ফটাঢোল

ভাজুক – ঈশান জ্যোতি বৰা

(১) আৰ্কিমিডিছেই আছিল হ’বলা,  এই যে আৱিষ্কাৰটো কৰি উঠি গা-ধোৱা ঘৰৰ পৰাই মাজৰাস্তালৈ দুপ্‌দুপকৈ লৰ মাৰিছিল আৰু আনন্দত উত্ৰাৱল হৈ ‘ইউৰেকা,ইউৰেকা’ বুলি চিঞৰিছিল! মোৰো এতিয়া তেনেকুৱা কেইটামান চিঞৰ মাৰিবলৈ মন গৈছে৷ অকল সেইয়াই নহয়, কান্ধত প্ৰকাণ্ড ঢোল এটা ওলোমাই, কাষতে কেইজনীমান নাচনী লৈ আবতৰীয়া বিহুনাচ এটা নাচি দিয়াৰো প্ৰবল ইচ্ছা হৈছে৷ মন গৈছে-এতিয়াই যেন ছ’ছিয়েল মিডিয়ালৈ ঢপলিয়াই যাওঁ আৰু উধৰ পৰা মূধলৈকে মনৰ সমস্ত ভাৱ-অনুভূতি লিপিবদ্ধ কৰি ৰাইজৰ পৰা বিপুল পৰিমাণৰ ‘কংগ্ৰেছুলেছন’ সংগ্ৰহ কৰোঁ৷ কিন্তু প্ৰৱল ইচ্ছা সত্ত্বেও মই ইয়াৰ

Read more

সিন্ধি – গীতিকা শইকীয়া

বাপুকনৰ ঘৰত যোৱা ৰাতি কোনোবা চোৰে সিন্ধি খান্দিলে৷ খবৰটোৱে গাঁওখন তথা ওচৰ-পাঁজৰৰ গাঁওবোৰতো এক প্ৰকাৰৰ হুলস্থূলেই লগাই দিলে৷ ক’বলৈ গ’লে গাঁওকেইখনত বহুত বছৰ ধৰি কাৰো ঘৰতে একো চুৰি-টাৰি হোৱা নাই৷ মানে গাঁৱৰ ৰাইজে হ’বলৈ দিয়া নাই৷ দুই-এবাৰ গাঁৱৰেই কাম-বন নকৰাকৈ থকা দুটামানে দুই-এঘৰত চুৰি কৰিছিল, গাঁৱৰ মানুহে ধৰি নামঘৰলৈ নি আঁঠু কঢ়াই কাণত ধৰাই ৰাইজৰ আগত শপত লোৱালে যে নিজৰ তথা ওচৰ-পাঁজৰৰ গাঁওকেইখনত যেন চুৰি-টাৰি নকৰে৷ দুই-এজনে সিহঁতক পুলিচত দিয়াৰ কথা কৈছিল৷ কিন্তু গাঁৱৰ মানুহে পুলিচত দিয়াৰ কথা ভাবিবও নোৱাৰে৷

Read more

দাদা আৰু নাই – ভাস্কৰজ্যোতি বৰুৱা

অপলক নেত্ৰে চাই ৰলোঁ ম’বাইলৰ স্ক্ৰীনত। দাদা আৰু নাই। কিয় এনে কৰিলে দাদাই? দুখ, ক্ষোভ, হতাশাই নিমিষতে আগুৰি ধৰিলে মোক। আকৌ এবাৰ লক্ষ্য কৰিলোঁ – মই ভুল দেখা নাইতো? নিশ্চিত হ’লো, মই ঠিকেই দেখিছোঁ। সেই তাহানি কেমেষ্ট্ৰীৰ প্ৰেকটিকেলত টেষ্ট টিউবৰ তৰলৰ ৰং আকাংক্ষা কৰা ধৰণে সলনি হ’বলৈ কৰা বৃথা অপেক্ষাবোৰৰ দৰে আজিও মই যিমানে চাই নাথাকিলেও এই ৰং যে সলনি নহয় সেয়া বুজি পালোঁ।“ফ্ৰেণ্ড” আৰু “ফ’ল’ৱিঙ” শব্দ দুটা যেন এখন বগা কাপোৰেৰে ঢাকি দিলে দাদাই। এতিয়া মই যিমানেই চাই নাথাকিলেও

