ফটাঢোল

ৰসৰাজ বেজবৰুৱা আৰু কৃপাবৰী শৈলী – যোজনাগন্ধা পাঠক

কৃপাবৰ বৰুৱা! জন্ম ঊনবিংশ শতিকাৰ প্ৰথম ভাগত৷ বংগদেশত৷ ‘জোনাকী’ কাকতত৷ সাহিত্যৰথী বেজবৰুৱাদেৱে কেৱল ৰস বা সাহিত্য সৃষ্টিৰ খাটিৰতে নহয়, অসমীয়া জাতিক স্বৰূপাৰ্থত গঢ় দিবলৈহে কৃপাবৰক জন্ম দিছিল৷ ‘জোনাকী’ৰ দ্বিতীয় বছৰ সপ্তম সংখ্যাৰ পৰা আৰম্ভ হোৱা কৃপাবৰী ৰচনা নিৰৱচ্ছিন্নভাবে জোনাকীৰ পাছত ‘বাঁহী’ত প্ৰকাশিত হৈছিল৷ বিক্ষিপ্তভাবে পৰৱৰ্তী সময়ৰ কাকতত দুই এটা ৰচনা প্ৰকাশিত হোৱাৰ পাচত প্ৰবন্ধসমূহ পুথি আকাৰে সংকলিত হয়৷ বাহ্যিক দৃষ্টিত তত্ত্বকথাৰ স্ৰষ্টা বেজবৰুৱা আৰু কৃপাবৰী ৰচনাৰ বেজবৰুৱাক দুজন ভিন্ন ব্যক্তি যেন লাগিব পাৰে৷ কিন্তু, দকৈ গমি চালে স্পষ্ট হৈ পৰে

Read more

শৰ্মাদা “নট আউট” — মাধুৰ্য্য গোস্বামী

১ :কি…! আপুনি শৰ্মাদাক চিনি নাপায়? সঁচাকৈয়ে নাপায়তো? মানে একদম চিৰিয়াছলি সুধিছোঁ‌ বুজিছেনে? যদি নাপায় তেনেহ’লে একদম সঁচাসঁচিকৈ কওঁ যে আপুনি এটা সাংঘাটিক কেৰেক্টাৰ মিছ কৰি আছে। :কিয় কিয়? হোৱাই? : কিয় মানে? আৰে ভাই আপুনি ভৰলু, শান্তিপুৰ, কামাখ্যা গেইটত গৈ সত্তৰ-আশী বছৰীয়া বৃদ্ধবোৰক সোধকগৈ কোনজন ল’ৰাই নব্বৈৰ দশকৰ প্ৰথমভাগত তেওঁলোকৰ ঘৰৰ ৱাল বগাই জীয়েকহঁতক কুউ কুউকৈ মাতি ইংগিত দিছিল। যাৰ যাৰ ঘৰত ধুনীয়া ছোৱালী আছিল তেওঁলোকক সোধকগৈ তেওঁলোকৰ ছোৱালীবোৰক প্ৰত্যেককে চিঠি দিয়া সেই ‘মিউচুৱেল’ ল’ৰাজন কোন আছিল যিয়ে ৰাতি

Read more

বিউটি পাৰ্লাৰ – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

‘ঐ, নমতাকৈয়ে যাৱ? চিনি পাইছনে নাই? তাকে হ’লে ঠিক চিনিছোঁ। বহুত শকত হ’লি ভাই। ঠিক আছে, ঠিক আছে— শকত হ’লি হ’লি আৰু। চুলি আকৌ গ’ল কিয়? কি চিন্তাত ? দীপুহঁতৰ ঘৰলৈ যোৱাই মস্কিল। কাৰণ দুটা। এক সিহঁতৰ মস্ত কুকুৰটো আৰু দুই সিহঁতৰ দেউতাক। দুয়োটাৰে কি গর্জন। সেইকাৰণেই তাক কৈছিলোঁ— ‘লগ যদি পাব খোজ, আহিবি। সেই যে ‘বিউটি কেয়াৰ’ নামৰ বিউটি পার্লাৰখন, তাৰে সন্মুখত মই ৱেইট কৰিম।’ ৰৈ আছিলোঁও, পিছে সি আহিব ক’ত, দেখাদেখিয়েই নাই। কানীয়া। ৰৈ আছিলোঁ যদিও ব’ৰ হোৱা

Read more

ছুইট হাৰ্ট স্বপ্না চৌধুৰী – পূৰৱী বৰুৱা

স্বপ্না চৌধুৰীক চিনি পায়নে? নাপায়? সেই যে ‘বিগ বছ’ৰ স্বপ্না চৌধুৰী। অ, অ, এতিয়া ঠিক ধৰিছে সেই যে ‘বিগ বছ’ত অংশগ্ৰহণ কৰিছিল হাৰিয়ানবি নাচনী গৰাকী। কি হ’ল হে, মুখত যে মিচিকিয়া হাঁহি ? এই বুঢ়া বয়সতো ‘দিল ঢক ঢক কৰনে লগা’ ন ? বৰলা ডেকা দঙুৱাবোৰৰ কৰিছে কৰক, আপোনাৰ দৰে বুঢ়া মানুহৰ নাপায় আৰু দেই। বাৰু বাৰু বাদ দিয়ক মই সেই গৰাকী স্বপ্না চৌধুৰীৰ কথা ক’ব খোজা নাই। আমাৰ যে মানুহজনৰ মোবাইলত ফোন আহে ‘ছুইট হাৰ্ট স্বপ্না চৌধুৰী’ – সেই

Read more

এজন ভূতপূৰ্ব মন্ত্ৰীৰে সাক্ষাৎকাৰ (আৰাধনা বৰুৱা)

মূললেখাঃ পদ্মশ্ৰী শাৰদ যোশী (‘এক ভুতপূৰ্ব মন্ত্ৰী চে মুলাকাত’) অনুবাদঃ আৰাধনা বৰুৱা “আজিকালিৰ ল’ৰাছোৱালীয়ে গাখীৰকণ খীৰাবও নাজানে অ’৷ কি যে হ’ব ইহঁতৰ।” মই যেতিয়া তেওঁৰ ঘৰগৈ পাইছিলোঁ তেওঁ তেতিয়া পুত্ৰধনক গাখীৰ খিৰাবলৈ শিকোৱাত লাগিছিল৷ মন্ত্ৰীত্ব থকাৰ সময়ত ঘৰৰ পদূলিমুখত গাড়ী ৰখাই থোৱা স্হানত আজিকালি ম’হ বন্ধা থাকে৷ মোক দেখি তেওঁ ক’লে- “গেলা ঘাঁত নিমখ ছটিয়াবলৈ আহিলা নেকিহে?” “নিমখ ইমানো সস্তা নহয় আৰু দিয়ক যে এনেকৈ নষ্ট কৰিম৷ আপোনালোকৰ দিনতে নিমখৰ দামো বাঢ়িল নহয়৷” “আৰে আমাৰ পাৰ্টিক কিয় দোষ দিছা হে?

Read more

তিনি মিনিট – অমিতাভ মহন্ত

ভৰ দুপৰীয়া৷ সময় দুই বাজি তেত্ৰিছ্ মিনিট৷ ভাত কেইটা খায়েই চেণ্ডেল চোঁচৰাই চোঁচৰাই নিজৰ ৰুমলৈ খোজ ল’লো৷ পৰীক্ষা নামৰ বিভিষীকাই দুৱাৰদলিত নাচি আছে৷ ৰ’বলৈ সময় নাই৷ পঢ়া টেবুলৰ সন্মুখত থিয় দিলো৷ কোনটো বিষয় পঢ়ো, কেতিয়া পঢ়ো, কেনেকৈ পঢ়ো ভাবি ত’ত পোৱা নাই৷ টেবুলৰ বাওঁচুকৰ পৰা হেনৰী ফেয়লে জিভা উলিয়াই যেন মোক জোকাব ধৰিছে, আদাম স্মিথে গহীন লুক এটা বিছনাত পৰি আছে৷ এতিয়া আৰু টেক্সবুক পঢ়ি পাছ কৰা মিছা৷ কালি “দাস এণ্ড ভূঞা” বুলি এদম ব্ৰহ্মাস্ত্ৰ কিনি আনিছিলো৷ দুয়ো মিলি এইবাৰ

