ফটাঢোল

এক আছিল বুঢ়া-বুঢ়ী – মাধুৰিমা ঘৰফলীয়া

পুৱাৰ নিয়ৰবোৰ তেতিয়া এটুপ দুটুপকৈ পৰি আছিল। বাৰীৰ ঢাপত থকা বাঁহৰ বেৰাকেইখনত বহি শালিকীকেইজনীমানে পাখীবোৰ ফুলাই জুপুকা মাৰিবহি আছিল। ঠাণ্ডাই সিহঁতৰ মাতৰো তীক্ষ্ণতা কমাই আনিলে। ঘৰৰ মানুহবোৰ তেতিয়াও কম্বলৰ উমৰ মাজতে মাত্ৰ শইকীয়াহে হোলাং এডাল লৈ শাকনিবাৰীৰ লাই-কবিৰ গুৰি খুচৰি আছে। -উহ কি যে ঠাণ্ডা অ’ কস্মিনকালে এনেকুৱা ঠাণ্ডা পৰা নাছিল দেই। শাকনিবাৰীৰ গাতে লাগি থকা কাপোৰ মেলা ডাংডালত কাপোৰ মেলিবলৈ আহি শইকীয়ানীয়ে ভোৰভোৰাই উঠিল। -হেৰা তোমাৰ এই কস্মিনকালে নেদেখা ঠাণ্ডাটো যোৱা অলপ বছৰৰ পৰা বাৰে বাৰে অহা যেন লগা

Read more

কাহানী হৰ ঘৰ গীৰাণে কী – কৌশিক দাস

দুপৰীয়াৰ ভাতসাজ লৰালৰিকৈ গিলি ইদিয়ট বক্সৰ সন্মুখত একান্তমনেৰে ব্যস্ত হৈ পৰিল লভিতাৰ মাক। এইখনি সময়ে তেওঁক পৃথিৱীৰপৰা আঁতৰাই লৈ যায়। পাৰিবাৰিক খৰিয়ালৰ ধ্যানযোগত থকা আত্মা বিলীন হয় পৰমাত্মাৰূপী চেনেলবোৰত। ইয়াত থকা প্ৰায় প্ৰতিগৰাকী হাইপ্ৰফাইল শাহুৰ বহু ভিতৰলৈ সোমাই গৈছে তেওঁ! লোকৰ নিদ্ৰা, সুখ হৰণ কৰি হ’লেও সিহঁতৰ উদ্ভট আদৱ কায়দাৰ শৰণ লৈছে। কেৱল “কাহানী হৰ ঘৰ গিৰাণে কী”ক ধিয়াইয়েই পাৰ হৈছে সময়। মজি থকাৰ মাজতে কলিং বেল বাজি উঠিল। “কোন আছ? বোলো শুনিছনে জোনালী। ক’ত মৰিল ঔ এই ফকটিয়াসোপা!” (চিৰিয়েলৰ

Read more

ষ্টে অৰ্ডাৰ – অনিল গগৈ

“ষ্টে অৰ্দাৰ ! কিহৰ ষ্টে অৰ্দাৰ ? যমৰাজ গৰজি উঠিল । কান্ধত লৈ থকা গদাটো মজিয়াত থেকেচা মাৰি যমৰাজ পোন হৈ বহিলে। বাঁও হাতৰ চাবুক ডাল আচাৰ মাৰি শূন্যতে এপাক ঘূৰালে । ভ্ৰুকুটি কৰি, মস্ত মোচঁ খিনিত আঙুলি দিলে । চকুত হাই পাৰ্ৱাৰ চশমা , মূৰত পাগুৰি, প্ৰকাণ্ড খাটা মেলি কামত ব্যস্ত থকা চিত্ৰগুপ্তই তেওঁৰ বিত চকুযোৰৰ তলেদি যমৰাজলৈ চালে। আন দিনৰ দৰে হোৱা হ’লে যমৰাজৰ এই ৰ্নিবুদ্ধিতাৰ বাবে হয়তো তেওঁ মোচৰ তলতে সচৰাচৰ মৰা নন্ ষ্টপ চাইলেঞ্চাৰযুক্ত হাঁহিটো সৰকাই

Read more

দুচকুত প্ৰেমৰ বৰ্ষা – তৃপ্তি বৰা

অপেক্ষাও ইমান সুন্দৰ হ’ব পাৰে অনিৰ্বানে আজি প্ৰথম বাৰলৈ অনুভৱ কৰিলে।তথাপিও মাজে মাজে উৎকন্ঠিত হৈ পৰে সি।সেই কাজলসনা চকুযুৰিত দেখা গভীৰতাক আজি নিচেই কাষৰ পৰা জুখি চাব সি..আৰু তাইৰ ওঁঠৰ সেই তিলটো..আস্!ভাবিয়েই মনটো ভাল লাগি গ’ল অনিৰ্বানৰ।বৰ্ষাই দিয়া ঠিকনাটোৰ মতে সি আহি উপস্থিত হৈছেহি ৰেষ্টুৰেণ্টখনত।আনকালে কোনোবাই কিবা প্ৰয়োজনত তাক লগ কৰিবলৈ বিচাৰিলেও সি সদায় সময়তকৈ বহু দেৰিকৈহে উপস্থিত হয়গৈ।বন্ধু মহলতো সি প্ৰায়েই এই কথাৰ বাবে গালি খায়।কিন্তু আজি সি সময়তকৈও বহু আগতেই আহি ৰৈ আছেহি।মনে মনে হাঁহি উঠিল তাৰ নিজৰ

Read more

শ্যামলীৰ সপোনটোৰ পাছত – অঞ্জলি গগৈ বৰগোহাঞি

আজি দুদিনমানৰ পৰা শ্যামলীয়ে ৰাতি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত একেটা সপোনকে দেখি হঠাৎ সাৰ পাই যায় । তাৰ পাছত তাই হাজাৰ চেষ্টা কৰিও চকুত টোপনি আনিবলৈ সক্ষম নহয় । উজাগৰে থাকি বিচনাত ইকাতি-সিকাতি কৰি থাকিবলৈও তাইৰ ভাল নালাগে । গিৰিয়েকৰ গাত ভৰি এখন তুলি সিহঁতৰ একমাত্র ৮ বছৰীয়া ছোৱালী ৰিয়া টোপনিত লালকাল দি থাকে সেই সময়ত । অৱশ্যে গিৰিয়েক অনিমেশও টোপনিত ভাল । এবাৰ টোপনি অহাৰ পাছত পুৱা ৬ বজাৰ আগতে সাৰ নাপায় । ওচৰত গভীৰ টোপনিত লালকাল

Read more

এযোৰ হেৰুৱা চেণ্ডেলৰ কাহিনী – গীতিকা শইকীয়া

ককাজনে দশমীৰ দিনা তেওঁৰ আপুৰুগীয়া হাৱাই চেণ্ডেলযোৰ হেৰুৱাই পেলালে৷ মানে ককাৰ বৰ্তমান হাহাকাৰ৷ মানসিক কষ্টত জীয়াই আছে৷ সেই দশমীৰ সন্ধিয়া কেইবাখনো পূজাথলীত অনাই বনাই ঘূৰি জেলেপীৰ দোকানবোৰত আধা ভঙা, গ্ৰাহকে কিনিব নোখোজা জেলেপীৰ টুকুৰাবোৰ ফ্ৰিতে মস্ত পেটটোত সুমুৱাই আৰু কেইবাদিনলৈ খাব পৰাকৈ নিজৰ লগত নিয়া মোনাখনত ভৰাই লৈ ঘৰলৈ উভতি আহে মানে কানি-মুনি বেলিকাই হৈ গ’ল৷ এনেয়ে থকাত সেই ৰাস্তাত গাড়ী-মটৰৰ সুবিধা আছে যদিও ককাই তেনেকৈ পইচা-পাতি খৰচৰ পক্ষপাতি নহয়৷ টকা-পইচা অনৰ্থক খৰচৰ ককাই মুঠেই সমৰ্থন নকৰে৷ অৱশ্যে অহা-যোৱা কৰোঁতে চিনাকি

Read more

যাত্ৰা শুভ হওক – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘হেভ এ চেফ জাৰ্ণি…’ – ব’ৰ্ডিং পাছ দুখন হাতত লৈ মই নৰহৰি দাৰ ওচৰ পালোঁ৷ ‘কি ক’লে ও সেইজনীয়ে হাঁহি মাৰি?’ ‘নাই, হেপী জাৰ্ণি দিছে৷ আৰু এয়া লোৱা তোমাৰ টিকেট৷ এইখন দেখুৱালেহে তুমি ফ্লাইটত সোমাব পাৰিবা৷’ এক গভীৰ প্ৰশান্তিত উজ্জ্বল হৈ উঠা নৰহৰি কাইৰ দুচকুত জিলিকি উঠিল ব’ৰ্ডিং পাছখন৷ ‘বহুদিনৰ আশা আছিল উৰাজাহাজত উঠি চোৱাৰ, আজি পূৰণ হ’ব!’ -ফুচফুচাই ক’লে মোক। নৰহৰি কাই আমাৰ একে গাঁৱৰে৷ সৰু গেলামালৰ দোকান এখন আছে তেওঁৰ৷ পঞ্চাশোৰ্ধৰ নৰহৰি কায়ে বিয়া বাৰু কৰোৱা নাই৷ নাৰীজাতিৰ