Read more

বিয়া-সংবাদ – হীৰকজ্যোতি বৈশ্য

বিয়া বুলি ক’লে গা সাতখন-আঠখন লাগে৷ ভাইটি আৰু মোৰ সবাতোকৈ প্ৰিয় মাংসৰ মলমলীয়া গোন্ধ আৰু খাই উঠাৰ পিছত বিবাহপ্ৰাৰ্থীয়ে বটাত যছা গুৱামুৰিৰ সতেজ ছবিখন মনত ভাঁহি উঠে৷ বিয়ালৈ সচৰাচৰ আমি মাৰ লগত নাইবা দেউতাৰ লগত নাইবা মা, দেউতা দুয়োৰে লগত যাওঁ৷ কিন্তু সিদিনা মাৰ জ্বৰ আৰু দেউতাৰ ডিছেণ্ট্ৰি৷ আনফালে বিয়াখনলৈ নগ’লে নহয়৷ ভাইটি আৰু মই দেউতাক বিয়ালৈ যাবলৈ বাৰে বাৰে তাগিদা দি আছোঁ৷ কি কৰোঁ কি নকৰোঁ ভাবি দেউতাই শেষত সিদ্ধান্ত দিলে যে বিয়ালৈ ভাইটি আৰু মই যাব লাগিব…৷  ভাইটি

Read more

বাঁহনি তলৰ চোৰ – তৃষ্ণা সোনোৱাল

আলিবাটৰ কাষৰ বেৰাখন পচিছে দেখি নাৰায়ণে পদূলিৰপৰাই গোটেই বেৰাখন এৰুৱাই পেলালে। জাতি বাঁহ কেইডালিমান কাটি প্ৰথমতে মাজ অংশৰপৰা গুৰিলৈকে জেওৰাৰ খুটিকেইটা কাটিলে। আগৰচোৱাৰপৰা কামি চাৰিডালিমান ফালিছিলহে, সেই সময়তে আহিল পেহী। “আহিল এইজনী। এতিয়া কি নোহোৱা হয় হৰিয়ে জানিব।” – নাৰায়ণে পেটে পেটে দেখিবই নোৱাৰে পেহীক। যোৱাবছৰ হ’বলগীয়া কইনাজনীৰ ঘৰত লগোৱা যুঁজোৱা কৰি পেহীয়েই বিয়াখন ভঙা নাই জানো। “নাৰায়ণ ঔ, বাঁহ কাটিছ হ’বলা। কি কামত লগাবি হেৰ’?” – পিৰালিতে ৰমক জমককৈ বগা গোলাপ এজুপি ফুলি আছিল। কুৰ্চুতীয়া পেহীয়ে তামোলৰ পিক সোপাকে

Read more

আজলী পেহী – ৰাস্না বৰা

দেখাত লনী তেজগোড়া চেহেৰাৰ মৰম লগা পেহীজনীৰ আমাৰ ঘৰলৈ দিনে-ৰাতিয়ে একোপাক মৰাটো যেন নিত্য-নৈমিত্তিক কাম৷ পেহী আহিয়েই মাক বৌদেও বুলি মতাৰ লগে লগেই মই য’তে যি কৰি থাকোঁ আহি হাজিৰ হওঁহি; কাৰণ পেহীয়ে ৰস লগাই কোৱা কথাবোৰ তেওঁ আমালৈ অনা আম,কঁঠাল,লিচু,বগৰী আদিতকৈও মিঠা৷ পেহীৰ আকৌ মালৈ বৰ মৰম৷ মাক কুঁৱাৰ পৰা পানী দুবাল্টি আনি দিয়া, পাচলি কাটি দিয়া, মচলাকণ পিছি দিয়া আদি কৰি সদায় সহায় কৰে৷ মানা কৰিলেও নুশুনে৷ পেহীয়ে গাঁৱৰ হাঁহি উঠা খবৰবোৰ; যেনে-কাৰ ন-বোৱাৰী শহুৰৰ আগতে চোতালত পিছলি

Read more

সময়ৰ বিড়ম্বনা – পৰিস্মীতা গগৈ

হঠাৎ হৰেশ্বৰৰ মূৰত টান কিবা এটা পৰি উফৰি যোৱাত মূৰটো পিহি পিহি পিচলৈ চাই দেখিলে; আলিটোৰ সিটো মূৰত হাতত কেটেপাখন লৈ ৰত্নেশ্বৰে তাৰ তামোল খাই মামৰে ধৰা কটাৰীৰ পিঠিখনৰ দৰে দাঁতকেইটা নিকটাই হাঁহি আছে৷ “ঐ কিহে পাইছে তোক, ইমান জোৰেৰে মাৰিলি যে৷ লাগে তোক …” এইবুলি আঁঠু মূৰত পিন্ধি থকা চুৰীয়াখনৰ পোন্ধটো আৰু অলপ টানকৈ মাৰি তাক খেদি যাবলৈ উদ্যত হওঁতেই পথাৰখনৰ মূল বাটটোলৈ চকু গ’ল৷ ৰাতিপুৱাৰ জলপানৰ টোপোলাটো লৈ মেখেলাখন আঁঠুৰ ওপৰত পিন্ধি সৌজনী ৰমলা বোকা খচি খচি তাৰ

