ফটাঢোল

সম্পাদকীয় – পৰী পাৰবীন

ব্যংগ লিখনিৰ প্ৰাসংগিকতা আৰু এটা পুৰণি গল্প:

“নিমখ নাখালে বাৰ্ধক্য নাহে”, অলপ কেঁচা বয়সতে এই কথাটো জানিবলৈ পাইছিলো এটা ব্যংগ গল্পৰ দ্বাৰা। লেখকৰ নাম পাহৰিছোঁ যদিও লিখনিটোৱে মনত যথেষ্ট আমোদ দিছিল বাবে ইয়াত উল্লেখ নকৰাকৈ নোৱাৰিলোঁ৷ গল্পটো আছিল এনেধৰণৰ –

হঠাতে অস্বাভাৱিক গতিত বাঢ়ি যোৱা নিমখৰ মূল্যৰ বাবে ৰাইজে চৰকাৰৰ বিপক্ষে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে। ৰাজপথত ধৰ্ণা দিলে, ঠায়ে ঠায়ে মন্ত্ৰীসকলৰ প্ৰতিমূৰ্তি জ্বলালে৷ এনেকি গোটেই সংগঠনবোৰ লগ হৈ মন্ত্ৰালয় ঘেৰাওৰ অভিযান চলালে৷ ফলত চৰকাৰখনলৈ সংকট নামি আহিল৷ মন্ত্ৰীসকল বিমোৰত পৰিল৷ উত্তেজিত ৰাইজক কিদৰে চম্ভালা যায় এই লৈ মন্ত্ৰীসকলৰ মাজত আলোচনা চলিল৷ আলোচনামৰ্মে ৰাইজৰ প্ৰতিনিধি আৰু চৰকাৰৰ মাজত এক বৈঠক আৰম্ভ হ’ল৷ বুধিয়ক মন্ত্ৰীয়ে বৈঠকত ক’বলৈ আৰম্ভ কৰিলে,

“ৰাইজ, এই যে আমাৰ চৰকাৰৰ সময়ত নিমখৰ দাম বৃদ্ধি কৰিছো, এয়া প্ৰকৃততে ৰাইজৰ ভালৰ কাৰণেহে কৰা হৈছে।”

ৰাইজ আচৰিত৷ মন্ত্ৰীচাহাবে কি কথা কয়? নিমখৰ দাম বৃদ্ধি হ’লে ৰাইজৰ ভাল কিদৰে হ’ব?

মন্ত্ৰীচাহাবে দুগুণ উৎসাহেৰে কয়, “অ’তো! ৰাইজে নাজানে যে নিমখ নাখালে মানুহ বুঢ়া নহয়, চুলি দাঢ়ি নপকে৷ আনকি ঘৰত চোৰো নোসোমায়৷ বাটত কুকুৰেও নেখেদে!”

ৰাইজৰ প্ৰতিনিধিয়ে একো নুবুজি মন্ত্ৰীলৈ চাই ভাবে, যদি এয়ে হয়, ইমান দাম দি নিমখ খোৱাৰ কি যুক্তি আছে? নিমখ নাখালে চুলি দাঢ়ি নপকাৰ লগতে ঘৰত চোৰো নোসোমায়, এই কথাবোৰে তেওঁলোকক উৎসাহিত কৰিলে। দুজনমানে নিজৰ ক’লা চুলিখিনি চুই চালে৷ দুজনমানে ঘৰৰ ডাঙৰ আলমাৰিত থকা পিতলৰ কলহ দুটালৈ মনত পেলালে৷ দুজনমান গৰজি উঠিল, “নিমখ নাখালে মানুহ বুঢ়া নহয়, চুলি দাঢ়ি নপকে, ৰাস্তাত কুকুৰেও নেখেদে আনকি ঘৰত চোৰো নোসোমায়৷ ই কিদৰে সম্ভৱ? প্ৰমাণ লাগে আমাক৷”

মন্ত্ৰীদ্বয়ে বৈঠকত নিজৰ সুবিধাৰ্থে মজুত ৰখা ডাক্তৰ চাহাবৰ পিনে মূৰ কৰি ক’লে, “ডাক্তৰ চাহাব, আপুনিয়েই কওকচোন৷ নিমখ নাখালে মানুহ কিমানবছৰ জীয়াই থাকিব?”