Read more

পৰিত্ৰাণায়ং সাধুনাং – জয়ন্ত আকাশ বৰ্মন

পৰিত্ৰাণায়ং সাধুনাং সত্যেন্দ্ৰস্য পায়জামাং: এই যে আমাৰ সত্যেন্দ্ৰ দা, ওৰফে সতীদা, মানুহটো বহুত বহুত বাগ্মীবৰ। কথাৰ লাচত কথা কয়, কথাৰ লাচেৰেই কাটি থয়। কথাবোৰ কিন্তু সাংঘাতিক ‘পোষ্ট মডাৰ্ণ’! অসংলগ্ন, কিন্তু সংগতিবিহীন নহয় । সিদিনা আহিল নহয় মোৰ কোঠালৈ! আহিয়েই ক’ব ধৰিলে, “ডেকা ল’ৰা। কিনো দিনৰ দিনটো শুই মৰা!? যাওঁ‌ ব’লা ৰাজাবাৰী, ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি৷” সতীদাই মোক টানি-আজুৰি উঠাই ৰাজাবাৰীলৈ লৈ গ’ল। ফেন্সীবাজাৰতেই জাহাজঘাটটো। ভট্-ভটী নাৱত উঠি আমি নদীৰ সিপাৰলৈ যাত্ৰা কৰিলোঁ। পানীজাহাজখনত দুজনী ফৰেইনাৰ ছোৱালীও উঠিছে। সতীদা উঠি গৈ

Read more

শৰতৰ কালে চন্দ্ৰাৱলী ৰাতি – তৃপ্তি বৰা

উস্ কি জ্বালা। মাইকী মানুহবোৰে দিনে ৰাতিয়ে এইগাল পিন্ধি কেনেকৈ যে থাকে ঐ। তাৰ দেখোন চাইকেলখনেই আগ নাবাঢ়ে। ধুৰ, এইখনো আজি চলাবলৈ ইমান বেয়া লাগিছে। তাতে পিছফালে ৰণ্টুকো বহাই লৈছে। হওঁতে তাৰ ওজন তেনেই কম। চাদৰ মেখেলাৰে সৈতে তেনেই লাহী পাহী গাভৰুজনীৰ দৰেই লাগিছে। পিছে এই চাদৰ-মেখেলাযোৰ পিন্ধি থকাৰ বাবেহে অশান্তি লাগিছে। পেডেল মাৰিলেও দেখোন ভৰি দুটাত কিহবাই সাৱটি ধৰে। ধেই ধিন ধিত থেই ধিন ধিত থেই তাত তাও খ্ৰী খিতি তাও তাত তাও নামঘৰৰ পৰা ভাঁহি অহা খোলৰ শব্দ

Read more

এজন নতুন আচাৰ্য্যৰ আবিৰ্ভাৱ – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

শ্ৰদ্ধেয় ৰাইজ, আজি মই আপোনালোকক এনে এটা কথা ক’বলৈ গৈ আছোঁ যে পোনপ্ৰথম আপোনালোক সন্দিহান হ’ব৷ এনে ভুল ভাবো আহিব পাৰে যে মোৰ মগজুৰ বিকৃতি ঘটিছে৷ আচলতে তেনে একো হোৱা নাই৷ অতবছৰে চিকিৎসাবৃত্তিত থাকিও মোৰ পঢ়া শুনা শেষেই নহ’ল৷ বয়সহে বহুত হ’লগৈ, কিন্তু বাৰেপাছি পঢ়ি থাকিবলৈয়ে বাধ্য হ’লোঁ৷ কালি নিশাও শ্ৰীমতী আৰু জীয়ৰী শোৱাৰ পিছত মই প্ৰায় ডেৰঘণ্টা এজন ৰোগীৰ বিষয়ে অধ্যয়ন কৰিব লগাত পৰিলোঁ৷ তাৰ পিছত ৰাতি প্ৰায় দুই বজাত শুলোঁ৷ ৰাতি টোপনিত থাকোতেই পৰমাত্মা সদাশিৱই স্বয়ং প্ৰকট হৈ

Read more
1 22 23 24 25 26 29