ফটাঢোল

এজোপা নাচপতি গছৰ মৃত্যুৰ কাহিনী – গীতিমল্লিকা গগৈ (গোঁহাই)

দুকঠা মাটিত ঘৰটো সাজোঁতে এ. গগৈৰ পত্নী বি. গগৈনীয়ে পাঁচ লোচামান মাটি মুকলিকৈ থৈছিল যাতে জলকীয়া, ধনীয়া, আদা, আদি ৰুই লৈ সৰুকৈ পাচলিৰ বাৰি এখন পাতিব পাৰে। বাউণ্ডৰিটোৰ কাষতে থকা নাচপতিৰ পুলিটোৰ কাষেদিয়ে পদূলিটো ৰাখি গেটখন লগোৱা হ’ল। গগৈনীৰ ল’ৰাকেইটা ডাঙৰ হোৱালৈকে নাচপতি গছজোপাই ফল দিবলৈ আৰম্ভ কৰিছিল। গগৈনীৰ মতে এনেকুৱা সোৱাদ লগা ৰসাল নাচপতি তেওঁ হেনো জীৱনতে খাই পোৱা নাই। এ. গগৈ আকৌ চৰকাৰৰ উচ্চ পদস্থ বিষয়া আছিল। মানুহৰ দান-দক্ষিণাৰে তেওঁ বাহিৰে-ভিতৰে, সোঁৱে-বাৱে কোৰোণাৰে চপাই ধন ঘটিলে। গগৈ-গগৈনীয়ে বিশ্বৰ কেইবাখনো তথাকথিত উন্নত দেশ ভ্ৰমণ কৰিলে। প্ৰতিবাৰেই বিদেশৰ পৰা ঘূৰি আহি গগৈনীয়ে ডিব্ৰুগড়ত ভৰি থ’বলৈ ঘিণেই কৰে, বোলে- ইমান লেতেৰা। আমেৰিকা, ইংলেণ্ড,…ইমান পৰিষ্কাৰ, তাত এনহে, তাত তেনহে…উফ্ উফ্। কথাবোৰ শুনি থাকিলে এনেহেন লাগে যেন তাৰ মানুহবোৰে মলত্যাগ কৰোঁতে সোণহে ওলায়!

যি কি নহ‌ওক, ঘটনাটো হ’ল, চাকৰিৰ পৰা অৱসৰ লৈ এ. গগৈ ঘৰতে পাঁচবছৰমান কটোৱাৰ পাছত তেওঁৰ হাৰ্ণিয়া অসুখ হৈছিল। ইয়াৰ বাবে তেওঁ অপাৰেচন কৰিবলগীয়া হ’ল। অপাৰেচন কৰাৰ পিছতো বেমাৰৰ ইটো-সিটো উপসৰ্গ‌ই মানুহটোৰ গাত দেখা দি থাকিল। গগৈনীয়ে বোলে এই কথাই কথা নহয়। গতিকে তেওঁ এজন প্ৰমাণী বেজৰ ওচৰলৈ গৈ চোৱা-চিতা কৰালে। বেজে বোলে কথা বিষম, আপোনালোকৰ পদূলিত থকা নাচপতি জোপাৰ ১৩৩ সংখ্যক শিপাডালত এজনী ডাকিনীয়ে বাহ লৈছে। গতিকে গছডাল কাটি দিব লাগে।

কথামতেই কাম। এদিন সন্ধিয়া বেজ আহি গগৈনীহঁতৰ চোতালত গছ কটা যজ্ঞ আৰম্ভ কৰিলে। বেজে বোলে,

“জয় হৰি বোলা

জয় ৰাম বোলা

এই বোলে-

নাচপতি ঐ নাচপতি,

ত‍ই কাৰ ঘৰত গজিলি।

কিমান দিন যে ত‌ই ৰসাল ফল দিলি,

পিচে মানুহটোক কিয় বেমাৰী কৰিলি?

দাখন আন ঐ কৰতখন আন,

ঘাপ মাৰোঁ তোৰ ডালত, শিপাত,

অমঙ্গলৰ দূত ত‌ই সবংশে যা নিপাত।

সি মনে শ্ৰদ্ধাৰ ডাকিনী, আপুনি এই পৰম গুৰুভক্ত সকলৰ ঘৰ-বাৰী এৰি গুচি যাওঁক।”

ঘাপ-ঘোপ, কেৰেচ, কৰ্কৰ কৰ্কৰ কৰ্কৰ কৰ্কৰ…..ধৌম।

নাচপতিগছ বধিলন্ত: এতিয়া এইখন ঘৰ অজৰ-অমৰ হৈ থাকিব, কাৰো কোনো বেমাৰ-আজাৰ নহ’ব, নজহা নপমা শৰীৰেৰে চিৰঞ্জীৱি হৈ অনন্তকাললৈ জীয়াই থাকিব৷

হৰিৰ সন্তোষলন্তে হৰি বোলা।।

আমিও গছ কটা উৎসৱত দিয়া খাহী মাংসৰ ভোজটো খাই জিভা টকালি টকালি ঘৰলৈ উভতিলোঁ।

শুনামতে এই যজ্ঞৰ দুবছৰমানৰ পাছতে এ. গগৈ ঢুকাল। মানুহজন ঢুকোৱাৰ বাবে কাৰ গাত দোষ জাপি দি, কোন দৈৱ শক্তিক সন্তুষ্ট কৰিবলৈ, কি ধংস কৰিলে আমি আৰু তাৰ খবৰ নল’লোঁ৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *