ফটাঢোল

ভোলাৰামৰ আত্মা – মূল: হৰিশংকৰ পৰসাই – অনুবাদঃ হিমাংশু ভাগৱতী

ধৰ্মৰাজে লাখ লাখ বছৰ ধৰি অসংখ্য লোকক কৰ্মৰ আধাৰত স্বৰ্গ অথবা নৰক ’এলট’ কৰি আহি আছিল৷ এনেকুৱা ঘটনা কিন্তু আগতে কেতিয়াও হোৱা নাছিল৷ চিত্ৰগুপ্তই সমুখত বাৰে বাৰে চশমাযোৰ মচি, বাৰে বাৰে আঙুলিত থু লগাই পাত লুটিয়াই ৰেজিষ্টাৰৰ পিচত ৰেজিষ্টাৰ লুটিয়াই তল-উপৰ কৰি বিচাৰি আছিল৷ ক’ত ভুল হৈছে তথাপি ধৰিব পৰা নাছিল৷ অৱশেষত চিত্ৰগুপ্তই খঙতে চিঞৰি ইমান জোৰে ৰেজিষ্টাৰ বন্ধ কৰি দিলে যে মাখি এটা ৰেজিষ্টাৰৰ মাজত চেটেপ হৈ গ’ল৷ মাখিটো উলিয়াই চিত্ৰগুপ্তই ক’লে, “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকে আছে৷ ভোলাৰামৰ জীৱটোৱে

Read more

নাৰী – মূল: হৰিশংকৰ পৰচ্ছাই ভাবানুবাদঃ পৰিস্মীতা গগৈ

ৱাৰ্ডটোলৈ এজন নতুন ডাক্তৰ আহিছে৷ যুৱক৷ বয়স ত্ৰিছতকৈ বেছি নহ’ব৷ স্বাস্থ্যৱান৷ গাৰ ৰং মিঠা বৰণতকৈ কিঞ্চিত বগা, দেখনিয়াৰ নহয়, কুৎসিত বুলিবও নোৱাৰি৷ কিন্তু আকৰ্ষণীয়ও নহয়৷ তেওঁ আহে৷ আমাক ৰোগীবোৰক চায়৷ নাহাঁ‌হে, কেৱল মুখখন কোঁ‌চাই থাকে৷ আমাৰ কথাবোৰ মনোযোগ দি নুশুনে৷ নিজেও একো নকয়৷ এজনক পৰীক্ষা কৰি আন এজনৰ ঔষধ লিখি থৈ যায়৷ ডিউটিৰ সময় আঠ বজাত৷ তেওঁ আহে ন বজাত৷ কাম তেওঁৰ বাবে বৰ বিৰক্তিকৰ বস্তু৷ তেওঁৰ মুখমণ্ডলত অনবৰতে বিৰক্তিয়ে বাহৰ পাতি থাকে৷ উৎসাহ, উদ্দিপনা এইবোৰ চিনিয়ে নাপায়৷ আমাক গালি

Read more

গাধক মানুহ কৰাৰ কাহিনী – মূল:- মোল্লা নাছিৰুদ্দিন- অনুবাদ: পূৰৱী কটকী

এখন গাঁৱত এজন চিকিৎসক আছিল। তেওঁ নিজৰ লগত এজন মানুহ ৰাখিছিল। এদিন তেওঁ গাঁৱৰ পৰা প্ৰস্থান কৰিবৰ সময়ত লগত থকা মানুহজনক কিবা কথাত ধমক লগাই ক’লে, “আৰে তই নাজান, তই প্ৰথমতে কেনেকুৱা আছিলি? তইতো গাধ আছিলি। মই তোক গাধৰ পৰা মানুহ কৰিলো। মই তোৰ ইমান উপকাৰ কৰিলো তথাপিতো তই মোৰ কথা নুশুন!” তেওঁলোকৰ ওচৰেদি তেতিয়া গাধৰ মালিক এজন পাৰ হৈ গৈছিল। তেওঁ কথাখিনি শুনি যি বুজিলে তাৰ সাৰৰ্মম এনেধৰণৰ যে, “চিকিৎসকজনে গাধক মানুহ কৰে।” তেওঁ চিকিৎসকজনৰ ওচৰলৈ গৈ কলে, “প্ৰভু!

