ফটাঢোল

ৰং নাম্বাৰ – উৎপলা কৌৰ

ৰাতিপুৱাৰ পৰা ৰূহীৰ গাত তৎ নাই৷ সোনকালে শুই উঠি যোৱা সপ্তাহত বিক্ৰমৰ লগত গৈ শ্ব’ৰূমৰ পৰা কিনা ৰঙা টপটো আৰু পালাজ’ পেণ্টটো ইস্ত্ৰি মাৰিথৈ বাথৰূমত সোমাল৷ বহুদেৰি গাধুলে, ছেম্পুও কৰিলে৷ আজি বৰ বিশেষ দিন তাইৰ বাবে৷ সাজ-সজ্জাত কোনো খুটি-নাটি এৰিব নোখোজে তাই, আফটাৰ অল ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দা লাষ্ট ইম্প্ৰেছন! এসপ্তাহ মান হৈছে তাই নতুন মুৰ্গা এটা জালত পেলাইছে৷ খুউব “মালদাৰ“ বোলে! হয়তো! ধুনীয়া আৰু ধনী ল’ৰাবোৰ তাইৰ বাবে একোটা ’মুৰ্গা’ই! সি যে বেছ ধনী তাৰ কথা-বতৰা, ভাৱ-ভংগীতে গম পায়৷

Read more

মুখা – মৌচুমী বৰুৱা

“উস্‌ উস্‌ যোগেন বৰ ঠগ হ’লি দেই তই আজিকালি ৷” “কি হ’ল দাদা ?”যোগেনে ভয়ে ভয়ে শুধিলে ৷ “এনেকৈ গ্ৰাহকক ঠগন দিব নাপাই দেই ৷ভগৱানলৈতো অলপ ভয় কৰিবি ৷কালি তোৰ দোকানৰ পৰা নিয়া আলুৰ আধা গেলা ওলাল ৷” “আলু আপুনি নিজেই বাচি লৈছিলচোন দাদা ৷” যোগেনে সেমেনা সেমেনি কৰিলে ৷আলুখিনি ঘুৰাই দি পইচা লৈ মানুহজন ওলাই গ’ল ৷ দোকানত দাইল আৰু মিঠাতেল কিনিবলৈ সোমোৱা বিনোদে মানুহজনৰ ফালে চালে ৷হয় হয় এইজন মানুহেই তাক দেউতাকৰ পেঞ্চনৰ ফাইল এটা পাছ কৰি দিবলৈ

Read more

এদিন এনেকৈয়ে – দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

ছমাহ মানৰ আগৰ কথা। কিতাপ এখন প্ৰকাশ কৰি উলিয়াম বুলি যো-জা চলাইছিলোঁ। প্ৰায় ত্ৰিশটামান কবিতা গোট খাইছিলও। কিতাপখনৰ নামটো কি দিম ভাবি উলিয়াব নোৱাৰি বন্ধু এজনক ফোন কৰিছিলোঁ। -“শুনচোন, মই মানে নামটো ‘তোমাৰ হিয়াত মোৰেই ছবি’ ধৰণৰ নাম এটা ভাবি থৈছোঁ। চলিব নে?” সুধিছিলোঁ তাক। ‘খেকখেক’কৈ বহুদেৰি শব্দ এটা শুনি থাকিলোঁ। যেন বন্ধু নহয়, ক’ৰবাৰ পৰা মলুৱা এটাইহে ফোনটো ধৰি আছে, হাঁহি আছে। -“ঐ কি হ’ল? নাহাঁহিবি…” -“আজিকালি একো নচলে বন্ধু!” সি ক’লে। -“মানে?” -“মানে আকৌ কি! এই ‘হিয়া’, ‘প্ৰেম’,