ডাক্তৰে থতমত খাই উত্তৰ দিলে, “এই ধৰক, চল্লিশবছৰ বয়সলৈকে৷”

মন্ত্ৰীয়ে সন্তুষ্টিৰ হাঁহি মাৰি ৰাইজৰ প্ৰতিনিধিৰ ফালে চাই ক’বলৈ আৰম্ভ কৰিলে, “দেখিলেনে ৰাইজগণ, নিমখ নাখালে মানুহ মৃত্যু হোৱালৈকে ডেকা হৈয়ে থাকিব৷”

অল্পবুদ্ধিৰ প্ৰজাই এইবাৰ দ্বিতীয় প্ৰশ্নটো উত্থাপন কৰিলে, “চুলি দাঢ়ি নপকে কথাটোৰ লগত নিমখৰ সম্পৰ্ক কি?” সেইটোৰ উত্তৰো সাজু হৈ আছিল৷ যিহেতু চল্লিশবছৰ বয়সলৈকে জীয়াই থাকিব, গতিকে চুলি দাঢ়ি পকিবলৈ সুযোগ নাই৷

আৰু এই যে প্ৰশ্নটো, “ৰাস্তাত কুকুৰে নু্ভুকে নতুবা ৰাতি ঘৰত চোৰ নোসোমায়?”

ইয়াৰ উত্তৰটোও বুধিয়ক মন্ত্ৰীয়ে দাখিল কৰিলে, “হয়নে ডাক্তৰ চাহাব, নিমখ নাখালে মানুহ দু্ৰ্বল হৈ নাযায়নে? দুৰ্বল হ’লে জ্বৰ কাহৰ দৰে বেমাৰবোৰ সোনকালেই লগ লয়৷ ওৰেটো ৰাতি কাহি কাহি জাগি থকা ঘৰখনলৈ চোৰে কি সাহসত চোৰ কৰিবলৈ আহিব? আৰু দুৰ্বল হ’লে ৰাস্তাত খোজ কাঢ়োতে হাতত লাখুটি এডাল থাকিবই৷ লাখুটি দেখিলে কুকুৰেও খেদিব নোৱাৰে!”

সমূহ উত্তৰ পাই প্ৰজাগণ সন্তুষ্ট হৈ ঘৰাঘৰি গ’ল৷ মন্ত্ৰীসকলেও স্বস্তিৰ নিশ্বাস পেলালে৷

ব্যংগ-লেখাৰ প্ৰাসংগিকতা অল্পমগজুৰে তেতিয়াই বুজি উঠিছিলো৷ এনেবোৰ লেখাই ব্যংগৰ মাধ্যমেৰে থকা-সৰকা কৰি জনগণক তথা ৰাষ্ট্ৰক উচিত দিশ দেখুৱাবলৈ সক্ষম হয়। সাধাৰণ দৃষ্টিত খুহুতীয়া যেন লাগিলেও ইয়াৰ অন্তৰ্নিহিত অৰ্থই কিন্তু মহানাদৰ কাম কৰি অশুভ শক্তিবোৰক গিলি থৈ সমাজখন নিকা কৰাত অন্যতম ভূমিকা গ্ৰহণ কৰে।

দুশ্চিন্তা বনাম পৰমুখাপেক্ষিতা :

“মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী”, ইয়াতকৈ উত্তম ব্যংগ কি হ’ব পাৰে? মানুহে কুকুৰৰ দৰে ঘ্ৰাণশক্তি জাগ্ৰত কৰি বিপদৰ উমান দিব নোৱাৰে, বাদুলিকে ধৰি আন কেতবোৰ চৰাইৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ তৰংগ শুনিব নোৱাৰে৷ আনহে নালাগে, অন্য প্ৰাণীৰ লগত ফেৰ মাৰিব পৰা মগজুটোকে ভাল কামত খটাব নাজানে, অথচ মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী!

