ফটাঢোল

ভদ্ৰদা এৰেষ্টেড – বিদ্যুত বিকাশ দত্ত

পুৱা পাঁচবজাতে ফোন এটা আহিল। কৰিছে স্থানীয় সাংবাদিক দেৱাদাই। চকামকাকৈ সাৰ পাই ফোনটো ধৰিলোঁ। কিন্তু ফোনত অহা খৱৰটোৱে মোক কঁপাই গ’ল। ভদ্ৰদাক বোলে পুৱতি নিশা পুলিছে এৰেষ্ট কৰিছে।

ততাতৈয়াকৈ স্কুটাৰখন উলিয়াই লৈ কিক্ মাৰিলোঁ। তেনেতে দেখিলোঁ দীঘলীয়া পদূলিটোৰে ভদ্ৰদাৰ নবৌ সোমাই আহিছে। নবৌৰ ৰাউচি শুনি ওচৰ চুবুৰীয়াবোৰে হেঁচা মাৰি ধৰিলেহি। সদায় সুহুৰিয়াই সুহুৰিয়াই অহা বাবুৰাম দৰ্জীৰ মুখতো আজি চিনাকি সুহুৰিটো নাই। চামাদ কছায়েতো কৈয়েই পেলালে “হেৰৌ কালি তোৰ ঘৰৰ বাৰান্দাতে সি ল’ৰা দুটাৰ লগত বিচনী মাৰি মাৰি কথাৰ মহলা মাৰি থকা দেখিছিলোঁ। যাওঁতে মোৰ দোকানৰ সন্মুখতে ক’ৰবাৰ পৰা নিয়া লম্বা জখলা এটা ৰাখি আধাসেৰ মাইকী ছাগলীৰ মঙহ লৈ কোঁ-কোঁৱাই গুচি গৈছিল। দেহি ঐ তাকনো বাৰু পুলিচে কিহৰ দোষত ধৰি লৈ গ’ল।”

তেতিয়াহে মই মন কৰিলোঁ আমাৰ ভঁৰালৰ আগৰ জখলাটো নাই। অ, তাৰমানে মহাশয়ে মোক নজনোৱাকৈয়ে ঘৰৰ বস্তু লৈ যাব পৰা হ’ল। তেনেতে ডাঙৰ ল’ৰাটোৱে ক’লেহি ভদ্ৰ ‘বত্তা’ই কালি মোৰ ছবি অঁকা বগা আৰু ৰঙা ফেব্ৰিকৰ টেমা আৰু ব্ৰাছডালো লৈ গৈছে নহয়।

টিঙিচকৈ খঙ এটা উঠি আহিল। খঙৰ ভমকত স্কুটাৰখনত কিক্ টো মজবুতকৈ বহিল নেকি, একে কোবে ষ্টাৰ্ট হৈ গ’ল। নবৌৱে আহি জপিয়াই উঠাদি মোৰ স্কুটাৰত বহিলহি। ধাৰাঙ-খাটটটটট কৈ গিয়াৰ লগাই মই থানাৰ ফালে গতি কৰিলোঁ। নবৌৱে বিননি এৰা নাছিল। মোৰ দুখো লাগিল। ইফালে গৰম। পাঁচ-চাৰে পাঁচবজাতে ৰ’দে খাঁও-খাঁও মূৰ্তি ধৰিছে। সুদা পেট হ’লেও ঠাণ্ডা এটা খাই লওঁ বুলি মই হোটেল ‘জয়মণি’ত সোমাই দিলোঁ। ঠাণ্ডা বিচৰাত হোটেলৰ ল’ৰাটোৱে ক’লে-“ছাৰে যে কি কয়! আজি দুসপ্তাহ কাৰেন্ট নাই। ক’ৰ পৰা ঠাণ্ডা পাব? লাগে যদি দুপৰীয়ালৈ উতলি যাব লগা গৰম ঠাণ্ডা আছে। তাৰে…..”

‘ধেৎ’বুলি হাঁহৰ ওপৰত শিয়াল ৰজা টাইপৰ দম এটা দি মই পুনৰ গতি কৰিলোঁ। নবৌৰ বিননি এতিয়া গেঙনিলৈ পৰিৱৰ্তন হৈছে। বেহুঁচ হৈ যাব এতিয়া মানুহজনী। মোৰ আকৌ খং উঠিল। নবৌলৈ নহয়। এই দুৰ্দান্ত ভদ্ৰদাটোলৈ। ক’ত বা কি জেঙ লগালে! ভালেই হৈছে। মজা পাব লাগে মাজে মাজে। মোৰ সাহসতো বহুত গণ্ডগোল কৰাৰ স্বভাৱ হৈছে আজিকালি। আস্, কিযে গৰম ভাষণ। আমাৰ মানুহ গৰাকীৰ আগত চৰকাৰ, দেশ, বিদ্যুতৰ নাটনি আদিক লৈ কি বৈপ্লৱিক চিন্তাৰ নিত্য নতুন লেকচাৰ। কাম-বন নাই। মজা পা এতিয়া।

কথাবোৰ ভাবি ভাবি আহি থাকোতেই থানাৰ ওচৰ পালোঁহি। চহৰখনত পুৱাৰ নিৰ্জনতা। খাৰঘৰীয়াই হোটেল খুলিছে। কিন্তু লক্আপৰ ভিতৰত কেৱল খাই-বৈ ফোঁপযহী মাৰি ফুৰা ৰাক্ষস এটাক সুমুৱাই থৈ মোৰ আৰু চাহ খাবলৈ মন নগ’ল। তেনেতে থানাৰ চিপাহী এজনে আহি সুধিলেহি “আপোনালোক ভদ্ৰ কাকতিৰ ঘৰৰ মানুহ নেকি?”

