ফটাঢোল

আধুনিক সাধু – নাজিয়া হাচান

১) ফুচফুচি ভেদুলা বুঢ়াই নাতিনীয়েক ফুচফুচিক বিয়া দিবলৈ বুলি ল’ৰা এটা বিচাৰিলে৷ ফুচফুচিজনীৰ পঢ়া শুনাত মানে একেবাৰে মন নাই৷ বৰ গাধী আৰু বুৰ্বক প্ৰকৃতিৰো তাই৷ দিনৰ দিনটো তলৌ-তলৌকৈ মাথো ঘূৰি ফুৰে৷ কিবা ক’লে কিবা বুজি বহি থাকে৷ সেয়ে অতি সোনকালে ককাক ভেদুলায়ে লেটেকুলৈকে তাইক বিয়া দিব বুলি ঠিক কৰিলে৷ তাকে শুনি ফুচফুচিৰ বৰ আনন্দ৷ দিনৰ দিনটো তাই লেটেকু জোপাৰ তলতে আজিকালি গৈ বহি থাকে৷ ফুচফুচিয়ে গমকে নেপায় ককাকে ঠিক কৰা ল’ৰাটোৰ নাম যে লেটেকু! ২) ফেচবুক চিন্তাধৰে বহুত চিন্তা কৰি

Read more

সাধুকথা নহয়, ৰগৰহে – কবীন্দ্ৰ ডেকা

১) বাদুলিয়ে হেনো সকলোকে ঠগি ফুৰে। কথাটো শুনি হাতীৰ বৰ খং উঠিল। সি ভাবিলে, সামান্য বাদুলি এটাৰ ইমান বুদ্ধি থাকিব পাৰেনে! বাৰু, ই মোক কেনেকৈ ঠগে মই চাই লওঁ‌! এইবুলি হাতীটোৱে বাদুলিক বিচাৰি ওলাল। বহুত দূৰ গৈ বাটত বাদুলিক দেখা পাই ক’লে — “ঐ বাদুলি, এইফালে আহ, এইডাল চেহেৰা লৈ তই হেনো সকলোকে ঠগি ফুৰ! বাৰু চাওঁ‌চোন তোৰ কিমান ক্ষমতা আছে, মোক ঠগিব পাৰিবি?” বাদুলিয়ে থতমত খালেও পিছমুহূৰ্ত্ততে কৈ উঠিল, – “মহাৰাজ, এনেকৈ হঠাতে ঠগো বুলি ঠগিব পাৰি জানো! মই

Read more

অণুগল্প – আত্ৰেয়ী গোস্বামী

(১)জুঠা চিক্‌চাক্‌ ছোৱালীজনীয়ে বিয়াৰ আগতে নিজৰ ভাই-ভনী দুটাৰ জুঠাও নাখাইছিল৷ বিয়াৰ পিচত শাহুৱেকে ভাতৰ কাষত দিয়া পোৰা মাছৰ পিটিকাকণ লিৰিকি-বিদাৰি থাকিছিল৷ ল’ৰা-ছোৱালী দুটাই কৈশোৰ গৰকোঁতেহে তেওঁ গম পালে স্বামীৰ শৈশৱৰে পৰা নলে-গলে লগা বান্ধৱীজনী বিয়া নোহোৱাৰ আচল কাৰণটো৷ (২)দেউতা বিয়ালৈ মাত্ৰ কেইদিন মান থাকোতে কাম কৰি আহৰি নোপোৱা মানুহজনী বিচাৰি তাইৰ ৰূমটোতে পালেগৈ৷ কাপোৰ জাপি আছিল৷ তাইৰ মেজখনৰ কলম এটা হাতলৈ তুলি ক’লে,- “হেৰা,  তাই এইবোৰ সব্‌ এৰি থৈ যাব নহয়“৷ :আমাকো৷ মানুহটোৱে হুকহুকাই কান্দি পেলালে৷ (৩)পাগলী মনৰ কথাবোৰ খুলি