সাম্প্ৰতিক সময়ত মগজুটো দুশ্চিন্তাত ব্যস্ত কৰি থোৱাৰ আমি কিয়েইনো কৰিব পাৰিছো? দুশ্চিন্তাৰে মন মগজু ইমানেই ভৰাই পেলাইছো যে, ফলপ্ৰসূ কাম কৰিব পৰাকৈ আমাৰ সামৰ্থৰ অভাৱ৷ কোনোমতে খাই বৈ জীয়াই থাকিব লাগে, সিমানেই সীমিত হৈ পৰিছে আমাৰ প্ৰত্যাশাবোৰ৷ মনৰ প্ৰভাৱতে শৰীৰটোও ঘূণীয়া হৈছে৷ দুশ্চিন্তাৰ কথা ওলাওঁতেই কথা এটা মনত পৰিল৷ মাইগ্ৰেনত ভূগি ভূগি জীৱন নৰক হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ছোৱালী এজনী নিউৰ’লজিষ্টৰ কাষ চাপিব লগা হ’ল৷ নিউৰ’লজিষ্টে কাউন্সেলিং আৰম্ভ কৰিলে,

নিউৰ’লজিষ্ট: “কি সমস্যা?”

ছোৱালী: “মূৰৰ বিষ।”

নিউৰলজিষ্ট: “কিমানদিনৰ পৰা?”

ছোৱালী: “চৈধ্য বছৰমানৰ পৰাই।”

নিউৰজিষ্ট:“কেতিয়া বেছিকৈ হয়?”

ছোৱালী: “ৰ’দত থাকিলে বেছিকৈ হয়।”

নিউৰলজিষ্ট(কিছু পৰ চিন্তা কৰি): “ৰ’দত নাথাকিবা”৷

ছোৱালী: “আৰু খোৱাবোৱাৰ অনিয়ম হ’লে হয়”৷

নিউৰলজিষ্ট:“খোৱাবোৱাৰ অনিয়ম নকৰিবা”৷

ছোৱালী: “আৰু টেনচন ল’লে হয়”৷

নিউৰলজিষ্ট: “টেনচন ন’লবা”৷

ছোৱালী: “টেনচন হৈ যায় কেতিয়াবা ছাৰ।”

নিউৰলজিষ্ট:“কিয় হয় টেনচন”?

ছোৱালী: “আগতে পৰীক্ষাৰ সময়ত হৈছিল৷ এতিয়া অফিচৰ কামতো হয় নতুবা অন্য কথাত হয়৷”

নিউৰলজিষ্ট: “অফিচৰ কি কামত হয়? অন্য কি কথাত টেনচন হয়?”

নিউৰলজিষ্টে অকাই পকাই সুধি থাকিল৷ এসময়ত ছোৱালীজনীয়ে উত্তৰ দিব নোৱৰা হৈ পৰিল৷ ইমান ‘টেনচন’ ল’বলগীয়া কি কাম কৰিছেনো তাই, এই প্ৰশ্নটো বাৰে বাৰে মনলৈ আহিল৷ শেষত বুজি উঠিল, হকে বিহকে মগজুটোক দুশ্চিন্তাত ব্যস্ত কৰি থৈ কোনো লাভ নাই৷ দুশ্চিন্তা মানেই কামৰ গতি মন্থৰ হোৱা৷ নিউৰলজিষ্টে কৈ আছিল তাইক, “ৰোগীৰ জীৱন মৃত্যুৰ লগত খেলিবলগীয়া হোৱা এগৰাকী চাৰ্জনতকৈ নিশ্চয় তোমাৰ কামটো বেছি জটিল নহয়”৷

নহয় মানে, নহয়েই!

নিজৰ ওপৰতে খং উঠিছিল তাইৰ৷ নিজৰ মগজুটোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি ধিক্কাৰ জন্মিছিল৷ লাহে লাহে সমস্যাবোৰক সমস্যা বুলি গণ্য নকৰা হৈছিল৷ হাঁহি হাঁহি জটিল সময়বোৰ পাৰ কৰিছিল৷ আত্মবিশ্বাস বাঢ়িছিল৷ এই আত্মবিশ্বাসে কিন্তু নতুনকৈ অফিচলৈ অহা মুৰব্বীজনক পতিয়ন নিব পৰা নাছিল৷ নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ নতুনকৈ অহা লক্ষ্য-ভিত্তিক প্ৰকল্পটোৰ কাম পূৰ্ণগতিত চলি থকাৰ সময়তো তাই চিন্তামুক্তভাৱে কাম কৰি থকা দেখি মৃদু ভৎসৰ্না কৰিছিল তেখেতে,

“তুমি দেখোন কামক লৈ চিৰিয়াচ নহয়৷”

তাই প্ৰত্যুত্তৰ দিছিল,“মোৰ কোনো কাম পেণ্ডিং নাই ছাৰ”৷

মুৰব্বীয়ে তাইৰ কথাত সন্তুষ্ট হোৱা নাছিল। কৈছিল, “কিন্তু বাকীসকলে যিমান টেনচন লৈছে, তুমি সিমান লোৱা নাই যেন লাগিছে।”

তাই পুনৰ উত্তৰ দিছিল, “টেনচন লোৱাটো কিয় বিচাৰিছে ছাৰ?”

