ফটাঢোল

কৌতুক – মনজিৎ বৰা

(১)

: হেল্ল’ ৰিচেপচন! মই মহন্তই ৰুম নাম্বাৰ ৪২০ ৰ পৰা কৈছোঁ। মোৰ মানুহজনীয়ে মোৰ লগত কাজিয়া লাগি খিৰিকীৰে জঁপিয়াই দিম কৈছে। প্লিজ হেল্প।

: চৰি ছাৰ আমি এই বিষয়ত সহায় কৰিব নোৱাৰিম। সেয়া আপোনাৰ পাৰচনেল প্ৰব্লেম।

: আবে চন ৰুমৰ খিৰিকীখন খোল খোৱা নাই বেং। সেয়া তহঁতৰ মেইটেনেন্স প্ৰবলেম। খং কমাৰ আগতে সোনকালে পথা কাৰোবাক।

(২)

পাউদাৰ গাখীৰৰ চাহ নাখাওঁ বুলি পেচ পতা দেখি মায়ে ভেকাহি মাৰি ক’লে-“যা গৰুৰ গাখীৰ খীৰাই আনি দে। চাহ বনাই খুৱাম।”

কথাটো ইগ’ত লাগি যোৱাত ওলাই গ’লোঁ মগ এটা লৈ। পদূলিমূৰতে গাই এজনী পাই ধৰি গাখীৰ খীৰাবলৈ বুলি বহিলোঁ। অলপ মান খীৰাওঁতেই দেখো কিছু দূৰৰ পৰা মণিপুৰী বলধ এটাই হেম্বেলিয়াই গুজৰি-গুমৰি মোলৈ বুলি চোঁচা লৈ আহিছে দেখোন। থতমত খাই ভয়তে পলাবলৈ লওঁতেই দেখো; ই কি! বলধটো দেখোন নিচেই ওচৰ পাই হাঁহি এটা মাৰি উভতি গুচি গ’ল। মইটো কনফিউজিয়াই গ’লোঁ। কথাটো ভাবি নাপাই বলধটোক আগচি ধৰিলোঁ। ধৰি সুধিলোঁ- “হেৰৌ কেচটো কি?”

বলধটোৱে লাজ লাজ কে মিচিকিয়াই ক’লে- “বেয়া নাপাব দেই। মই মানে দূৰৰ পৰা আমাৰ এওঁ বুলি ভাবিছিলোঁ। পিচে ওচৰ পাইহে দেখো শাহু আই হে। সেয়ে হাঁহি উঠি গ’ল।”

(৩)

আমাৰ থুলুক ছমাহৰ বাবে হোম গাৰ্ডৰ চাকৰিত সোমাইছিল জকাইচুক থানাত। থানাত থকা মানুহেটো য’ৰ ত’ৰ পৰা কিবা নহয় কিবা পায়ে থাকে ফিৰিকে। থুলুকৰো ভাগ্য ফুলিল। এবাৰ থানাৰ কাষতে বিয়েৰৰ ট্ৰাক এখন পৰিল, সিও মনে মনে কেন বিয়েৰ কেইটামান জেপত ভৰাই লৈ আনিলে। পিচে আনিলেহে আনিলে কিন্তু কেনেকৈ খুলি খাব লাগে বহু চেষ্টা কৰিও উৱাদিহ নেপালে। শেষত উপায়বিহীন হৈ লাঠি ডালেৰে কেনটোৰ বাহিৰত টকৰিয়াব ধৰিলে আৰু ক’লে-

“চাওঁ ভিতৰত কোন আছে দুৱাৰ খোলক। বাহিৰত পুলিচ।”

(৪)

মাষ্টৰ: কেইবিধ মান কলৰ নাম ক?

থুলুক: মিছকল, ডায়েলকল আৰু ৰিচিভকল ছাৰ। ইয়াৰে মিছকলটো মিছ(Miss) সকলে বেছিকৈ ব্যৱহাৰ কৰে বাবে ইয়াক মিছকল বোলে। এটকাও খৰচ নাই বাবে ই সকলোৰে খুবেই প্রিয়।

মাষ্টৰ: অতি সুন্দৰ। এইবাৰ দুবিধমান তেলৰ নাম কৈ দেচোন কাটোপকে।

থুলুক: এয়াৰটেল দিজিটেল আৰু ইনটেল। বেলেগ কিবা হওক নহওক কেউতাৰে চাৰভিছ বঢ়িয়া ছাৰ।

মাষ্টৰ: সুন্দৰ। ভেৰি ইচমার্ট। বাৰু কেইখনমান বিলৰ নাম কচোন চাওঁ এইটো পাৰ নে নাই?

থুলুক:চাৰ মোবাইল বিল, ইলেক্ট্রিচিটি বিল আৰু ৰেষ্টুৰাঁৰ বিল। ইনক্লুদিং ভেট আৰু টেক্স।

মাষ্টৰ: বৰ প্রতিভা থকা ল’ৰাহে, বহুত জানে। এইবাৰ কেইপাহ মান ফুলৰ নাম ক?

থুলুক: ছাৰ অচি ফুল, বি পি ফুল, নাম্বাৰ ওৱান ফুল।

লাগিলে হাফ কোৱাটাৰো এভেইলেবল ছাৰ।

মাষ্টৰ: ৱাহ তইহে মোৰ আচল শিষ্য। কচোন সপ্তাহৰ কোনটো বাৰ আটাইটকৈ প্রিয়।

থুলুক: ছাৰ সপ্তাহৰ বুলি কথা নাই মোৰ আজি কালি অকল দিষ্ক’বাৰহে ভাল লাগে। কাইলে উইকেণ্ড, যায় যদি ওলাব ছাৰ। আপোনাৰ এয়াৰটেলত মিছকল এটা মাৰি দিম৷ নাম্বাৰ ওৱানৰ ফুল এটা লৈ আহি যাব।

(সঁচা ক’লে থুলুক বেয়া)

☆★☆★☆

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *