ফটাঢোল

চচমা–মমিতা দাস

গাৱঁৰ ধনী মানুহ এজনে তেওঁৰ কেইজনমান বন্ধুৰ লগত তেওঁৰ নিজৰ গাড়ীৰে বনভোজ খাবলৈ গ’ল। মানুহজনে গাড়ী নিজে চলাইছিল। লগৰ বন্ধু কেইজনে সম্মুখৰ গ্লাছ খনেৰে একো দেখা পোৱা নাছিল । কিন্তু মানুহজনে বাটটোৰ গাত বোৰৰ পৰা বচাই আৰামত গাড়ী খন চলাই নিছিল। বন্ধু কেইজনে আচৰিত হৈ মানুহ জনক সুধিলে। বন্ধু , সম্মুখৰ আইনা খনেৰে আমি একো দেখা নাই । তুমি ইমান ধুনীয়াকৈ কেনেকৈ গাড়ী চলাইছা ? মানুহজনে কলে “কি ক’ম বন্ধু , মোৰ এই পাহৰি যোৱা স্বভাৱটোৰ বাবে এতিয়ালৈকে প্ৰায় ৯৫১

Read more

দুজন চোৰ– অনিমা দাস ।

দুজন চোৰ বহু দিনৰ মূৰত মুকলি হৈ কথা পাতি গৈ আছে।এনেতে প্ৰথম চোৰ জনে সুধিলে-এতিয়া পিছে কি কৰিম বুলি ভাবিছা? দ্বিতীয় চোৰ জনে ক’লে-এইবাৰ ভাল কাম এটাকে বিচাৰিব লাগিব।তুমি কি কৰিম বুলি ভাবিছা? প্ৰথম চোৰ জনে ক’লে-মই এইবাৰ এটা টৰ্চ কিনিম বুলি ভাবিছোঁ। দ্বিতীয় চোৰ জনে আচৰিত হৈ সুধিলে-কিয়? তেতিয়া প্ৰথম চোৰ জনে ক’লে-সেইবাৰ মই মানুহ এঘৰত চোৰ কৰিব যাওঁতে লকাৰ বুলি ভাবি ৰেদিওৰ ভলিউমটো ডাঙৰ কৰি বজাই দিছিলোঁ; ফলত ধৰা পৰিলোঁ। ★★★★

Read more

ব্যর্থ প্রেমিক– মৃদুল শৰ্মা

দৃশ্যপট : এটা শ্বপিং মল। প্রেমিকাৰ বিয়াৰ পিছত, সেই ব্যর্থ প্রেমিকৰ সৈতে পুৰণি প্রেমিকাৰ বহু দিনৰ পাছত দেখা দেখি হ’ল। (সুধো নুসুধোকৈ) প্রেমিকা : বিয়া পাতিছা? ব্যর্থ প্রেমিক : নাই। প্রেমিকা : কিয়? কেতিয়াও বিয়া নাপাতা নেকি? ব্যর্থ প্রেমিক : পাতিম। কিন্তু চৰ্ত আছে। হয় তুমি তোমাৰ স্বামীক এৰি মোৰ লগত আকৌ বিয়া হোৱা, নহয় তোমাৰ দৰেই এজনীক বিচাৰি দিয়া। প্রেমিকা : ঠিক আছে, বিচাৰিম বাৰু। (প্ৰেমৰ নাটকৰ যৱনিকাবোৰ সাধাৰণতে এনেকুৱাই হয়, কিন্তু এইবাৰৰ যৱনিকা অলপ বেলেগ) প্রেমিকা : মোৰ