Read more

অণুগল্প – পৰিস্মীতা বৰদলৈ

১)মন্থৰা অৰূপহঁতৰ পৰিয়ালটোৱে মিলা-প্ৰীতিৰেই দিন নিয়াইছিল। পিচে যেতিয়াৰ পৰা মাখনী নামৰ মানুহজনীৰ সিহঁতৰ ঘৰলৈ ঘনাই আহ-যাহ হ’বলৈ ধৰিলে ঠিক তেতিয়াৰে পৰাই ঘৰখনত খুট-খাট নুগুচাই হ’ল৷ ২)দেহাৱসান যোৱা দুটাবছৰে মানুহজনীৰ বুকুত বলি থকা ধুমুহাজাকৰ কালি অৱসান ঘটিল। তাৰ ঠাইত এজাক বৰষুণে আহি মানুহজনীৰ কপালৰ ৰঙাখিনি ধুৱাই নিলেহি৷ দুফালে দুকুৰা জুই জ্বলি উঠিল ৷একুৰা জ্বলিল মানুহজনীৰ বুকুত নিজে নিজে আৰু আনকুৰা জ্বলালে হাতত জোৰ লৈ তেৰ বছৰীয়া ল’ৰাটোৱে বগা  ধূতী পৰিধান কৰি৷ ৩)মৰূদ্যান অভাৱ-অনাটনে জুৰুলা কৰা ঘৰখনত ভূতৰ ওপৰত দানহ পৰাদি হঠাতে

Read more

মেৰা নাম জ'কাৰ -দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘তই এটা ভাল ক’মেডী মানুহ আছে ৰে’ – ঘৰৰ ওচৰৰ গেলামালৰ দোকানী বিহাৰী মহাবীৰে এদিন মোক সৰু থাকোতে কৈছিল। এই ক’মেডী শব্দটো প্ৰথম শুনিছিলো তেওঁৰ মুখত। শব্দটোৰ অৰ্থ মই সেই সময়ত বুজা নাছিলো।মই আচলতে কি, কেনেকুৱা – ভাবিবলৈ চেষ্টা কৰিছিলো,যিটোৰ কাৰণে মহাবীৰে মোক ক’ব লগা হৈছিল মই হেনো ক’মেডী মানুহ’! মোৰ চকু দুটা দেখিলেই হেনো মই যে ‘এটা ক’মেডী মানুহ আছো’ সেইটো ধৰিব পাৰি। মোৰ হাঁহিটো বেয়া। হাঁহিলে মোক বেয়া দেখি। বেয়া দেখি বুলি নকওঁ, একেবাৰে অদ্ভূত দেখি। জোৰেৰে হাঁহিলে

Read more

সমস্যা – বৈদুৰ্য্য বৰুৱা

ৰাধিকা বৰ্মনৰ সমস্যা বেছি নাছিল। কেতিয়াও জীৱনত কল্পনা কৰা নাছিল যে তেওঁৰ ঘৰত কেতিয়াবা স্কুটাৰ এখন সোমাব। গতিকে তেওঁ বাৰাণ্ডালৈ উঠি যোৱা খটখটিটোৰ মাজত হেলনীয়াকৈ পকাৰে স্কুটাৰ উঠাব পৰা চিষ্টেমটো বনোৱা নাছিল। তেওঁৰ ৰেলী চাইকেলখন দাঙিয়েই ভিতৰলৈ সোমোৱাইছিল। ৰাজীৱ সৰু হৈ থাকোতে তেওঁ চাইকেলখন খিৰিকি এখনৰ গ্ৰীলত বান্ধি থৈছিল যাতে কচুগুটিটোৰ গাত নপৰে। ৰাজীৱক ৰাধিকা বৰ্মনে সেই সময়ত চাইকেলখনৰ আগফালে গাৰু এটা বান্ধি তাতে বহাই ফুৰাবলৈ নিছিল। ৰাজীৱ কলেজত থকাৰ সময়ত ৰাধিকা বৰ্মনৰ ঘৰৰ কাষত যিবোৰ ঘৰ নতুনকৈ সজা হৈছিল

