ফটাঢোল

অথ বণিক-সম্বাদ -খগেশ সেন ডেকা

(সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে) একালৰ এটি গুপুত কাহিনী ৷ এজন পচামাল, আই মিন আমি যে কওঁ গেলামাল, সেইবিধ মালৰ দোকানী আছিল ৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই ৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান ৷ দোকানীজন আছিল বিৰাট বপুৰ ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত থুলন্তৰ চেহেৰাৰ ৷ দোকানখনৰ নাম যদিও গণকৰ হতুৱাই গণনা কৰি “লখিমী ভাণ্ডাৰ” ৰখা হৈছিল, সকলোৰে মুখে মুখে সি ‘পেটলাৰ দোকান’ হিচাপে সেই ঠাইত ফেমাচ হৈ পৰিছিল ৷ হওঁতে দোকানীজনৰ ভাল নাম এটা আছিল ৷ পিছে

Read more

ভিক্ষাৰী – সমুজ্জল কাশ্যপ

  তাইক আজি প্ৰচণ্ড চৰ শোধালো বাপ্পেকে। মোক ভিক্ষাৰী বুলি কয়.. ইম্মান সাহস! বিয়া হোৱা আমাৰ এসপ্তাহ হৈছে। ডিজায়াৰখন লৈ অলপ লং ড্ৰাইভ কৰি আহো বুলি দুয়ো আবেলি ওলাই আহিছিলোঁ। বহল হাইৱেটোৰে ১০০/১২০ স্পীডত গাড়ীখন নচলালে কিবা চলোৱা যেন নালাগে। তাই বাৰে বাৰে বাধা দি আছিল মোক, ইমান স্পীডত বোলে চলাব নালাগে। কোনোদিনে গাড়ী চলোৱাটো বেলেগে কথা, কাৰো গাড়ীত বহিয়েই নোপোৱা ছোৱালীজনীয়ে মোক শিকাব আহিছে গাড়ী চলোৱাৰ কথা! “হা! হা! বাদ দিয়া হে, একো নহয়…….” বুলি এক্সেলেটৰডালত জোৰেৰে হেঁচি ধৰিলো।

Read more

তফাৎ – মনিষা কাকতি

যিমানে সময় গৈ থাকিল তাইৰ উচপিচনিও বাঢ়ি গৈ থাকিল। আনকালে ইমান দেৰি নহয় গোপালকাইৰ। আজি বা কি হ’ল? এটা দুটাকৈ ইতিমধ্যে লগৰ সকলোবোৰ ঘৰাঘৰি গ’লগৈ। যাবৰ সময়ত সিহঁতে মাত লগাই লগাই গৈ থাকোঁতে সিমান ভবা নাছিল তাই। মাত্ৰ ভাবিছিল.. এইমাত্ৰ গোপালকাই আহি পাবহি আৰু তাইকো লৈ যাবহি। এতিয়া অকলশৰীয়া তাই তাত… ঠাইখিনি একদম নিজম হৈ পৰিছে। অচিনা পোক-পৰুৱাৰ মাতৰ বাহিৰে অইন একো শুনিবলৈ পোৱা নাই। পুহ মাহ। জাৰো পৰিছে। সদায় সাঁজ লগাৰ আগে আগে গোপালকাইয়ে তাইক লৈ যায়হি। সেই সময়খিনি

Read more

ভাৱৰীয়া – ঈশানজ্যোতি বৰা

মানুহে বাটে-ঘাটে লগ পালে আজিকালি প্ৰায়ে সোধে-‘কি হ’ল,টেনছন বেছি হৈছে নেকি ? আঁতৰৰ পৰা দেখিলে জেওৰা খৰি এডালে ৰাস্তাত ‘কেটৱাক’ কৰি থকা যেনহে লাগে৷’ হয়৷ কথাটো একেবাৰে সত্য৷ অৱস্থা একেবাৰে নাজল-নাথল৷ মোৰ টেনছন বাঢ়িছে,তাকো দ্ৰুতগতিত৷ আৰু এই যে তেওঁলোকে উনুকিয়াই দিলে-জেওৰা খৰিৰ কথাটো; কৈ থোৱা ভাল যে মোক জেওৰা খৰি হিচাপে গঢ় দিয়াত মোৰ অধঃপতনে যোৱা ল’ৰা-ছোৱালীহালৰ সম্পূৰ্ণ হাত আছে৷ পঢ়া-শুনাত ধান্দা নাই,সুমধুৰ গীত এটা শুনাত ৰাপ নাই,ভাল এখন কিতাপ-আলোচনী পঢ়াত মতি নাই৷ শান্তি-নিৰৱতা-নিৰ্জনতাৰ লগত সিহঁতৰ ৰাহি-যোৰা নাহে৷ চৌবিশ ঘণ্টাই

Read more

গল্পৰ দৰে – বৈদুৰ্য্য বৰুৱা

: পাণ এখন বনাচোন যাদৱ। মিঠা পাত্তি এশ ষাঠি মাৰিবি। কাঠা, চেখা-চুপাৰি। পাতলা চুপাৰিটো দিবি। আৰু এটা ফিল্টাৰ দে। খাই দিছে বে… ! থানাৰ কাষতে দিন দুপৰতে ডকাইতি! এইটো কি নিউজ হ’ল! আৰে থানাত যে ডকাইতি হোৱা নাই সেইটোৱেই ডাঙৰ কথা! … এশটা পুলিচে দুইলাখ মানুহক কিদৰে চোৰ ডকাইতৰ পৰা বচাব? এশটাৰ আশীটাই মিনিষ্টাৰৰ পিছে পিছে ঘূৰি ফুৰিব লাগে! সেইবোৰ লিখ চাল্লা… । হুঃ! থানাৰ কাষতে ডকাইতি! মাথা গৰম হৈ যায় … । : ছাৰৰ আজি মূৰটো উতলি আছে যেন

Read more

বেলনা মাৰি – অমিতাভ মহন্ত

মেচত খানাৰ যোগাৰ চলিছে৷ পঙ্কজে চাকৰি পোৱাৰ স্ফূৰ্তিতে গাহৰিৰ খানা পাতিছে৷ গৰমত গোটেইকেইটাৰ অৱস্থা নাই৷ উদি মুদি হৈ বহি আছো৷ মনোজ আৰু আলোকৰ পেটত ইতিমধ্যে ঘুটুং পানী পৰিলেই৷ দুয়ো প্ৰকাণ্ড পেট দুটা উলিয়াই দেৱদাস চিনেমাখনৰ ‘দোলা ৰে দোলা’ গানটোৰ তালে তালে তামাম নাচি আছে৷ আমিও গাহৰি ভাজি আৰু ভাঙৰ ধোঁৱাৰ মাজত দুয়োৰে নৃত্যৰ মজা লৈ আছো৷ নৃত্য, বস্ত্ৰ, ধোঁৱা এই সকলোবোৰ মিলি এক ব্যভিচাৰ পৰিবেশ৷ একে জাপে গোটেইকেইটা এটেনচন পজিচনত আহি গ’লো৷ দুৱাৰমুখত দেখোন এয়া মিলি৷ ঢিলা ইলাষ্টিকৰ হাফপেন্টটো টানি

Read more

বিবাহিত বৰলা – ৰূপাংকৰ চৌধুৰী

ৰাতিপুৱা শুই উঠি দাত ঘঁহি থাকোতেই মোবাইলত এটা বাৰ্তা আহিল। পংকজ দাৰ। পংকজ বৰদলৈ।বিশ্ববিদ্যালয়ৰ আমাৰ আবাসৰ প্ৰাক্তন আবাসী।যোৱাবাৰ ‘সতীৰ্থ সন্মিলন’ত চিনাকী হোৱা। আবাস এৰা মোৰেই সাত বছৰ হৈ গ’ল। তেখেতে মোতকৈ ২০বছৰ আগতেই মই থকা আবাসৰ আবাসী আছিল।খুব ৰঙীন মেজাজৰ মানুহ। বয়সত বহুত ডাঙৰ যদিও দাদা ‘ বুলিয়েই মাতোঁ। মেছেজটো পঢ়ি চালোঁ- ‘বহুত মিছ্ কৰিলা তুমি। যোৱা কালি খুউৱ ফূৰ্তি কৰিলোঁ।’ ফূৰ্তিৰ কথা শুনি ততাতয়াকৈ পংকজ দাক ফোন কৰিলোঁ। “কি ফূৰ্তি কৰিলে হে পংকজ দা?” “এহ নক’বা। যোৱা ৰাতি ৰাম,

