ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

(১) ঘূণপোকে খালে নেকি আগৰ মিলা-প্ৰীতি, সুদূৰ পৰাহত যেন শান্তি-সংহতি, সৰৱ মঞ্চৰ অভিনেতা, নীৰৱ চমঝদাৰ শ্ৰোতা, গেছত পকা কলৰ দৰে হ’ল ৰাজনীতি (২) দিনত সভা-সমিতিত উদাত্ত ভাষণ দি ফুৰে, ৰাতি হ’লে এটুপি ধৰি গিৰিহঁতনীক গালি পাৰে, দলৰ তেৰাই হৰ্তা-কৰ্তা, ৰাইজক দিয়ে প্রেছ বাৰ্তা, দেশৰ স্বাৰ্থত সাংগোপাংগে পথ অৱৰোধ কৰে। (৩) আবিৰ্ভাৱ হয় চিপৰাং পাৰ্টি, ত্ৰাণকৰ্ত্তা নেদেখি হেৰায় চুৰ্ত্তি, অহোৰাত্ৰি মহা ত্ৰাস, অৰ্থকৰী অৰ্থনাশ, কাণে-কাণ মাৰি গাদী ৰয় বৰ্ত্তি। (৪) উদক ৰাখো আমি ভেঁটা ৰখীয়া, বগলীক পাতো দলৰ বিষয়ববীয়া, লোভত মৰে

Read more

ইপাৰৰ কবিতা–নৱজিৎ বৈশ্য

আপুনি কথাৰ সিপাৰে উৰুৱাই ভাবনাৰ কুকুহা ইপাৰে আমাক পৰুৱাই পায় আপুনি কথাৰ সিপাৰে থাকে ধৰা হ’ক আপুনি কবি আপুনি মানুহ যোগ পোহৰ অথবা, মানুহ বিয়োগ আন্ধাৰৰ দৰে কিবা এটা… আপোনাৰ কথাৰ পেনৰোজীয় চিৰি বগাই মানুহ কাহানিবা উঠিব পাৰেনে আপোনাৰ আকাশী বাৰন্দালৈ য’ত বহি কৃতবিদ্য সমালোচকে পান কৰে লা-ওপালা আতিথ্য কেতিয়াবা ভাবো মানুহৰ বাবে আপুনি নিৰ্মাণ নকৰে কিয় শিলৰ এলানি সৰল চিৰি কথাৰ ইনডেলিবল্ ৰেখা খোদাই কৰাবলৈ আপোনাৰতো কাহানিও শিলৰ অভাৱ হোৱা নাই (তথাপি ভগা নৌকাত পাৰ কৰা ৰাধাৰ কিমান ভাৰ…)

Read more

নিবনুৱা প্ৰেমিক– অভিজিৎ মেধি

মা-কচম্, ফুটা মানিবেগত খুচুৰাকেইটাও নাথাকে নহ’লে আইচক্ৰীম পাৰ্লাৰত তোমাক সুধিলোঁহে- ভেনিলা নে ষ্ট্ৰৱেৰী? নাঙলৰ ভৰষাত থকা পিতায়ে নাজানে আধুনিকতাত শকত মানিবেগ, আইফোনৰ প্ৰয়োজন পকেটমানিৰে গৰম কৰিব নোৱাৰি চিচিডি-ৰ কোমল চকী আৰুনো কেনেকৈ কওঁ তোমাক ভালপাওঁ বুলি ! “পঢ়িবলৈ গৈ চহৰীয়া ছোৱালীৰ প্ৰেমত পাহৰিম গাঁৱৰ আলি-পদূলি, ডাঙৰ চাকৰি কৰি সজাম ডাঙৰ ঘৰ কুকুৰৰ ভয়ত নাহিব আলহী” -অন্ততঃ লগৰীয়াৰ আড্ডাত এইয়া আছিল মোৰ ভৱিষ্যত । সিহঁতেতো নুবুজে চহৰৰ বুকুত শুঙি উলিয়াব নোৱাৰি চাকৰি! নৈতিকতাৰ কাপোৰ খুলি, পইচা ঢালিলেই আহি যাব হেনো এপইন্টমেণ্ট

Read more

লিমাৰিক – হেমেন ডেকা

(১) জয়ঢোলৰ বজ্ৰনিনাদ শুনি লাগে বৰ মজা জয়ধ্বনিৰে মুখৰিত আজি জৰাজীৰ্ণ পঁজা জীৱনত মাথোন জীয়াতু জীৱন্মৃত জননী জয়তু জলা-কলা হৈ জুপুকা মাৰিলে জলৌপলৌ প্ৰজা ৷ (২) অপৰিসীম আনন্দ মনত যদিহে থাকে ক্ষমতা হাতত, বাদ পৰে জাতিৰ চিন্তা জহি গ’লে যাওক জাতীয় সত্তা, ওপৰৰ আদেশ শিৰোধাৰ্য অতি আনুগত্য অপৰিহাৰ্য, দলৰ স্বাৰ্থ ৰক্ষা হ’লেহে আগলৈ থাকিব নিশ্চয়তা ৷ (৩) ধনকুবেৰৰ গাঁতত বন্দী কাগজৰ লাখ লাখ গান্ধী হাৰমাল হ’লে নলা-নৰ্দমাত পেলাই বস্তাত বান্ধি, দুৰ্নীতি ক’লাধনৰ আগ্ৰাসী গতি, নিমাখিত জনৰ নগুৰ-নাগতি, ভণ্ড সেৱকেও সুযোগ

Read more

মইবৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

“চকু মুদা কুলি”ৰ দৰে থাকিলোৱেই যেনিবা মই, “চল চাই কঠিয়া পৰা”ত ওস্তাদ কিয়নো তই !! “বাটৰ কচু গাত ঘঁহি” ভাল নাপাওঁ মই, “নলগা জেং” ত সোমাবলৈ যাৱনো কিয় তই! বেছি পয়মাল দেখিলেই মই “টুপাই বুৰ মাৰো”, “চুঙা চাই সোপা”টো মাৰিব নাজান কিয়নো বাৰু! “আপোন ভালেই জগত ভাল” বুলি আত্মতুষ্টি কৰোঁ “গছত উঠাই গুৰি কাটিব”লৈ অলপো কেৰেপ নকৰোঁ। “কটা ঘাঁত চেঙাতেল” দি কি যে লাগে মজা, “জ্বলা জুইত ঘিঁ” ঢালি তাতোকৈ সুখৰ মেলা । “আঠুৱা চাই ঠেং মেলি”বলৈ জ্যেষ্ঠজনে কয় বণিজলৈ

Read more

দুৰাচাৰ মিনতি – পৰমাকান্ত দাস

মই দুৰাচাৰ গাঁৱৰ গাৱঁলীয়া নাপাওঁ চহৰৰ আও-ভাও; বুঢ়া সৱেওচোন লংপেণ্টহে পিন্ধে যেন চিনেমাৰ হিৰ’। বুঢ়ী সৱে পিন্ধে মেক্সি চুৰিদাৰ চুলিতো গাঁঠি লয় বেণী; জীয়াৰী সকলে জাৰতো নিপিন্ধে গা-ঢাকি কাপোৰ কানি । ছাত্ৰ- ছাত্ৰী যেন অফিচৰ বিষয়া ম’বাইল বাইক লৈ ফুৰে; কলেজ পঢ়া নামত পাৰ্ক ধাবাত বহি যৌৱনটো উপভোগ কৰে। অফিচৰ অফিচাৰ চৰকাৰী বিষয়া চাৰ্টিফিকেট থকা ডকাইত; বহনি নহ’লে কামকে নকৰে কিযে মতাগোঁসাই গভাইত । চৰকাৰী বিদ্যালয় মধ্যভোজনালয় কণা হাঁহক পতান দিয়ে; ফাঁকিৰামৰ ফাঁকি ছলাহী হাঁহিয়ে মন-প্ৰাণ সকলো হৰে । হেৰা

Read more

কুনিয়াই এই দুটা – নৱজিত বৈশ্য

ঘিটমিটকৰে আন্ধাৰ ধুমাখুন্দা বৈহ্ৰান এটা ভাঙা ছাতাৰ তলোত তুমি আৰু মই দেউতাৰ গজ্জেনি ঘনে-ঘনে চিকিমিকি জপং… খামচা মাৰি ধৈল্লা তুমি মোৰ হাতোত আৰু চিকিমিকি… ৰাস্তাৰ কাখোৰ আইটাটুত দেখলু ছাটামাটা মস্তো এটা চেং… অকাস্মাৎ বাইপেৰেৰ মাত “কুনিয়াই এই দুটা…?!” “ও খট্টে আমি দ্যাআ…!!” [বৈহ্ৰান- বৰষুণ ছাতা- ছাতি আইটাটুত- নলাটোত ছাটামাটা- চকামকা খট্টে- খুড়া] ■■

Read more

ফেচবুক ধাবা – মৌচুম দাস

ফেচবুক ধাবাখনত মাতাল হম আজি প্ৰফাইলৰ মদিৰা পাণ কৰি মাজে মাজে মেছেজৰ বুট খাম। অলপ নিচা হলেই লাইকেৰে নটিফিকেচনৰ সোঁত বোৱাম কমেণ্টৰ ধুম উঠিলেই জিভা দোৰোল খোৱা বাৰ্তালাপ কৰিম হা:হা:হা: মাতাল হম আজি ফেচবুকৰ দুনীয়াত লাহে লাহে চূড়ান্ত নিচা হ’লেই বিষাদৰ ষ্টেটাছ বমি কৰিম হোলোকা-হোলোক। ■■

Read more

লিমাৰিক – ধনজিত বৰুৱা

১) বোলো লিভাইচ জিন্সেৰে তেওঁ প্ৰিন্সেচ ৰ’জ যতে পাই ততে দিয়ে চেলফিৰ প’জ ৰক আৰু ৰোল কৃষ্টি, নকলৰ সৃষ্টি, চামথিং হেপেনিং, লিটল অভাৰ ডজ ২) বাইক দি উমলাই ৰমলাৰ পুত্ৰ, শব্দই কৈ দিয়ে তেওঁৰ গতিগোত্ৰ৷ চনে এদিন বেলটালে, আধা গা চেলখালে, বাপেকেই দি আছে পুৱাই গোমূত্ৰ৷ ৩) মহাদেৱৰ মহাশিচ যেন তেওঁ কিং লিয়েৰ হাঁহি-মাতি পান কৰে জীৱনৰ বহু টিয়েৰ আশীৰ্বাদৰ যেন ৰং হলাহল মায়াৰ চং যাত্ৰা জীৱনৰ অগ্ৰগামী কেতিয়াবা বেক গীয়েৰ৷ ৪) জখলা নহলেও নাই মাৰি কথাৰ মহলা মিহিৰামে বগাই

Read more
1 13 14 15 16