ফটাঢোল

লিমাৰিক – উদিত বৰুৱা

বিমুদ্ৰাকৰণত মৰিল হাজাৰটকীয়া, নল মৰি গজালি দুহেজাৰটকীয়া, চুটকেচতে ধৰিব দুই কোটি, দুৰ্নীতিকাৰীৰ লাগিব জুতি, (নক’লেও হ’ব) শাসক-দুৰ্নীতিৰ প্ৰেম পৰকীয়া। স্বাধীন লোক বিপদজ্জনক ৰাষ্ট্ৰযন্ত্ৰৰ, সততাৰে জীয়াই থকা অতি কষ্টকৰ, অখিলহঁতক বন্দী কৰে, গৌৰীহঁতক হত্যা কৰে, বগলত ছুৰি, মুখত গান গণতন্ত্ৰৰ। কালৰো কাল তদন্তৰ কাল, দুৰ্নীতিৰ শিৰোনাম প্ৰশাসনিক পাল, মূৰৰপৰাই গেলে মাছ, বিষয়া ঘোচত পাছ, বিচাৰিলেই হ’ব জানো কৰ্মচাৰী ভাল? জুবিনদাই ভাল পায় খুঁটা বগায়, বহুতেই তাতে হুৱা-দুৱাখন লগায়, মাতিবলৈকো নেৰে, বদনামো কৰে, কোনোযে নহয় কম বুজিছে বুজায়। গলধনত পেলাই লৈ দীঘলকৈ

Read more

আপদীয়া পদ্য – মিতালী শৰ্মা

ৰক্ষকেই ভক্ষক হয় বিশ্বাস কাৰো নাই, মন্ত্ৰী আমোলাৰ আশীৰ্বাদ হ’লে গাধইও চাকৰি পাই। ভাল কামৰ মূল্যচোন নোহোৱাই হ’ল, বেয়া কামৰহে জয় জয়কাৰ চাৰিওফালে হাল্লা ব’ল। গুৰু শিষ্যৰ সমন্ধতো ঘুণে আছে ধৰি সকলোতে পঁচা পঁচা গোন্ধ আহে ভাঁহি। মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ সকলোতে কৰে চুৰ তথাপি আমি কৰিব নোৱাৰোঁ একো হওঁ দূৰতে বিদুৰ । ☆★☆★☆

Read more

আপদীয়া পদ্য – চিদানন্দ বৰা

ভাগৱতৰ দশম স্কন্ধ মেলি যদি চোৱা পাবা কলিৰ মনিচৰ মৰ্ম সম্বন্ধতে বোৱা খুলশালী আপোন হ’ল সহোদৰহে দূৰতে ৰ’ল ৰামচৰিত পঢ়ি নিতৌ নিদিওঁ নে আমি হুৱা নাগিনীয়ে ল’ৰা পাই নগাইহে জোল খায় ক’লো হে বোপা সৰ্বা নুবুলিবা পাছত হায় ‘কলি’ৰ গুপুত মৰ্ম ভকতিতে কৰা ধৰ্ম ইটো মতি হ’লে বাপু হেৰাব যে সমুদায়। ন-তে ন অঁৰা পুৰণি হলেই ছ-অঁৰা বোলা কথা ফাঁকিৰ কিনো মৰ্ম জানানে অঞ্জুমালা নাথাকিবা চেনি খায় ভাটি দিব বয়সে হায় ৰাইজৰ পেহী হৈ পাছে থাকিবা গাই গুণমালা ঢেঁকীশাল ফুৰিলে

Read more

যুগৰ ফটা লিমাৰিক – বন্দিতা গগৈ বৰা

(এক) অসম মুলুকত বহিছিল চাকৰিৰ মেলা, লাখ টকাৰ বিনিময়ত চাকৰি কিনাৰ খেলা, পালৰ পাল্লাত পৰি, আগ-পিছ বিচাৰ নকৰি, চাকৰি কিনিবলৈ গৈ হ’লগৈ দুটামান জেলৰ ভাত বুটলা। (দুই) লাখটকীয়া পাল পৰিল জালত, চাকৰি কিনাবোৰৰ চৰ পৰিল গালত, পাল ঔ পাল, কিযে তোৰ ফুটা কপাল, বুঢ়াবয়সত ধৰিবগৈ লাগিব নেকি হালত! ☆★☆★☆

Read more

ফটা লিমাৰিক – ধনজিত বৰুৱা

বজাৰত ঘূৰা এজনী কুখ্যাত বুঢ়ী ছাগলী অফিচাৰজনৰ কাগজ কামুৰি আধাই নিলে টপালি অবুজন তাই ভেবেলী মক্কেলক পালে আবেলি লাখটকীয়া চহীবোৰক দুয়োটাই ৰাতিটো আছে পাগুলী ☆★☆★☆

Read more

সময় – প্ৰণীতা গোস্বামী বৰঠাকুৰ

সময় হেনো গতিশীল কেৱল আগুৱাই যায়, হাতৰ মুঠিত ৰাখিব খুজিলেও পিছলি ওলাই যায়। নামী দামী হাতঘড়ীবোৰ পিন্ধি সময়ক বান্ধিব খোজো, কৰিব লগীয়া কামবোৰহে কিন্তু সময়মতে কৰিব নোৱাৰোঁ। সময়ৰ লগত খোজ মিলাবলৈ নতুন নতুন আঁচনি লওঁ, সময়ৰ মূৰত আঁচনিসমূহ ফাইলতে বন্ধ পাওঁ। সময়ে কিন্তু প্ৰতিখোজতে আমাক শিক্ষা দি থৈ যায়, বয়সৰ লগত অভিজ্ঞতাবোৰেও জীৱনৰ ৰস পান কৰায়। জ্ঞানীজনে সময়ৰ লগত নিজকে আগুৱাই নিয়ে, অজ্ঞানীজনেহে নিমিলা তালত হিয়া ঢাকুৰিয়াই মৰে। সময়ৰ সোঁতত উটি-ভাহি গৈ নিজৰ নেহেৰুৱাবা অস্তিত্ব, সময়তহে তুমি ফলাফলটো পাবা এতিয়াই

Read more

আপদীয়া পদ্য- ৰাজীব শৰ্মা

(১) পৰিৱৰ্তনৰ শ্লোগানেৰে বহিলো মই গাদীত সা-সম্পতিৰ মিছা হিচাপ দিলো প্ৰজাৰ বেদীত ভোটত জিকি গঢ়ো চৰকাৰ পঢ়া-শুনাৰ নাই দৰকাৰ লংকালৈ গ’লেই ৰাৱণ বিশ্বাস এই নীতিত (২) নোবোলো বুলিছিলো কদাপি বঢ়া বচন ফটামুখ মেলিলে সৱাই দিয়ে ধোৱন কোনোৱে পায় বঁটা কোনোৱে আকৌ গতা কথাৰ বৰ পাক মুহূৰ্ততে বাজে বাজন (৩) পূৰ্বজন্মৰ কৰ্মফল পৰজন্মত ভোগে ৰজাইও ভাগ্যত সকলো হেৰুৱাই মাগে খাটি খোৱা প্ৰজা নাই কোনো বোজা মাংস খাই ভাল পাওঁ বাঘ আছিলো চাগে ☆★☆★☆

Read more

ৰাসৰ সঁচা অনুভৱ – প্ৰাঞ্জল আৰ এম শইকীয়া

আঘোণৰ পূৰ্ণিমাত মাজুলীৰ ৰাস পিলিঙা ডেকাই নিমাতী ঘাট কৰিলেহি গ্ৰাস ৰাস চোৱাৰ লৈ গইনা আনিবলৈ মন কইনা ফেৰীৰ পৰা নামিয়েই বাইক চালনৰ ত্ৰাস ! শৰতৰ পূৰ্ণিমাৰ নিশা শুভ্ৰ জ্যোতি ক্ৰমান্বয়ে বাঢ়ি যায় মটৰ চাইকেলৰ গতি কে টি এম নাইবা পালছাৰ লগত থাকেই দি এচ এল আৰ ৰাসথলীতে প্ৰেম হয় সাক্ষী জগতৰ পতি । মাজুলীৰ ৰাসত এতিয়া আধুনিকতা বাঢ়িল ব্যৱসায়ৰ জাকজমকতাৰে বহু পৰিৱৰ্তন আহিল সত্ৰবোৰ অৱশ্যে ব্যতিক্ৰম বহুত বাধাকো কৰি অতিক্ৰম সাতামপুৰুষীয়া কৃষ্টি ধৰি ৰাখিছে হ’বলৈ নিদি কাহিল ! ☆★☆★☆

Read more

বানান পুৰাণ – অনুভৱ আকাশ

ভোলটোকে ভূল বুলি নকৰিবি ভুল। গোল-আকাৰ পৃথিৱীক নুবুলিবি গুল।। মাছৰ জোলত নাই এককৰ জুল। কন্দলীৰ টোলত বাৰু আছিলেনে টুল।। বাঁহৰ আগত সাজে বগলীয়ে বাহ। কাঁহৰ বাতিত টেঙা খালে হ’ব কাহ।। হাতীয়ে ভাঙিলে হেৰ’ ভকতৰ হাটী। মাটিৰ মালিক কোন আনগৈচোন মাতি।। বহি বহি পঢ়ি থাক বিজ্ঞানৰ বহী। ৰাতিপুৱা বাহি গাতে নবজাবি বাঁহী।। ভোট জলকীয়া দেখি ভূতে কৰে ভয়। চোক থকা দাখন চুকত কোনে থয়।। ক’লা হ’লেই কলা নহয় মনত ৰাখিবি।। অসমীয়া বানানৰ শ্ৰাদ্ধ নকৰিবি।। ☆★☆★☆

Read more

বৰুৱাৰ কেন্টিন – সদানন্দ দত্ত

বিশ্ববিদ্যালয়ৰ কেম্পাচত বৰুৱাৰ কেন্টিন, জিডিবি চাৰৰ লগত হ’ল কেনেবাকৈ ডলফিন। ৰিফ্ৰেছাৰ কৰ্চ চেকেণ্ডটোৰ খানাৰ ঠিকা ল’লে, লগে লগে বৰুৱাবাপুৱে পাৰ্টিচিপেন্টক লম্ভিলে। খানাৰ চাবা কি মেনু, কথাৰ কি মেৰ পাক! মোছ পকাই বৰুৱাবাপুৱে বজাই ঢোল_ঢাক! “ৰুটী খাব, নে পুৰি খাব, নে খাব চেঁচা দহী”, ৱেটাৰ বয়ক কথা ক’ব ভীষণ ভেকাহি মাৰি। পিছে,উৰহী গছৰ ওৰ পাবা যদি ভিতৰলৈ যোৱা, বস্তুৰ অভাৱত বয় বিলাকৰ চকু কন্দনামূৱা। চাপ্লাইৰ নামত আলু,পিয়াঁজ আৰু সস্তীয়া দালি, মেনুৰ বাবে নানে একো,বজাৰৰ পাচলি। কাঁহী কিনাৰত ভাজি লাগে,নিদিয়ে একো ভাজি,

Read more
1 10 11 12 13 14 15