ফটাঢোল

ফটা কীৰ্তন – ৰূপল নাথ

(অধ্যায় এক) শুনিয়োক সৰ্বজন মোহোৰ বচন৷ ফটাঢোল বৃত্তান্ত কিছু কহিবাক মন৷৷ আগে কিছু কথা কওঁ ধৰি চৰণত৷ ভাষা জ্ঞানে নিঃকিন মই কৰিলো বেকত৷৷ ব্যংগ কৰি কিছু কওঁ প্ৰভু নাম লৈয়া৷ ভুল হৈলে নিজ গুণে কৰিয়োক ক্ষমা৷৷ মুখগ্ৰন্থ মাজে আছে বিয়াগোম গোট৷ ফটাঢোল নামে তাৰ পৰিচয় যুগুত৷৷ পত্নী মোৰ ব্যস্ত অনেক ঘৰে বহু কাজ৷ ক্ষণ মাত্ৰ মোবাইল খোলে মুখে লৈয়া লাজ৷৷ শয়ন পাটিত বসি ফাক ফাক হাসি৷ বোলন্ত আমাক কথা ফটাঢোল দেখি৷৷ ৰাখিলন্ত আমাক নিয়া সেই গোটৰ মাজে৷ দেখিলো অনেক বাদ্য

Read more

আপদীয়া পদ্য — ৰাজীৱ শৰ্মা

১) বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰি পুৰুষৰ তুমি ধৰিব নোৱাৰা চাতুৰি শক্তি বুলি ভজিব মাতৃ বুলি পূজিব পুৰুষৰ হাতত যেন ক’ৰ্টৰ হাতুৰী ২) নাৰী দিৱসৰ শ্লোগান হ’ল সমতা আজুৰি হ’লেও লোৱা নিদিলে ক্ষমতা বছেৰেকত পালন এদিন নাযায়চোন আমাৰ দুৰ্দিন ৰণচণ্ডী মূৰ্তি ধৰা পাহৰি মমতা ৩) আমাতে জন্ম লৈ আমাকে বোলে দুৰ্বলী হাঁহি উঠে পুৰুষে বুলিলে বাহুবলী নগাৰ চাং তলে বাট ভাবিলে দেহা পৰে শাত আমিবিনে পুৰুষৰ নাই তিৰি-চলী ☆★☆★☆

Read more

বিত্ত — কৌশিক দাস

বৃত্তৰ ভিতৰত সকলোৰে চিত্ত বিত্তৰ ভৃত্য দ্ৰুত প্ৰবৃত্ত জীৱনবোধৰ শেষকৃত্য; আদৰিছোঁ বিত্ত অপহৃত সুখৰ নমস্য দৈত্য। বিদায়ী বিত্ত নিদ্ৰাহৃত অসুখৰ নিথৰ সত্য! দিশহাৰা বিত্তৰ ইতিবৃত্ত! ☆★☆★☆

Read more

আংগুলিমান — ধনজিত বৰুৱা

আঙুলিৰে বিবিধ কাম কৰে আঙুলিতে হেনো চিকিৎসা, আঙুলিৰো বিবিধ কাম আছে আঙুলি ভেদে যশস্যা। বুঢ়াই ধৰে, বুঢ়াই ঠেলে, বুঢ়াই মাৰে টিপচহী বুঢ়াই কৰে ভোটদানো দেশে থাকে সহি-মহি৷ তৰ্জ্জনীত চক্ৰ, তৰ্ক-বিতৰ্ক তৰ্জ্জনীয়ে উঠাই ভাষণ, তৰ্জ্জনীয়ে নিৰ্দিষ্ট কৰি দেখুৱাই দম্ভ, বচন, আসন৷ মধ্যমা প্ৰায় ডাঙৰ দীঘল বেগেত জোখাত ধৰে, দাঁত মাজে কুটা কাঢ়ে টাইপিঙত চলে জোৰে। অনামিকাৰ বৰণীয়া ৰূপ দেখে যিকোনো ভাৱত অহংকাৰ, অনামিকাত বহু বিবাহ বিধি দুখে সুখে অলংকাৰ৷ কনিষ্ঠৰ সৰু সৰু কাম কাণ খৰকিউৱা সংগীত, পাছে আজিকালি বহন কৰে অতি

Read more

লিমাৰিক– জীমণি গগৈ

  (১) ফেচবুক লাইভত পাপনৰ পয়মাল লাগিল টেমি কটাৰীৰ ঠাইত হাঁচতি বাজিল বুজাই পিছে বুজিলে কোনে কিয় মাতিলে চুমাত লাগি আচল বিষয় তল পৰি থাকিল। (২) নীৰৱ মোদীয়ে সিফালে উদং কৰি গ’ল এইফালে ৰাইজ ভেবা লগাতে ৰ’ল ভিতৰি তৈলমৰ্দন বাহিৰে অৰণ্যৰোদন মধ্যবিত্তৰ মুখত মাথোঁ হৰি ব’ল হৰি ব’ল। (৩) চেনেল আৰু চিক্কা যাৰ জেপত থাকে বঁটা-বাহনে খেদি খেদি পায়হি তাকে সাহিত্যিক আৰু সাহিত্য আছে কিন্তু পাৰ্থক্য মুখাবোৰ লিপিত খাই থাকে মুখে-নাকে। (৪) কিনো ক’বা কিনো আছে ক’বলৈ খুলি দেখি-শুনিও আটাইবোৰ

