ফটাঢোল

পিৰিতি মিঠা চিৰা দৈ – নয়নমণি হালৈ

পাঁচ বছৰে প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি জুৰুলা-জুপুৰি হৈ ডিঙিলৈকে ডুব যোৱাৰ পিছত যেতিয়া হ’বলগীয়া বিয়াখনো নহওঁ নহওঁ অৱস্থালৈ আহিল, তেতিয়া মই বোলো আৰু দেৰি কৰিব নোৱাৰি, এইবাৰ হয় গড়গাওঁ নহয় ৰঙামাটি। হ’ল বুলি ইমান খাটিৰ কৰিব নোৱাৰি। ছোৱালীৰ নৈষ্ঠিক ব্ৰাহ্মণ বাপেকৰ লগত দুবছৰে ইমান তললৈ নামিলো যে, বোপাককাৰ ‘ৰাজবংশী’ উপাধিতো সলাই ‘শৰ্মা’ লিখি লগুণ এডাল আঁৰিবলৈহে বাকী। তথাপিও বাপেকক বহু ফলা পঢ়ুৱালো, পৃথিৱীখন যে এতিয়া বহু আগবাঢ়ি গ’ল, জাত-পাত এইবোৰ যে আধুনিক মানুহৰ বস্তু নহয় এইবোৰ বহুত বুজাই বুজাই কিবাকৈ মেনেজ

Read more

নিস্পত্তি – অনন্ত বৰা

জীৱন মিস্ত্ৰীৰ জীয়েক তৰুলতাক চাবলৈ দৰা আহিছে। দৰাই বোলে মিলিটেৰিৰ চাকৰি কৰে। কথাটো শুনি গজেনৰ মনটো বেয়া। আজি অত দিনে খগেনৰ দোকানৰ মৰ্টন চানা খুৱাই খুৱাই গজেনে তৰুলতাৰ মনটো নাপালে। কেতিয়াবা তাইৰ কথা বতৰাবোৰত তাৰ প্ৰতি মৰম চেনেহ আছে যেনও লাগে। কেতিয়াবা আকৌ এনেকুৱা কৰে যেন তাক তাই চিনিয়েই নাপায়। খং উঠে গজেনৰ। সঁচাকৈয়ে দেই, নাৰী চলনাময়ী বুলি এনেই নকয়। যোৱাবাৰ পূজাত ধাৰ ঋণ কৰি হ’লেও গজেনে তাইৰ মনটো পাবলৈকে সাত হেজাৰ টকীয়া এণ্ড্ৰইড মোবাইল এটাও তাইক উপহাৰ দিছে। নাই

Read more

অভ্যাস – মৃগাংক শইকীয়া

“দেখিছনে, জলপানকেইটা খাই চামুচখন কেনেকৈ গপচত জেপত ভৰাই লৈ গুছি গ’লগৈ দেখিলি? আহিবি এইবাৰৰপৰা খোৱাম জলপান তোক বুঢ়ীমাৰে।” সুতুলী পেহী খঙত জকজকাই উঠিল। এৰা, কণ্ঠী চোৰৰ কথাই কৈছো। কঠালগুৰি গাঁৱৰ নামজ্বলা চোৰ এই কণ্ঠীৰাম। গাঁৱৰ ৰাইজৰ কিবা বস্তু হেৰালে প্ৰথমে কণ্ঠীৰ ঘৰতেই খানাতালাছী চলে। তামোলখন খাবলৈ দিলেও তামোলৰ বটাটো চকুৰ আগতেই কোন পলকত চুৰিয়াৰ তলত পাক মাৰি ভৰাই লয় কোনেও টলকিবই নোৱাৰে। সেই কণ্ঠী চোৰেই তিনিআলিৰ বকুলজোপাৰ তলত কেঁচা শাক পাচলিৰ দোকান দিয়া আৰম্ভ কৰিছে কেইদিনমানৰপৰা। গোটেই গাঁৱৰ ৰাইজৰ বাবেই

Read more

বৰুৱাৰ নিচা – মানস শইকীয়া

“নিচা মানে একো নিচাই ভাল নহয়৷ এই বুঢ়া বয়সত ভাল এই নিচাটো গোটাই দিলি তহঁত ডেকাকেইটাই৷” ইন্দেশ্বৰ বৰুৱাই ৰমেনক কথাখিনি আক্ষেপেৰে ক’লে৷ ডিচি অফিচৰপৰা ৰিটায়াৰ কৰা বৰুৱাৰ সঁচাকৈয়ে কোনো নিচা বা ৰাপেই নাছিল৷ আচলতে তেওঁ নিচা বা নিজাকৈ কিবা ৰাপ এটা গঢ়ি তুলিবলৈ সময়েই নাপালে৷ আন দহজনৰ দৰে দেউতাকৰ নাঙলৰ মুঠিত ধৰি কষ্টেৰে অৰ্জা ধনকেইটা নিজৰ খেয়াল খুচী মতে খৰচ কৰিবলৈ তেওঁৰ সত নগ’ল৷ কলেজৰ লগৰবোৰে চিনেমা আদিলৈ লগ ল’লেও কিবা এটা অজুহাত মুখৰ আগতে আছিল৷ তেওঁৰ মতে আজি যদি

Read more

ডাঙৰ মানুহৰ লাজ – উৎপলা কৌৰ

: দাদা নতুন ডিজাইন দেখাওক না! এইবোৰ ডিজাইন অলৰেডী মোৰ লগৰবোৰে পিন্ধি শেষ কৰিলে। কথাষাৰ কৈ নীনাই মোবাইলটো উলিয়াই যোৱামাহত পৃষাৰ বিয়াত কইনাৰ লগত উঠা ছেল্ফিখন উলিয়াই জুম কৰি নেকলেছডাল চালে। হয়, এইমাত্ৰ তাইক দেখুওৱা ডিজাইনটো প্ৰায় একেই পৃষাৰডালৰ সৈতে। গতিকে সেইডাল লোৱাৰ প্ৰশ্নই নাহে। ৰঙা চেপেটা, অলংকাৰৰ বাকচবোৰৰ পাহাৰটোৰ মাজৰপৰা তাইৰ তিনিঘণ্টাৰ মূৰত এডাল পচন্দ হ’লগৈ যেনিবা! ওজনটো অলপ বেছি। হওক, বিয়া এবাৰহে হ’ব। এনেও ভবানন্দ উকীলৰ একমাত্ৰ জীয়েক নীনাৰ পচন্দ আনতকৈ বেলেগ। সদায় ‘আনকমন’ বস্তু পিন্ধাৰ বাবে তাইৰ

Read more

বিহু হেনো নেনো' – কুল শইকীয়া

গাড়ীৰ দুৱাৰৰ ক’লা আইনাখন তললৈ নমাই বাহিৰলৈ মূৰ উলিয়াই চোৱাৰ বৃথা আশা বাদ দিয়া হ’ল, কাৰণ ইতিমধ্যে কাষৰ বাছ-ট্ৰাক-অটোৰ আধাপোৰা ডিজেলৰ ধোঁৱা, ৰাস্তাৰ ধূলি, গাড়ী-মটৰৰ ভেঁ-পুঁ শব্দৰ মাজত জিতেনৰ মুখত আহি পৰা বিৰক্তি, বিতৃষ্ণাৰ চাপে আমাক বুজাই দিছে যে, না: আৰু নোৱাৰি, বাম্পাৰে বাম্পাৰে লাগি ধৰা গাড়ীবোৰ এতিয়া এক ইঞ্চিও আগলৈ চলাৰ সম্ভাৱনা নাই, অতএব, এনেদৰে, ঠিক এনেদৰে চৌপাশৰ ইঞ্জিনবোৰৰ আৱাজৰ সৈতে মোকাবিলা কৰি বহি থকা ভাল! ‘মোনাখনকে দে! ‘ মই বজাৰ কৰি অনা চব্জি-তৰকাৰীৰ ধূপৰ কোম্পানীৰ চাব মৰা মোনাখন

Read more

অপহৰণ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাতি এঘাৰমান বজাত মাকে দেখিলে ৰিকি তাৰ কোঠাত নাই। চিঞৰ-বাখৰ আৰম্ভ হ’ল। ওচৰ-চুবুৰীয়াৰ সৰহ সংখ্যক আহি গোট খালে ৰিকিহঁতৰ চোতাল-পদূলিত। “কিডনেপ হ’ব পাৰে” “পৰীক্ষা আহি আছে নহয়, প্ৰস্তুতি ভাল হোৱা নাই কিজানি! পলাই গ’ল, পৰীক্ষা শেষ হোৱাৰ পিচত ঘূৰি আহিব” “প্ৰেমজড়িত ঘটনাও হ’ব পাৰে। আজিকালি এই মোবাইল টিপি প্ৰেমালাপতেই মগন দেখোন ল’ৰা-ছোৱালীবোৰ!” -ভিন্নজনৰ চেঁপা অনুমানবোৰ বতাহত উৰি ফুৰিছে। ৰিকিৰ দেউতাকৰ পুৱাৰ ঘটনাটোলৈ মনত পৰিল। আজি পুৱা ৰিকিৰ কোঠাত যাওঁতে দেখিছিল গাৰুটো সাৱটি ৰিকিয়ে চকু মুদি হাঁহি আছে। এই বয়সৰ ল’ৰাই

