ফটাঢোল

তোমাৰ নাম বাইদো – দীপিকা ডেকা

আজিকালি ল’ছালিবোৰ আগতকৈ সিয়ান হ’ল। মুখত মাত ফুটিলেই আগতে A,B,C,Dহে শিকে। সেয়েহে থিয়দঙা দিব পৰা হোৱাৰ পৰাই অভিভাৱকৰ স্কুল বিচৰা আৰম্ভ হয়েই। আমাৰ বিদ্যালয়লৈও এইবাৰ অকণমানি কেইজনমান আহিছে। কেইদিনমানৰ আগতে তাৰে এজনক মই নাম ক’বলৈ শিকাইছোঁ এইদৰে- “কোনোবাই তোমাৰ নাম সুধিলে নমস্কাৰ দি নামটো ক’ব লাগে-“নমস্কাৰ, মোৰ নাম অমুক (তাৰ নামটো)৷” দুবাৰমান এনেকৈ বুজাই দিলোঁ ৷ সি হ’ব বুলি ক’লে। মই ক’লোঁ –“ঠিক আছে ৷ এইবাৰ তেনেহ’লে তুমি কোৱাচোন “নমস্কাৰ মোৰ নাম……” ৷ সি একো নকৈ বহুপৰ মনে মনে মোৰ

Read more

বাৰিষা – কাজল প্ৰিয়া

বৰুৱা বর্তাৰ ল’ছালি মুঠেই সাতটা। নিচেই সৰু সংসাৰ, তাকে লৈ বর্তাৰ অন্তৰত অকণো দুখ নাই। ল’ছালিমখাও ইটোতকৈ সিটো চৰা । এটাই যদি মুঠেই বত্ৰিছ দিন গা নোধোৱাকৈ থাকে,আনটোৱে আকৌ নাকেৰে ওলমি থকা বৰলৰ টোপ নিজৰেই উৎপাদন বুলি সাউৎকৈ জিভাৰে টানি গিলি থয়। পৰহি দিনাৰ কথা, বৰুৱা বর্তাৰ ডাঙৰটো পুতেক বাৰিষা চন্দ্ৰ বৰুৱাই কেৰপাইৰ মাজুজনী জীয়েক ভুদুকীলৈ চিঠি এখন দিছিন৷ তাকে লৈ হৈ-চৈ লগাই মেচি দা ঘূৰাই কেৰপাই আহি বর্তাৰ ঘৰ পালেহি। কেৰপাইৰ চকুত জুই দেখি বৰুৱা বৰ্তাই লাহেকৈ সুধিলে- :

Read more

চেকবুকৰ চহী – হিৰন্ময় বৰুৱা

হৰিচন্দ্ৰ বৰুৱা চাকৰিত সোমোৱাৰ দুদিনমান পিছৰে ঘটনা ৷ তেওঁৰ বন্ধু নৱ সেইদিনা প্ৰথমবাৰৰ বাবে বেংকলৈ গৈছিল৷ হাতত খুৰীয়েকে দিয়া ‘চেক’খন৷ বেংকত দীঘলীয়া শাৰী ৷ কাউণ্টাৰত আমাৰ হৰিচন্দ্ৰ ৷ এঘণ্টামান ৰৈ যেনিবা নৱ গৈ কাউণ্টাৰৰ সন্মুখত উপস্থিত হ’ল৷সি টকা উলিয়াবলৈ বুলি ‘চেক’খন বৰুৱালৈ আগবঢ়াই দিলে ৷ বৰুৱাই নৱক ক’লে-“চেকখনৰ পিছফালে ছিগনেছাৰ মাৰা৷” নৱই পিছে একো বুজি নাপালে ৷ বোলে-“কি মাৰিম?” তিনিবাৰকৈ বুজোৱাৰ পিছতো সি বুজি নোপোৱাত হৰিচন্দ্ৰই ভাবিলে-ইয়াকে এনেকৈ কৈ থাকিলে কথা নিসিজিব৷ সেয়েহে বৰুৱাই লাহেকৈ নৱক ক’লে-“চিঠি লিখি পাইছা নহয়?

Read more

চেনি নিদিয়া চাহ – ডাঃ-পাৰ্থ সাৰথি ভূঞা

মাজতে এদিন আমাৰ বিজয়,দেৱজিত শইকীয়া, মানস শইকীয়া আৰু ৰামানুজ গোঁসাই, কিবা এটা কামত একেলগে হেকা দাৰ(হেমন্ত কাকতী)ৰ ঘৰলৈ গ’ল। দাদাই বোলে-“চাহ একাপ খোৱা ৰ’বা৷” এইবুলি বৌক তেওঁ চাৰি কাপ চাহ বনাবলৈ ক’লে। বৌয়ে বোলে-“ডাঙৰ কথা এটা হ’ল নহয় ! ঘৰত চেনি অলপো নাই, কি কৰা যায় এতিয়া?” হেকা দাই নাকটো মোহাৰি বোলে-“ওচৰতে দোকানো নাই, বাৰু তুমি চেনি নোহোৱাকৈয়ে বনোৱাচোন, মই কিবা এটা কৰি আছোঁ। বৌয়ে চাহ আনি টেবুলত দিয়া মাত্ৰকে হেকা দাই ক’লে- “আজি তোমালোকৰ বৌয়ে আৰু ময়ে মিলি খেল

Read more

আশাবাদী গাধ – হেমন্ত ভট্টাচাৰ্য

বহুদিনৰ পাছত অন্য এখন ঠাইত চাৰ্কাচ দেখুৱাবলৈ গৈ এটা গাধই তাৰ বন্ধু,আনটো গাধক লগ পালে । মুকলি মনেৰে জংগলৰ ঘাঁহ খাই,মুক্ত জীৱনৰ সোৱাদ পাই প্ৰথমটো গাধ তেতিয়ালৈকে বেচ নোদোকা হৈ পৰিছিল । তাৰ আগৰ চেহেৰাই সলনি হৈ ডেকা গাধৰ দৰে হৈছিল । সেই কাৰণে দুই নম্বৰ গাধই প্ৰথমে তাক চিনিবই পৰা নাছিল । কিছু কথা-বতৰা হোৱাৰ পাছতহে দুই নম্বৰ গাধই এক নম্বৰ গাধক চিনি পালে । প্ৰাৰম্ভিক কথা-বতৰাৰ পাছত এক নম্বৰে দুই নম্বৰৰ স্বাস্থ্যৰ এই অৱনতিৰ কাৰণ সুধিলে । কাৰণ

Read more

গুণ পেহী – কৃষ্ণা বৰা ফুকন

গুণ পেহী মানুহজনীক আচলতে কৃপণেই বুলিব নে খৰচী! ৰঙালাও বনালে হালধি নিদিয়ে, বোলে এনেয়েও ৰং উঠিবই, আকৌ হালধি দি কি হ’ব! এদিন ক’ৰবাত ফুৰিবলৈ যাওঁতে পেহীয়ে দোকানত খেজুৰ দেখিলে। পেহাক ক’লে বোলে মোৰ খেজুৰ খাবলৈ মন গৈছে। পেহাই আনি দিলে। পিছে পেহীয়ে ঘৰত আনি থৈ দিলে, খাবলৈ পাহৰিলে। দিন কি মাহ চেৰেকৰ পিছত এদিন যেতিয়া দেখিলে তেতিয়ালৈ পেকেটৰ এক্সপায়ৰী দেট পাৰ হ’ল। পেহীৰ ইফালে গাটো জালুক জলকীয়াই পোৰা দি পুৰিছে। অতখিনি পইচা, এনেয়েতো অহা নাই। এতিয়া গোটে গোটে পেকেটটো পেলাইনো

