ফটাঢোল

নলেজ এণ্ড হাফ-নলেজ – মূল: খলিল জিব্ৰান: ফ’ৰৰাণাৰ (অনুবাদ- নৱজিৎ বৈশ্য)

এটা নদীৰ পানী-যুৱঁলিত কাঠৰ কুণ্ডা এটাত চাৰিটা ভেকুলী বহি আছিল৷ হঠাৎ নদীৰ সোঁতত পৰি কাঠৰ কুণ্ডাটো উটি যাবলৈ ধৰিলে৷ ভেকুলীকেইটাৰ আনন্দত আত্মবিস্মৃত অৱস্থা৷ কিছু সময় পিছত সম্বিত ঘূৰাই পাই ১ম ভেকুলীটোৱে ক’লে- আবে…এইটো লগ অৰডিনাৰী লগ নহয় বে! ই জীৱিত বস্তুৰ দৰেই মুভ কৰিছে বে! এনেকা লগ পেহলে কিচিকো ভি নচিব নেহী হুৱা ৰে! দ্বিতীয় ভেকুলীটোৱে নিৰৱতা ভঙ্গ কৰি ক’লে- নৌ মাহ ফ্ৰেণ্ড! এইটো একো স্পেচিয়েল লগ নহয় বে! আমাৰ যে এটা ওল্ড আচামিজ চং আছে শুনিবি না কেতিয়াবা…“নদী মাথোঁ

Read more

আই হেভ নাথিং টু ৱেৰ (মোৰ পিন্ধিবলৈ একোৱেই নাই) – মূল: ৰশ্মি ত্ৰিৱেদী (অনুবাদ: অভিজিৎ কলিতা)

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ, পিছে শ্বপিং যে কৰাই নহ’ল, এতিয়া কি কৰো মই? আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই; হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই। ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছ্যুটযোৰ পৰিল মাটিত, আকৌ হেঁচি ভৰাই থ’লো, নধৰিছে আৰু আলমাৰিত, এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই মাই গড! মোৰ যে আজি পিন্ধিবলৈ একো নাই। যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব; পিছে সেইটো পিন্ধি গ’লে জানো মানুহে নাহাঁহিব? ‘লালপৰী’ বুলি ‘ইনচাল্ট’ খাবলৈ

Read more

সদন – মূল: হৰিশংকৰ পাৰসাই (অনুবাদ: হিমাংশু ভাগৱতী)

দেশৰ সংসদত এদিন হাহাকাৰ লাগিল। সেই হাহাকাৰৰ ৰাজনৈতিক কোনো কাৰণ নাছিল, কাৰণ আছিল এটা বৰ ৰসাল ঘটনা। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ অকস্মাৎ চুলি খুৰোৱাক লৈ লাগিছিল হাহাকাৰটো। কালিলৈকে মন্ত্ৰীজনৰ মূৰটো জপৰা চুলিৰে ভৰি আছিল, ৰাতিৰ ভিতৰতে চুলি নোহোৱা কেনেকৈ হ’ল? সকলোৱে কথাটো আলোচনা কৰিবলৈ ল’লে। বিভিন্ন অনুমান কৰিবলৈ ধৰিলে। কোনোবাই ক’লে- মূৰত ওকণি হৈছিল কিজানি, আন কোনোবাই আকৌ ক’লে- মগজুত বিচাৰ বুদ্ধি ভৰাবলৈ বোধহয় চুলিৰ আৱৰণখন গুছাই ল’লে, আকৌ কোনোবাই ক’লে- পৰিয়ালৰ কোনোবা ঢুকালে বোধহয়। কিন্তু মন্ত্ৰীক আগৰ দৰে প্ৰসন্ন ভাবতে

Read more
1 2 3 4