Read more

ছীট – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মেট্ৰিক পৰীক্ষা দি উঠিছোঁ সেইবেলি। চুবুৰীৰ অকণদাৰ বিয়া। দেহে-কেহে খাটিবলৈ হাতত অফুৰন্ত সময়। অকণদাৰ ভনীয়েক অনুপমাই বিয়াৰ আগদিনা হাতৰ মুঠিতে দিয়া পাণখনত চূণেৰে লিখি দিছিল তিনিটা বৰ্ণ- আই এল ইউ! পাণখিলা বুকুৰ মাজত ৰাখি থৈছিলো বহু দেৰি। নতুনকৈ গজিবলৈ আৰম্ভ কৰা বুকুৰ নোমবোৰে চূণ লাগি বগা বৰণ লৈছিল। পলকতে বিয়াখন আপোন বিয়া, ঘৰৰ বিয়া যেন বোধ হ’বলৈ ধৰিছিল। দৰা বহি যোৱা মাৰুতি গাড়ীখনতে ছীট এটি খালী আছিল। অনুপমাই জোৰ কৰিছিল তাতেই বহিবলৈ। খিৰিকীৰে মুখখন উলিয়াই বাছত বহি যোৱা আন সমনীয়া

Read more

প্ৰতিপালন – ধ্ৰুৱ কাশ্যপ

তেওঁক দেখিয়েই প্ৰজ্ঞানৰ আশে পাশে থকা গোটেইকেইজন চেঙেলীয়াই হাতৰ চিগাৰেট পেলাই ফৰিংচিটিকা দিলে ৷ সি সিটো পাৰে মুখ কৰি চিগাৰেট হুপি আছিল বাবে তেওঁক দেখাই নাপালে ৷ তেওঁ প্ৰজ্ঞানৰ ওচৰলৈ আহি পিছফালৰপৰা চিগাৰেটটো তাৰ হাতৰপৰা কাঢ়ি ল’লে৷ ঘটনাৰ আকস্মিকতাত পিছফালে ঘূৰি চায়েই তেওঁক দেখা পাই প্ৰজ্ঞানৰ অৱস্থা ‘ফাট মেলা বসুমতি পাতালে লুকাও’ৰ দৰে হ’ল ৷ তেওঁ প্ৰজ্ঞানৰ ফালে কেইমূহুৰ্তমান চালে আৰু চিগাৰেটটো তন্ন তন্নকৈ পৰীক্ষা কৰি পেলাই দিলে৷ আৰু তাৰ পিছত শান্তভাৱে ক’লে “ধেই কে%& বাপেৰৰ নাম মাটিত মিলালি তই৷

Read more

তাইৰ মাক – বৰ্ণালী ফুকন

ৰাতিপুৱা পাঁচ বজাৰ পৰা মাকে চিঞৰি গগণ ফালিছে “উঠ ঐ স্কুল নাযাৱ নে কি? কিমান যে শুৱে অ’।মই এই বুঢ়ীয়ে ৰাতিপুৱাতে উঠিলোঁ‌। উফ! এইজনী, উঠ বুজিছ গৈ এপাক ৰাস্তাটোতে খোজ কাঢ়। গাটো গাহৰীজনীৰ লেখিয়া হৈছেগৈ।” বাহিৰত প্ৰচণ্ড ঠাণ্ডা, মাকৰ চিঞৰৰ পৰা ৰক্ষা পাবলৈ তাই কম্বলখনেৰে মূৰটো ঢাকি ল’লে। মাকে বিৰামহীন ভাবে চিঞৰি গৈছে। ধাম ধামকৈ খিৰিকিবোৰ খুলি দিয়াৰ শব্দ হ’ল। “বোলো ঐ! শুনিছনে খিৰিকিকেইখন খুলি দিছোঁ‌ বুজিছ হেৰৌ আনুলুম-বিলোমকে কৰচোন।” ঠাণ্ডা ফেৰফেৰিয়া বতাহ এজাক সোমাই আহিল। পুৱাই খঙটো উঠি আহিল

Read more
1 21 22 23 24 25 29