ছাৰে শংকা ব্যক্ত কৰিছিল,“তোমাক দেখি মই বুজি পোৱা নাই, সময়ত কামবোৰ শেষ হ’বগৈনে? মোৰ দেখোন টেনচনত টোপনি নাই৷”

ঈষৎ হাঁহি এটাৰে তাই যেন তেখেতক ব্যংগ কৰিছিল, “টেনচন ল’ব লাগে যদি মই টেনচন ল’ম ছাৰ৷ হাইপাৰটেনচন হ’লেই হস্পিতেলাইজদ হ’ম৷ গতিকে মোৰ মেডিকেল লিভটো এপ্লাই কৰি থওঁ নেকি ছাৰ? ”

ছাৰৰ মুখৰ মাত বন্ধ হৈছিল৷ সাহস পাই তাই আৰু দুশাৰীমান ছাৰক কৈ থৈ আহিল,

“ছাৰ, আপুনি অনৰ্থক চিন্তা কৰিছে৷ প্ৰজেক্টটোৰ লগত লাগি লাগি ৰাতিলৈকে অফিচত বহি আছে৷ এই অভাৰটাইম ডিউটিয়ে আপোনাৰ পাৰদৰ্শিতা নবঢ়ায়, কমাবহে৷ কাৰণ আপুনি সময়ৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা নাই৷ তদুপৰি মেনেজমেণ্টত এষাৰ কথা আছিল, “এজন দক্ষ মেনেজাৰ সেইজনহে, যি নিজে কম কাম কৰি আনৰ পৰা কাম আদায় কৰে”৷

কেৱল কৰ্মজীৱনতে নহয়, শিক্ষাজীৱনতো একেই কথা৷ পিতৃমাতৃসকলেও সন্তানৰ পৰীক্ষাৰ সময়ত যেন কিছু ‘টেনচন’ লোৱাটো বিচাৰে৷ ‘টেনচন’ নোলোৱা লৰা-ছোৱালীক নিজৰ মাক-দেউতাকেই কোৱা দেখা যায়,

“পৰীক্ষা পালেহিয়েই, আমাৰটিয়ে টেনচন লোৱাই নাই”৷

নহয়, এই মানসিকতা শুদ্ধ নহয়৷ সুস্থ মগজুৰে শুদ্ধ চিন্তাৰে যিখিনি ফলাফল পাব, দুশ্চিন্তাত ভূগি সেই ফল নাপায়৷ এনেবোৰ কাৰণতে হাঁহিৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে দুশ্চিন্তামুক্ত পৰিবেশ এটাৰ দৰকাৰ৷ হাঁহিয়ে এনে দুশ্চিন্তামুক্ত পৰিবেশ সৃষ্টি কৰাত সহায় কৰে। যিটো পৰিয়ালত হাঁহিৰ আখৰা নচলে, যি পিতৃ-মাতৃয়ে সন্তানক এক দুশ্চিন্তামুক্ত বাতাৱৰণ গঢ়ি দিবলৈ সমৰ্থ নহয়, তেনে সন্তানৰ মানসিক বিকাশ কেতিয়াও সম্পূৰ্ণ নহয়।

এই কথাও নুই কৰিব নোৱাৰি যে, আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ। কৰ্মজীৱনত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈকে এচামে নিজৰ পাৰিবাৰিক তথা ব্যক্তিগত জীৱনলৈ পিঠি দি প্ৰতিযোগিতাত নামিছে। কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱন একাকাৰ কৰি দিয়া এই মানুহবোৰলৈ পিছে পুতৌহে জন্মে৷ এই যে পদোন্নতিৰ খাতিৰত কিছুমানে দিন ৰাতি একাকাৰ কৰি ওপৰৱালাৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰে, তেওঁলোকৰ বিষয়ে শ্ৰদ্ধাৰ লীনা শৰ্মা বাইদেৱে খুব ভাবগধুৰ কথা এষাৰ লিখিছিল৷ তেখেতৰ লিখনিৰ মূলভাৱটো আছিল এনেধৰণৰ, “যিসকল ব্যক্তিয়ে অফিচটোকে জীৱন বুলি ভাবে, যিসকলে চাকৰিৰ ক্ষমতা ব্যৱহাৰ কৰি সমাজত দপদপাই ফুৰে, অৱসৰৰ ঠিক পাছদিনাৰ পৰাই তেখেতৰ জীৱন যাপনৰ স্থিতি নিম্নগামী হৈ পৰে৷ হঠাতে মেৰুদণ্ড ভাগি পৰাৰ দৰে অনুভৱে তেখেতক কোঙা কৰি তোলে। কাৰণ তেওঁ কেৱল চাকৰিটোৱে দিয়া পদটোৰেহে পৰিচিত আছিল। অৱসৰৰ পাছত তেওঁৰ লগত সেই পদটোৰ কোনো সম্পৰ্ক নাথাকে।”

চাকৰি বোলোতেই ‘চাকৰি’ আৰু ‘সেৱা’ শব্দ দুটা মনলৈ আহিছে। আজিকালি বেছিভাগেই চাকৰিহে কৰে, সেৱা নকৰে । শিক্ষকৰ পৰা আৰম্ভ কৰি বিভাগীয় বিষয়ালৈকে এই কথাটো প্ৰযোজ্য। নতুনকৈ প্ৰাদেশিকীকৰণ হোৱা স্কুল এখনলৈ পৰিদৰ্শনৰ বাবে শিক্ষা বিভাগৰ পৰা এটা দল আহিল৷ উদ্দেশ্য আছিল, স্কুলখনৰ শৈক্ষিক অৱস্থাৰ লগতে স্কুলগৃহৰো বুজ লোৱা৷ স্কুলখনৰ শিক্ষকসকলে আহি দলটোৰ ওচৰত অভিযোগ দিলে যে, স্কুলখনত এটা প্ৰস্ৰাৱগাৰ নাই, শিক্ষকসকলৰ সেয়ে খুব অসুবিধা হৈছে৷ সমগ্ৰ দেশজুৰি ‘স্বচ্ছ অভিযান’ চলি থকা সময়ত নিতান্তই এইটো এটা চিন্তনীয় কথা৷ চৰকাৰক দোষ দিবই লাগিব, যিহেতু উপযুক্ত আন্তঃগাঁথনি নোহোৱাকৈ এখন স্কুল প্ৰাদেশিকীকৰণ কৰা উচিত নহয়৷ চৰকাৰক দোষ দি শিক্ষক শিক্ষয়িত্ৰীসকলেও কষ্ট ভোগ কৰি থাকক, বিশেষকৈ মহিলা কৰ্মচাৰী সহ ছাত্ৰীসকলে চৰকাৰে এটা প্ৰস্ৰাৱগাৰ নিদিয়ালৈকে সেই অসুবিধা ভোগ কৰি থাকক৷ এই যে স্কুলখনলৈ পৰিদৰ্শনৰ বাবে দল আহিব, তেওঁলোকৰ সমস্যাবোৰ টুকি নিব, সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পাছত পুঁজিৰ আবণ্টন কৰিব আৰু অৱশেষত ৰ’দ বৰষুণৰ সমস্যাসমূহৰ মাজেৰে বছৰজুৰি এটা প্ৰস্ৰাৱগাৰৰ নিৰ্মাণ হ’ব, এই গোটেই প্ৰক্ৰিয়াটোত কাৰ কিমান ক্ষতি হয়, কোনোবাই অনুমান কৰিব পাৰেনে? এখিনি মানুহ চিৰৰুগীয়া হৈ যোৱাৰ সম্ভাৱনা নোহোৱাও নহয়৷ বিকল্প কোনো ব্যৱস্থা নাছিলনে? বিকল্পৰ কথা চিন্তা নকৰে তেওঁলোকে, কাৰণ এনে অনৰ্থক কথাত মূৰ ঘমাই মগজুটোৰ ক্ষতি কিয় কৰিব? তাতকৈ মগজুটোক চৰকাৰৰ বিৰুদ্ধে শ্লগান দিয়াত ব্যৱহাৰ কৰিব৷ আমাৰ এইটো এটা নতুন অভ্যাস জন্ম হৈছে, হকে বিহকে দোষবোৰ আনৰ ওপৰত জাপি দিয়া৷ নিজৰ পক্ষত আমি শুদ্ধ৷ চৰকাৰ দোষী, চৰকাৰী বিভাগ দোষী, চৰকাৰী কৰ্মচাৰী দোষী৷ ঘোচ লোৱা অফিচাৰজন দোষী৷ পিছে ঘোচ দিয়াজন আকৌ ধোঁৱা তুলসীৰ পাত৷ মাটি বাৰী বিক্ৰী কৰি ঘোচ দি চাকৰি বিচৰাজন আমাৰ গল্পৰ নায়ক হৈ পৰে৷  তেওঁক লৈ আমি চকুপানী টুকি এনেকুৱা দহজনৰ মগজুটো বন্ধকত থৈ চাকৰি বিচাৰিবলৈ উৎসাহ দিওঁ। এনেকৈয়ে আমি পৰৰ ওপৰত নিৰ্ভৰ কৰোঁতে কৰোঁতে নিজৰ ৰাজহাঁড়ৰ শক্তি পাহৰি যাওঁ ।

