ফটাঢোল

আজৱ পৃথিৱীৰ আজৱ খবৰ – নৱনীতা বৰ্মন

সঁচাকৈয়ে এই পৃথিৱীখন বিচিত্ৰ আৰু বিচিত্ৰ ইয়াৰ মানুহ নামৰ প্ৰাণীবিধ৷ আচলতে সকলো মানুহৰে চিন্তা ভাৱনা, মানসিকতা, আচাৰ-ব্যৱহাৰ পৃথক হোৱাটো স্বাভাৱিক৷ কথাখিনিৰ পাতনি এইকাৰণে মেলিলো কাৰণ আজি মাৰ্ছীক স্কুলৰপৰা আনিবলৈ যাওঁতে বহুদিনৰ মূৰত এগৰাকী অনা অসমীয়া পৰিচিত মহিলাক লগ পালো৷ কথাৰে মানুহৰ পেট ভৰাই দিয়া মহিলাগৰাকীক লগ পাই এই কথাৰ পাতনি মেলিবলগীয়া হ’ল৷ আগতে প্ৰায়ে মাৰ্ছীক পাৰ্কলৈ লৈ গ’লে মহিলাগৰাকীক লগ পাওঁ৷ ভাবী ভাবীকৈ একেবাৰে কথাৰে মুহি পেলাই মানুহগৰাকীয়ে৷ অৱশ্যে নিজৰ জীয়ৰী আৰু পুত্ৰক লৈ মোৰ তালৈ বহুদিন আহিছেও আৰু যোৱাৰ

Read more

গছৰ বিলৈ – চিকু শৰ্মা

“আজি ৫ জুন, আজিৰ দিনটোক বিশ্ব পৰিবেশ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰে। আজিৰ দিনটোত সকলোৱে নিজৰ নিজৰ ঘৰত ভাল গছৰ পুলি ২ টা, ৩ টা মানকৈ ৰুবা।” ছাৰৰ কথা শুনি ঠিৰাং কৰিলো যে আজি চোতালত গছৰ পুলি ৰুবই লাগিব। তেতিয়া মই পঞ্চম শ্ৰেণীত আছিলো। ২.৩০ মান বজাত স্কুল ছুটী হʼল। স্কুলৰপৰা আহি ঘৰত জিৰাবলৈ সময় নাই, ড্ৰেছযোৰ সলাই গছৰ পুলি বিচৰাত লাগি গʼলো। কʼতো গছৰ পুলি বিচাৰি নাপাওঁ। বাৰীৰপৰা বাটলৈ ১০ বাৰমান মাকো মাৰিলো, কিন্তু গছৰ পুলি নাই। ইফালে

Read more

ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কিছু অনুভৱ – কুল শইকীয়া

ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘আজিৰ নিৱেদন অমুক’ বুলি মাইক ফুকাই ৰিক্সাত উঠি অহা ডেকা ল’ৰাটোক চাবলৈ ঘৰৰ ভিতৰৰ পৰা ঠিক দৌৰি ওলাই অহা নাই, আচলতে নাটকখননো কি, কাৰ নাটক;কেইবাটাও হ’ব উৎসুকতা দমাব নোৱাৰি হে পঢ়াৰ টেবুলৰ পৰা দৌৰি আহি নঙলা মুখত ভীৰ পাতোহি। তেতিয়াই লগৰ ল’ৰাৰ লগত প্লেন-প্ৰগ্ৰেম বনোৱা হয় যে আজিৰ নাটক চাব লাগিব দুটাকৈ দৰ্শনী হৈছে, বৰ চলিছে, মানুহৰ সাংঘাটিক ভীৰ, টিকট পোৱাই মস্কিল, আবেলি গ’লেহে ৰাতিৰ দৰ্শনী চাব পৰা যাব, টিকটৰ বাবে শাৰীয়ে সৰ্পিল ৰূপ লৈছে, ব্লেকতো কিনিব লগাত

