ফটাঢোল

আপদীয়া পদ্য – ৰাজীব শৰ্মা

(১) শ্ৰৱণ কুমাৰে পিতৃ-মাতৃক কান্ধে লৈ ভাৰ খোজকাঢ়ি তীৰ্থ দৰ্শনেৰে সুজিছিল ধাৰ পৌৰাণিক কাহিনীৰ ৰূপ বৰ্তমান নিমিলে ধুৰূপ এলাগী হ’লেই আজি কেৱে বোলে ধৰ মাৰ  (২) আগ চোতালত বহি তেওঁ তুলি আছিল কাঁঠি ৰচীৰে মেৰিয়াই পুতেকে গালৈ টোৱালে যাঁঠি কি কৰিছ হেৰ সোণ বাপেৰকে বান্ধচোন খিলখিলাই সি বোলে ককাকো বান্ধি থৈছাচোন (৩) সমাজসেৱক হ’বলৈ হৈছিল তেওঁ  এম পি ঘৰ-বাৰী, টকা-পইচা সকলোফালে এম টি আজি দেশে-বিদেশে সম্পত্তি দেখি প্ৰজাৰো নাই আপত্তি ভোট আহিলে হাতযোৰে পাহৰি যায় ভেম কি ☆★☆★☆

Read more

আপদীয়া পদ্য – হেমেন ডেকা

১) বাদুলিয়ে কলঠোক খোৱা বুলি ক’বলৈহে পালে বাদুলি বিচাৰি বহু ডেকাই বিম্বাশবদে লৰ দিলে ক’লৈ পলাল নিশাচৰ সৱেই বোলে ধৰধৰ ধেই,কল দেখোঁ পকাই নাই-খেনোৱে আহি ক’লে৷ ২) বোন্দা মেকুৰী এটাৰ অন্তৰত বৰ দুখ বহুদিন হ’ল- দেখাই নাই মাছৰ মুখ বজাৰত দেখো জুই ৰজাঘৰো আছে শুই হতাশ বিড়ালে কাঁইট চেলেকিয়ে লভে সুখ৷ ৩) খাহী ছাগলীয়ে কি বুজিব ঘাতকৰ দৃষ্টি কিয়নো বাৰু ইমান আদৰ-যত্নৰ বৃষ্টি খন্তেকীয়া সুখৰ জীৱন লাভ কৰে সশ্ৰদ্ধ তোষণ নেজানিলে সি যে বৰভোজৰ বাবেই সৃষ্টি৷ ☆★☆★☆

Read more

ধেমেলীয়া পদ্য – প্ৰণতি শইকীয়া 

(১) নিমপাতে ছালৰ ৰোগ ততালিকে এৰে আজিকালি বুঢ়া মেথাই ফেচবুক হোৱাটচ আপ কৰিহে ভাত ঘুমটি মাৰে। (২) ছালত লাগে কোমোৰা জেওৰাত বগাই লতা ধুনীয়া ছোৱালী দেখিলে পকেটৰ পৰা ফণি উলিয়াই চুলি আঁ‌চোৰা ডেকা ফেচবুকতেই পাবা। (৩) অবাবতে গছ বন নকৰিবা তহিলং গৰম দিনত ঘৰ এৰি দৌৰিব লাগিব দাৰ্জিলিং শ্বিলং (৪) ইলিছ মাছৰ কলঠি ৰৌ মাছৰ জোল কাম বন নকৰি বহি থাকি জাতি ৰক্ষাৰ সপোন দেখি নকৰিবা ভুল। (৫) কথা এটি কৈছো মনে মনে কাণত পকা বেলৰ চৰবত খাই চাবা গৰমত