Read more

নগেনৰ ইন্টাৰভিউ – পলাশ শইকীয়া।

আমাৰ নগেন এটা ইন্টাৰভিউ দিব গ’ল। ইন্টাৰভিউৱাৰ – তুমি বৰ্তমান কি কৰি আছা। নগেন – ইন্টাৰভিউ দি আছোঁ চাৰ। ইনটাৰভিউৱাৰ – নহয় পেছা হিচাপে কি কৰা। নগেন – একো নকৰো মই এজন নিবনুৱা। ইনটাৰভিউৱাৰ – নিবনুৱা যদি ঘৰতে থাকা নিশ্চয়। ঘৰত থাকিলে কি কৰা। মাক ৰন্ধা বঢ়া বা দেউতাক কিছু কামত সহায় কৰা তেনেহ’লে। নগেন – নহয় চাৰ। দেউতাই কিনি দিয়া মটৰ বাইক খন লৈ ঘূৰি ফুৰো আৰু মন গ’লে বা সুবিধা পালেই অসম বন্ধ দিওঁ। ★★★★

Read more

অংক মাষ্টৰৰ বিলৈ – প্ৰতিভূ দত্ত

অংক মাষ্টৰ মানে শ্ৰীমান দত্তৰ কথাকে ক’ব খুজিছো৷ যোৱা দেওবাৰৰ কথা৷ ঘৰত অকলে আছিল৷ ভাবিলে অকণমান ঘৰৰ কামকে কৰা যাওক৷ কি কৰিব কি নকৰিব ভাবি থাকোতে চকুত পৰিল ৱাশ্বিং মেচিনটো। “ঔকে! কাপোৰকে ধুই দিওঁ৷ কামো হৈ যাব, শ্ৰীমতীও খুছ্! “ নিজৰেই কেইবাটাও টি-ছাৰ্ট বিচাৰি আনি ধুবলৈ সাজু হ’ল৷ প্ৰথমে ৱাশ্বিং মেচিনত থকা নিৰ্দেশনাখিনি পঢ়িলে৷ তাৰ পাছত মেছিনটোত পানী ভৰাবলৈ ধৰিলে৷ তাৰ পাছত টি-ছাৰ্টবোৰৰ কলাৰৰ ওচৰত থকা বগা অকণমানি টেগটোত থকা নিৰ্দেশনাখিনি পঢ়িলে৷ “আৰে এইটো আকৌ কি কাৰবাৰ!“  নিৰ্দেশনা পঢ়ি আচৰিত হ’ল

Read more

ফটহু পুৰাণ – প্ৰসেনজিৎ গোস্বামী

(১) আমাৰ ফটহু স্মাৰ্ট বাপেকে ২০ টকা দি ২ কেজি নিমখ আনিবলৈ পঠিয়ালে৷ ফটহু খুচ, বহুদিনৰ মূৰত পইচা পাইছে হাতত৷ দোকান গৈ পায়ে দেখিলে দোকানীয়ে ৰঙা-নীলা চিপ্চৰ পেকেট ওলোমাই থৈছে৷ ফটহুৰ জিভাৰ পানী পৰি গ’ল, ভাবিলে কি কৰা যায়! পিছে লগত মাথো ২০ টকা হে আছে নিমখো নিব দিছে৷ তেনেতে দেখিলে বাৰাণ্ডাতে খোলা নিমখ বস্তাত ভৰাই থৈছে৷ এতিয়া স্মাৰ্ট ফটহু…. ফটহু: – দোকানী দা, খোলা নিমখৰ দাম কিমান? দোকানী: – ১০ টকা কেজি৷ ফটহু৷ : – ১ কেজি দিয়ক আৰু

Read more

অসমীয়া চিনেমাত ভবিষ্যতে বিখ্যাত হ'ব লগীয়া কেইটামান ডায়লগ… – মনজিত

(১) গ্ৰিন্দা স্বামী , মোক জোকাই লৈ তই ভাল কাম নকৰিলি| তই হয়টো নাজান ! wonders armyত ৰাকু দাৰ গুলি খাই গুন্দা কেইটাৰ যি খিনি তেজ ওলাই, সেই তেজক টমেট চচ বনাই ভেজ ৰ’ল বা ভেজ মম’ খোৱা মানুহ মই| জীয়াই থকাৰ ইচ্ছা আছে যদি মাফ খুজি ফেচবুকত tag কৰ মোক| (২) গ্ৰিন্দা স্বামী, মোৰ ইনবক্সত ব্লু হোৱেল গেমৰ লিংক দি বৰ ভাল কাম নকৰিলি| তই হয়তো মোক ইনডাইৰেক্টলি চেলেঞ্জ কৰিব পাৰ? কিন্তু তোৰ ভালৰ বাবে কৈ থওঁ ! মই