Read more

কৌতুক – ভাস্কৰজ্যোতি দাস

এইটো তেতিয়াৰ কাহিনী, যেতিয়া ৰিণ্টুদাই কুৱেইটী হোৱাতো বাদেই, বিয়াও পতা নাই৷ একেদৰে ভাস্কোৱেও ইউনিভাৰ্চিটি এৰি ধদুৱা মাৰি ফুৰিছে৷ এদিন দুয়ো ঢাবা এখনত লগ পাই দোস্ত হৈ গ’ল৷ দোস্ত মানে গেহেৰা দোস্ত৷ চাকৰি বাকৰি নাই৷ আক তাক ঠগি দুয়ো সদায় একেলগে বহি গড়মাৰ্কা খাই ৷ ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া; সদায়েই৷ এদিন দুয়োৱে পিঁপাই থকাৰ মাজতে বহু কথা চিন্তা কৰি একেলগে ব্যৱসায় কৰিবলৈ মন মেলিলে৷ পিছে কিহৰ ব্যৱসায় কৰিব তাৰ চিন্তাই দুয়োৰে অৱস্থা নেমু খোৱাৰ দৰে কৰিলে৷ অৱশেষত বহুত গুণাগঁথা কৰি ঠিক কৰিলে;

Read more

কৌতুক – হেমন্ত কাকতি

আমেৰিকালৈ যাম বুলি ভিচা ইণ্টাৰভিউৰ বাবে American Embassy পালোগৈ৷ অফিচাৰে বিজয়ক সুধিলে- আমেৰিকাৰ ক’ত যাব? বিজয় : চেন জ’চ (San Jose) অফিচাৰ : আমেৰিকাত San Hosey বুলি কয়৷ J টোক হ’ নিচিনাকৈ উচ্চাৰণ কৰে৷ বিজয়ে তপৰাই ক’লে- “ইটচ্ ওকে৷” অফিচাৰ : কিমান দিনৰ বাবে থাকিব? মই প্ৰম্পট কৰিলো- জুনত গৈ জুলাইত ঘুৰিম বুলি কোৱা৷ বিজয়ে মোলৈ ঘোপাকে চাই ক’লে- “হুনত গৈ হুলাইত ঘুৰিম।” ☆★☆★☆

Read more

কৌতুক — মানসী বৰা

নগেন কাইটিয়ে নিজৰ একমাত্ৰ পুতেকৰ নাম মৰমতে আধুনিকতাৰ লগত মিলাই নবীন ৰাখিছিল আৰু নামত ওজন বঢ়াবলৈ চন্দ্ৰ লগাই কৰিছিল নবীন চন্দ্ৰ হাতীবৰুৱা। স্কুলত আকৌ লগৰ ল’ৰাবোৰে নবীনটোকে চমু কৰিবলৈ গৈ বীন কৰি পেলালে। পিছে কালক্রমত এই বীন গৈ বিন লাডেন হ’লগৈ। সকলোৱে তাক লাডেন লাডেনকৈ জোকায়। পুৰণিকলীয়া নামটোৰ বাবে নবীনৰ মাক-বাপেকৰ ওপৰত এনেয়েও কেতিয়াবা খং উঠে। টিপটপ ড্ৰেছ পিন্ধি হেয়াৰ জেল লগাই চুলি স্পাইক কৰি এদাল্ট পাৰফিউম মৰা ল’ৰাটোৰ নাম নবীন হেনো নোশোৱায়। তহঁতবোৰে মোৰ নামটো ৰাহুল, অৰিয়ান, ঋত্বিক জাতীয়

Read more

কৌতুক — জনাৰ্দন ঠাকুৰ

এখন বিয়াত কাকতিদাই বহু পৰ ধৰি খায়েই আছিল, খায়েই আছিল। বিলনীয়াজনে বিৰক্তিৰে সুধিলে – : আৰু কিমাননো নেখায় আপুনি হে? কাকতিদা : মইও খাওঁতে খাওঁতে ভাগৰি গৈছো। অনিচ্ছা স্বত্বেও খাবলগীয়া হৈ আছে, কিয়নো নিমন্ত্ৰণী পত্ৰত লিখা আছে, ৰিচেপচনৰ সময় ৭ বজাৰপৰা ১০ বজালৈ। ☆★☆★☆

Read more
1 2 3 4 5 9