ফটাঢোল

তেৰে মেৰে দৰমিয়া – নয়নমণি হালৈ

ৰাস্তাত যেন জুই জ্বলিছে, কিন্তু তাতোকৈ বেছি জুই জ্বলিছে পেটত৷ জালুকবাৰীৰ পৰা চান্দমাৰীৰ ফালে গৈছিলো কিবা এটা কামত, কাম শেষ হোৱালৈ পেটত জুই জ্বলিল৷ জুলাই মাহৰ দুপৰীয়া, তাতে মাহৰ শেষ| বাবলু আৰু মোৰ পকেট জাৰি-জোকাৰি কিবাকৈ চিটিবাছৰ ভাড়াটোহে ওলাল৷ এসাজ ভাত এতিয়া দুঃস্বপ্নৰ দৰে৷ মাহৰ আৰম্ভণিতে ঘৰৰ পৰা পইছা আহে, সেইকেইটা দিনত গোটেই গুৱাহাটীখনত আমাৰ অখণ্ড প্ৰতাপ৷ পাৰ্ক, ৰেষ্টুৰেণ্ট, চিনেমা, পাণদোকান সকলোতে আমাৰ অবাধ ৰাজত্ব৷ ক্লাছলৈ বুলি ওলাই আহি বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত পোলাও মাংসৰে ৰাজসিক ভোজন কৰো, তাৰপিছত চিগাৰেটেৰে মুখশুদ্ধি!

Read more

ৰূমমেট– মেঘালী দিহিঙীয়া

(১) সন্ধিয়া ৬ বাজি ৩০ মিনিট- -“ঐ, বিকাজীৰ ভুজিয়াখিনি আছেনে শেষ হ’ল?” -“আছে, কিয়?” -“চাহ একাপ খাওঁ” -“ৰ, মই বনাইছোঁ” -“অঁ বনাচোন, আদা দিবি হাঁ। স্পেচিয়েলকৈ বনা।” সন্ধিয়া ৭ বাজি ৫ মিনিট- -“উৱা, চাহ ক’ত? আধাঘণ্টা লগাইছ যে ৰঙাচাহকণ বনাওঁতেই?” -“অহ চ’ৰী চ’ৰী। একদম পাহৰি গৈছিলো। পত্ কে বনাই আনিছো ৰ, ৫ মিনিট।” ৰূমমেটে খৰখেদাকৈ চেণ্ডেল চোঁচৰাই কিটচেনলৈ যোৱাৰ শব্দ। কাণত ফোনটো। সিমূৰত ‘বি এফ’। (২) ৯ বাজি ১৫ মিনিট- -“মই ভাত আৰু দালি বহাই দিছো, তই ভাজিখন বনাবি হাঁ।

Read more

মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

(১) এওঁক ৰেডি হ’বলৈ ক’বলৈহে পালো, দৰ্জা মাৰি বেডৰুমত যি সোমাল সোমালেই৷ সম্পূৰ্ণ দুঘণ্টা মই কেন্দিক্ৰাছ খেলি, কেইবাটাও লেভেল পাৰ কৰিলো৷ তাৰ মাজতে দৰ্জাখন অলপমান মেল খালে৷ মূৰ তুলি চাওঁ মানে মোৰ এটা জিনছ্ আৰু এটা টি-ছাৰ্ট মোলৈ বুলি উৰি আহিল৷ আকৌ দৰ্জা বন্ধ হ’ল৷ এনেকুৱা সময়ত মই এওঁক দিষ্টাৰ্ব নকৰো। মইও নিজাকৈ অলপ সময় পাওঁ৷ মানে এই সময়ৰ লেখ-জোখটো নিৰ্ভৰ কৰে, দৰ্জাখন কিমান সময় বন্ধ হৈ থাকে তাৰ ওপৰত৷ এই ধৰক যদি সান্ধ্য ভ্ৰমণ হয়-আধাঘণ্টা, সৰু-সুৰা বজাৰ কৰিবলৈ-এঘণ্টা, চিনেমা