Read more

ভেড়াছাগলী আৰু কুকুৰনেচীয়া বাঘ – মূল কাহিনীঃ হৰিশংকৰ পৰছাই (অনুবাদ: পূৰৱী কটকী)

এবাৰ এখন হাবিত পশুবোৰে অনুভৱ কৰিলে যে, তেওঁলোক সভ্যতাৰ উচ্চ শিখৰত অবস্থান কৰিলে৷ য’ত তেওঁলোকে এটা ভাল শাসন ব্যৱস্থা স্থাপন কৰিব লাগে৷ আৰু তাত সকলোৰে একমতত নিৰ্দ্ধাৰিত কৰা হ’ল যে বন-প্ৰদেশত প্ৰজাতন্ত্ৰ স্থাপন কৰা হওক৷ কথামতেই শীঘ্ৰেই এখন সমিতি গঠন কৰি বিধান মতে পঞ্চায়ত নিৰ্মাণৰ ঘোষণা কৰা হ’ল৷ য’ত বনৰ সমূহ পশুৰদ্বাৰা নিৰ্বাচিত প্ৰতিনিধি থাকিব, যি বন-প্ৰদেশৰ বাবে আইন আৰু শাসন কৰিব৷ পশুসমাজত এই “ক্ৰান্তিকাৰী“ পৰিবৰ্তনৰ পৰা আনন্দৰ জোৱাৰ উঠিল৷ কাৰণ সুখ, সমৃদ্ধি আৰু সুৰক্ষাৰ যেন স্বৰ্ণযুগ আহিবলৈ ধৰিছে৷ যিখন

Read more

বিলাসিতাৰ সুখ – মূল-বিলাসিতা কি সুখ, লেখক- অৰবিন্দ সৰস্বত (অনুবাদ: পৰিস্মীতা গগৈ)

বিলাসিতাৰ সুখ -পৰিস্মীতা গগৈ মূল-বিলাসিতা কি সুখ লেখক- অৰবিন্দ সৰস্বত। যেতিয়াই অন্য বিকশিত ৰাষ্ট্ৰৰ সুখ সুবিধাবোৰৰ কথা ক’ৰবাত পঢ়োঁ বা শুনিবলৈ পাওঁ‌ তেতিয়াই মোৰ হৃদয়ৰ পৰা দুখবোৰ নিমিষতে অন্তৰ্ধান হৈ যায়। মোৰ এই কথাষাৰ শুনি আপোনালোকে আকৌ ভাবি নল’ব যে আনৰ সুখ সুবিধা দেখিলে মোৰ জ্বলন হয়। এচিকুটো আত্মপ্ৰৱঞ্চনা নকৰাকৈ যদি কও মই আকৌ এনেকুৱা সুখ সুবিধাবোৰ তেওঁলোকৰ দুভাগ্য বুলিহে ভাবোঁ‌। সুখ সুবিধাৰ যি মায়াজাল আমাৰ দেশত আছে, সেয়া আন ক’ৰবাত আছে বুলি মোৰ বিশ্বাস নহয়। এতিয়া আপোনালোকেই কওকচোন, সেই

Read more

গণতন্ত্ৰ – মূল: ড° নৰেন্দ্ৰ কোহলী; অনুবাদ: হিমাংশু ভাগৱতী (একে নামৰ লেখাৰ ভাবানুবাদ)

ভোলাৰামৰ সাংঘাতিক ল’ৰালৰি৷ হাতত এডাল লাঠি আৰু এখন পতাকা লৈ সি প্ৰায় লৰ দিয়াৰ দৰে খোজ দিছে৷ “ক’লৈ যাৱ অ’ই? “ মই সুধিলোঁ৷ “ষ্টে’ছন৷ “ “ৰে’লত ক’ৰবালৈ যাবি? ? “ “নহয়৷ ৰে’লত জুই লগাবলৈ গৈ আছোঁ‌৷ “ “কিয়? “ মই আচৰিত হৈ সুধিলোঁ, “বেচেৰা ৰে’লখনে তোৰ কি ক্ষতি কৰিলে৷ সেইখন চৰকাৰী সম্পত্তিহে৷ “ “তেন্তে দেশে বিহাৰত আমাৰ দলৰ চৰকাৰ কিয় নবনালে? ? “ সি খঙত ক’লে৷ “আমাৰ চৰকাৰ নহ’লে আমি দেশত জুই লগাই দিম৷ “ “এয়াটো গণতান্ত্ৰিক কথা নহ’ল৷ “

Read more

নলেজ এণ্ড হাফ-নলেজ – মূল: খলিল জিব্ৰান: ফ’ৰৰাণাৰ (অনুবাদ- নৱজিৎ বৈশ্য)

এটা নদীৰ পানী-যুৱঁলিত কাঠৰ কুণ্ডা এটাত চাৰিটা ভেকুলী বহি আছিল৷ হঠাৎ নদীৰ সোঁতত পৰি কাঠৰ কুণ্ডাটো উটি যাবলৈ ধৰিলে৷ ভেকুলীকেইটাৰ আনন্দত আত্মবিস্মৃত অৱস্থা৷ কিছু সময় পিছত সম্বিত ঘূৰাই পাই ১ম ভেকুলীটোৱে ক’লে- আবে…এইটো লগ অৰডিনাৰী লগ নহয় বে! ই জীৱিত বস্তুৰ দৰেই মুভ কৰিছে বে! এনেকা লগ পেহলে কিচিকো ভি নচিব নেহী হুৱা ৰে! দ্বিতীয় ভেকুলীটোৱে নিৰৱতা ভঙ্গ কৰি ক’লে- নৌ মাহ ফ্ৰেণ্ড! এইটো একো স্পেচিয়েল লগ নহয় বে! আমাৰ যে এটা ওল্ড আচামিজ চং আছে শুনিবি না কেতিয়াবা…“নদী মাথোঁ

Read more

আই হেভ নাথিং টু ৱেৰ (মোৰ পিন্ধিবলৈ একোৱেই নাই) – মূল: ৰশ্মি ত্ৰিৱেদী (অনুবাদ: অভিজিৎ কলিতা)

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ, পিছে শ্বপিং যে কৰাই নহ’ল, এতিয়া কি কৰো মই? আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই; হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই। ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছ্যুটযোৰ পৰিল মাটিত, আকৌ হেঁচি ভৰাই থ’লো, নধৰিছে আৰু আলমাৰিত, এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই মাই গড! মোৰ যে আজি পিন্ধিবলৈ একো নাই। যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব; পিছে সেইটো পিন্ধি গ’লে জানো মানুহে নাহাঁহিব? ‘লালপৰী’ বুলি ‘ইনচাল্ট’ খাবলৈ

Read more

সদন – মূল: হৰিশংকৰ পাৰসাই (অনুবাদ: হিমাংশু ভাগৱতী)

দেশৰ সংসদত এদিন হাহাকাৰ লাগিল। সেই হাহাকাৰৰ ৰাজনৈতিক কোনো কাৰণ নাছিল, কাৰণ আছিল এটা বৰ ৰসাল ঘটনা। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ অকস্মাৎ চুলি খুৰোৱাক লৈ লাগিছিল হাহাকাৰটো। কালিলৈকে মন্ত্ৰীজনৰ মূৰটো জপৰা চুলিৰে ভৰি আছিল, ৰাতিৰ ভিতৰতে চুলি নোহোৱা কেনেকৈ হ’ল? সকলোৱে কথাটো আলোচনা কৰিবলৈ ল’লে। বিভিন্ন অনুমান কৰিবলৈ ধৰিলে। কোনোবাই ক’লে- মূৰত ওকণি হৈছিল কিজানি, আন কোনোবাই আকৌ ক’লে- মগজুত বিচাৰ বুদ্ধি ভৰাবলৈ বোধহয় চুলিৰ আৱৰণখন গুছাই ল’লে, আকৌ কোনোবাই ক’লে- পৰিয়ালৰ কোনোবা ঢুকালে বোধহয়। কিন্তু মন্ত্ৰীক আগৰ দৰে প্ৰসন্ন ভাবতে

Read more
1 3 4 5