Read more

ননচেন্স! – জ্যোতিৰূপম দত্ত

আই ঐ! মূৰতে পৰিল ঔ! উস! মৰিলো! … দৌতাসকল! আমি হেবাংবোৰক আপোনালোকে বাৰুকৈয়ে কোব কেইটামান সোধাইছে৷ কোব খায়েই আছো লগতে সৌ সিদিনাৰ কথাবোৰো পাগুলি আছো৷ আপোনালোকৰ মুখনিসৃত বেদবাক্য শুনি আমি অজগৌবোৰে গড্ডলিকা প্ৰবাহত উটি গৈ দলে বলে ভোট দি আপোনালোকৰ বাবে অমৰাৱতীৰ যাত্ৰা সুগম কৰি তুলিছিলো৷ আপোনালোকে ৰাজধানীৰ স্বৰ্গপুৰীত দিব্যসুখ লাভ কৰা খবৰ পাই আমি মুৰুখমতিবোৰে পৰম হৰিষত মত্ত হৈছিলো৷ ৰাজধানীৰ দিব্যসুখ প্ৰাপ্ত হৈ আপোনালোকৰ উলাহ দেখি পৰম আহ্লাদত আমাৰ চকু জাপ খাই আহিছিল৷ আমি গজমূৰ্খ এপালে কিমান যে সপোন

Read more

দুটি ৰসপূৰ্ণ কাহিনী – চিত্তৰঞ্জন বৰুৱা

১) বেছি দিন হোৱা নাই, এমাহমানৰ আগৰ কথা৷ বজাৰলৈ যাবলৈ ওলাই বাইকখন ষ্টাৰ্ট দিছোঁহে, তেনেতে কামকৰা বাইজনীয়ে চিঞৰি কিবা এটা ক’লে৷ ভালকৈ নুশুনিলো যদিও অনুমানতে বুজিলো যে বজাৰৰ দীঘল লিষ্টখনত আৰু এবিধ বস্তু যোগ হ’ল৷ যিকণ শুনিছিলো সেয়া অনুমান কৰিছিলো এটা ’চিট্ৰল’ (Citrol) লাগে৷ মনতে ভাবিলো, দানী তিৰোতা, ওচৰঘৰীয়া কাৰোবাৰ দৰকাৰ হ’ল চাগে৷ মোৰ ঘৰততো ’চিট্ৰল’ খাব লগাকৈ কাৰো বৰ্তমান অসুখ-অশান্তি নাই৷ যি কি নহওক বজাৰৰ লিষ্টত যোগ দিলো সেইপদো৷ বজাৰৰপৰা আহি প্ৰফুল্ল বদনে শ্ৰীমতীৰ হাতত মোনাসহ বস্তুখিনি গতাই দিলো।

Read more

আত্মতৃপ্তি – ৰাস্না বৰা

আজিৰ পৰা বিশ বছৰ মান আগৰ কথা। পুৱাই উঠি গা-পা ধুই ৰান্ধি-বাঢ়ি গৃহস্থ আৰু ছোৱালীজনীক খুৱাই-বোৱাই স্কুললৈ পঠিয়াই কেঁচুৱা ল’ৰাটোক কোনোমতে শুৱাই থৈ নিজেও জলপান খাই উঠি তামোল এখন খাওঁ বুলি পান খনত চূণ অকণ লগাওঁতেই বাহিৰত আমাৰ পামত খেতি কৰা ল’ৰা হৰেণৰ মাত শুনি ওলাই গৈ দেখোঁ এজনী আদিবাসী মহিলা আৰু কাষতে ক্ষীণ-মীন এজনী এঘাৰ-বাৰ বছৰীয়া ছোৱালী। মোক দেখাৰ লগে লগে সি মাত লগালে বোলে বাইদেউ এইয়া মোৰ দিদি আৰু এইয়া ছোৱালী লক্ষ্মী। মই পিচফালৰ বাৰাণ্ডালৈ মাতি বহিব দিলোঁ।

Read more

অফিচাৰৰ পত্নী – পৰিস্মিতা বৰদলৈ

মই এগৰাকী অফিচাৰৰ পৰিবাৰ ৷ আচলতে এইটো পৰিচয় মই নিজে দি লোৱা নহয় ৷ বিয়াৰ আগতে ময়ো এটা সৰু অফিচত চাকৰি কৰিছিলো কিন্তু সাংসাৰিক লেঠাৰ বাবে বিয়াৰ পাছত চাকৰিটো কৰি থকাটো সম্ভৱপৰ নহ’ল বাবে এৰিবলগীয়াত পৰিল ৷ বাৰু সেয়া যিয়েই নহওক এতিয়া আহোঁ “অফিচাৰৰ পত্নী” পৰিচয় সন্দৰ্ভলৈ ