ফটাঢোল

এটেকিং মিডফিল্ডাৰ – অনন্ত বৰা

কালিলৈ খেলখনত চাঞ্চ এটা পোৱাৰ ক্ষীণ আশা এটা আছে তাৰ । বেঞ্চত বহি বহি এইকেইদিন মাথা বেয়া হৈ গৈছে । কালি বাবুলক দেখি তাৰ মনটো আৰু ভাল লাগিল । ভালকৈ খোজেই পেলাব পৰা নাই , সেইদিনা টেঙাপুখুৰী টিমৰ হটঙা ডিফেণ্ডাৰটোৱে ঠিকছে দিছে । সি একসপ্তাহ বহিল । এতিয়া আছেগৈ দীন , তাকো গটা এটা দিছিল ভালকৈ । পিছে নিহিলিলেই । দীনক উলিয়াই তাক খেলোৱাৰ চাঞ্চ নাই । দীনতকৈ তাৰ ৰেকৰ্ড বেয়া । তাতে ফাইনেল খেল । পানীবিল এফ চিৰ লগত

Read more

নাঙঠ – সোণটো ৰঞ্জন বৰুৱা

কালি বহুদিনৰ পাছত মোৰ একালৰ বন্ধু ৰমেনৰ সৈতে সাক্ষাৎ হ’ল৷  মাজতে বহুদিন চহৰৰ পৰা বাহিৰত থকা হ’ল,নিজা ব্যস্ততাৰ বাবে তাৰ সৈতে যোগাযোগ একেবাৰে নাছিল বুলিবই পাৰি৷ কিন্তু ই কি? ইমান পৰিৱৰ্তন? একালৰ সেই আছাম টাইপৰ ঘৰৰ ঠাইত এতিয়া অট্টালিকা৷ বৌক জোৰোণত মাত্ৰ ৰূপৰ চেইন এডাল দিয়া মানুহটোৰ দেহৰ সোণৰ অলংকাৰে বাপ্পী লাহীড়ীকো চেৰ পেলাব৷ সদায় এখন ভগা চাইকেল কোবাই অফিচলৈ অহা-যোৱা কৰা মানুহটোৰ চোতালত কেইবাখনো বিদেশী গাড়ী৷ আৰু চেহেৰা? ক’ৰ সেই কেটেংমেটেং জেওৰা খুঁটি আৰু পকা-বগৰীৰ দৰে আজিৰ চেহেৰা৷ সঁচা

Read more

ফটাকেঁথা – অত্ৰেয়ী গোস্বামী

স্নেপশ্বটঃ১ শাহু-বোৱাৰীৰ বৰ মিল৷ দুয়ো স্বল্পভাষী৷ শাহুৰ সেলেঙি বোৱা কোৱাৰিয়েদি ওলোৱা মিচিকিয়া হাঁহিটো পকা থেকেৰা হেন মুখখনত ৰান্ধনীবেলি যেন লাগে৷ বোৱাৰীৰ আকৌ কপালত সূৰুযটো জিলিকি থাকে৷ দুয়ো মিলি বাৰীখন বৰ চালে চকু ৰোৱাকৈ পাতিছে৷ বোৱাৰী মাষ্টৰণী৷ স্কুললৈ যোৱাৰ আগত বাৰীখনত এপাক মাৰি যায়৷ এবাৰ পুতেকে দেৱদাৰুৰ পুলি আঠোটা আনিলে৷ গেটৰ পৰা সোমাই অহাৰ পৰা দুয়োফালে চাৰিটাকৈ ৰুব৷ মাকৰ কাঢ়া নিৰ্দেশ “তামোলগছ কাটিব নোৱাৰিবি৷” সময়ত যেনিবা সাপো মৰিল, লাঠিও নাভাগিল৷ এদিনৰ কথা৷ গৰমৰ দিন৷ শাহু-বোৱাৰী আগফালে বহি আছে৷ বোৱাৰীয়ে কিবা এটা