Read more

সোণৰ কণী পৰা হাঁহ – প্ৰদীপ পাটগিৰি

‘ফটা-ঢোল’ত পদ্যৰ জোঁৱাৰ আমিও নাথাকোঁ বহি, পদ্য এটা আপলোডাম নুঠিলেও নুঠক হাঁহি ৷ টে’ট পাছ কৰি শিক্ষক হ’লো কৰিলো ডি এল এড, টে’টনী এজনীৰ প্ৰেমত পৰি সপোন দেখিলোঁ এ টু জেড ৷ পৰামৰ্শ মানি প্ৰিয় বন্ধুৰ তেওঁলৈ কৰিলোঁ ফোন, মনৰ কথা খুলি ক’লোঁ তেওঁৰ উঠিল খং ৷ ফোনটো দিলে দেউতাকক দেউতাক আকৌ ‘হিটলাৰ’, ফোনতে দিলে মোক ধমকি “ঐ বেটা হুচিয়াৰ ৷ নাচাবি মোৰ ছোৱালীৰ ফালে পিঠি ফালি দিম তোৰ, পুলিচৰ সৈতে মোৰ উঠা-বহা দেখুৱাম ৰঙা-ঘৰ ৷” ধমকি শুনি প্ৰেম পলাল

Read more

গছ বিষয়ক – যতীন মিলি

গছৰ কোনো চলন অংগ নাই ৰ’দে-বৰষুণে, ধুমুহা-বতাহে শিপা খামুচি থাকে চোতালত বাৰীৰ ঢাপত পদপথৰ দাঁতিত পথাৰত নদীত ঐদহে বৈদহে থিয় হৈ থাকে গছ গছ আইৰ দৰে আইৰ নিৰ্ভেজাল দুগ্ধৰ দৰেই দিয়ে অমল অক্সিজেন সুমিষ্ট ফলৰ ৰস ৰ’দত ছাতি এটা হৈ ছাঁ দিয়ে কোনো কবিয়ে লিখি শেষ কৰিব নোৱাৰিলে গছৰ সেউজীয়া কাহিনী গছৰ বাবেই চিপকো আন্দোলন গছৰ বাবেই বিখ্যাত শংকৰদেৱৰ সেই বাণী ‘ এক বৃক্ষ দশ পুত্ৰ সম ‘ গছৰ বাবেই যেন ভূমিষ্ঠ অৰণ্য মানৱ যুগে যুগে গছে বহন কৰি আহিছে

Read more

বহুৰূপী – দণ্ডিনাথ কলিতা

(১) মই ভট্টাচাৰ্যৰ ল’ৰা ইংৰাজী বঙ্গলা পঢ়া এশ একুৰি ডাঙৰ ডাঙৰ কিতাপ মুখস্থ কৰা৷ (২) মোৰ কপালত মস্ত ফোঁট, মূৰত টিকনি গোট, ডাঙৰ মানুহ দেখিলে আগত মাটিত লোট-সোট৷ (৩) মোক নাভাবিবা কম, ঘৈণীৰ ওপৰত যম, স্ত্ৰী-স্বাধীনতাৰ বক্তৃতাত কিন্তু কোনো নাই মোৰ সম৷ (৪) কিন্তু কটাৰী চিকুণ শিলে, তিৰোতা চিকুণ কিলে, ঘৰৰ ভিতৰত এই বচন হে মোৰ মতেৰে মিলে৷ (৫) মই বাল্য বিবাহ দেখি, কৰোঁ প্ৰতিবাদ লেখি, নিজে হ’লে বিচাৰোঁ গৌৰী, আঙুলিত বছৰ লেখি৷ (৬) মই সমাজৰ আগত হ’লে, জলপান খাবলৈ

Read more

লিমাৰিক (বিশ্ব পৰিৱেশ দিৱস উপলক্ষে) – ৰাজীৱ শৰ্মা

(১) গছপুলি ৰুলে পাবা চৰকাৰী খিতাপ গছকে কাটি বেৰা দিবা নকৰি সন্তাপ পুলি ৰুই দিলে বেৰা মৰিল সকলো হেৰা বেৰা দিয়া গছজোপাৰ নোলাল হিচাপ। (২) বিশ্ব পৰিৱেশ দিৱসত ৰুলো পুলি ফেচবুকত ফটো দিলো ছেলফি তুলি মোৰ কাম শেষ হ’ল প্ৰমাণ জিলিকি ৰ’ল লাইক,কমেন্টৰে এতিয়া আছো ফুলি। (৩) ফোঁপজহী ৰঙাইৰ ক্ষন্তেকীয়া চমক গছ পুলি ৰুবলৈ উঠিল বোলে জমক নৱ সাঁজ-পাৰ পিন্ধি গাতো দিয়ে লোকে খান্দি ওভোটাই গছ ৰোৱে ক’ত মৰে মৰক। ☆★☆★☆