Read more

পঞ্চপদী পদ্য – হেমেন ডেকা

(১) গিৰিয়েকৰ গালি খাই খাই দুচকু লাল কুম্ভকৰ্ণৰ দৰে তেওঁ শোৱাত বৰ ভাল কামত অথন্তৰে নুগুচে টোপনিয়ে খেদে পিছে পিছে গাঁও ফুৰিবলৈ যোৱাত অৱশ্যে মহাকাল৷ (২) কোনে বাৰু নাম থলে মিচ লচপচী বেয়া পালে মুখখন হয় এটি পাচি এনেই স্ফূৰ্তিবাজ খোৱাত বৰ লাজ মনেমনেহে খায় এক চৰীয়া লুচি৷ (৩) চুবুৰীয়াই মাতে তেওঁক চেকচেকী বাই খঙ উঠিলে চলিহঁতক তামাম কোবায় ঘৰ হেনো তেওঁৰ মতেই চলে চুপতিত কোনেও নোৱাৰে বলে শ্ৰীমানক গালি-শপনি পাৰি মন জুৰায়! (৪) নিমাখিত প্ৰাণী হাজৰিকা হবিবৰ কাম-কাজত তেওঁ

Read more

নক’লেও নোৱাৰো ফটা মুখ — শান্তনু কৌশিক বৰুৱা

হাজৰিকাৰ ডাঙৰ ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া হৈছে৷ টনা টনা ডাঙৰ ডাঙৰ চকু, জোঙা নাক, গাখীৰত সেন্দূৰ মিহলোৱা গাৰ ৰং, সাইলাখ গোঁসানীৰ প্ৰতিমাহে! “অ, সেইজনী ছোৱালীৰ কথা কৈছে? মাজে মাজে যে ঘৰৰ আগফালৰ বাৰাণ্ডাত বহি থাকে? চকু দুটা ডাঙৰ ডাঙৰ ঠিকেই৷ কিন্তু গোঁসানীৰ দৰে নহয়৷ গৰুৰ চকুওতো ডাঙৰ ডাঙৰ হয়৷ সেইবুলি গৰুও কি সুন্দৰী হ’ব? আৰু ছোৱালীৰ ইমান জোঙা নাক ভাল নহয়৷” “আপনি যিয়েই নকওক ছোৱালীজনীক এবাৰ দেখিলে কিন্তু চকু ঘূৰাই আনিব নোৱাৰি৷” “হয়তো সঁচা৷ কিন্তু মনত ৰাখিব, যি দিনকাল পৰিছে

Read more

বৰলাৰ কাহিনী – জ্ঞান বৰদলৈ

বৰলাৰ ধৰ্ম – প্ৰপজ কৰি যোৱা, ফলাফল ভগৱানৰ হাতত। বৰলাৰ কৰ্ম – তুমি দেখিবলৈ যেনেকুৱাই নোহোৱা প্ৰপজ কিন্তু সদায় জাকত জিলিকা ছোৱালীকহে কৰিবা। বৰলাৰ বৈশিষ্ট্য – তোমাৰ ইনকাম যিয়েই নহওক পাইট নেৰিবা।( যেনে – দামী বাইক, মবাইল, চানগ্লাছ ) বৰলাৰ সপোন – ( কোনোবা ছোৱালীৰ দেউতাকে ক’ব) য়ে লৌ Blank Cheque , ঔৰ নিকল জাঔ মেৰী বেটী কী জিন্দেগী চে। ☆★☆★☆

Read more

মাৰ্ঘেৰিটা পিজ্জা – হেমন্ত কাকতি

বিদেশ ভ্ৰমণ বুলি ক’লে শুনিবলৈ ভালেই লাগে৷ আপুনি তাত গৈ কি কি এনজয় কৰিব, কি পিন্ধিব, ক’ত ক’ত ফুৰিব, কোন হোটেলত থাকিব, চলাফুৰা কেনেকৈ কৰিব ইত্যাদি সকলো প্লেনিং স্বদেশত থাকোতেই সকলোৱে সাধাৰণতে কৰি পেলায়৷ তাতে আকৌ আমাৰ দৰে ‘অভাৰ স্মাৰ্ট’ জীয়েক-পুতেক-ঘৈণীয়েক থাকিলেতো আপোনাৰ পইচাকেইটা মানে ডলাৰখিনি খৰচ কৰিবলৈ উলিয়াই দিয়াৰ বাহিৰে বিশেষ কোনো কামেই নাইকিয়া হয়৷ আমাৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই হৈছিল৷ ইণ্ডোনেচিয়াৰ বালি নামৰ দ্বীপটোত ফুৰিবলৈ সমূহ পৰিয়াল লৈ গৈছিলোঁ যোৱা মে মাহত৷ আমি যোৱাৰ আগতে সকলো প্লেনিং কৰিয়েই গৈছিলোঁ

Read more
1 2 3 4 13