Read more

কৰ্পৰেট ভূত – অমিতাভ মহন্ত

পোন্ধৰ মিনিটমান হ’ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেয়ে ইফালে সিফালে ঘূৰি আছোঁ‌৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছোঁ‌,যমদূতৰহে তেতিয়াৰপৰা একো খা খবৰ নাই৷ বৈদ্য কামোৰ খাইছোঁ‌৷ আটাইতকৈ ডাঙৰ ভেজালটো হৈছে যে মৰাৰ পিছত ফ্ৰি জিঅ’ চিমখনে কাম কৰা নাই৷ এনেই এইখিনিত এয়াৰটেলৰ নেটৱৰ্ক বেয়া নহয়৷ পিছে সেইখন ৰিচাৰ্জ কৰা বাদেই দিলোঁ নহয়, কাম কৰিলেহেঁতেন যদিও এতিয়া জনাৰ একো উপায়েই নাই৷ এতিয়া যমদূত নহালৈ

Read more

ইনফেকচ্যন – উৎপলা কৌৰ

শইকীয়াই কাক কাক যে কোৱা নাই, কাক কাক যে অনুৰোধ কৰা নাই আজি নমাহে। ক’তনো নমাহ? ডাক্তৰে ভাল খবৰটো দিয়াৰ পৰাই আচলতে অনুসন্ধান, মানুহক অনুৰোধ কৰাৰ পৰ্বটো আৰম্ভ হৈছিল। কিন্তু পোৱা জানো ইমান সহজ? অফিচৰ পিয়ন, অফিচৰ বাহিৰত চাহ বেচা দোকানী, অফিচ সৰা-মোচা কাম কৰিবলৈ অহা বাইগৰাকী, যিমান চিনাকি ড্ৰাইভাৰ, পিয়নজাতীয় গ্ৰাম্যমূলৰ মানুহ আছে সকলোকে দেখিলেই ক’য় শইকীয়াই। কেইজনক হাজাৰ-বাৰশ টকা দিলেও গাঁৱলৈ গৈ বিচাৰিবলৈ। অনাৰ পাছত আকৌ উপহাৰৰ টোপ! কিন্ত্ত নাই। দৰৱত দিবলৈও নাই। সকলোৰে উত্তৰবোৰ এনেকুৱা, বোলে ইমান দূৰলৈ নাহে, স্কুলতে আজিকালি

Read more

পেডেল মাৰি মাৰি… – তৃপ্তি বৰা

লেভেন্দাৰ ফুলবোৰৰ মাজে মাজে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন উৰুৱাই গৈ আছে। সি বিমুগ্ধ দৃষ্টিৰে তাইক অনুসৰণ কৰিছে। লেভেন্দাৰৰ মিঠা সুবাস আৰু ৰিব ৰিব বতাহ জাকে ৰোমাণ্টিক কৰি তুলিছে পৰিবেশটো। দুয়ো চঞ্চল হৈ পৰিছে। এপাকত তাই বতাহত এৰি দিলে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন। বতাহত উৰি আহি দুপাট্টাখনে সাৱটি ধৰিলেহি তাৰ গালে মুখে…. : এনেকৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।পঢ়া শুনাৰটো নাম গোন্ধই নাই।হেৰৌ সময়মতে কলেজখনলৈকে যাচোন…. মাকৰ বকনি আৰু হাত সমানে চলিল।বকি বকি দেবু শুই থকা বিছনাখনৰ আঠুৱাখন খুলি দিলে। আঠুৱাখনে তাৰ

Read more

পৰিৱৰ্তন -মৌচুমী বৰি

বুমন দাদাৰ কথা ভাবি জীমণি প্ৰায়ে হতাশ হয়৷ কিয় এনেকুৱা হ’ল সি? সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক সুযোগ সুবিধা পালেই দম দিয়ে, গালি দিয়ে৷ কিন্তু সি নিৰ্বিকাৰ হৈ থাকে৷ কাকো ওলোটাই একো নকয়৷ তাৰ এই প্ৰতিক্ৰিয়াহীনতাৰ সুযোগ সকলোৱে লয়৷ সি যেন এটা অকৰা অজলা মূৰত ঘিউ নথকা ল’ৰা — ঠিক তেনেকুৱা ভাৱ প্ৰকাশ কৰে সকলোৱে৷ অথচ, ঘৰৰ বজাৰ-সমাৰৰ পৰা ভাত ৰন্ধা লৈকে সকলো কামেই বুমন দাই নিয়াৰিকৈ কৰি যায়৷ বুমন দাক দেখিলে এনে লাগে– সি যেন মানুহৰূপী এটা ৰবটহে৷ যিয়ে