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) জীৱন হ’ল যেন আলুৰ বস্তা সপোনবোৰ আলুৰ দৰে সস্তা সুদূৰত হিমঘৰ গৰমত গেলি মৰ গেলিলে শেষ ঠিকনা হয় ৰাস্তা। (২) মানুহে খালে মানুহৰ লগত ভাত নষ্ট হয় ধৰ্ম-ভ্ৰষ্ট হয় নেকি জাত সাজ-পোছাক অৰ্বাচীন বজালেও ঐক্যৰ বীণ কৌটিকলীয়া এলান্ধু স্পষ্ট দেখোঁ গাত। (৩) জাতি গঠনৰ দেখোঁ আবাহন অভ্যন্তৰত চলে কপট আয়োজন সংলাপৰ চমক সাজ-ৰমক-জমক বৌদ্ধিক ভেল্কীৰ কিবা প্ৰয়োজন। (৪) নিজৰ মাজতে কৰোঁ‌ খৰিয়াল খাল খান্দি মাতি আনোঁ ঘঁৰিয়াল চকু চৰহা বহুজন চুবুৰীয়াক শত্ৰুজ্ঞান দূৰণিত বিচাৰো স্বপৰিয়াল। (৫) লবী কৰি হ’ল

Read more

আপদীয়া পদ্য – ৰাজীৱ শৰ্মা

নীৰৱে লুটিলে বেংকৰ ধন-বিত দেখি হ’লো আচৰিত লুণ্ঠনৰ কিট সৰিয়হৰ ডুলিতে ভুত নিয়মৰো ৰাখি থয় খুট মৰাক মাৰিবলৈ ৰজাই পাতে মিট লাখে লাখে টকা খাই খোদ চৰকাৰী বিষয়া সম্পত্তিৰ পাহাৰ গঢ়ে নকৰি কাকো পৰোৱা দুৰ্নীতিৰ পাপৰ ভাগ ৰজাৰে যে সিংহভাগ চকুমুদা ৰজা শ্ৰেষ্ঠ হয় ভাওঁনাৰ বহুৱা আকৌ আহি পালেহি চেবাৰ পৰীক্ষা দামী আগৰ ভুলৰ নহয় যেন পুনৰামি কেউফালে চি চি টিভি পৰীক্ষাৰ্থী আছে ভাবি গৰুৱে নাখালেই পাম আমি স্কুটি দামী ☆★☆★☆

Read more

নৱবৰ্ষ – জোনমণি বৰুৱা

(ক) পুৰণিক বিদায় দি আহিল নৱবৰ্ষ ডেকা, বুঢা সকলোৰে মনত লাগিল হৰ্ষ হুইস্কী, ব্ৰাণ্ডী ৰাম মিউজিকো ধুমধাম চাৰিওফালে আনন্দৰ মেলা নহয় কোনো বিমৰ্ষ। (খ) চেঙেলীয়া ডেকাই ডিস্ক’ নাচে নিউ ইয়েৰ পাৰ্টি বুলি কাণত ফুলি, ডিঙিত চেইন , ৰাখে দীঘল চুলি লেটচ গ’ এনজয় নাই কতো ভয় মুখ বিকতাই ফেচবুকত চেল্ফী দিয়ে তুলি। ( গ) মাঘ বিহু নাপাতিলেও পাতিম নিউ ইয়েৰ পুৱাৰ পৰা সন্ধিয়ালৈ গিলি থাকিম বিয়েৰ পাৰ্টি হ’ব ফেন্টাষ্টিক বাজি থাকিব মিউজিক লগত থাকিবই হনী, চুইটি, ডিয়েৰ। ☆★☆★☆

Read more

হাবু-ডুবু – ববিতা কলিতা

ডুবাইত ডুবিল শ্ৰী দেৱী দুখত ডুবিলে দেশ! পাপন ডুবিল মহাৰাষ্ট্ৰত নোহোৱা- নোপজা কেচ! দুৰ্নীতিৰ বানত ডুবিল অসম, ৰকি-ৰাজাৰ কাজিয়া বিষম। ছিৰিয়া ডুবিল নীৰিহৰ তেজত, ভূ- লুণ্ঠিত মানৱ- ধৰম! কোনোবা ডুবিছে সুৰাৰ ৰাগিত, কোনোবা ডুবিছে প্ৰেমত। মৰাৰ পাখি পিন্ধিয়ে এদিন কাউৰী ডুবিছিল ভেমত! ☆★☆★☆

Read more

কৃষ্ণ-ৰূপ – হৰেকৃষ্ণ ডেকা

মোৰ জন্মৰ সময়ত কৃষ্ণ কৃষ্ণ বুলি নেদেখাজনৰ নাম সোঁৱৰিবলৈ মোৰ আইতাই হেনো মোৰ নামটোৰ মাজত কৃষ্ণক সুমুৱাই থৈছিল৷ তেওঁ কৃষ্ণ কৃষ্ণ বুলি মাতিছিল৷ কিন্তু কোন অময়াপুৰীত কৃষ্ণক তেওঁ পাইছিল সেই কথা হ’লে জনা নহ’লগৈ৷   আমাৰ শিশুপাঠৰ কৃষ্ণ এটি দুষ্ট শিশু আছিল৷ আমি সেইজন দুষ্ট কৃষ্ণক বিচাৰি ফুৰিছিলোঁ৷ আৰু মাৰ গল্পৰ আর্চিত নিজকহে দেখিছিলোঁ৷ আমাৰ যৌৱনত কৃষ্ণক বিচাৰিবলৈ আমাৰ ওচৰে-পাজৰে ক’তো কদমৰ গছ নাছিল৷ মোৰ নামটোৰ ৰন্ধ্রেৰে ভুমুকিয়াই চাওঁতে কেতিয়াবা চকা-মকাকৈ কৃষ্ণক দেখা পাইছিলোঁ৷ সিমানেই৷ কিন্তু যৌৱনৰ তেজত আন কিবা

Read more
1 2 3 4 5 9