ফটাঢোল

অসমীয়া লিপিৰ সৰলীকৰণ অপ্ৰয়োজনীয় — মনোহৰ দত্ত

‘আমাৰ অসম’ কাকতৰ ২৪ ছেপ্টেম্বৰ, ২০১৮ সংখ্যাত প্ৰকাশিত আমাৰ এক লেখাৰ আঁত ধৰি, সম্পাদিত ৰূপত এই লেখাটো ‘ফটা-ঢোল’ ই-আলোচনীলৈ আগবঢ়ালোঁ।

প্ৰথমতেই দোহাৰিছোঁ, বৰ্তমানৰ পৰিস্থিতিত অসমীয়া ভাষা অসমৰ অধিক মানুহে যাতে কয়, লিখে আৰু পঢ়ে – আমি তেনে পৰিৱেশ ৰচনা কৰাহে যুগুত। তেনেদৰে নতুন প্ৰজন্মক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আকৰ্ষিত কৰিবলৈ হ’লে – তেওঁলোকৰ মনত ভাষা-প্ৰেম জগাই তুলিব লাগিব। ভাষা-প্ৰেমে যে জাতি এটাক সংগঠিত আৰু সবল কৰে সেই কথা বুজাব লাগিব।

যি কি নহওঁক, এচাম অসমীয়াই অসমীয়া লিপিৰ সৰলীকৰণৰ পক্ষে ভিন্ন মাধ্যমত মাধ্যমত নিজৰ বক্তব্য প্ৰকাশ কৰি আহিছে। কিন্তু আমাৰ ধাৰণাত অসমীয়া লিপিৰ সৰলীকৰণ অপ্ৰয়োজনীয়। কাৰণ –

১) যিকোনো এটা ভাষা বৰ্তি থকাৰ প্ৰধান চৰ্তটো হ’ল সেই ভাষা ক’বলৈ, সেই ভাষী মানুহৰ আগ্ৰহ থাকিব লাগিব। আজি অসমীয়াৰ মাজত এনে পৰিৱেশ হৈছে যে নিজৰ সন্তানে অসমীয়াৰ সলনি ইংৰাজীতহে কথা কয় বা লিখে বুলি এচাম অভিভাৱকে গৌৰৱ কৰে। ইংৰাজী জনাটো ভাল কথা। তাৰ লগতে তেওঁলোকে যাতে অসমীয়া ভাষাত কথা পাতিবলৈ, লিখিবলৈ আগ্ৰহ কৰে, দ্বিধাবোধ নকৰে, তালৈ অভিভাৱক, শিক্ষক তথা ৰাইজে মন দিব লাগিব। অন্ততঃ অসমত থকা অৱস্থাত আমি আমাৰ মাজত যাতে অসমীয়াতেই কথা পাতোঁ আৰু অসমৰ আন ভাষীৰ সৈতেও যেন অসমীয়াতেই কথা পাতোঁ – তেনে ধৰণৰ ঘৰুৱা আৰু সামাজিক পৰিৱেশ নতুন চামক আমি দিব লাগিব।

২) লক্ষ্মীনাথ বেজবৰুৱা, মহেশ্বৰ নেওগ আদি মণীষাৰ অৱদানৰ কথা পাহৰি লিপিৰ সৰলীকৰণ কৰি সেইসকল মণীষাই ভাষাটোলৈ আগবঢ়োৱা অমূল্য অৱদানসমূহ যাতে জলাঞ্জলি দিব লগা নহয়, তালৈ লক্ষ্য কৰাটো আমাৰ দায়িত্ব হোৱা উচিত।

৩) অসমীয়া লিপিৰ সৰলীকৰণৰ পক্ষত এইচাম লোকে ক’ব বিচাৰে যে – ‘আজিকালি নিম্ন মধ্যবিত্ত পৰিয়ালেও নিজৰ উপাৰ্জনৰ এক বুজন অংশ খৰচ কৰি নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী স্কুললৈ পঠিয়ায়। ইয়াৰ অৰ্থ এইটো নহয়, আমাৰ জাতি-ভাষা-সংস্কৃতিৰ প্ৰতি থকা আনুগত্য আগতকৈ কম হৈছে। আচল কথাটো হৈছে বাস্তৱিক জীৱনত আমাৰ অৰ্থনৈতিক স্বাৰ্থ সৰ্বপ্ৰথমে আহে ।

৪) অৱশ্যে আমি অকল সাহিত্য নহয় ‘ভাষা আৰু সাহিত্য’ৰ কথা একেলগে ভাবিব লাগিব। এইকাৰণেই যে সম্প্ৰতি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণৰ যি সংশয় বাঢ়িছে, সেয়া উচিত নহয় বা তাক আমি ৰোধ কৰিব লাগিব।

