ফটাঢোল

এনেকৈয়ে – মাধুৰীমা ঘৰফলীয়া

বৰষুণজাক দিয়া অলপ সময় হ’ল যদিও গছবোৰে ধৰি ৰখা পানীবোৰ পাতৰ মাজেৰে সৰকি আহি টুপুৰ-টুপুৰকৈ শব্দ হৈ আছে। তেনেকুৱা এক টুপুৰ-টুপুৰ শব্দ অনাদিৰ মবাইলতো মাজে মাজে হৈ আছে। টুপুক! মেছেজ অহাৰ শব্দ। অনাদিয়ে হোৱাটচ এপটো খুলিলে। “চেষ্টা কৰিবা। আহিবই লাগিব বুলি কোনো কথা নাই।“ পৰিধিৰ মেছেজ। অনাদিৰ মনটো মৰহি যোৱা যেন লাগিল। চাৰিমাহৰ মূৰত তাই অসমলৈ আহিছে। অহাৰ পৰিকল্পনা কৰোঁতেই সিহঁতি কেতিয়া ক’ত লগ কৰিব সেইটো পাতি থৈছিল কিন্তু খেলিমেলি লগালে অনাদিৰ মাকে। পৰিধিক লগ পোৱাৰ আৱেশত ডুব গৈ থাকোঁতেই

Read more

থৰ-থৰ-থৰ-থৰ, ঝক-ঝক-ঝক-ঝক – নয়নমণি হালৈ

ইচ্, অকস্মাতে কি যে ঘটি গ’ল! ইমান লাজ লগা ঘটনা মোৰ জীৱনত কোনোকালে ঘটা নাছিল| শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে| ময়ো পৰা নাই| কিন্তু চেষ্টাৰ ক্ৰটিও যে কৰা নাই, সেয়াওতো সঁচা| যি নহওক মূল কথালৈ আহোঁ| নলবাৰী ৰেল ষ্টেচনৰ তিনি নং প্লেটফৰ্মটো প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰিবলৈ অতি উপযোগী। হাইমাষ্ট লাইটৰ উজ্জল পোহৰ আৰু ৰঙ-বিৰঙী মানুহেৰে ভৰি পৰে সন্ধিয়াৰ প্লেটফৰ্ম| এক আৰু দুই নং প্লেটফৰ্মত ৰেল আহি ৰখে, কিছুসময়ৰ বাবে সেই দুটা প্লেটফৰ্ম চঞ্চল হৈ পৰে, মুখৰ হৈ উঠে|

Read more

অণুগল্প – মৃদুস্মিতা অংকুৰ ৰাজ

১) তীখৰ-পুৰাণ দুপৰীয়া ভনীয়েকক শুৱাবলৈ লওঁতেই ওচৰৰ খুড়া শহুৰেক সোমাই অহা দেখি মাকে তীখৰক ককাকক অলপ সময় বহিবলৈ ক’বলৈ পঠিয়ালে। তীখৰে মাকক ক’লে,-“তাতকৈ আবেলি আহিবলৈ কওঁ নি..তুমি নাই বুলি কওঁ!” শুবলৈ লোৱা মাকেও ভাবিলে, আবেলি লুচি ভাজি বনাই খুড়াক মাতি দিম। খুড়াই লুচি খাই ভাল পায়। পিচে সদায় টান টান আখৰ জোঁটনিবোৰ সুধি থকা ককাকক তীখৰে যিষাৰহে ক’লেগৈ, তেওঁ আৰু তীখৰহঁতৰ ঘৰলৈ নহাই হ’ল। সি গৈ ক’লেগৈ,-” ককা, মায়ে মা নাই বুলি কৈ পঠিয়াইছে”। মাকৰো ভুল আছিল, তীখৰকনো বিশ্বাস কৰিব

Read more

নীলবৰ্ণ শৃগাল – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

:মোৰ বাকী কিমান দিবলৈ আছে চোৱাচোন ভাইটী,আজি বহাগৰ ১ তাৰিখ যিহেতু তোমাৰ তাত থকা বাকীখিনিৰ হিচাব নিকাচটো আজি কৰাই ভাল হ’ব। :”যোৱা তিনিবছৰমান পইচা দিয়াই নাই নহয় আপুনি দাদা,মুঠ ষোল্ল শ টকা দিবলগীয়া আছে আপোনাৰ”, দোকানৰ বাকী লিখা বহীখন চাই দোকানীজনে ৰমেন শৰ্মাক ক’লে। :আচ্ছা,কাটি দিয়া আগৰখিনি,আৰু এইখন লিষ্টত লিখা বস্তুখিনিও ভৰাই দিয়া। পইচাটো পোৱাৰ আশাত বেচেৰা দোকানীজনেও নতুন বস্তুকেইবিধ প্লাষ্টিকৰ মোনা এখনত ভৰাই আথে বেথে শৰ্মাৰ হাতত তুলি দিলে। :নতুন খাতাখনত পুৰণিয়েই নতুনেই একেলগ কৰি লিখি থোৱা,বেচি বাকী হোৱা

Read more

পুৰণি কেনভাছ – নিমিষা ফুকন সোণোৱাল

:অ’ আইতা? :হেঁ ৷ :ল’ৰাটো ক’ত ? :সৌটো ৷ :কি কৰিছে সি তাত? মহে খাই ডবৰা পাতিব পাই পিঠিত ৷ :অকল সেইবোৰেই কৰি থাকে ৷ কাচিন তেল ( কেৰাচিন তেল সানি দিবলৈ ক’বই নহয় ফুট গধূলিতে মোক ৷ মোৰ আৰু কাম নাই নহয় ! মহে খায়, চামচেলুকাই চেলেকে , সৌ আলষণীয়ে পাই, পাই থাকক ৷ নাজানো,মাছ কেইটা পালে ! ক’ৰ লোকৰ ভেন্দিবাৰীত সোমায়, গোহালিৰ কিনাৰত কোৰখন মাৰি বৰশীৰ টোপ গোটাই পিটাই লৈ ওলাই গৈছে আৰু ৷ মোৰ হেৰৌ, এটা বাল্টি

Read more

আড্ডা – উজ্জ্বল ফুকন

“তই কি ভাবি আছ৷ ঠাকুৰে ক’ব নেকি আমাক যাবলৈ?”-চুলি দীঘল ল’ৰাটোৱে চিগাৰেটৰ ধোঁৱাখিনি ওপৰলৈ উৰুৱাই তাৰ লগত বহি থকা শকত ল’ৰাটোক সুধিলে৷ “নাই একো নকয়৷ এইটো ফাৰ্ষ্ট ছিগনেল৷ ইয়াৰ পিছত আৰু এবাৰ আহিব ঠাকুৰ৷ তাৰ পাছত আৰু নাহে৷ কুংফুৱে ভুকি ভুকি যাবলৈ ক’ব৷” শকত ল’ৰাটোৱে পেটটোত হাতখন থৈ উত্তৰ দিলে৷ মুখৰ চিগাৰেটটো তাৰ কথাৰ লগে লগে কঁপি আছিল৷ “বাহ ! তই দেখোন ঠাকুৰৰ বহুত কথা গম পাৱ৷ কিন্তু কথাবোৰ আধা হৈ থাকিল নহয়৷ কিমান সময়ৰ পাছত আকৌ ঠাকুৰ আহিব জান

Read more

“ডাঙৰ হ’লে মই….” – দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱাবছৰ বৰুৱাহঁত মুম্বাইলৈ আহিছিল ফুৰিবলৈ ৷ দুদিনৰ কাৰণে৷ এদিন বাছত উঠি মুম্বাই দৰ্শনো কৰিলে ৷ গাইডজনে মেৰিন ড্ৰাইভৰ পৰা আৰম্ভ কৰি অমিতাভ-শ্বাহৰূখ খানৰ ঘৰো দেখুৱালে ৷ মুকেশ আম্বানীৰ ঘৰটো দেখি চকু থৰ হৈ ৰৈছিল আটাইৰে। শেষত শচীন তেণ্ডুলকাৰে পঢ়া স্কুলখনো দেখুৱালে ৷ “এইখন হ’ল শাৰদাশ্ৰম বিদ্যামন্দিৰৰ খেলপথাৰ..! তোমাৰ বয়সত এদিন তেণ্ডুলকাৰে এইখন পথাৰতে ক্ৰিকেট আৰম্ভ কৰিছিল..তাৰ পিছত শিৱাজী পাৰ্ক…তাৰ পিছত ৱানখেড়ে ষ্টেডিয়াম…আৰু লাহে লাহে গোটেই বিশ্বৰে ফিল্ড কঁপাইছিল তেওঁ….৷” – বৰুৱাই সাতবছৰীয়া পুতেক বুবুৰ মুখলৈ চালে। খেলপথাৰখন আগুৰি থকা ৱালখনৰ