Read more

গেজেট বাইদেউ – বন্দিতা গগৈ বৰা

(১) মনত পৰিছে মোৰ আৰু গেজেট বাইদেউৰ মুখামুখি হোৱা প্ৰথম দিনটোৰ কথা। স্কুলত জইন কৰাৰ প্ৰথম দিন, অলপ লাজ, অলপ সংকোচেৰে কোনোবা এজনে দেখুৱাই দিয়া চকী এখনত বহি ইজন সিজনৰ লগত চা চিনাকি পৰ্ব চলিছে। এটা দুটা কথা পাতি পিছত লগ পাম বুলি নিজৰ নিজৰ ক্লাছলৈ গৈছে। মই বহি ৰৈছো, প্ৰথম দিন, মোৰ ক্লাছ কি হ’ব, ক’ত হ’ব ছাৰে ঠিক কৰি জনোৱালৈ অপেক্ষা কৰিছো। তেনেতে এগৰাকী বাইদেউ আহি মোৰ ওচৰত থিয় হ’ল, -“নতুন নেকি?” মোক মূৰৰ পৰা ভৰিলৈকে পৰীক্ষা কৰি

Read more

ফাত্ৰাভাষ – জ্যোতিৰূপম দত্ত

(১) – সৌ ফালে চা চোন!! সেই ল’ৰাটো, দেখিছনে? বৰ ধনী ঘৰৰ ল’ৰা৷ – পিন্ধা-উৰাত তেনেকুৱা নালাগে অৱশ্যে৷ চিনি পাৱ নেকি? – নাপাওঁ৷ – তেনেহলে কেনেকৈ গম পালি? – তাৰ মুখৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে৷ – ধেই!! মুখৰ গোন্ধৰ লগত ধনী-দুখীয়াৰ কি সম্পৰ্ক? বুজি নাপালো৷ – তাৰ মুখৰ পৰা পিয়াজৰ গোন্ধ ওলাইছে! আজিৰ দিনত এনেদৰে সোপাসোপে পিয়াজ খাবলৈ ধনী মানুহ হবই লাগিব!! (২) – মিস্তিৰি! আউৰ কিতনাজন হে? – দুই জন৷ ৰামপ্ৰসাদে ইগিংতেৰে মোক বাৰাণ্ডাৰ বেঞ্চখনতে বহিবলৈ কলে৷ চেলুনখনৰ

Read more

দেতা – অসীমা শইকীয়া দত্ত

সৰুৰে পৰা মোৰ নামটো বৰ ভাল পোৱা নাছিলো। সৰুতে যিয়েই সুধে সিয়েই কয় সীমা ডাল ক’ত থলি। এই নামৰ সীমা বিবাদ মোৰ দেউতাৰ লগত বহুত দিনলৈকে চলিলে কি নাম থলে মোৰ। নামৰ ক্ষেত্ৰত দেউতাই যি দিলে তাকে পিন্ধি ললো আমি। দাদাৰো নামৰ মাজত দেউতাৰ ভক্তিত এলপিৰ পৰা মেট্ৰিকৰ সময়লৈকে নাৰায়ণ শুই আছিল।পিছত সি নামৰ মাজত শুই থকা অনন্ত শয্যাৰ নাৰায়ণক জগাই উঠাই শুদা নামটো ৰাখিলে। অলপতে ঘৰলৈ গৈছিলো। ফেৰীতে পালো মাজু বাৰ লগৰ এজনী। নাম বহুবল্কী।মোৰ চেহেৰাৰ বাৰ লগত মিল

Read more

বুদ্ধত্ব-প্ৰাপ্তি – চয়ন বৰদলৈ

হায়াৰ ছেকেণ্ডাৰীলৈকে অসমীয়া বিষয়টো পাঠ্যক্ৰম হিচাপে পঢ়িছিলো৷ তাৰ পিছত পাঠ্যক্ৰম হিচাপে অসমীয়াৰ লগত যোগাযোগ নাই। নম্বৰৰ তুলনাৰে নহয়, অসমীয়াত ইমান বেছি গাধা নাছিলো। বেলেগবোৰতকৈ ভাল ভাল নম্বৰেই পাইছিলো (যদিও পৰীক্ষাত পোৱা নম্বৰ উপেক্ষণীয় বিষয়)। তাৰ পিছত ‘লাইন’ বেলেগ হ’ল। মোৰ লগৰ কিছুমান মূলসুঁতিতে থাকি গ’ল আৰু অধ্যৱসায় আৰু একাগ্ৰতাৰ জড়িয়তে এতিয়া অসমীয়া সাহিত্যৰ বিভিন্ন দিশত বিশ্লেষণাত্মক গৱেষণা কৰিছে। কোনো কোনোজনে গল্প লিখিছে, কোনোৱে কবিতা লিখিছে। মই আজিকালি পঢ়ুৱৈ। কিছুমানৰ কবিতা বুজোঁ, বেছিভাগৰে নুবুজোঁ। নুবুজোঁ মানে কিছুমানৰ কবিতা দেখিলে পেটতে হাত-ভৰি