Read more

স্বাৰ্থপৰ পৃথিৱীত নিঃস্বাৰ্থ হোৱাটোও এটা ভুল – বিকাশ শইকীয়া

পল্টন বজাৰ,পল্টন বজাৰ, পল্টন বজাৰ ……৷ খালি গাড়ী, খালি গাড়ী, খালি গাড়ী……… ৷ এই “খালি গাড়ী” শব্দটো শুনাৰ লগে লগে অৰ্ণৱে বাছ ষ্ট’পত বহি থকা বেঞ্চখনৰ পৰা উঠিল৷ যদিও সি জানে গাড়ীখন খালি নহয়৷ বহিবলৈ চিট পোৱাটো টান৷ তথাপি খালি গাড়ী মাতষাৰ শুনিলে ঠিয় হৈ যোৱাৰ সাহসকণ হয়৷ বাছত থিয়হৈ অৰ্ণৱে ভাবি আহি আছে৷ সেই ডেকা ল’ৰাজনে খালি গাড়ী বুলি চিঞৰি চিঞৰি কিমানৰ যে পেট ভৰাই আছে! মালিক,ড্ৰাইভাৰ,মেকানিক আদিসকলৰ ওপৰিও ট্ৰেফিক পুলিচলৈকে তাৰ মিছা কথাষাৰত নিৰ্ভৰশীল৷ সকলোৰে স্বাৰ্থত সি মিছা

Read more

অৱশেষত দিপুৱে এজনী পালে – মানস শইকীয়া

মণিৰ দোকানত পাণখন লৈ মুখত ভৰাব ধৰোতেই মিণ্টুৱে ক’লে- “সকলোৱে পাব দাদা৷ আপোনাক লাগে যদি কওক, মই সব ঠিক কৰি দিম৷” পাণখন মুখৰ ভিতৰৰ নিৰ্দিষ্ট ঠাইকণত থিতাপি লগাই মই বোলোঁ-“মোক নেলাগে হেই৷ পাৰ যদি দিপুকে কিবা এটা কৰি দে, আমিতো একো কৰিব পৰাই নাই৷” সি তপৰাই ক’লে,“ঠিক আছে দাদা, কাইলৈ ৰাতিপুৱা তাক পঠাই দিব৷” দিপুৰ সৰু দোকানখনত সোমাই খবৰটো দিয়াৰ পিছদিনাই দিপুৱে মিণ্টুক লগ ধৰিলে৷ মিণ্টুয়ে ক’লে যে সি ওপৰত সকলো ঠিকঠাক কৰি দিব৷ প্ৰথমৰ কামখিনি পূৰ্ণিমা ডেকাই কৰিব৷ দিপুৱে

Read more

বিড়াল – উৎপলা কৌৰ

মনোৰমা বৰুৱাই নিজৰ নতুন ঘৰটো আৰ্কিটেক্ট-ইণ্টেৰিঅ’ৰ ডিজাইনাৰ নিয়োগ কৰি সুদৃশ্য কৈ বান্ধি লোৱাৰ দৰে নিজৰ সংসাৰখনো সজাই-পৰাই লৈছে৷ তেওঁ বৰ হিচাপী মানুহ৷ সকলো কাম লাভ-লোকচানৰ তুলাচনীত জুখি-মাখি কৰে৷ অৰ্কিটেক্টে ঘৰটোৰ নক্সা আঁকি লোৱাৰ দৰে তেওঁ কলেজত পঢ়ি থাকোঁতেই আঁকি লোৱা নিজৰ জীৱনৰ নক্সাখন সুন্দৰকৈ, ক’তো উজুটি নোখোৱাকৈ অনুসৰণ কৰি গৈছে৷ গৃহ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা সাৱধান হোৱাৰ দৰে নিজৰ জীৱনৰ পৰাও কামত নহা মানুহবোৰ গাখীৰত পৰা মাখিটো উলিয়াই পেলোৱাৰ দৰে কাম তেওঁ অতি চতুৰতাৰে কৰি পেলাব পাৰে৷ কলেজীয়া

Read more
1 2 3 14