ফটাঢোল

হোটেলৰ কোঠাত তাইৰ সৈতে এৰাতি – পৰী পাৰবীন

: “অই প্ৰকল্প৷ ক’ত আছ তই?” : “উজানবজাৰৰ ফেৰীঘাটত আছোঁ৷ কিয় সুধিলি?” : “এই বে…..(অশ্লীল)৷ কি মূৰটো কৰিছগৈ তাত? মই ৰুমত পৰি আছোঁ অকলে৷ কিবা এটা লৈ আন৷” তাই কি বিচাৰিছে বুজিলো মই৷ তাৰমানে তাই আজিও মোক এৰি নিদিব৷ কিবা এটা লৈ আন মানে, তাইৰ লগত মই ৰাতি এপৰলৈকে বহি থাকিব লাগিব৷ তাইৰ লাগবান্ধ নোহোৱা কথাবোৰ শুনিব লাগিব৷ মাজে মাজে মোৰ মতামত দাঙি ধৰিব লাগিব৷ উবেৰ এখন মাতি পঠিয়ালো৷ উজানবজাৰৰ পৰা খ্ৰীষ্টীয়ান বস্তিৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইন৷ মাজতে নামি কিবা এটা

Read more

প্ৰায়শ্চিত্ত – অঞ্জলি গগৈ বৰগোহাঞি

আজিকালি পূজা আহিলেই মই বৰ অস্থিৰ হৈ পৰোঁ। আচলতে এতিয়া অস্থিৰ হৈ লাভ নাই বুলিও জানো! চৰকাৰী চাকৰি কৰা তাতে আকৌ আগত অফিচাৰ নাম ফলক এখন আঁ‌ৰি থোৱা, আমাৰ দৰে মানুহৰ বাবে পূজা মানে কিমান বোজা আপুনি কি বুজিব! যত দোষ মোৰ এই চেহেৰাটো! চেহেৰাটো বুলি যে ক’লোঁ কিয় কৈ আছোঁ ৰ’ব। আচলতে ডেকা বয়সত মইও সেই হেণ্ডচামেই আছিলোঁ, তাতে আপোনাৰ অলপ চেনি টাইপৰো। কিমানজনীৰ লগত লীলা কৰিলোঁ নিজেই হিচাপ দিব নোৱাৰিম। শেষত গৈ যিগৰাকীৰ লগত সংসাৰ কৰিলোঁ, তেৱোঁ‌ আছিল

Read more

ঠিকাদাৰ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

“হেল্ল’ শইকীয়া চাৰ হয় নে বাৰু?” “হয়, কোনে কৈছে?” “চাৰ, মই ৰাতুল, আপোনাক অফিচত লগ ধৰি থাকোঁ যে মাজে মাজে, সেই যে ছয়গাওঁৰ ৰাস্তাটো! চিনিব পাৰিছেনে চাৰ?” “অ’ হয় হয়, পাৰিছোঁ পাৰিছোঁ।” “চাৰ, উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক।” “ঠিক আছে বাৰু, তোমালৈও শুভেচ্ছা থাকিল। তোমাৰ কামটো মই কৰিব চেষ্টা কৰি আছোঁ, অতি সোনকালে ভাল খবৰটো পাবা তুমি।” “হ’ব চাৰ, মই বিশেষ কথা এটাৰ কাৰণেহে ফ’ন কৰিলোঁ আপোনাক।” “কোৱাচোন কি কথা?” “চাৰ, উৰুকাৰ বাবে মাছ কিনিলে নেকি আপুনি?” “নাই

Read more

লগন উকলি গ’ল… – মেঘালী দিহিঙীয়া

:টোপনি আহিল? :নাই৷ :তেন্তে? কিবা এটা কোৱা৷ মনে মনে ৰ’লা যে? :আচলতে মই কিবা এটা ভাবি আছো৷ :কি? :এই যে আমি দিনটোত এবাৰো মেছেজ এটা নকৰাকৈ থাকিব নোৱাৰো, সাধাৰণৰপৰা সাধাৰণ কথা এটাও ইটোৱে আনটোৰ সৈতে শ্বেয়াৰ নকৰাকৈ নাথাকো, সদায় নিশা দুই বজালৈকে ফোনত কথা পাতো… এইবোৰ আচলতে কি? আমাৰ মাজৰ সম্পৰ্কটোনো কি? আমিতো প্ৰেমিক-প্ৰেমিকা নহয়! :মই ইমানবোৰ কথা ভাবি থকা নাই৷ মুঠৰ ওপৰত তোমাৰ লগত কথা পাতি ভাল লাগিছে, কিবা এটা আপোন আপোন লাগে তোমাক৷ কথা নপতাকৈ থাকিব নোৱাৰো তোমাৰ

Read more

সৰল সমীকৰণ – দিগন্ত বৰুৱা

কথাটো সেইদিনা একেবাৰে গুৰুত্ব দিয়া নাছিলো৷ নাছিলো মানে, একো বিশেষ গুৰুত্ব দিবলগীয়া কথাও নাছিল সেইটো৷ অৱশ্যে আগতেও কোনোদিন গুৰুত্ব দিয়া নাছিলো মোলোকাৰ কথা৷ হয়, মোলোকাৰ কথাই কৈছো! মোলোকা দোকানী। মোলোকা তাৰ গাঁৱত প্ৰচলিত নামহে৷ আচল নাম মুহিধৰ হাজৰিকা৷ গোটেই অঞ্চল জুৰি এতিয়া মোলোকা নামেৰেহে পৰিচিত সি৷ মুহিধৰ নামটো এতিয়া কালৰ কুটিল গৰ্ভত। প্ৰায় চাৰে চাৰিমাহৰ মুৰত গাঁৱৰ ঘৰখনলৈ আহিছো৷ আগতে ওচৰৰ টাউনখনত থাকোতে প্ৰতি শনিবাৰেই আহিছিলো৷ শনিবাৰে আবেলি আহি সোমবাৰে ৰাতিপুৱা ঘূৰি গৈ বাহিৰে বাহিৰে অফিছ কৰিছিলোগৈ৷ চাকৰি গুৱাহাটীলৈ ট্ৰেন্সফাৰ

Read more

জোখ (অণু গল্প) – উৎপল জোনাক হাজৰিকা

“তই তাইক মনৰ কথা খুলি কোৱা হ’লে তাইৰ কোলাত থকা মৰম লগা কেঁচুৱাটোৰ বাপেক তই হ’লিহেঁতেন৷” চিগাৰেটডালত প্ৰয়োজনতকৈ বেছি জোৰে হোপাটো মাৰি জয়ন্তই ভোৰভোৰালে৷ ভালপোৱাৰ নীলা চাদৰখন লেটিয়াই লোৱা সীমান্তই মিচিকিয়াই হাঁহি জয়ন্তলৈ চালে৷ “তাই যে সুখী সেই সুখতে ময়ো সুখী৷ মোৰ ওচৰত থাকি তাই দুখ পালে মই জানো সুখত থাকিব পাৰিলোহেঁতেন?” *****  

Read more

কইনা চাবলৈ- দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

-“কথা এটা শুনিলোঁ, ৰক্তৰ বিয়াখন নহ’বগৈ বোলে” ৰক্তবীজৰ আইতাকে ভৰি মালিচ কৰি থকা বাইগৰাকীক ক’লে। -“মইতু জানুৱেই, এইবাৰো নহ’বো বুলি। তাৰ মনেই নাই হান পাইছু। পিছে কিয়া নু? আপী পছন নহ’ল না কি দেখাত?” বাইৰ হাতৰ স্পীড কম হয়। বেছি স্পীডত মালিচ কৰিলে হাতখনৰ লগত গোটেই গাটো লৰে, কাণখনো কঁপে। কাণখন কঁপিলে আইতাকে সেহাই সেহাই কৰা ‘বিয়া কিয়া নু নহ’ল’ বৰ্ণনাৰ দুই-এটা প্ৰয়োজনীয় শব্দ কাণত নোসোমালে শুনাৰ মজাটো নাথাকিব। -“কিবা বোলে বেনামী চিঠি আহিছে ছোৱালীৰ কথা লগাই” -“চিঠি দিছি? কুনিনু?”

