ফটাঢোল

খেতি (মূল লেখক-হৰিশংকৰ পৰচ্ছাই) – ভাবানুবাদ-পৰীস্মিতা গগৈ

চৰকাৰে ঘোষণা কৰিলে যে এইবাৰ আমি অধিক শস্য উৎপাদন কৰিম আৰু বছৰটোৰ ভিতৰতে স্বনিৰ্ভৰশীল হৈ উঠিম। দ্বিতীয় দিনাই কাগজ কল এটাক দহ লাখ কাগজ তৈয়াৰ কৰিবলৈ অৰ্ডাৰ দিলে। যেতিয়া কাগজবোৰ আহিল, তেতিয়াই সেইবোৰৰ এটা ফাইল বনোৱা হ’ল। তুৰন্তে ফাইলটো প্ৰধানমন্ত্ৰীৰ কাৰ্য্যায়লৰ পৰা খাদ্য বিভাগলৈ পঠিয়াই দিয়া হ’ল। খাদ্য বিভাগে ফাইলটোৰ পৰা কিমানমান শস্য উৎপাদন হ’ব তাৰ এটা হিচাপ নিকাচ কৰি তাক বিত্ত বিভাগলৈ পঠিয়াই দিলে। বিত্ত বিভাগে ফাইলটোৰ বাজেট তৈয়াৰ কৰি কৃষি বিভাগলৈ পঠিয়াই দিলে। বিদ্যুৎ বিভাগে তাত বিদ্যুৎ সংযোগ

Read more

মেৰা কৰৱা চৌথ কা ব্ৰত (হিন্দী) মূল লিখক: পণ্ডিত বেদপ্ৰকাশ শাস্ত্ৰী অনুবাদ: চাহিন জাফ্ৰি

মোৰ ‘কৰৱা চৌথ’ৰ ব্ৰত ভাৰতীয় সংস্কৃতিত ব্ৰত-উপবাসৰ অত্যন্ত মহত্বপূৰ্ণ স্থান আছে। বহু নাৰী-পুৰুষ আৰু শিশুৱেও ব্ৰত-উপবাস পালন কৰে। কিন্তু ব্ৰত ৰখাত যেন পুৰুষতকৈ মহিলাসকলৰ হে অধিকাৰ অথবা ইচ্ছা দুয়োটাই বেছি যেন বোধ হয়। প্ৰায় প্ৰতিটো ব্ৰতৰে কিবা নহয় কিবা এটা উদ্দেশ্য থাকেই। অধিকাংশ ব্ৰত ৰখাৰ সুযোগ মহিলা সকলৰ বাবে হোৱাৰ কাৰণে, তেওঁলোকৰেই উদ্দেশ্য পূৰ্ণ হয় আৰু পুৰুষ সকল তাৰ পৰা বঞ্চিত হৈ ৰয়। পুৰুষ সকল ব্ৰত ৰখাৰ পৰা বিৰত থাকিবলগীয়া হোৱাত, তেওঁলোকে হয়তো নিজেই নাজানে যে কোনটো ব্ৰতৰ জৰিয়তে তেওঁলোকৰ

Read more

চিন্তা কৰক,সুখেৰে থাকক (মূলঃ অনুপ কুমাৰ শুক্লা) – অনুবাদঃ জীমণি গগৈ

বন্ধুলৈ ফোন লগালো। তেওঁৰ ল’ৰাটোৱে ফোন ধৰিলে। মই সুধিলোঁ- দেউতা আছে নে? -আছে।দেউতাই চিন্তা কৰি আছে। সি সিফালৰ পৰা ক’লে। -কিয়, কি হ’ল? কিবা সমস্যা হৈছে নেকি?তাৰ কথা শুনি ময়ো চিন্তাত পৰিলোঁ। -নাই নাই আংকল, একো হোৱা নাই। দেউতাই আজিকালি সদায় চিন্তা কৰে। চিন্তা কৰিলে বোলে স্বাস্থ্য ভালে থাকে। সি শান্ত কন্ঠেৰে কম কথাৰে কথাখিনি ভালকৈ বুজাব বিচাৰিলে। মোৰ বন্ধু সদায় চিন্তাত আছে তাৰমানে নিশ্চয় তেওঁ দুখত আছে! তেওঁৰ দুখত যদি মই দুখী হ’ব নোৱাৰো তেনেহ’লে সেই দুখ মোৰ বাবে

Read more

প্যাৰ কিয়া টৌ মৰণা ক্যা? (মূল লেখক: কাকা হাথৰসী) – অনুবাদ : দিম্পল কলিতা

মোৰ বিশ বছৰ বয়সত কোনোবা জ্যোতিষীয়ে মোৰ হাত চাই মাক কৈছিল, “ল’ৰাই চল্লিশ পাৰ কৰিলেও বহুত বুলি ধৰি ল’ব।” এই ভৱিষ্যতবাণীয়ে পিচে মোৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাছিল কিয়নো মই আছিলোৱেই বেমাৰী। সকলো সময়তে কাঁহৰ, দাঁতৰ বিষ এইবোৰ লাগিয়েই থাকে। লাহে লাহে মই দাঁতবোৰ উঠোৱাই পেলোৱালোঁ। নিতৌ পুৱা-সন্ধিয়া আঁঠ-দহ কিলোমিটাৰ খোজ কঢ়া, দৌৰা, নিম পাত চোবোৱা, ছাগলীৰ গাখীৰ খোৱা আৰু সেউজীয়া শাক-পাচলি খোৱা আৰম্ভ কৰিলোঁ। এই দিনপঞ্জীৰ ভাল প্ৰভাৱ মোৰ ওপৰত পৰিল আৰু মোৰ বয়সে চল্লিশৰ দেওনা পাৰ কৰি

Read more

বিখ্যাত সাহিত্যিক হৰিশংকৰ পাৰসাইৰ ব্যংগ লেখা এটাৰ কিছু অংশৰ ভাবানুবাদ – হিমাংশু ভাগৱতী

এদিন হঠাৎ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যিমান ঘোচখোৰ লোক আছে সকলোকে ৰাজহুৱাকৈ বিজুলী বাতিৰ খুটাত ফাঁচি দিয়া হ’ব। পিছদিনা পুৱা সাধাৰণ ৰাইজ বিজুলীৰ খুটাৰ তলত জমা হ’ল। খুটাবোৰত তিলক লগালে, পূজা কৰিলে, খুটাবোৰৰ আৰতি কৰিলে। মুঠতে খুটাবোৰ মানুহৰ কাৰণে দুৰ্নীতি নাশ কৰা ভগৱান যেন হ’ল। পুৱাৰ পৰা ৰাতিলৈ মানুহে অপেক্ষা কৰি থাকিল দুৰ্নীতিখোৰ সকলক এই ফাঁচি দিব, এই ফাঁচি দিব, কিন্তু কাকো ফাঁচি দিয়া নহ’ল। ৰাগে খঙে মানুহবোৰে প্ৰতিবাদী সমদল লৈ মন্ত্ৰীৰ ওচৰলৈ গ’ল আৰু ক’লে, “আপুনিতো কৈছিল যে ঘোচখোৰ সকলোকে

Read more

ট্ৰামখনত (মূল লিখক: ফ্ৰাঞ্জ কাফকা) – অনুবাদক: ৰাজশ্ৰী শৰ্মা

মই থিয় দি আছিলোঁ ট্ৰামখনৰ একেবাৰে শেষৰ পিনে চৌপাশৰ পৰিৱেশৰ পৰা সম্পূৰ্ণভাৱে উদাসীন হৈ। এই সুবিশাল পৃথিৱীত, এই চহৰখনত বা মোৰ নিজৰ পৰিয়ালতেই মোৰ প্ৰয়োজনেই বা’ কি তাকে লৈ মই একেবাৰে অনিশ্চিত আছিলো। কোনো এটা নিৰ্দিষ্ট দিশত আগবাঢ়ি যাবলৈও মোৰ কোনোধৰণৰ আগ্ৰহেই নাছিল। এক উদ্দেশ্যবিহীন যাত্ৰাৰ বাবেই যেন মই আগবাঢ়ি গৈ আছিলোঁ। ট্ৰামখনৰ এইখিনি জেগাত যে মই ওপৰৰ হাতলডালত ধৰি থিয় হৈ আছোঁ, তাতো কিন্তু মোৰ কোনো ধৰণৰ ইচ্ছা নাছিল। নিজকে এৰি দিছিলোঁ, ট্ৰামখন যলৈকে যায়, মোকো তালৈকে লৈ যাওক

Read more

মানৱ অধিকাৰ (মূল: ড° নৰেন্দ্ৰ কোহলী) – অনুবাদ: হিমাংশু ভাগৱতী

চোৰটোৱে কোঠাটোৰ খিৰিকিৰ আইনা ভাঙি ৰেলিং কাটি ভিতৰলৈ সোমাল। কোঠাটোত এজন মানুহ আৰামত নাক বজাই শুই আছিল, অইন কোনো নাছিল। চোৰৰ চুৰি কাৰ্য্যৰ বাবে কৰা আগতীয়া অনুসন্ধান অনুসৰি মানুহজনৰ ঘৈণীয়েক ঘৰতে আছে যদিও এই ৰাতি ওচৰত ক’তো দেখা পোৱা নাই। কোঠাটোত এখনেই বিচনা, সৰু, এজনীয়া। মানে পতি-পত্নী বেলেগ বেলেগকৈ শুৱে। কিবা ভিতৰুৱা খেলিমেলি আছে ছাগে! চোৰটোৱে ভাবিলে, সুবিধাই হ’ব। যিকোনো বস্তু লৈ যাব পাৰিম। চকুৰ সমুখত থকা সকলোবোৰ উঠাব পৰা যাব। আজি লগত মিনিট্ৰাক বা অ’টোভেন জাতীয় কিবা লৈ নাহি