৫) এনে কথাত কিছু ‘ভাষা-প্ৰেমী’য়ে তাত থকা গভীৰতা অনুভৱ কৰাৰ যত্ন নকৰে।

৬) এনে কথাত সেইচাম লোকে লিপিৰ সৰলীকৰণৰ প্ৰস্তাৱলৈ আমি পিঠি দিছোঁ বুলি ক’বলৈয়ো দ্বিধাবোধ নকৰে। এই কথা ভিত্তিহীন। আমি মাত্ৰ অপ্ৰয়োজনীয় বুলিহে কৈছোঁ। যদিহে লিপিৰ সৰলীকৰণ কৰিবলৈ হয়, তেন্তে আমাৰ বিশ্ববিদ্যালয়কেইখন, ভাষাতত্ত্ববিদ আৰু চৰকাৰৰ প্ৰতিনিধিক লৈ এক উচ্চ পৰ্যায়ৰ লিপি বিষয়ক সমিতি গঠন কৰিব লাগিব। তেনে কৰ্তৃত্বপ্ৰাপ্ত সমিতিৰ জৰিয়তেহে সেয়া সম্ভৱ হ’ব। সেই দিশত উদ্যোগ কোনে ল’ব?

আমি জনাত লিপিৰ সৰলীকৰণ কৰিলে ব্যাকৰণকে ধৰি অনেক কাম বাঢ়িব আৰু অকাৰণত আমি সেইবোৰ কামত ব্যস্ত হ’ব লাগিব। সেয়ে সকলোৰে বিবেচনাৰ বাবে ক’ব বিচাৰোঁ যে –

(ক) এই চাম অসমীয়াই প্ৰস্তাৱ কৰা মৰ্মে চ/ছ বৰ্ণ দুটাৰ পৰা ‘চ’ বৰ্ণ, ত/ট বৰ্ণৰ ‘ত’ বৰ্ণ আৰু স/শ/ষ বৰ্ণ তিনিটাৰ ‘স’ বৰ্ণটো ৰখা হ’ল। তেতিয়া ‘চ’ বৰ্ণৰ পৰা এনে সমস্যা হ’ব পাৰে – ‘বাচ বেচি হোৱাত কাচ বেচি বেচিব পৰা গ’ল।’ এই বাক্যটো পঢ়ি ‘বাচ’ শব্দই ‘গোন্ধ’ নে ‘বাছ’ আৰু ‘বেচি’ শব্দই ‘অধিক’ নে ‘বিক্ৰী’ কৰা বুজাব সেই কথা কিদৰে বুজিম? তেনেকৈ ‘ত’ বৰ্ণৰ পৰা এনে সমস্যা হ’ব পাৰে – ‘হাতত হাতখন ভগাত মই উভতি আহিলোঁ।‘ এই বাক্যটো পঢ়ি আমি হাত মানে হস্তৰ কথা ক’লেনে, বজাৰৰ কথা ক’লে কেনেকৈ বুজিম? সেইদৰে ‘স’ বৰ্ণৰ পৰা এনে সমস্যা হ’ব পাৰে – ‘আকাস বিসাল যদিও আকাসো বিসাল হ’ব পাৰে।’ এই বাক্যটোৰ ‘বিসাল’ শব্দ দুটাৰ অৰ্থৰ পাৰ্থক্য কেনেকৈ উলিয়াম? যুক্তিৰ খাতিৰত মানুহে সময়ত বুজি উঠিব বুলি ক’লেও, ইয়াৰ দ্বাৰা ভাষাটোলৈ আহিব পৰা ক্ষতিসমূহ কিদৰে আমি ৰোধ কৰিম? দ্বিতীয় কথা তেনে কামত সময় ব্যয় কৰিলে ভাষাটো সমৃদ্ধ হ’বনে?

(খ) পূৰ্বপ্ৰকাশিত লক্ষ লক্ষ কিতাপৰ, যিবোৰৰ সৰহ সংখ্যকৰে soft copy নাই – লিপি পৰিৱৰ্তন কৰাটো ইমান সহজ কথা নহয়। তদুপৰি তেনে কামৰ দায়িত্ব কোনে ল’ব? ব্যয় কোনে বহন কৰিব? ইয়াৰ বাবে যিমান সময় লাগিব, তেতিয়ালৈকে সিবোৰ কিতাপ ন-শিকাৰুৱে নপঢ়িলেও হ’ব নেকি? নে এই সময়খিনিত দুয়োটা পদ্ধতিয়েই ন-শিকাৰুৱে আয়ত্ব কৰিব লাগিব?

(গ) লিপি সৰল কৰিলেই যে অসমীয়া ভাষাৰ প্ৰতি মানুহৰ ধাউতি বাঢ়ি ভাষাটোৰ জয় জয় ময় ময় কৰি তুলিব, তাৰ নিশ্চয়তা আছেনে? কেৱল ধাৰণা এটাত ভিত্তি কৰি ভাষাটো পৰীক্ষাগাৰলৈ পঠিওৱাটো কিমান সমীচীন হ’ব?

(ঘ) গুৰুত্বপূৰ্ণ কথাটো হ’ল – ভাষাবিজ্ঞান সন্মত এখন অভিধানৰ অভাৱে আমাক, বিশেষকৈ নতুন চামক বহু সমস্যাত পেলাইছে। পিছে অৰ্থনৈতিক কাৰণৰ বাহিৰেও, ইংৰাজী ভাষাত ভাষাবিজ্ঞান সন্মত অভিধান থকাৰ কাৰণেই আজি ভিন্ন দেশৰ মানুহে ইংৰাজী ভাষা আয়ত্ব কৰিবলৈ সুবিধা হৈছে। তদুপৰি আজিৰ প্ৰজন্মৰ সুবিধা হোৱাকৈ শুদ্ধ ৰূপৰ অনলাইন ব্যৱহাৰিক অভিধান এখনো আমাক লাগে। গতিকে বৰ্ণৰ সৰলীকৰণতকৈ, ভাষাবিজ্ঞান সন্মত আৰু সকলোৰে গ্ৰহণযোগ্য এখন অভিধানৰহে প্ৰয়োজন হৈছে। উল্লেখ্য যে তেনে এখন অভিধানৰ প্ৰসংগত ড° গোলোক চন্দ্ৰ গোস্বামীয়ে তেখেতৰ ‘ভাষাচাৰ্যৰ ভাষাচিন্তাৰ একাঁজলি’ গ্ৰন্থত লিখিছে –

“কুৰি শতিকাৰ এই শেষ হওঁ হওঁ অৱস্থাত বিশ্বত জ্ঞান বিজ্ঞানৰ কিমান প্ৰগতি ঘটিল; ভাষাতত্ব আৰু ভাষাবিজ্ঞানৰ চৰ্চা আৰু গৱেষণায়ো অন্যান্য জ্ঞান বিজ্ঞানৰ লগত সমানে ফেৰ মাৰি কিমান আগবাঢ়ি গ’ল! আজি মেছিনেৰে অনুবাদৰ কাম চলিছে; ৰ’ব-ই ইচ্ছা মতে কথা পাতিব পৰা অৱস্থা পাওঁ পাওঁ। এইবোৰ সম্ভৱ হৈছে ভাষাৰ গঠনৰ বৈশিষ্ট্য প্ৰকাশক বিতং বিশ্লেষণৰ দ্বাৰা, কম্প্যুটাৰাইজদ অভিধানৰ দ্বাৰা। কিন্তু আমি কৰিছোঁ কি? ভাষাৰ গঠনৰ লগত খাপ খোৱা ভাষাবিজ্ঞানসন্মত অভিধান এখন সংকলন কৰাৰ আজিলৈকে কল্পনাকে কৰিব পৰা নাই, আৰু কৰিব পৰাৰ সম্ভাৱনাও মই দেখা নাই; আনকি নিতান্ত গতানুগতিক পদ্ধতিত এখন সাধাৰণভাৱে শুদ্ধ অভিধান ৰচনা কৰাৰ যোগ্যতাও আমাৰ নহ’ল। প্ৰথম অভিধানখন ওলোৱাৰ আজি সম্পূৰ্ণ ছকুৰি বছৰ পূৰ হৈ গ’ল; কিন্তু অভিধানৰ ক্ষেত্ৰত আমি ইমান দিনে এখোজো আগবাঢ়িব নোৱাৰিলোঁহঁক; মই আকৌ দোহাৰিছোঁ, আমি এ-খো-জো আগবঢ়া নাই। বৰং পিছলি পিছুৱাইহে গৈছোঁহঁক। আমি এনেকৈয়ে একবিংশ শতিকাক আদৰিবলৈ হাবিয়াস কৰিছোঁ। দেখাক দেখি কেঁতুৰিৰ গা উঠিলে কি হ’ব ?”

☆★☆★☆

Leave a Reply

Your email address will not be published.