হাস্যৰস বনাম সৌন্দৰ্যবোধ:

হাস্যৰস বোলোতে আকবৰ-বীৰবলৰ পৰা মোল্লা নাছিৰুদ্দিন, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা”, লিটিকাই, নোমল, পাচনিলৈকে, আধুনিক অসমীয়া সাহিত্যৰ ড° লীলা গগৈ, ডা° বিকাশ বৰুৱা, ডা° ভৃংগেশ্বৰ শৰ্মা ইত্যাদিৰ পৰা হিন্দী বোলছবিৰ কমেডি চৰিত্ৰ তথা চাৰ্লি চেপলিন, মিষ্টাৰ বিন আদি বিখ্যাত হাস্যবিদসকলৰ কথাই মনলৈ আহে৷ ভূপেনদাও আছিল এনে এক হাস্যৰসিক ব্যক্তি৷ এই ভূপেনদাই হাঁহিৰে চিন্তা জিনিছিল৷ এটা ঘটনাত ইয়াৰ প্ৰমাণ পোৱা যায়৷ এবাৰ ভূপেনদাই পলাশবাৰীলৈ ব্যক্তিগত বাহনেৰে গৈ থকা অৱস্থাত বৰষুণত পিছল খাই ৰাস্তাৰ কাষত গোলকৈ মেৰ খাই থকা লোৰ তাঁৰ এখিনিত গাড়ীখন ফচি গ’ল৷ তাঁৰখিনিত ফচাৰ বাবেই গাড়ীখন দুলি থাকিল৷ গাড়ীখন ফচাৰ কথাটোত ভূপেনদাই কিঞ্চিতমানো চিন্তা নকৰি ৰসিকতা কৰিলে,

“ৰাতিটো গাড়ীখন এই তাঁৰখিনিৰ ওপৰত এনেকৈয়ে থাকিবলৈ দিয়া। ঝুলনাত ঝুলি থকাৰ দৰে লাগিছে৷” ভূপেনদাৰ ৰসিকতাই যে বাকীসকলৰ মুখৰ পৰাও দুশ্চিন্তাৰ পৰিমাণ কমাই দিছিল, সেয়া বুজাই ক’বৰ প্ৰয়োজন নিশ্চয় নাই ।

প্ৰথমতেই কৈ অহা ‘নিমখ নাখালে বাৰ্ধক্য নাহে’ বোলা কথাটোৰ কোনো বৈজ্ঞানিক সত্যতা বোধকৰোঁ নাই৷ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিক এটা ব্যংগৰ ৰূপত উপস্থাপন কৰিছিল কোনো ক্ষুৰধাৰ লিখকে৷ অৱশ্যেই নিমখবিহীন আঞ্জাই মুখৰ ৰুচি কমোৱাৰ ফলত অভোক, অজীৰ্ণ আদি উপসৰ্গই দেখা দিব, যাৰ ফলত শৰীৰৰ প্ৰতিৰোধী ক্ষমতা কমি যাব৷ আমি সিমানখিনিলৈ বিচাৰ কৰিবলৈ নাযাওঁ৷ নিমখ নাখালে বাৰ্ধক্য আহক বা নাহক, কিন্তু হাঁহিয়ে যে বাৰ্ধক্য নানে, সেই কথাটো চিকিৎসা বিজ্ঞানমতে প্ৰমাণিত৷

ভূপেনদাৰ বাৰ্ধক্য অহা নাছিল৷ আশীবছৰ বয়সত তেখেতে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা কোনো এক সভাত আগশাৰীৰ আসনত বহি সভাখনৰ শোভাবৰ্ধন কৰিছিল৷ লগত আছিল লক্ষ্যধৰ চৌধুৰীকে ধৰি কেতবোৰ গণ্য মান্য ব্যক্তি৷ মঞ্চত এজনে বক্তৃতা দিবলৈ গৈ সম্বোধন কৰিছিল, “সভাত উপস্থিত থকা বয়োজ্যেষ্ঠ লোকসকল ……..”। বয়োজ্যেষ্ঠ শব্দটোত ভূপেনদাৰ আপত্তি আছিল, লৰাজনক মাতি ক’লে, “হৌৰা, বয়োজ্যেষ্ঠ বুলি কোৱাতকৈ গালত চৰ এটাকে মাৰি দিবা বুইছা”৷

ভূপেনদাৰ চিৰতাৰুণ্যৰ ৰহস্যও সিমানখিনিতেই ।

কেৱল বাৰ্ধক্যই নহয়, হাঁহিৰে মৃত্যুকো জিনিব পাৰি। এথেন্সৰ যুৱকসকলক বিপথে নিয়া আৰু নাস্তিকতাৰ আদৰ্শ প্ৰচাৰ কৰা মিছা অভিযোগত দোষী সাব্যস্ত কৰি ছক্ৰেটিছক যেতিয়া হেমলক নামৰ বিষবিধ পান কৰি মৃত্যুক সাৱটিবলৈ আদেশ দিয়া হৈছিল, তেনে কষ্টকৰ সময়খিনিতো তেওঁ বন্ধু ক্ৰিটোক শেষ ইচ্ছা ব্যক্ত কৰিছিল, “ক্ৰিটো, আমি এছক্লেপিয়াছৰ ওচৰত এটা কুকুৰাৰ ধৰুৱা হৈ আছো, এই ঋণ পৰিশোধ কৰিবলৈ নাপাহৰিবা৷” এছক্লেপিয়াছ আছিল এজন গ্ৰীক দেৱতা। মৃত্যুৰ পাছত সেই দেৱতাক সন্তুষ্টি কৰিবলৈ যোৱা কথাটোৰে ছক্ৰেটিছে যেন মৃত্যুকো হাঁহি হাঁহি জোকাই থৈ গ’ল। একেদৰেই মৃত্যুৰ কিছু দিন আগতে অস্কাৰ ৱাইৰ্ল্ডে প্ৰিয়বন্ধু ৰবাৰ্ট ৰছক কৈছিল, “যমদূতে যেতিয়া আমাৰ বাবে মৃত্যুৰ চাইৰেণ বজাব, মই তোমাক ফুচফুচাই কৈ দিম আৰু আমি ভাও ধৰিম যেন আমি সেই চাইৰেণটো শুনাই নাই”,কথাষাৰ কৈয়ে দুয়ো প্ৰাণখুলি হাঁহিছিল ।

এই যে হাঁহিবোৰ! এই হাঁহিৰ পাৰ্শ্বক্ৰিয়া কিমান ধনাত্মক সেয়া অনুভৱ কৰিব পাৰিছেনে? প্ৰতিজন হাঁহিমুখীয়া ব্যক্তিয়েই ধুনীয়া৷ যদিওবা প্ৰতিটো হাঁহিৰ আঁৰতো কিছুমান কাহিনী থাকে৷ জীয়াই থকাৰ উন্মাদনাই এজন ব্যক্তিক সৌন্দৰ্যশালী কৰি তোলে৷ এইখিনিতে মনত পৰিছে, শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ “কিতাপ পঢ়াৰ আনন্দ”ত উল্লেখিত লিন টুৱাঙৰ বক্তব্য৷ জি কে চেষ্টাৰটন নামৰ বৃহদাকাৰ চেহেৰাৰ ব্যক্তিজনক ধুনীয়া বুলি কৈ লিন টু্ৱাঙে কৈছে, “নিৰ্বোধ মানুহ দৈহিকভাৱে যিমানেই ধুনীয়া নহওক কিয়, কিন্তু প্ৰকৃতপক্ষে তেওঁ কেতিয়াও আকৰ্ষণীয় বা ধুনীয়া হ’ব নোৱাৰে৷ যি বস্তুৱে পুৰুষ বা নাৰীক ধুনীয়া কৰে, সেয়া হ’ল, বুদ্ধিৰ দীপ্তি তথা আবেগৰ লাৱণ্য৷”

ছক্ৰেটিছ একা?

প্ৰজ্ঞান আৰু শিষ্টাচাৰৰ বাবেই তেওঁৰ দৈহিক সৌন্দৰ্য কোনোদিনে অৱনমিত হোৱা নাছিল৷ তেওঁৰ শিষ্টাচাৰৰ অলেখ উদাহৰণ পোৱা যায় । পত্নী জান্তিপে এদিন তেওঁক উৰাই ঘূৰাই গালি পাৰিও প্ৰতিক্ৰিয়াস্বৰূপে একো ফল নোহোৱাত ছক্ৰেটিছৰ মূৰৰ ওপৰত একলহ পানী ঢালি দিছিল৷ তেতিয়াও তেওঁ নিৰুদ্বেগচিত্তে হাঁহি হাঁহি কৈছিল মাথোঁ, “ঢেৰেকনিৰ পিছত বৰষুণ আহেই”৷ হাঁহিৰে খঙক বশ কৰিব পৰা মনটো নতুবা বিপদত ধৈৰ্য ধৰি উচিত সিদ্ধান্ত ল’ব পৰা মগজুটো, এইখিনিৰ জৰিয়তেই কিছুমান মানুহে চিৰসেউজ হৈ থকাৰ মন্ত্ৰ শিকে৷

তিনিমহীয়া শিশুটিয়েও বোধকৰো সেই মন্ত্ৰ জানে। কোনো কাৰণ নোহোৱাকৈয়ে শিশুটিৱে মিচিকিয়াই হাঁহে। কঠোৰজনৰো প্ৰাণ বিগলিত কৰা সেই হাঁহিতো বুদ্ধিৰ বিকাশ ঘটে৷ আন্ধাৰ-পোহৰৰ খেলবোৰে শিশুটিৰ মগজুত ক্ৰিয়া কৰি সেই হাঁহিৰ সৃষ্টি কৰে৷ জাকৰুৱা গাভৰুৰ খিলখিল হাঁহি, উতনুৱা ডেকাচামৰ গাত কথা নলগা হাঁহি নতুবা আইতাৰ ৰাঙলী ওঁঠৰ সোলা হাঁহি, কত যে হাঁহি! হাঁহিবোৰ ৰঙীন, ঠিক যেন সাতোৰঙী ৰামধেনুৰ দৰেই৷ প্ৰকৃতিয়েও হাঁহে। তেতিয়া প্ৰকৃতিজনীও ৰাঙলী হৈ পৰে। বাৰিষা আহিলেই গোমা হৈ পৰা এখন আকাশ তথা ক্লেদাক্ত হৈ পৰা এখন পৃথিৱীৰ মাজত থাকিও কৃষ্ণচূড়াজোপা ৰাঙলী হয়, সোণাৰুজোপা স্বৰ্ণিল হয় আৰু তৰুলতাবোৰে সেউজ সাজ পৰিধান কৰে। ৰঙত বিভোৰ হৈ প্ৰেমত আতুৰ প্ৰেমিকাই কবিতা লিখে, “সেউজীয়াৰ স’তে মোৰ দ্বিতীয় প্ৰেম।”

আৰু প্ৰথম প্ৰেম ?

প্ৰথম প্ৰেম নিশ্চয় তেওঁ, যি তাইক হাঁহিবলৈ শিকালে ।

 ধন্যবাদেৰে,
পৰী পাৰবীন
সম্পাদক, দ্বাদশ সংখ্যাৰ ‘ফটাঢোল’ আলোচনী।
১ জুন, ২০১৮

☆★☆★☆

One comment

  • hkkakati

    বৰ সুন্দৰ সম্পাদকীয় পৰী।

    Reply

Leave a Reply

Your email address will not be published.