Read more

বুক ফেয়াৰ – বিকাশ শইকীয়া

কেতিয়াবা অফৱাৰ্ড চিটুৱেচনত পৰি যাওঁ, না ঘৰ কা হওঁ না ঘাট কা, কিন্ত কিছুদেৰিৰ পাছত গম পাওঁ যে, মোৰ নিচিনা ধোবী কা ডগ বহুত আছে, তেতিয়া মনটো একেবাৰে পাতলি যায়। বুক ফেয়াৰলৈ গৈছো, চাণক্য দা অহাৰ কথা আছে, একেলগে কিতাপ চিলেক্ট কৰি কিনিম, ১৪ দিন অনবৰতে পঢ়িম…… বুক ফেয়াৰ পাই চাণক্য দা লৈ ফোন কৰিলোঁ। -“ক’ত?” -“আৰে তই পালিহিয়েই নেকি? ইমান জলদি? মোৰ অলপ দেৰি হ’ব।” -“কিমান দেৰি?” -“এঘন্টামান লাগিব।” ঘড়ীটোলৈ চালো, চাৰি বাজি পঞ্চলিশ মিনিট, পাঁচটা বজাত টাইম আছিল,

Read more

আই এম ইন ইউ.এচ.এ – অঞ্জলি গগৈ বৰগোহাঞি

কালিৰ কথা বুজিছে! বুজিছে বুলি ক’লেই কেনেকৈ বুজি পাব, নহয় জানো! ৰ’ব, কথাটো ভালকৈ বুজাই কৈছোঁ। সেই আমাৰ তাপেশ্বৰ মানে মানুহজন, পুৱা খাই বৈ ন বজাত অফিচলৈ গ’ল। কি কৈছে, -“তাতে কি হ’ল?” শুনক আকৌ তাৰ পিছত কি হ’ল। মইও মানে ঘৰুৱা কাম-কাজ কৰি আজৰি হলোঁ, এই ধৰক এঘাৰ বাজি ত্ৰিশ মান বজাত। তাৰ পিছত মোবাইল ডাটা খোলাৰ লগে লগে কিটলিং কৈ মেচেজৰ ৰিংটন আহি গ’ল নহয়। Whatsapp মেচেজ আছিল, তাকো আমাৰ তাপেশ্বৰৰ। মইও মনে মনে ভাৱিলোঁ, -“আউ বালক কৃষ্ণ,

Read more

সৰ্বোত্তম উপহাৰ – ডা° বিকাশ বৰুৱা

হাততে ৰচিদ বহীৰ নিচিনা কিবা এখন লৈ যেতিয়া তিনি-চাৰিজন মানুহ একেলগে আহে, সাধাৰণতে কিহবাৰ চান্দা তুলিবলৈ অহা যেনেই লাগে। বিশেষকৈ মাহটো যদি মাৰ্চৰ পৰা আগষ্টৰ ভিতৰত হয়, তেনেহলে সেয়া নিৰ্ঘাত ‘বাপতিসাহোন’। মানে অসমীয়াই কোনোপধ্যেই ‘নাপাতি থাকিব নোৱাৰা’ অতি হেঁপাহৰ ৰঙালী বিহুটি। যদি জানুৱাৰীত আহে তেনেহলে সৰস্বতী, অক্টোবৰমানত হ’লে দুৰ্গা পূজা। ইয়াৰ বাহিৰেও বছৰটোত কিমান কি ওলাই থাকিব, নেদেখাজনায়ো নাজানে। কলেজ ফাংচনৰ পৰা আৰম্ভ কৰি নাট্যমন্দিৰ, শিৱমন্দিৰ, আছু, সাহিত্যসভা, নমামি, শংকৰ উৎসৱ..। কোনোবাই বঙাইগাওঁত এটা নামঘৰ সাজি আছে, তাৰ বাবে পইচা

Read more
1 16 17 18 19 20 21