“হ-হয়। কিয়?”

“চেকেণ্ডছাৰে মাতিছে।”

অলপ সকাহ পাই সুধিলোঁ-“হেৰি, কেছটো কি?”

“ব’লক ভিতৰত গম পাব।”

আকৌ সুধিলোঁ আপোনাৰ চেকেণ্ডছাৰ ইমান সোনকালে ডিউটিলৈ আহিল যে? কিয় ৰাতি নোশোৱে নেকি?”

মানুহটোৱে টেলেকা চকু দুটাৰে চাই ক’লে-“শোৱে। কিন্তু এই কেইদিন ফুট গধুলিতে মস্তিকৈ শুই সোনকালে উঠিছে। গৰমৰ প্ৰকোপত চোৰ-ডকাইতেও নিজৰ কাম এৰিলে নেকি! থানাত একো কেছেই নাই চাৰিদিন। এনেকৈ জুই-ছাই গৰম দি কাৰেণ্ট নথকা কৰি দিলে আমাৰ বৰ শান্তি হ’ল হয়।”

মানুহটোৱে ঠাট্টাই কৰিলেনে কি মই নুবুজিলোঁ। কিন্তু গৰমৰ বতৰত চোৰ পুলিচৰ মৰমে মোক অকণমান ৰসো দিলে। চেকেণ্ড অফিছাৰ চাহাবে আমাক বহিবলৈ দি সুধিলে-“এই মানুহটো আপোনালোকৰ কি হয়?”

“হঁওতে মোৰ একো নহয়। কিন্তু এখেতৰ স্বামী।” মই ভয়ে ভয়ে ক’লোঁ।

“ইয়াৰ মেন্টেল প্ৰবলেম আছে নেকি? আছে যদি কিমান দিন দৰৱ খোৱা নাই?”

“কিয় ছাৰ?”

“ইয়াক আমি পিছৰাতি এৰেষ্ট কৰিছো। আহিয়েই ভাত লাগে তাক। চৰকাৰে বোলে কয়দীক ভাত খুৱাবলৈ আমাক লাখ-লাখ টকা দিয়ে। আমি মাৰি দিওঁ। তাৰ ভাষণ শুনি অ’চি ছাৰ পলাই গ’ল। মই তাৰ ভাষণৰ পৰা ৰক্ষা পাবলৈ কোৱাৰ্টাৰৰ পৰা এচৰিয়া ভাত আৰু দুফাল কেঁচা পিঁয়াজ আনি দিলোঁ। খাই বৈ শুই আছে। শুনক তাৰ নাকৰ আৱাজ। তাৰ আৱাজত বাটেৰে পঞ্জাব বডি ট্ৰাক গ’লেও ভিতৰলৈ শব্দ নহা হৈছে।”

চেকেণ্ড অ’চিৰ কথা শুনি নবৌৱে লাজত তলমূৰ কৰিলে। মই সুধিলোঁ “পিছে তেখেতকনো কিয় এৰেষ্ট কৰিলে?”

“সেয়া দেখিছেনে? কথাৰ ভমকত কোৱাই হোৱা নাই। পুৱা ১বজাত আমাৰ পেট্ৰলিঙ পাৰ্টিয়ে দেখিলে এই মানুহটোৱে জখলা এটা লগাই চৰকাৰী হৰ্ডিং এখনত কিবা লিখি আছে। তাৰ মোবাইলত বাজি আছে জুবিনৰ মাত ‘মই ঘে…. কাকো কেয়াৰ নকৰো।’ টৰ্চ মাৰিলতহে ওলাল ঘটনাটো। ই কি লিখিছিল জানে?”

“কি”

“এইযে চৰকাৰী বিজ্ঞাপন এটা আছে ‘ঘৰে-ঘৰে ২৪ ঘণ্টা বিদ্যুতৰ গেৰাণ্টি’, ই তাৰে ২৪ টোত বগা ৰং দি মোহাৰি ’ঘ’ত এ-কাৰ এডাল লগাই দিছিল। অৰ্থাৎ ‘ঘৰে ঘৰে ঘে…. বিদ্যুতৰ গেৰাণ্টি’।”

চৰকাৰৰ বিৰুদ্ধে এনেকৈ লিখিব নাপায়। আপোনালোকে ই পাগল বুলি ডাক্টৰৰ পৰা লিখাই আনক। কোনো জামিন ল’ব নালাগে। ইয়াক চমজি ল’ব পাৰিব।” চেকেণ্ড ছাৰৰ কথা শুনি নবৌ ঠাচ্ কৈ পৰি গ’ল।

☆★☆★☆

8 Comments

  • ৰূপাঞ্জলী

    জুবিনদাৰ শক্তিশালী শব্দৰ জবাব নাই

    Reply
  • গীতিকা শইকীয়া

    বিদ্যুত বিভাগৰ লুকা-ভাকুক খুব সততাৰে প্ৰকাশ কৰিছে। পঢ়ি বহুত ভাল লাগিল।

    Reply
  • অভিজিৎ কলিতা

    মজা

    Reply
  • Rajib Sarma

    কৃষ্ণ। ঘণ্টা গৈ ঘেণ্টা হ’লগৈ।

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া লিখিলে ।

    Reply
  • Hamen Dhing

    ৱাহ। বঢ়িয়া উপস্থাপন।

    Reply

Leave a Reply

Your email address will not be published.