Read more

হোটেলৰ কোঠাত তাইৰ সৈতে এৰাতি – পৰী পাৰবীন

: “অই প্ৰকল্প৷ ক’ত আছ তই?” : “উজানবজাৰৰ ফেৰীঘাটত আছোঁ৷ কিয় সুধিলি?” : “এই বে…..(অশ্লীল)৷ কি মূৰটো কৰিছগৈ তাত? মই ৰুমত পৰি আছোঁ অকলে৷ কিবা এটা লৈ আন৷” তাই কি বিচাৰিছে বুজিলো মই৷ তাৰমানে তাই আজিও মোক এৰি নিদিব৷ কিবা এটা লৈ আন মানে, তাইৰ লগত মই ৰাতি এপৰলৈকে বহি থাকিব লাগিব৷ তাইৰ লাগবান্ধ নোহোৱা কথাবোৰ শুনিব লাগিব৷ মাজে মাজে মোৰ মতামত দাঙি ধৰিব লাগিব৷ উবেৰ এখন মাতি পঠিয়ালো৷ উজানবজাৰৰ পৰা খ্ৰীষ্টীয়ান বস্তিৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইন৷ মাজতে নামি কিবা এটা

Read more

প্ৰায়শ্চিত্ত – অঞ্জলি গগৈ বৰগোহাঞি

আজিকালি পূজা আহিলেই মই বৰ অস্থিৰ হৈ পৰোঁ। আচলতে এতিয়া অস্থিৰ হৈ লাভ নাই বুলিও জানো! চৰকাৰী চাকৰি কৰা তাতে আকৌ আগত অফিচাৰ নাম ফলক এখন আঁ‌ৰি থোৱা, আমাৰ দৰে মানুহৰ বাবে পূজা মানে কিমান বোজা আপুনি কি বুজিব! যত দোষ মোৰ এই চেহেৰাটো! চেহেৰাটো বুলি যে ক’লোঁ কিয় কৈ আছোঁ ৰ’ব। আচলতে ডেকা বয়সত মইও সেই হেণ্ডচামেই আছিলোঁ, তাতে আপোনাৰ অলপ চেনি টাইপৰো। কিমানজনীৰ লগত লীলা কৰিলোঁ নিজেই হিচাপ দিব নোৱাৰিম। শেষত গৈ যিগৰাকীৰ লগত সংসাৰ কৰিলোঁ, তেৱোঁ‌ আছিল

Read more

ঠিকাদাৰ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

“হেল্ল’ শইকীয়া চাৰ হয় নে বাৰু?” “হয়, কোনে কৈছে?” “চাৰ, মই ৰাতুল, আপোনাক অফিচত লগ ধৰি থাকোঁ যে মাজে মাজে, সেই যে ছয়গাওঁৰ ৰাস্তাটো! চিনিব পাৰিছেনে চাৰ?” “অ’ হয় হয়, পাৰিছোঁ পাৰিছোঁ।” “চাৰ, উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক।” “ঠিক আছে বাৰু, তোমালৈও শুভেচ্ছা থাকিল। তোমাৰ কামটো মই কৰিব চেষ্টা কৰি আছোঁ, অতি সোনকালে ভাল খবৰটো পাবা তুমি।” “হ’ব চাৰ, মই বিশেষ কথা এটাৰ কাৰণেহে ফ’ন কৰিলোঁ আপোনাক।” “কোৱাচোন কি কথা?” “চাৰ, উৰুকাৰ বাবে মাছ কিনিলে নেকি আপুনি?” “নাই

Read more
1 17 18 19 20 21 22