Read more

নতুন বছৰত পুৰণি কথা – কুল শইকীয়া

‘বহুত কথা লিখি পেলাব পৰা যায়’ অংকুৰে লিখাৰ বিষয়বস্তুৰ ওপৰত মোক পৰামৰ্শ দি ক’লে,’এটা এৰি অহা বছৰৰ ওপৰত চাবলৈ গ’লে,যিটোৰ পৰিসৰ কম নহয়,৩৬৫ টা দিনৰ সমাহাৰ,তেনে এটা বছৰত ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰতে তই টিপ্পনী মাৰিব পাৰ’ মোৰ ভাবৰ সোঁতৰ অনাবিল গতিত বাধা দি অংকুৰে ক’লে,’নহ’লে নতুন বছৰৰ সংকল্পৰ তালিকা এখনকে বনাই দে আৰু দুই-এজনৰ স্বাক্ষৰ ল।সেইখনকে দলিমাৰি দে কাকতৰ গোষ্ঠীলৈ,প্ৰকাশ হৈ যাওক নতুন আশা বিচাৰি বুদ্ধিজীৱীৰ আবেদন বা তেনে কিবা সুখদায়ক লেখা হৈ।’সি নৰ’ল,কৈ গ’ল,’তেনে আবেদন -নিবেদনতে আমাৰ ইয়াত

Read more

মাটিৰ তলৰ তাবিজ – সঞ্জীৱ মজুমদাৰ

আত্মীয় স্বজন, পৰিয়ালৰ পৰা আঁতৰি থকাৰ যে কি বেদনা সেইয়া মাথো ভুক্তভোগীয়েহে জানে৷ আৰু যদিহে ভুক্তভোগীজন আমাৰ দৰে ডঙুৱা হয় তেতিয়া হলেতো কথাই নাই, ঘৰখনলৈ অন্তত খোৱাৰ সময়ত মনত পৰিবই পৰিব৷ গুৱাহাটীৰ পৰা শিৱসাগৰৰ দুৰত্ব আজিৰ দিনত হয়তো বেছি যেন নালাগিব পাৰে কিন্তু আজিৰ পৰা পঁচিশ বছৰ আগতে যেতিয়া চুবুৰীত এটা মাথো লেণ্ডলাইন ফোন, পিচিঅ’ত দীঘল দীঘল লাইন অথবা পত্ৰৰ মাধ্যমেৰে যোগাযোগ কৰাৰ প্ৰথা তেতিয়াও একেবাৰে শেষ হোৱা নাছিল, সেই সময়ত বৰ দূৰ যেন লাগিছিল৷ সময় কটাবলৈ আজিৰ দৰে স্মাৰ্ট

Read more

অথ বণিক-সম্বাদ -খগেশ সেন ডেকা

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) একালৰ এটি গুপুত কাহিনী ৷ এজন পচামাল, আই মিন আমি যে কওঁ গেলামাল, সেইবিধ মালৰ দোকানী আছিল ৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই ৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান ৷ দোকানীজন আছিল বিৰাট বপুৰ ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত থুলন্তৰ চেহেৰাৰ ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি “লখিমী ভাণ্ডাৰ” ৰখা হৈছিল, সকলোৰে মুখে মুখে সি ‘পেটলাৰ দোকান’ হিচাপে সেই ঠাইত ফেমাচ হৈ পৰিছিল ৷ হওঁতে দোকানীজনৰ ভাল নাম এটা আছিল ৷ পিছে

Read more

ভিক্ষাৰী – সমুজ্জল কাশ্যপ

  তাইক আজি প্ৰচণ্ড চৰ শোধালো বাপ্পেকে। মোক ভিক্ষাৰী বুলি কয়.. ইম্মান সাহস! বিয়া হোৱা আমাৰ এসপ্তাহ হৈছে। ডিজায়াৰখন লৈ অলপ লং ড্ৰাইভ কৰি আহো বুলি দুয়ো আবেলি ওলাই আহিছিলোঁ। বহল হাইৱেটোৰে ১০০/১২০ স্পীডত গাড়ীখন নচলালে কিবা চলোৱা যেন নালাগে। তাই বাৰে বাৰে বাধা দি আছিল মোক, ইমান স্পীডত বোলে চলাব নালাগে। কোনোদিনে গাড়ী চলোৱাটো বেলেগে কথা, কাৰো গাড়ীত বহিয়েই নোপোৱা ছোৱালীজনীয়ে মোক শিকাব আহিছে গাড়ী চলোৱাৰ কথা! “হা! হা! বাদ দিয়া হে, একো নহয়…….” বুলি এক্সেলেটৰডালত জোৰেৰে হেঁচি ধৰিলো।

Read more
1 12 13 14 15 16 21