Read more

দা মেট্ৰিক্স– অভিজিত কলিতা

-“চেহ! দহ বাজিবৰ হ’ল দেখোন” নৰহৰি কলিতাই চকু মেলিয়ে ঘড়ীটোৰ ফালে চালে৷ কালি ৰাতি শুবলৈ যাওঁতে বহুত পলম হ’লগৈ৷ স্বাধীন কলিতা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কালি তেখেতে শপত গ্ৰহণ কৰিছেহে- লগে লগে ইমান কাম আহি পৰিব বুলি তেওঁ ভবাই নাছিল৷ যি কি নহওক, কামবোৰ সুকলমে হৈ যাব যেন লাগিছে৷ এক ধৰণৰ প্ৰশান্তিও অনুভৱ কৰিলে কলিতাই৷ এতিয়া বিশেষ কাম নাই হাতত; চাহৰ কাপটো হাতত লৈ, বাৰাণ্ডাত বহি তেখেতে চুবুৰীয়া গগৈৰ ঘৰৰ ফালে এবাৰ চালে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ কাম সম্পূৰ্ণ হোৱালৈকে কলিতাই নিজৰ

Read more

উপহাৰ–ঈশান জ্যোতি বৰা

বিঃদ্ৰঃ অনুগ্ৰহ কৰি বিয়ালৈ আহোঁতে কোনোধৰণৰ উপহাৰ যাতে লগত লৈ নাহে৷ আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ -“ৱাঃ! ৱাঃ! দেখিলানে আনন্দী! দেখিলা! এইয়াহে আধুনিক যুগৰ আধুনিক মনৰ মানুহ! ‘আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ’- সজ! একেবাৰে সজ কথা দেই৷” ৩৪২ নং পদুমনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আত্মাৰাম গোস্বামীৰ সুপুত্ৰী কৃপালিনী গোস্বামীৰ শুভবিবাহৰ নিমন্ত্ৰণী পত্ৰখনৰ শেষৰ শাৰীকেইটা পঢ়ি নিধিৰাম কলিতা অভিভূত হৈ পৰিল৷ -“হেৰা শুনিছানে নাই! চোৱাহিচোন৷ উপহাৰ দাঙি দাঙি বিয়া খাই ফুৰোতেই গোটেই জনমটো পাৰ হ’ল৷ অসমীয়া সমাজখনৰো

Read more

বিত শগুণ- দিগন্ত বৰুৱা

“হোঁ, খা।” কাঁহৰ বাটিটোত অনা ফিকা চাহবাটি কাঠৰ সৰু টেবুলখনত থৈ মা ভিতৰলৈ সোমাই গ’ল। কালি দোকানৰপৰা কেইবা পেকেটো বিস্কুট অনাইছিলো। নুখুলিলে চাগৈ! আটকত লাগে। ভিতৰুৱা গাওঁ। হঠাৎ আলহী-দুলহী আহিলে চাহকাপৰ লগত নাকটো বচাবলৈ বিস্কুট দুখনমান লাগে। প্লেটত থকা গুৰ দুডোখৰৰ এডোখৰ লৈ কামোৰ এটা মাৰোতেই ভিতৰৰ পৰা পুনৰ মাৰ মাত ভাহি আহিল। -“পুখুৰীৰ পাৰৰ ডাঁৰদালতে ধুতি-গামোচা থৈ আহিছোঁ। সোনকালে গৈ গাটো তিয়াই আহিবি।” বাকী থকা চাহখিনি একে শোহাই শেষ কৰি বাটিটো লৈ পাছ চোতালত থকা বাচন ধোৱা ঠাই পালোগৈ।

Read more
1 16 17 18 19 20 21