ফটাঢোল

বিহুক জীয়াই ৰাখিলে জাতীয় সত্তা জীয়াই থাকিব — প্রদীপ কুমাৰ গগৈ

অসমীয়াৰ বাপতি সাহোন, অতিকৈ চেনেহৰ বিহু উৎসৱটি বহুতো বিৱর্তনৰ মাজেৰে পাৰ হৈ আহি বর্তমানৰ পর্যায়ত উপনীত হৈছেহি। বিহুৰ আনন্দ প্রকাশৰ স্থান, সময় আৰু পৰিৱেশ ভেদে বেলেগ বেলেগ। বিহুৰ এটা নিজস্ব অতীত আছে। পথাৰৰ মুকলি বিহুৰ জৰিয়তে বিহুৱে প্রথম সমাজ জীৱনত প্রথম ভুমুকি মাৰিছে। ইয়াৰ পিছৰ পর্যায়ত আহিছে গছতলৰ ৰাতি বিহু আৰু গাভৰু বিহু। কালক্রমতত চোতালৰ হুঁচৰি আৰু বিহুৰ আগমন ঘটিল। বর্তমান কালত মার্জিত ৰূপত মঞ্চত পৰিবেশণ কৰা বিহু হুঁচৰি আৰু ডেকা-গাভৰুৰ বিহু নৃত্য সকলোৰে উপভোগ্য আৰু সমাদৃত।
কৃষিজীৱি অসমীয়া সমাজত পথাৰখন সবাতোকৈ আপোন। পথাৰখনতে উৎপাদিত শস্যই জীৱন-ধাৰণৰ সমল যোগোৱাৰ লগতে ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ বীজ অঙ্কুৰিত কৰে। পথাৰত ধান গছবোৰ লহ-পহকৈ বাঢ়ি অহাৰ সময়তেই কাতি মাহত আই লখিমীক আদৰণি জনোৱা হয় আৰু কাতি বিহু উদযাপন কৰা হয়। আনহাতে, খেতি চপোৱাৰ পাছত মহা ধুম-ধামেৰে ভোগালী বিহুৰ আয়োজন কৰা হয়। মাঘ বিহু হৈছে ভোগৰ উৎসৱ। ৰং-ৰহইচতকৈ মাঘ বিহুত ভোগৰ প্রাচুর্যইহে প্রাধান্য বিস্তাৰ কৰে। পাৰিপার্শ্বিকতা, পৰিবেশ আৰু আর্থিক স্বচ্ছলতাই জন-গণক ভোগৰ প্রেৰণা যোগায়। মাঘ বিহুৰ মেজিৰ জুইকুৰা অপৰিহার্য্য। মেজি জ্বলাই ন শস্যৰ আহুতিৰে অগ্নি দেৱীক পূজা অর্চনা কৰা হয়। বর্তমান মেজি বা ভেলাঘৰে বিভিন্ন ভাস্কর্যৰ ৰূপ প্রদানৰ জৰিয়তে দর্শকৰ মন-প্রাণ হৰণ কৰিবলৈ সমর্থ হৈছে। এয়া এক যুগৰ পৰিৱর্তনৰে ফল বুলি ক’ব পৰা যায়।
আমাৰ তিনিটি বিহুৰ ভিতৰত ব’হাগ বিহুৱে বিশেষ তাৎপর্য বহন কৰিছে। এই ৰঙালী বিহুৱে অসমীয়া জাতীয় সংস্কৃতি প্রতিনিধিত্ব কৰি আমাৰ জাতীয় চৰিত্র আলোকপাত কৰিবলৈ সমর্থ হৈছে। বিহুগীত বিলাকৰ জৰিয়তে আমাৰ ৰীতি-নীতি আৰু সমাজ ব্যৱস্থাৰ প্রতিচ্ছবি প্রতিফলিত হোৱা দেখা যায়। বিহুগীত হৈছে জ্ঞানৰ সমল। এই গীতসমূহৰ জৰিয়তে কৃষিজীৱি সমাজৰ বহুতো নজনা কথাও জনা যায়। প্রকৃতিৰ কথা, গছ-গছনি, ফল-মূল, শাক-পাছলি, চৰাই-চিৰিকটিৰ পৰা লোক-সংস্কৃতিৰ বতৰতলৈকে সকলো কথা।
অতীতত বিহু আহিছিল গছে-পাতে, মানুহৰ মনে-প্রাণে। বিহু লাগিছিল দেহত, মনত আৰু হৃদয়ত স্বতঃস্ফূর্তভাবে। বিহুৰ আগমনত ডেকা-গাভৰুৰ মন সাতখন-আঠখন লাগে। অতীতত বিহুৱে ৰজাঘৰীয়া সমাদৰ লাভ কৰিছিল। বিহুক সংস্কাৰ কৰাৰ ক্ষেত্রত আহোম ৰজাসকলৰ ভূমিকা আছিল প্রচুৰ। ৰাজ হাউলিত বিহু মাৰিবলৈ যোৱা ৰাইজে বিহু মৰাৰ আগতে ৰজাৰ কুশল, ৰাইজৰ কুশল আৰু দেশৰ কুশল কামনা কৰি আশীর্বাদসূচক গীত-মাতৰ অনুষ্ঠান পৰিবেশন কৰাৰ পৰাই হুঁচৰিৰ সৃষ্টি হৈছিল। স্বর্গদেউক প্রশংসা কৰি গীত গোৱাৰ নিয়ম প্রৱর্তন হ’ল।
“স্বর্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ ঐ
দুলীয়াই পাতিলে দোলা
কাণত জিলিকিলে ৰঙা জাংফাই
গাতে গোমচেঙৰ চোলা”
পথাৰত স্বর্গদেউসকলে আয়োজন কৰা ম’হ যুঁজ, হাতী যুঁজ, শেন যুঁজ, কুকুৰা যুঁজ আদি বিভিন্ন খেল-ধেমালি আছিল সঁচাকৈয়ে উপভোগ্য। ৰংঘৰৰ বাকৰিত তাহানি বিহুবৰ আৰু ফুলপানী ছিগাৰ ঢুলীয়াৰ ঢোলৰ চাপৰ, বেতবাৰী, কালুগাঁৱৰ নাচনীৰ নাচৰ গিৰিপনি আৰু জাঁজী, চাৰিং, নামতিৰ নামৰ সুৰ যেন আজিও প্রতিধ্বনিত হয়।
বিহু প্রকৃততে এক সমন্বয়ৰ উৎসৱ। বিভিন্ন জাতি জনজাতিৰ বাসস্থান হৈছে আমাৰ অসমখন। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ভাষা আৰু বর্ণিল সংস্কৃতিৰে আমাৰ সংস্কৃতিৰ ক্ষেত্রখন চহকী কৰি ৰাখিছে। প্রত্যেক জনগোষ্ঠীৰে আছে পৰম্পৰাগত পোচাক, পৰম্পৰাগত খাদ্য-সম্ভাৰ। অনৈক্যৰ মাজত ঐক্যৰ বান্ধোন সৃষ্টি কৰাটোৱেই হৈছে আমাৰ প্রধান উদ্দেশ্য।
একমাত্র সাংস্কৃতিক বিপ্লৱৰ যোগেদিহে বিভেদকামী শক্তিবোৰ দমন কৰা সম্ভৱ। সমাজৰ দুষ্কৃতিকাৰীসকলে সহজ-সৰল, হোজা লোকসকলৰ মনত বিভেদৰ বীজ অঙ্কুৰিত কৰি আহিছে। ফলত, ভাই-ককাইৰ মাজতে বিশ্বাস আৰু মৰম চেনেহৰ বিলুপ্তি ঘটিছে।
আমি আশাবাদী যে, বিহুৰ জৰিয়তে যাতে আমাৰ এনাজৰীডাল কটকটীয়া কৰি সকলোকে সমন্বয়ৰ সাঁকোৰে একত্রিত হ’ব পাৰিম।
মঞ্চ বিহু প্রৱর্তনৰ আজি প্রায় তিনি কুৰি সাত বছৰ হ’ল। যোৱা ১৯৫২ চনতে গুৱাহাটীৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা দেৱৰ লগতে ক্ষীৰদাকান্ত বিষয়া, লক্ষ্যধৰ চৌধুৰী, অতুল চন্দ্র হাজৰিকা, পুলিন দাস আদি বৰেণ্য ব্যক্তিৰ আশাসুধীয়া প্রচেষ্টাত মহানগৰীৰ লতাশিল খেলপথাৰত মঞ্চ বিহু অনুষ্ঠিত হৈছিল। আজিও সেই পৰম্পৰা প্রচলিত হৈয়েই আছে। অৱশ্যে বিহুতলিৰ সংখ্যা আগতকৈ বহুত গুণে বৃদ্ধি পাইছে।
এইটো এটা শুভ লক্ষণ যে, আজিকালি বিভিন্ন স্থানত আগ্রহী ব্যক্তিসকলে নৱপ্রজন্মক বিহুৰ প্রতি আকর্ষিত আৰু সজাগতা বৃদ্ধিৰ বাবে বিহু নৃত্য আৰু বিহুত ব্যৱহৃত বাদ্যৰ কর্মশালা অনুষ্ঠিত কৰিবলৈ লৈছে। এই কর্মশালাবিলাকৰ বাবে সমল ব্যক্তিসকলক আমন্ত্রণ কৰি অনাও পৰিলক্ষিত হৈছে। এইবোৰৰ জৰিয়তে ভৱিষ্যত প্রজন্মই শুদ্ধ ৰূপত বিহু নৃত্য আৰু বিহু বাদ্য আদি আয়ত্ব কৰিবলৈ সক্ষম হ’ব।
অন্তিমত বিহুৰ উজ্জ্বল ভবিষ্যত কামনাৰে দেশবাসীক বিহুববীয়া সেৱা জনালোঁ।
☆★☆★☆

Leave a Reply

Your email address will not be published.