Read more

দীৱাৰঃ দ্যা ফেচবুক ভাৰ্চন – অমিতাভ মহন্ত

আনন্দ বার্মা এজন নীতিবান পুৰুষ। তেওঁৰ ফেচবুক প্রফাইল খুবেই সাধাৰণ। তেখেতে ফেচবুকত শ্রমিক শ্রেণীৰ স্বাৰ্থৰক্ষাক লৈ নিয়মিত পোষ্ট কৰে। প্ৰায় চাৰি হাজাৰ খাটি খোৱা জনতা তেওঁৰ ফল’ৱাৰ৷ সংসাৰ বুলিবলৈ স্ত্ৰী সুমিত্ৰা দেৱী আৰু দুই পুত্ৰ৷ বৰপুত্ৰৰ নাম বিজয়, সৰুপুত্ৰৰ নাম ৰবি৷ আনন্দ বাৰ্মাৰ জ্বালাময় পোষ্টবোৰত অতীষ্ঠ হৈ মালিকপক্ষই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে৷ আনন্দ বাবুৰ এটা অসাধাৰণ পোষ্টক চুৰি পোষ্ট বুলি চাৰিওফালে প্ৰচাৰ কৰি দিয়া হয়৷ নিখুত ফটোশ্বপ কৰি প্ৰমাণ কৰি দিয়া হয় যে সেয়া আচলতে অন্য কোনোবাৰ পোষ্ট৷ এই চুৰিকাৰ্য্যক

Read more

সম্ভাষণ – সমুদ্ৰ কাজল শইকীয়া

প্ৰিয়ঙ্কাৰ, মানে প্ৰিয়ঙ্কা চাক্সেনাৰ এটা অদ্ভূত গুণ আছে। আগ পিছ একো নভবাকৈ তাই কথা কৈ যাব পাৰে; অনৰ্গল। মুহূৰ্ততে মানুহৰ প্ৰশংসাত পঞ্চমুখ হ’ব পাৰে, মুহূৰ্ততে মানুহক কুকুৰে কাঁইট নোখোৱাকৈ গালিও পাৰিব পাৰে। অলপ আগলৈকে হাঁহি মাতি কথা পাতি থকা – তুমি যে ইমান ভাল বুলি কৈ থকা মানুহ এজনকো পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে তিৰষ্কাৰ কৰি খেদাই পঠাব পাৰে। এই অদ্ভূত সামৰ্থ্যৰ বাবেই প্ৰিয়ঙ্কা কোম্পেনীৰ এইচ আৰ মানে হিউমেন ৰিচ’ৰ্ছ বা মানৱ সম্পদ বিভাগৰ কামৰ বাবে আটাইতকৈ উপযুক্ত। কিন্তু বন্ধুত্বৰ খাতিৰত তাই

Read more

সমুদ্ৰ , হিউমেন চিকিউৰিটি ইত্যাদি – অনন্ত বৰা

কলেজৰ প্ৰিঞ্চিপাল জনক কেতিয়াবা থ্ৰি ইডিয়ট্চ চিনেমাখনৰ ‘ভাইৰাচৰ’ দৰে লাগে সমুদ্ৰৰ। এইজন অহাৰ পৰা সুখ শান্তি নাইকিয়া হ’ল কাৰোৰে। ন টা পোন্ধৰত ক্লাছ আৰম্ভ আৰু তাৰ লগে লগে কলেজৰ গেটও বন্ধ। কোনোবা যদি এক মিনিট দেৰিকৈ আহিল, গেটৰ বাহিৰত থাকিল। সেইয়া প্ৰফেচাৰেই হওঁক বা ছাত্ৰ ছাত্ৰীয়েই হওঁক। গেট খুলিব তিনি বজাত। সকলোৰে অৱস্থা বেয়া। প্ৰফেচাৰ সকলৰ কথা নকওঁ, কিন্তু ল’ৰা ছোৱালীবোৰ! ধেই, এইটো কি কলেজ লাইফ হ’ল নেকি। চুলি কেইডাল জেল অকণ লগাই আহিব নোৱাৰি, অকণমান শ্লিম ফিট পেণ্ট এটা

Read more
1 14 15 16 17 18 25