Read more

পণ্ডিত গোঁসাই – মীনাক্ষী বৰুৱা

এই খহোঁ,এই খহোঁকৈ নাকটোৰ আগ অংশত ওলমি থকা গান্ধী ফ্ৰে’মৰ চশমাযোৰৰ ওপৰেদি কুঞ্জলতাৰ বাওঁহাতখন চাই পণ্ডিত গোঁসাইয়ে স্বগতোক্তি কৰিলে- “পশ্চিম দিশত পৰিবি বুজিছ! লৰালৰি কৰি লাভ নাই৷ কুৰি পাৰ হ’ব!” ছোৱালী যে কুৰিতে বুঢ়ী এই কথা কুঞ্জলতাই জানে৷ গাঁৱৰ সমনীয়া আটাইকেইজনী এতিয়া একোটা একোটাৰ মাক হ’লেই! “কিবা এটা কৰি অলপ আগুৱাব নোৱাৰিনে আতা?”(গোঁসাইক সকলোৱে ‘আতা’ বুলিয়েই মাতে)৷ পণ্ডিত গোঁসাইয়ে কুঞ্জলতাৰ হাতখন অধ্যয়ন কৰি থাকিয়েই মূৰটো লাহে লাহে লৰাই দিলে৷ পণ্ডিত গোঁসাইৰ প্ৰকৃত নাম দধি মহন্ত৷ অঞ্চলটোৰ মানুহে “পণ্ডিত গোঁসাই” বা

Read more

নকাং – ৰূপম কলিতা

বাইকখন পদূলীত ৰখাই দিয়াৰ লগে লগে কংকনাই লাহেকৈ নামি ঠিয় দিলে৷ নীলা ৰঙৰ শাৰীখনৰে নীলা নীলা হৈ আহিছে মোৰ মানুহজনী কংকনা৷ আজি প্ৰথমবাৰৰ বাবে মই জোঁৱাই হৈ আৰু কংকনা মোৰ ঘৈণী হৈ সিহঁতৰ ঘৰত আহিছোঁ৷ আচলতে আমি দুয়ো ঘৰৰ অমতত পলাই গৈ বিয়া হৈছোঁ৷ বিয়াৰ এমাহ পিছত আমাৰ ঘৰে আমাক আদৰি ল’লে যদিও কংকনাহঁতৰ ঘৰখনে হে আজি পাঁচ মাহ পিছত আমাক আদৰি ল’লে৷ এই বিয়াৰ অমতৰ প্ৰধান কাৰণ হ’ল কংকনাৰ ককায়েক প্ৰাঞ্জল৷ ঠিক সেইদৰে মই কংকনাক লগ পোৱাৰ প্ৰথমটো কাৰণো

Read more

সমাধান-সূত্ৰ – ঈশান জ্যোতি বৰা

আধুনিক পৃথিৱীৰ তলা-নলাবোৰ খৰচি মাৰি বুজি লোৱা মোৰ লগৰ কেইবাজনো তীক্ষ্ণ মগজুৰ বন্ধুয়ে তেওঁলোকৰ আপোন ভাষাটো ‘ইউজ্’ কৰি মোক ‘এদভাইচ’ দিয়ে,– “বুজিছ, টাইম্ থাকোঁতেই ভাল কেৰিয়াৰ এটা ‘চুজ্’ কৰিব নোৱাৰিলে তোৰ লাইফৰ ‘নেক্সট ষ্টেজ’টো তামাম ‘পেথেটিক্’ হ’ব৷” দূৰদৰ্শী চোকা বন্ধুকেইজনৰ সাৰুৱা কথাবোৰ হৃদয়ংগম কৰিবলৈ এই ‘অদূৰদৰ্শী গাধ’ৰ দুদিন সময় লাগিল৷ ‘পেথেটিক্’ শব্দটোৰ অৰ্থোদ্ধাৰ কৰিবলৈ অভিধান এখনৰ সহায়ো ল’বলগীয়া হ’ল৷ তাৰপিচতহে বোধ হ’ল-এৰা, সিহঁতৰ কথাবোৰে ঠিকেই৷ ভাল কেৰিয়াৰ ‘চুজ্’ কৰিব নোৱাৰা ল’ৰা-ছোৱালীৰ জীৱনৰ শেষ পৰিণতি চকুৰ আগতেই প্ৰত্যক্ষ কৰি আছোঁ৷ ভীষণ

