ফটাঢোল

চকুলো – মণিষা কাকতি

ৰাতি ৭.৪৮ বাজিছে৷ দুজনীয়া সংসাৰ৷ পত্নী পাকঘৰত ব্যস্ত৷ পতি কাষৰ ৰুমত টিভি চোৱাত ব্যস্ত৷ পত্নীঃ (পতিদেৱক উদ্দেশ্যি অলপ উষ্মাৰে) তুমি কিন্তু তোমাৰ প্ৰমিজ ৰাখিব পৰা নাই৷ পতিঃ হা.. কিবা কৈছা? পত্নীঃ ………..প্ৰমিজ ………………নাই৷ (অকল সেই দুটাহে শব্দ শুনি কিবা জগৰ লগালো বুলি ভাবি পতি হাতত ৰিম’ট লৈ টিভিৰ কাষৰপৰা উঠি আহিবলৈ বাধ্য হ’ল) পতিঃ কিবা কৈছিলা জানু? পত্নীঃ (মুখখন অলপ ফুলাই) তুমি মোৰ মা-দেউতাৰ আগত প্ৰমিজ কৰিছিলা যে মোৰ চকুৰপৰা কেতিয়াও ’চকুলো’ ওলাব নিদিয়া৷ কিন্তু বিয়াৰ পাছতে তুমি সকলো পাহৰি

Read more

প্ৰতিবেশী – গীতাশ্ৰী কলিতা

বৰুৱাৰ ঘৰৰ কাষৰ বহুত দিনৰ পৰা খালী থকা ঘৰটোলৈ আজি নতুন ভাৰতীয়া আহিছে৷ নতুনকৈ বিয়া হোৱা কিজানি৷ অকল গিৰিয়েক-ঘৈণীয়েক৷ বৰুৱাইও ভাল পালে৷ ঘৰত দিনটো অকলে থকা বৰুৱানীৰ লগ এটাকে হ’ব মাতলে বোললে৷ বৰুৱাৰ পৰিয়ালত বৰুৱা বৰুৱানী আৰু ছবছৰীয়া বাবলি৷ বৰ মৰম লগা, অলপ কথকীও৷ লাহে লাহে দুই পৰিয়ালৰ চা-চিনাকি হল, আহ-যাহ হ’ল৷ অহা যোৱা ক্ৰমান্নয়ে বাঢ়ি চাহ চেনি আদান প্ৰদান পৰ্য্যায় পালেগৈ৷ কিন্তু শৰ্মা পৰিবাৰৰ ধৰণ কৰণে বৰুৱানীক অমুৱাবলৈ বেছি দিন নালাগিল৷ শৰ্মানীয়ে যদি আগদিনাৰ চেনি দিয়া বাতিটো ঘুৰাবলৈ আহে

Read more

চন্দুৰ বেবেৰিবাং চিন্তা – চন্দনা শইকীয়া

চন্দুই যেতিয়া ঘৰ মচি থাকে হয়তো দীপালি বৰঠাকুৰ বাইদেউৰ গান গুণগুণাই থাকে নহয়তো কিবাকিবি চিন্তাত বিভোৰ হৈ থাকে৷ আজিও ঘৰ মচি থকা সময়ত তাইৰ মূৰত ভয়ংকৰ চিন্তা আশংকা কিছুমানে আহি ভিৰ কৰিলেহি৷ এই চিন্তাবোৰৰ সাৰাংশ এনেধৰণৰ – চন্দুই অতদিনে ভাবি আছিল তাইৰ ঘৰৰ ওচৰৰ মানুহে তাইক স্কুলৰ নামেৰে নাজানে৷ কেৱল শইকীয়ানীৰ সৰুজনী জীয়েক নাইবা মইনা বুলিয়েই চিনি পায় যিয়ে কাৰো ঘৰে দুৱাৰে ফুৰিবলৈ নাযায় (আনৰ ঘৰত চেল্ফী উঠিবলৈ লাজ কৰে যে! ), ঘৰতে থাকি কামবন আৰু পঢ়া শুনা কৰি থাকে

Read more

সৰুমাছ – আদিত্যজ্যোতি বৰঠাকুৰ

কিছুমান কথাত তাৰ দৰে ঠাণ্ডা মানুহৰো বৈদ্য খং উঠে৷ খঙৰ ভমকত যা তা কাম কৰি দিবলৈ মন যায়৷ এই দেওঁবাৰ এটাৰ কথাকে ধৰক…. দেওঁবাৰ বুলি পুৱা ৯ টা ১০ টা মান বজাত শুই উঠি “বে’ড টি” একাপ পোৱাতো তাৰ দৰে ঠাণ্ডা মানুহে মৌলিক অধিকাৰ বুলিয়েই ভাৱে৷ কিন্তু হিটলাৰী শাসন ব্যৱস্থাত কি মৌলিক অধিকাৰ…..কি কৰ্ত্তব্য.! ! ! পুৱা ৬ নাবাজোতেই তাক তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল ঘৰলৈ আলহি অহাৰ অজুহাতত, ধেৰ কাম থকাৰ অজুহাতত……বজাৰ-সমাৰৰ মূল দায়িত্ব অৰ্পনেৰে৷ একেবাৰে পুৱাই পুৱাই