Read more

ৰোল নম্বৰ ১ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

ছোৱালীৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ফোন কৰা বাবেহে কথাটো গম পালোঁ ৷ আজি সিহঁতৰ হৈ যোৱা বছৰেকীয়া পৰীক্ষাটোৰ বোলে ৰিজাল্ট দিব । অলপ অনুশোচনাও হ’ল মনত যে-মোৰ দৰে ইমান দায়িত্ববোধ নোহোৱা বাপেকো আছে যিয়ে এইখন দুনীয়াত নিজৰ ছোৱালীৰ পৰীক্ষা,নামভৰ্তি,ৰিজাল্টৰ দৰে কথাবোৰত সম্পূৰ্ণ উদাসীন। অৱশ্যে বেছি গুৰুত্ব দিবলগীয়া বয়সো হোৱা নাই তাইৰ,যদিহে মোৰ পঢ়া-শুনা আৰম্ভ কৰা বয়সৰ লগত তাইক তুলনা কৰোঁ।মই নিজে ছবছৰ বয়সতহে প্ৰথম স্কুললৈ গৈছিলোঁ৷ অকল মই বুলিয়েই নহয়, আমাৰ বয়সৰ প্ৰায়বোৰৰেই স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ বয়স ছয় বছৰ।আমিবোৰ “তুমি

Read more

অৱনী মেধিৰ চাং বঙলা – বৈদুৰ্য্য বৰুৱা

এই যে বাসুটো,সঁচাকৈয়ে এক ৰহস্যময় প্ৰাণী৷ একোটাহঁত কথা সি সঁচাকৈয়ে কয় নে মিছাকৈয়ে কয় ভগৱানে জানে৷ কিছুসময়ৰ কাৰণে এক ৰহস্যময় পৰিস্থিতি সৃষ্টি কৰি মূৰটো গধুৰ কৰি থৈ গুচি যায়। অলপ দেৰিৰ আগতে বাসুৱে আহি মোক যিটো ঘটনা শুনাই থৈ গ’ল সেই ঘটনাটো আপোনালোকক ক’লে আপোনালোকৰ মাজৰ কোনোবাই হয়তো খন্তেকৰ বাবে কিবা বেবেৰিবাং চিন্তাৰ মাজত সোমাই পৰিব আৰু হয়তো কাৰোবাৰ মনৰ মাজত এটা প্ৰশ্নৰো উদয় হ’ব যে-আচলতে সঁচা কোন? মই নে বাসু?? কিন্তু মই এইটোও সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ যে বাসুৰ কথা

Read more

হ’লেও আৰু – কেশৱ বৰা

অঞ্চলটোৰ এজন লেখৰ মানুহ মাঘৰাম পাঠেক৷ পাঠেক বা পাঠক তেখেতৰ পৈত্ৰিক উপাধি নহয়,বৃত্তিগতহে৷ সৰবৰহী সামান্য পৰোপকাৰী মানুহ,নলগা জেঙত সাধাৰণতে নালাগে৷ স্কুলীয়া শিক্ষা সামান্য,কেবা শ্ৰেণীতো দৰক লাগিবলগীয়া হোৱাত আমনি লাগি আদখনীয়াকৈ শিক্ষা সাং কৰিলে৷ পুথি-পাজি ভালেমান পঢ়িছে,প্ৰসঙ্গক্ৰমে ৰজিতা খোৱাকৈ সুললিতভাৱে গাবও পাৰে৷ অঞ্চলৰ বহু অনুষ্ঠানৰ সভাপতি,ডাঙৰকৈ হোৱা নাম-প্ৰসঙ্গৰ মূল মানুহ মাঘৰাম৷ পৰিধি বহলাই কিঞ্চিত চিন্তা-চৰ্চা কৰিবপৰা সমনীয়া বা বয়সত ডাঙৰ কিছুৱে বিদ্ৰুপভৰা উপনাম এটাৰে তেওঁৰ কথা উল্লেখ কৰে-‘মাঘপণ্ডিত!’ পৰীক্ষাৰ নম্বৰ তালিকাত গধুৰ অঙ্কৰে নহয়,প্ৰকৃতাৰ্থত চোকা বিবেকানন্দ অঞ্চলটোৰ এজন ব্যতিক্ৰমী ডেকা৷ লগ-সমনীয়াই

Read more
1 2 3 4 5 14