Read more

জামু গছজোপা (মূল: কৃষণ চন্দৰ) – অনুবাদঃ সঞ্জীৱ মজুমদাৰ

যোৱানিশা প্ৰৱল ধুমুহা আহিছিল। চৰকাৰী সচিবালয়ৰ আগফালে থকা বাগানখনৰ পুৰণি প্ৰকাণ্ড জামু গছজোপা উভালি পৰিল। ৰাতিপুৱা বাগানৰ মালীজনে লক্ষ্য কৰিলে যে গছজোপাৰ তলত  চেপা খাই মানুহ এজন পৰি আছে। কথা বিষম দেখি মালীজন দৌৰি দৌৰি চাপ্ৰাছীৰ ওচৰলৈ, চাপ্ৰাছীজন দৌৰি দৌৰি ক্লাৰ্কৰ ওচৰলৈ আৰু ক্লাৰ্কজন দৌৰি দৌৰি চুপাৰিটেণ্ডেন্টৰ ওচৰলৈ গ’ল। চুপাৰিটেণ্ডেন্টজন দৌৰি দৌৰি বাগানলৈ আহিল। বেচ কিছুসময়ৰ ভিতৰতেই গছৰ চেপাত পৰি থকা মানুহজনৰ আশে পাশে বহু মানুহ একত্ৰিত হ’ল। “ইছ্ ৰাম, গছ জোপাত যে কিমান জামু লাগিছিল!” এজন ক্লাৰ্কে ক’লে। “জামুবোৰ

Read more

দি ডায়মণ্ড নেকলেচ (মূলঃ গ্যে দে মোপাছাঁ) – অনুবাদঃ গীতিকা শইকীয়া

তেওঁ এগৰাকী অত্যন্ত সুন্দৰী, মৰমলগা যুৱতী, যাৰ জন্ম বিধাতাৰ কিবা ভুলতহে যেন কেৰাণীৰ ঘৰত হৈছিল। তেওঁৰ বিবাহৰ সময়ত কোনো যৌতুক নিব পৰাকৈ সক্ষম নাছিল, অথবা বিবাহক লৈ তেনে কোনো বিশেষ আশাও নাছিল, নাছিল সমাজৰ কোনো ধনী, খ্যাতি সম্পন্ন বিশিষ্ট ব্যক্তিৰ লগত চা-চিনাকি, নাছিল কাৰোবাৰ লগত প্ৰেম-ভালপোৱাৰ কোনো সম্বন্ধ, বিবাহ কৰাৰো কোনো আশা, তথা বিশেষ কিবা অৰ্থই নাছিল। তাৰ পৰিৱৰ্তে শিক্ষা বোৰ্ড কাৰ্যালয়ৰ এজন সাধাৰণ বৰ্গৰ কেৰাণীৰ লগতেই তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ নিজকে আকৰ্ষণীয়কৈ সজাব পৰাৰ সাধন নোহোৱাৰ বাবে একেবাৰেই

Read more

ক্লীন চুইপ ইগনেচিয়াছ (মূল: জেফ্ৰী আৰ্চাৰ) – অনুবাদ: ৰিণ্টুমনি দত্ত

ক্লীন চুইপ ইগনেচিয়াছ (মূল: জেফ্ৰী আৰ্চাৰ) – অনুবাদ: ৰিণ্টুমনি দত্ত ইগনেচিয়াছ আগাৰ্বিয়ে যিদিনা নাইজেৰিয়াৰ বিত্তমন্ত্ৰীৰ দ্বায়িত্বভাৰ লৈছিল,  সেইদিনা সাধাৰণ নাইজেৰিয়াবাসীৰ মনত কোনো বিশেষ উৎসাহ নাছিল৷ তেওঁলোকৰ বাবে এয়া আছিল এক অতি সাধাৰণ নিত্য-নৈমিত্তিক ঘটনা৷ জনতাৰ মনত এনে ভাৱ জগাটোৱেই অতি স্বাভাৱিক আছিল৷ কাৰণ দুৰ্নীতিত নিমজ্জিত নাইজেৰিয়াত যোৱা সোতৰ বছৰত বিত্তমন্ত্ৰীৰ দ্বায়িত্ব লোৱা ইগনেচিয়াছ হ’ল সোতৰ নম্বৰ ব্যক্তি৷ গতিকে তেওঁৰ দ্বায়িত্বভাৰ গ্ৰহণ দেশবাসীৰ বাবে আছিল একেবাৰেই গুৰুত্বহীন এক খবৰ৷ কাৰণ,  তেওঁলোকে জানে যে কেইদিনমান পিছত সোঁৱে-বাঁৱে দুৰ্নীতি কৰি ইগনেচিয়াছেও দেশ এৰি

Read more
1 2 3 5