Read more

পলিটিক্স – মনালিছা শইকীয়া

এই গল্প, উপন্যাস লিখা কামটো মোৰ দৰে মানুহৰ বাবে মুঠেই নহয়৷ কিবাকৈ সৰুতেই লিখা-মেলাৰ প্ৰতি হেঁপাহ এটাই জন্ম ল’লে৷ আচলতে মোৰ কথা সাজি কোৱা, মিছা কোৱা অভ্যাসটোৱেই কলমটোৰ সান্নিধ্যত ৰূপ দিবলৈ সহজ বুলি ভাবিলোঁ৷ সেয়ে লেখক হোৱাৰ বহুত হেঁপাহ৷ স্থানীয় মহিলা সমিতিৰ প্ৰাচীৰ পত্ৰিকাত দুটামান কবিতাও লিখিছোঁ৷ আৰু বৃহত্তৰ নাহৰণি ৰঙালী বিহু উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থত “বিহুগীতত কপৌফুল “ বুলি প্ৰবন্ধ এটাও লিখিছো এইবাৰ৷ যি কি নহওক বেলেগ মানুহে লেখক বুলি নাভাবিলেও ঘৰৰ গৃহস্থৰ আগতেই অকণমান লেখক জাতীয় ভাও দিবলৈ

Read more

’ফেক’-অলকেশ ভাগৱতী

কৰ্মব্যস্ততাৰ বাবে মোৰ এজন বন্ধুৰ ফেচবুক একাউণ্ট নাছিল৷ দুসপ্তাহমান আগতেহে একাউণ্ট খুলিছে৷ কালি সন্ধিয়া একেলগে বহি থাকোতে দুপেগমান খোৱাৰ পিছত সি লাজ লাজকৈ ক’লে – “ফেচবুক আচলতে ভালেই বস্তু বে৷ মই আগতেই খুলিব লাগিছিল৷ নতুন জগত এখনত সোমোৱা যেন লাগিছে৷ বহুত নতুন নতুন বন্ধু হৈছে৷ কিন্তু এটা কথা আচৰিত লাগিছে যে মোলৈ বহু অচিনাকি ছোৱালীয়ে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাই আছে৷ “ কথাষাৰ শুনি তালৈ পুতৌ উপজিল৷ বেচেৰা, নতুন নতুন সোমাইছে৷ ফেচবুকৰ জটিলতাবোৰ এতিয়াই বুজি পোৱা হোৱা নাই৷ নতুন পেগটো বাকী লৈ

Read more

গুড নাইট – প্ৰতিভূ দত্ত

প্ৰত্যেক সন্ধিয়া শ্ৰীমান দত্তই অফিছৰ পৰা উভতিবৰ সময়ত মোবাইলৰ মেচেজ বক্সৰ এটা বিশেষ sms চাই লয়৷ তাত যদি লিখা থাকে ’rice’ বা ’dali’ বা ’m. oil’ শ্ৰীমান দত্তই বুজি পায় যে ঘৰ গৈ সোনকালে পাব লাগিব৷ নহ’লে চাউল বা দাইল বা মিঠাতেলৰ অভাবৰ বাবে ঘৰৰ চৰু বন্ধ অৱস্থাত থাকিব৷ আনহাতে যদি তাত লিখা থাকে ’biscuits’ বা ’tiffin karone kiba’ শ্ৰীমান দত্তই বুজি পায় যে সেইখিনি বস্তু পাছদিনা পুৱাৰ বাবে লাগিব৷ গতিকে আড্ডা মাৰি লাহে ধীৰে ঘৰলৈ উভতিলেও অসুবিধা নাথাকিব৷ এই

Read more

বিক্ৰীৰ বাবে বৰুৱাৰ বৌদ্ধিক বিচাৰ – ভাস্কৰ জ্যোতি বৰুৱা

দৃশ্য এক : গানটো কি ফাল্টু! – ক্লায়েণ্ট এক৷ : হয়, সংস্কৃতিৰ পথাৰত এইবোৰ অপতৃণ – বৰুৱা৷ : প্ৰতিবাদ হ’ব লাগে৷ : হয় ছাৰ, যথাৰ্থ ভাবেই এফ বিত চৰ্চা হৈছে৷ : ঠিক কৈছে, ক’ত চাইন কৰিম৷ : ইয়াত ইয়াত ছাৰ৷ দৃশ্য দুই : ফেইচ বুকত এনে গানৰ আলোচনা হোৱাটো কিন্তু ভাল হোৱা নাই৷ কি কয় বৰুৱা? – ক্লায়েণ্ট দুই : হয় ছাৰ, নিগেটিভ পাব্লিছিটিহে পাব৷ কথাই পাতিব নালাগে এইবোৰৰ৷ দৃশ্য তিনি : গালেই যেনিবা কি মহাভাৰতখন অশুদ্ধ হ’লনো, কি কয়

Read more
1 14 15 16