Read more

ভুত ভৱিষ্যত – বৈদূৰ্য বৰুৱা

পুৱা শুই উঠিছিলোহে! চাহকাপ হাতত লৈ আগফালৰ বাৰাণ্ডাতে বাতৰি কাগজখন লৈ বহি আছিলো৷ “গুড মৰ্ণিং…দাদা..” এনেতে দেখিলো সন্মুখৰ ৰাস্তাটোৱেদি কোনোবা এটাই মোৰ ফালে চাই চিঞৰি কোবাকোবিকৈ আগবাঢ়িছে৷ ভালকৈ চাই দেখো সেইটো বাসু৷ “ঐ…বাসু কেনি যাৱ? ..ৰ..ৰ…ৰ..” মই চিঞৰি উঠিলো তাক দেখি৷ বাসুক সতকাই লগেই পোৱা নাযায়,…আজি হঠাতে পাইছো…গতিকে চাঞ্চতো এৰিব নোৱাৰি….। মোৰ চিঞৰ শুনি বাসু ৰৈ গ’ল৷ ময়ো গেটৰ ফালে আগবাঢ়ি গলোঁ… “কেনি যাৱ ঐ বাসু….ইমান লৰালৰিকৈ?” “ এ..দাদা কি ক’ব?….মানে…মহা সমস্যা এটাত পৰিলো…।” বাসুৱে কিছু উচপিচ কৰিলে৷ “ক চোন

Read more

কইনা মোৰ ধুনীয়া – তৃষ্ণা সোনোৱাল

মানুহটোৰ কাগজে পত্ৰই নাম তিলক চন্দ্ৰ বৰা কিন্তু গাঁৱত এই নামৰ মানুহজন কোন বুলি ক’লে তাক কোনেও উত্তৰে দিব নোৱাৰে। তিলৈ দাই বুলি ক’লেহে তেওঁক সকলোৱে চিনি পাব। ভগৱানে দিয়া সকলোৱেই আছে তিলৈ দাইৰ। সাতজনী বায়েকে নুমলীয়া ভায়েকক কামে-কাজে কথাই-বতৰাই একেবাৰে ছোৱালী লেখীয়া কৈ তুলিলে। তিলৈ দাইৰ কাম-বনৰ লগত গাঁৱৰ কাজী তিৰোতায়ো লাজ পাই যাব। ইফালে আক’ চুবুৰীৰ প্ৰতিঘৰৰে সকামে-নিকামে হওক, টানে-আপদে হওক তিলৈ দাই নহলে নচলেই! মুঠতে তিলৈয়ে ঘৰ-দুৱাৰৰ লগতে গোটেই চুবুৰীটোৱে ধৰি আছে বুলিয়ে ক’ব পাৰি। তিলৈ দাইৰ

Read more

আমাৰ বীৰেণ – ভাস্কৰ জ্যোতি বৰুৱা

এসাগৰ বিস্তীৰ্ণ সেউজীয়া। দিগন্তত দেখা গ’ল এটা সৰু ক’লা বিন্দু। ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি বিন্দুটো চলমান। ক্ৰমাৎ ডাঙৰ হৈ আহিবলৈ ধৰিলে সেই বিন্দুটো। লাহে লাহে চলমান বিন্দুটো সলনি হ’ল মানুহৰ এটা অবয়ৱলৈ। ওচৰ চাপি অহাত স্পষ্ট হ’ল – মানুহজনৰ পেটটো তেওঁৰ মূৰ বা বুকুখনতকৈ প্ৰায় এক-ডেৰ ফুট আগত আহি আছে। এক বিশাল অঞ্চল জুৰি কৰা মটৰ মাহৰ খেতি পাৰ হৈ আহি এটা প্ৰান্তত এয়া মোৰ সন্মুখত সেই মানুহজন। “এচিৰা মটৰো চিঙি খোৱা নাই জানেনে?  ৰিয়েল মহন্ত মই, একদম ৰিয়েল।

Read more

সংগঠন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰমেশ আৰু বৈকুণ্ঠ চাৰিআলিৰ চ’কৰ নৰোত্তমৰ দোকানৰ সন্মুখত বহি আছে। দুয়োৰে মুখত মাতবোল নাই। ৰমেশৰ মুখখন মেল খাই আছে, বৈকুণ্ঠৰ নাকেৰে অলপ অচৰপ শেঙুন ক্ৰমাৎ ওঁঠ অভিমুখে গতি কৰিছে। ৰমেশৰ মুখ মেল খোৱাটো জন্মগত। বহুতে সেইকাৰণে তাক ‘মুখমেলা’ বুলিও মাতে। বৈকুণ্ঠই গমকে নাপায়, কেতিয়া তাৰ নাকেৰে শেঙুন বাহিৰ হৈ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ওঁঠ-মুখলৈ গতি কৰে। যেতিয়া গম পায়, তেতিয়া সি নাকেৰে উশাহৰ লগে লগে বল প্ৰয়োগ কৰি আকৌ ‘ঘৰৰ ল’ৰা ঘৰলৈ আহ’ বুলি শেঙুনখিনিক নাকলৈ উভতাই আনিবলৈ চেষ্টা কৰে। যদি

Read more
1 2 3 4 14