Read more

ফটা পদ্য – হেমেন ডেকা

সঁচাক মিছা- মিছাক সঁচা কৰাটো সেৱকৰ নীতি সতিনীৰ যাত্ৰা ভংগ কৰে আপোনাৰ নাক কাটি৷ সমাজসেৱক দেখিছো কত দন্দুৰা-ডাংকাটী সশব্দে মেদিনী কঁপাই বচন মাতে দিন-ৰাতি৷ সৱতে চাগে ত্ৰিপাপ যোগ- সেয়েহে টেকেলি কাতি সাপৰ দৰে মোট্ সলাই কোনে আছে খুঁটি৷ সন্তৰো ডুবে নাওঁ- কাৰণ পকনীয়াযুক্ত সুঁতি সহস্ৰ কুম্ভীৰেও খাওঁ খাওঁকৈ ৰুদ্ধ কৰে গতি৷ সময় এনেকৈয়ে উৰে- হেঁপাহবোৰো যায় টুটি সাতে-সতৰে এতিয়া উদ্গতিৰ জ্বলে লালবাতি৷ ☆★☆★☆

Read more

মাহবোৰৰ পদ্য – প্ৰাঞ্জল শ‌ইকীয়া

বহাগ প্ৰথম মাহ মনত দুগুণ সাহ মৰম দিবলৈ চেনেহীৰ ঘৰলৈ সঘনাই আহ-যাহ । এইবাৰ জেঠ আহিল গৰম দুগুণে বাঢ়িল গোটেই পিঠি ঘামচি উঠি অৱস্থা কৰিলে কাহিল । জন্ম মাহ আহাৰ মনত স্ফূৰ্টিৰ পাহাৰ জন্মদিন বুলি তাইক লগত তুলি ফুৰিলোঁ ইউ পি, বিহাৰ । শাওনৰ গেলা ডাৱৰীয়া বিয়পি পৰিল মেলেৰিয়া চিকিৎসা কৰাই ডিডিটি ছটিয়াই কোনোমতেহে এৰিলোঁ টান নৰিয়া । ভাদ মাহত ল’লোঁ নাম এৰি দিলোঁ আন কাম চাকি জ্বলাই দিলোঁ শৰাই ফুৰিলোঁ বৰদোৱা বৰপেটা ধাম । আহিনে আনিলে শাৰদী বা ৰংবোৰ

Read more

চন্দ্ৰবিন্দুৰ মায়া – জয়ন্ত আকাশ বৰ্মন

প্ৰতিপদৰ জোনবাই, বুকুতে সৰু তৰা এটি ল’লে, ক-ফলালৈ নামি আহিল, চন্দ্ৰবিন্দু নাম পালে৷ মই/আমি সদায় যিবোৰ ক্ৰিয়া কাম কৰোঁ, চন্দ্ৰবিন্দু বহুৱাই দিবা শেষত, কথাটি কৈ থ’লোঁ‌৷ গান গাওঁ‌, ভাত খাওঁ‌, ফুৰিবলৈ যাওঁ‌, -আৰু কত কিমান কাম, খেলোঁ, নাচোঁ, কথা পাতোঁ, -চন্দ্ৰবিন্দু শেষত চোৱা বহিছে থম-থম৷ গাইছিলোঁ, খাইছিলোঁ, গৈছিলোঁ, আৰু যিমান যি কাম কৰিছিলোঁ, চন্দ্ৰবিন্দুক বহুৱাই শেষত, শব্দটোৰ মোখনি মাৰিছিলোঁ৷ ঠিক আগে-পাচে থাকে যদি নাসিকা বৰ্ণ ঙ ঞ ণ ন বা অনুস্বাৰ, চন্দ্ৰবিন্দু নিদিবা নিদিবা তাত, নাই কোনো দৰকাৰ৷ শাওনত শুনো

Read more
1 2 3 4 10