ফটাঢোল

ফটা লিমাৰিক : ধনজিৎ বৰুৱা

(১) সৰু চোৰ

হাইজেক মানে ভাই হেনো পিলেন চুৰি

নাম ফাটি ফুটি যাব জগত জুৰি

মনে মনে ভাবি হাই

চিনেমাখন চাই চাই

টিকটৰ দাম শুনি দুখত আহিল ঘূৰি

(২) ভ্ৰম নে বিজ্ঞান

সোন ৰূপ তাম পঞ্চ ধাতু ৰকমৰ

তাৰে ওপৰত বহে বিবিধ পাথৰ

জীৱনৰ খুট খাট

ৰত্নৰে মিত মাত

আঙুলিৰ যাতনা আৰু বৃহৎ সাঁথৰ

(৩)পইজন

ডিভাইড এণ্ড ৰোল বগা বঙালৰ ঢোল

নাচি দিয়ে বাৰে বাৰে নুবুজি নিজা মূল

মাদাৰিৰ পইছা

মলুৱাৰ বেজাৰত

ৰাজনীতিৰ লেংটি মাৰি ভাষণৰ ৰোল৷৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *