ফটাঢোল

ফটা পঞ্চপদী- হেমেন ডেকা

১)

ভালেই লাগে দেশপ্ৰেমমূলক গীত গাই

মন শিহৰিত-গাও ৰাঁই-জাঁই কৰি যায়

চিঞৰি চিঞৰি গাওঁ

আপোন পাহৰা হওঁ

সিমানতে শেষ- আমাৰ কি অন্য কাম নাই?

(২)

তেজত বিয়পি গ’ল যে বিষ ইমান সন্তৰ্পণে

তীক্ষ্ণধীসৱেও নাপালে উমান জানো কি কাৰণে

তীখৰবোৰৰ অংক

তৃণমূলত আতংক

তক্ষকে বোলে- নমৰাহে, বিশ্বাস ৰাখা মনে-প্ৰাণে৷

৩)

নিজৰ মাজতে খোৱা-কামোৰাটো বৰ নিচা

ছেগা-চোৰোকাকৈ চলি থাকে বেছ হনা-খোঁচা

চকুত জুইৰ ফিৰিঙতি

চালে-বেৰে কোবোৱাই নীতি

নিজ মতাদৰ্শহে সঁচা- বাকী যে সৱ মিছা৷

(৪)

সৰু সৰু মানুহে নাজানেই কৰিব খং

ক্ষুধাৰ অগ্নিত হেৰাই ৰামধেনুৰ ৰং

মনত ভৰ-বাৰিষাৰ নাচোন

মূৰৰ ওপৰেদি উৰে শগুণ

সুদিনৰ প্ৰতীক্ষাত নিৰ্বাক-নিথৰ ঢং৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *