ফটাঢোল

ইংৰাজী মেছেজ – ৰুবী বৰা বৰদলৈ

পুৱাই বন্ধু এজনৰ মেছেজ এটা আহিল, মনটো ভাল লাগি গ’ল। মই বোলো দি চাওঁচোন ইংৰাজীতে উত্তৰ এটা! এনেয়ো ইংৰাজী বুলিলে সাহস বোলাটো পলাই ফাট মাৰে! পিচে সেইবুলি আজিৰ যুগত আৰু মই ইংৰাজী নজনা চুক-ভেকুলী হৈ থাকিমনে? ভাৰ্ৱ-চাৰ্বৰ কথা কি আছে? বুজি পালেই ভাষা। ভাষাৰ কাম বুজুৱাটোহে। আন ঠাইৰ মানুহে আহি আমাৰ ভাষাটো কেনেকৈ খিচিৰি পগাই পগাই শিকি লয় সদায় দেখিয়েই আছোঁ। আজি ময়ো সাহস কৰি দিলোঁ মোৰ লিপিকাৰ কি-পেড চলাই। লিখি দিলোঁ ইংৰাজীতে উত্তৰ। ছেণ্ড কৰি দিলোঁ। তাৰ পাছত পঢ়ি চাই দেখিলোঁ ভাৰ্চনটো চেঞ্জ কৰাই নহ’ল। মেছেজ গৈ বন্ধুৰ বাকচত সোমালগৈ এনেকৈ-

##গৌদ মোৰনিনগ. ো নিচে োফ যোু.ৱিসহ যোু হাৱে া গৌদ দায##

যাঃ, ক’ত মৰ মৰ এতিয়া!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *