ফটাঢোল

কৌতুক – বিজয় মহন্ত

শ্ৰেণী কোঠাৰ পৰা নগেন: শইকীয়া চাৰ আপোনাৰ হবী কি? শইকীয়া ছাৰ: জ্যোতিষ চৰ্চা কৰা। গজেন: মোৰ জন্ম ইমান চনৰ ইমান তাৰিখে। সোৱৰণীৰ নাম অমুক। মোৰ চাই দিয়কছোন। শইকীয়া ছাৰ: হেৰৌ মই এনেকৈ নাচাওঁ। বিয়াঘৰত হে হাত চাওঁ। থোলোক: অ সেয়ে বিয়াঘৰত মহিলাসকলে আপোনাক আগুৰি ধৰি থাকে ন ছাৰ? আৰু মহিলাৰ হাতত ধৰি তেওলোকৰ ভৱিষ্যৎ কৈ থাকে মানে? ☆★☆★☆

Read more

ষষ্ঠ ইন্দ্ৰিয় – সোমকান্ত শইকীয়া

নামৰূপত চাকৰি কৰা কালৰ শেষৰ প্ৰায় ১৬ বছৰ আমি থকা চেক্টৰ “ই”টো এখন ক্ষুদ্ৰ ভাৰত আছিল বুলি ক’ব পাৰি —- ভাৰতৰ সকলো ৰাজ্যৰে লোক ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে বসবাস কৰি আছিলোঁ। তাৰে কিছু সংখ্যক পৰিয়ালৰ লগত বৰ আন্তৰিকতা গঢ় লৈ উঠিছিল– আমাৰ সৈতে। আমাৰ লগত মিলা প্ৰীতি বেচি হোৱাৰ প্ৰধান কাৰণ — ভালে কেইজন আবাসীৰে ৰসবোধ (sense of humour) অতীব তীব্ৰ আছিল॥ সাধাৰণ ঘৰুৱা কথা বতৰাৰ মাজে মাজে ৰসাল কথা চলি থাকে — কওঁ বুলি কৌতুক কোৱাৰ প্ৰয়োজনেই নহয়। মোৰ

Read more

গৰুৰ বিষয়ে এখন ৰচনা – অনিমা দাস

এদিন পিটকণ হতৰ শিক্ষকে হমৱৰ্ক হিচাপে সকলোকে নিজৰ নিজৰ পছন্দ মতে বিষয় বাছি লৈ ৰচনা লিখি আনিবলৈ দিলে। সকলোৱে ৰচনা লিখি শিক্ষকক জমা দিলে।কিন্তু পিটকণৰ ৰচনাখন আছিল অন্যধৰণৰ। ৰচনাখন আছিল- গৰুৰ বিষয়ে ৰচনাঃ গৰু এক ডাঙৰ প্ৰজাতিৰ জন্তু।গৰুৰ চাৰিটা ঠেং, দুটা চকু,দুখন কাণ, এটা নাক আৰু ছোৱালীৰ দৰে বেণী গুঠিব পৰা এডাল দীঘল নেজ আছে।কিছুমান গৰুৰ সিং আছে কিছুমানৰ নাই।শিং থকা গৰু মাটি চহোৱা আৰু গাড়ী টনাত ব্যৱহাৰৰ হয়।মহিলা গৰুৰ শিং নহলেও চলি যায়। সাধাৰণতে গৰুৰ প্ৰধান খাদ্য ঘাঁহ যদিও

Read more

কৌতুক – ড০ মাখন লাল দাস

পত্নী: আপনাক কথা এটা সুধলি বয়া পাবো নাকি? পতি: নাপংদে, সুধ… পত্নী: মৰাৰ পাছোত আপনি আহুন স্বৰ্গত কি পাবো? পতি: আমি অপ্সৰা পাম, অপ্সৰা৷ পত্নী: আৰু আমি কি পাম দক? পতি: তুহুন বান্দাৰ পাবি বান্দাৰ৷ পত্নী: হাও৷ ইটু আৰু কেনে কথা? ইটু মহা অন্যায় হৈছে দক৷ পতি: কিহোৰ অন্যায় এ? পত্নী: আপনি আহুন ইয়াতো অপ্সৰা পাইছে, তাতো অপ্সৰা৷ আৰু আমি ইয়াতো বান্দাৰ পালো আৰু তাতেও বান্দাৰ??? ☆★☆★☆