Read more

জিনছৰ বিলৈ – সোণটো ৰঞ্জন বৰুৱা

ফে’চন যুগে যুগে সলনি হৈ থকা মাল৷ সেই সলনিটোক যি মানুহে গ্ৰহণ কৰিব নোৱাৰে, সি সমাজৰ চকুত আনকালচাৰ্ড জন্তু! গতিকে সমাজৰ চকুত কালচাৰ্ড জীৱ হৈ থাকিবলৈ মানুহে সময়ৰ লগত খোজ মিলাই পোচাক পৰিধান কৰে৷ কিন্তু এই খোজ মিলাবলৈ যাওঁ‌তে কাপোৰক কিমান দুখ-কষ্ট, বিচ্ছেদৰ বেদনা দিওঁ ভাবি চাইছেনে? নাইচোৱা নিশ্চয়, নহয়নে? ৰ’ব, সৰু উদাহৰণ দুটা দিওঁ৷ জিনছকে চাওঁক! আগতে ল’ৰাবোৰে জিনছ পিন্ধিছিল নাভিৰ ওচৰত, ভৰিৰ পানীগাঁ‌ঠি ঢাক খোৱাকৈ৷ আৰু এতিয়াৰ পোৱালিবোৰে পিন্ধা চাওঁ‌ক, দেখিব জিনছ গৈ কঁকালৰ হাঁড় দুডালত ওলমি ৰৈছেগৈ

Read more

পাপ আৰু প্ৰায়চিত্ত – হেমন্ত কাকতি

দুপৰীয়া বন্ধবাৰ বুলি মবাইলটো লৈ অলপ বহি আছিলো ৷ টোপনি টোপনি ভাৱ এটাই ছানি ধৰিছিল ৷ হয়তো কালিৰ হেং অভাৰ শেষ হোৱা নাছিল ৷ চকু দুটা মুদি ধেৰ কিবা কিবি চিন্তা কৰি থাকিলো ৷ —— সিদ্ধান্তটো লৈয়ে পেলালো ৷ মানে মই আত্মহত্যা কৰিম ৷ এনে ধিক জীৱন আৰু জীয়াই নাথাকো ৷ সকলোৰে ঠাট্টা মস্কৰা শুনি শুনি মোৰ সহ্যৰ সীমা পাৰ হৈছিল ৷ অলপ বুঢ়া আৰু দেখিবলৈ ইমান বেয়া হলো বুলিয়েই ইমান ইতিকিং ভাল নালাগে ৷ছালডোখৰ কলা বা চুলি কিডাল সৰিলেও

Read more

কৌতুক – সোমকান্ত শইকীয়া

দুজন বন্ধু এবছৰ মানৰ পিছত হঠাত্ ৰাস্তাত লগা লগি হ’ল। ১ম বন্ধু: : কেনেকুৱা খবৰ? ভালে আছা? ২য় বন্ধু: : ভাল ভাল৷ তুমি ভালে আছা? ১ম বঃ (হঠাৎ কিবা এটা মনত পৰাৰ দৰে): : ৰ’বা চোন, তোমাৰ পৰাই সন্দেহটো মাৰি লওঁ —- যোৱা বছৰ যে ঢুকাইছিল — তুমি নে তোমাৰ ভাইটি আছিল? ২য় বঃ: : মই নহয়, মোৰ ভাইটোহে ঢুকাল৷ ১ম বঃ: : এৰা, মই ঠিকেই ভাবিছিলোঁ৷ পিছে কি হৈ ঢুকাল নো? ২য় বঃ: : সাপে খুটিলে৷ ১ম বঃ: :

Read more
1 8 9 10 11 12