযাত্ৰী হৈ মুম্বাই লৈ গৈছিলোঁ। মোৰ আকৌ ফুৰি ফুৰাৰ বৰ চখ। সুবিধা পালেই ফুৰিবলৈ দৌৰ মাৰো। গতিকে মুম্বাইত বিয়া খন হৈ যোৱাৰ পাছত ভাবিলো, বোলে মুম্বাই লৈকে আহিলোৱে যেতিয়া গোৱা খনতো এপাক মাৰিব পৰা যায় নেকি! সৰু মামীজনীক মোৰ মনৰ কথাটো ক’লো। সেই জনী মামীও ফুৰিবলৈ বৰ উৎসাহি। মামীয়ে কলে বল এপাক ফুৰিয়ে আহো। এনেও ঘৰত ঘুৰি যাবলৈ চাৰি দিন পাছত হে প্লেনৰ টিকট! দুদিন ঘুৰিয়ে আহো! সেই দিনাই আমি গোৱা লৈ যাবলৈ মন কৰিলো। পিছে সমস্যা

Read more

মই লিখা প্ৰথম চিঠিখন – চিত্ৰলেখা দেৱী

মই প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে তলৰ শ্ৰেণীত পঢ়া সময়ৰ কথা। মোৰ মায়ে বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু ঘৰত আমাৰ অকণমানি ভণ্টি এজনী আছিল। মা স্কুললৈ গ’লে আইতাই তাইক অকলে ৰাখিব নোৱাৰিছিল। সেইবাবে আমাৰ বাগিচাত চাকৰি কৰা ককাই (মাৰ দেউতাক) বাগিচাৰ মজদুৰ ছোৱালী এজনী আমাৰ ঘৰলৈ আনিছিল আইতাৰ সহায়ৰ বাবে। তাই আনক কি সহায় কৰিছিল নাজানো; মোৰ কিন্তু একমাত্ৰ লগৰী হৈ পৰিছিল। গধূলি মই কিতাপ পঢ়োঁতে তাই ওচৰতে বহি থাকিছিল আৰু মোৰ কিতাপবোৰ লিৰিকি বিদাৰি চাইছিল। তাই সিহঁতৰ বাগিচাৰ ঢেৰ কাহিনী কৈছিল। তাৰোপৰি

Read more

বিজি লাইফ – দুদু কুমাৰ দাদুল

আজিকালি মোৰ এক্কেবাৰে সময় নাই আকৌ! ৰাতিপুৱা চকু মেলাৰে পৰা ৰাতি চকুমুদালৈকে এনিটাইম বিজি। এতিয়া ভাবি বেয়াই লাগে, আগতে যে কিমান টাইম এনেয়ে লষ্ট কৰিলো। আগতে ৰাতিপুৱা সোনকালে বিছনা এৰো। নিজৰ কৰণীয়খিনি কৰি পাছৰখিনি সময় ঘৰুৱা দুই এটা কাম যেনে, গৰু এৰাল দিয়া, গোহালি চাফা কৰা, ঘৰ চাফা কৰা, নিজৰ কাপোৰ ধোৱা আদিবোৰ যি যেনেকৈ পাৰো টপাটপ্ কৰি নিজৰ কামত ওলাই যাওঁ। কিন্তু আজিকালি নাই। নাই মানে এইবোৰ কৰিবলৈ সময়ো লাগিব নহয়। তাৰ পৰিবৰ্ত্তে, জলক-টবককৈ চকুকিটা মেলিলো। কাষত থাকেই নহয়

Read more

পত্নী – চাও খুন শিৱ ডেকা

আজিৰ পৰা কিমান হাজাৰ কোটি বছৰৰ আগতে পত্নী নামৰ সম্পদ বিধৰ সৃষ্টি হল জনা নাযায়। কিন্তু মানৱ সভ্যতা নামৰ নুবুজা সংসাৰখনৰ উৎপত্তিৰ লগত এই শব্দটি সমসাময়িক বুলি জীৱ বিজ্ঞানী তথা চিন্তাবিদ সকলে মতপোষণ কৰে। পত্নী অনান্য মানুহৰ দৰে এবিধ ডমেষ্টিক এনিমেল হলেও কিছু আচৰিত লক্ষণ দেখা যায়, যেনে পত্নীৰ চকু ছটা। তাৰে দুটা লৰা-ছোৱালী, দুটা ঘৰ-বাৰী আৰু দুটা পতি বা স্বামীৰ ওপৰত থাকে। আধুনিক মোবাইলৰ যুগত তেওঁলোকৰ আৰু দুটা চকু আছে বুলি বহুতে যুক্তি দাঙি ধৰে যদিও ঘৰ-বাৰী চোৱা চকুকেইটাহে

Read more

চীতা ঔৰ গীতা – গীতাৰ্থী গোস্বামী

সীতা আৰু গীতা যমজ ভগ্নী। যমজ হ’লেও দুয়োৰে স্বভাৱ সম্পূৰ্ণ ওলোটা। সীতা শান্ত-শিষ্ট আৰু গীতা মহাদুষ্ট। কাহিনী-১ সীতা আৰু গীতা স্কুললৈ যোৱা পথটো কেঁচা। চাইকেল চলি চলি পথটোৰ মাজ অংশ বগা হৈছে। কাষত বন। বাৰিষা বনৰ মাজত বোকা সোমাই থাকে। কিবা কাৰণত সেই বোকাত হাৱাই চেন্দেল ফচিলে ফিটা নিচিগাকৈ উলিয়াই আনোতে কমেও দহ মিনিট লাগে। এদিন সীতাই গীতাক ক’লে- : বগাই বগাই যা। গীতাই উত্তৰ দিলে- : হয়নে? এই বোকাত বগাই বগাই গৈ মই কেতিয়া ইস্কুল পামগৈ? মই খোজকাঢ়ি যাম৷

Read more

কুমজেলেকুৱা, এজাক কেঁকোৰা আৰু এটা ভাটৌ – অনিমা দাস

দেউতাৰ চাকৰিসূত্ৰে আমাৰ পৰিয়ালটো ভিন ভিন ঠাইত চৰকাৰী বাসগৃহত থাকিবলগীয়া হৈছিল। মোৰ ভন্টি আৰু ভাইটি দুটা মোতকৈ বহুতো সৰু আছিল। মই ডাঙৰ আছিলো বাবে সিহঁতে নজনা কথাবোৰ শিকাই থাকিব লাগিছিল। ভাইটিৰ জীৱ-জন্তুৰ প্ৰতি বৰ প্ৰীতি আছিল। ভাইটিয়ে নামেৰে সৈতে সৰু-ডাঙৰ জীৱ জন্তুবোৰৰ লগত চিনাকি হৈ সিহঁতৰ লগত বন্ধুত্ব পাতি ভাল পাইছিল। কিছুমানৰ লগত ভাল বন্ধু হৈ পৰিছিল। কথা পাতি যিবোৰৰ লগত মন ভাল লাগিছিল সেইবোৰক নিজৰ খোৱা বস্তু দিছিল আৰু মনেৰে নিমিলাবোৰক সিপুৰী পোৱাইছিল সি। আহাৰ মাহৰ বৰষুণৰ বতৰ। ভাইটিৰ

Read more
1 11 12 13