Read more

কৌতুক – ৰিতন বৰুৱা

এজন গ্ৰাহকে দোকানত কিবা কিবি বস্তু কিনি আছে। ছেলছ বয়জনে গ্ৰাহকজনক সুধি সুধি বস্তু দি আছে। ছেলছ বয়ঃকওক ছাৰ, কি দিম? গ্ৰাহকঃগাখীৰ এপেকেট দিয়া। ছেলছ বয়ঃ আৰু কি দিম ছাৰ? গ্ৰাহকঃ সেইটো এপেকেট দিয়া। ছেলছ বয়ঃ আৰু ছাৰ? গ্ৰাহকঃহেৰা লৰা তুনি ছাৰ ছাৰ কৈ আছা, মোৰ বৰ ভাল লাগিছে জানা। তোমাৰ বাদে মোক আজিলৈ কোনেও ছাৰ কৈ পোৱা নাই। আকৌ এবাৰ কোৱাঁচোন ছাৰ বুলি। ছেলছ বয় – – পাগল (মনে মনে ভোৰভোৰালে, বাপেৰৰ চাকৰ পাইছিলি। দৰমহা কেইটাৰ আশাত ছাৰ ছাৰ

Read more

কৌতুক – দেৱজিত শইকীয়া

শ্ৰীমান থুলুক দত্তই পঞ্চায়ত ইলেকচনৰ নমিনেচন পেপাৰ চাবমিট কৰিছিল, পিছে কেঞ্চেল হ’ল৷ কাৰণ থুলুকে ফৰ্মত লিখিছিল লিংগঃ লিংগ নিৰ্ধাৰণ এতিয়ালৈ কৰা নাই, ক’ব নোৱাৰিম। (ব্ৰেকেটত লিখিছিল “আইন মতে দণ্ডনীয় বোলে সেয়ে জন্মতে মা দেউতাইও মোৰ লিংগ নিৰ্ধাৰণ নকৰালে মইও ভয়তে নকৰিলোঁ ৷ গতিকে নাজানোঁ ) ☆★☆★☆

Read more

ধৈ জিন্দেগী – বৰ্ণালী আম্ফি মান্তা

(১) আজি অফিচৰ পৰা আহোঁতে তৰমুজ পাঁচকিলো মান আনিবিচোন৷ : পাঁচকিলো? ইমানসোপা তৰমুজ মই কিহত আনিম? : হাড় নাভাঙে যা ৷  (দাদাৰ দমসনা মাত) অফিচ চুটীৰ পিছত… : অঁ ককাই, তৰমুজ কেনেকৈ দিছে? : কিলো পয়ত্ৰিশ কে৷ ডাঙৰ চাই দিম নে বাইদেউ? : অ অ, ডাঙৰ ডাঙৰ চাই দিয়ক ( ইমানসোপা তৰমুজ নিবলৈ ঘৰৰ পৰাই বস্তা এটা অনা হ’লে ভাল আছিল) ৷ : বাইদেউ, এইটো পাঁচকিলো হৈছে৷ মোনাটো দিয়ক, ভৰাই দিওঁ৷ : হেহ? এটাই পাঁচকিলো কেনেকৈ হ’ব হে? এসোপামান হ’ব

Read more

খকুৱা পুটুকন – অভিজিত কলিতা

পুটুকনৰ বাঁ‌ও হাত ক’ৰ পৰা শুকাব? সিদিনা পূজাত লগ পাই বোলে, : ককাই, আজি পূজা বুলি কিবা এটা খুৱাওক। মোৰো মনটো ভাল আছিল, ক’লোঁ, : খোৱা, কি খাবা! : হাঁ‌হৰ মাংসৰে ভাতকে খাই দিওঁ বলক। মই ভাল দোকান এখন চিনি পাওঁ। তামাম বনাই হাঁ‌হ। : ব’লা তেনে, খাই লওঁ। দুইজন গৈ অস্থায়ী দোকান এখন পালোঁ, আৰু টেটুগুৰিলৈকে দকচি দিলোঁ। বিল ময়েই দিলোঁ বাৰু, কথা দিয়া আছিল। খাই বেয়া নেলাগিল অৱশ্যে! আজিহে পুটুকনৰ ককায়েকে আচল কথাটো ক’লে। সেইখন বোলে পুটুকনৰ নিজৰে

Read more
1 2 3 13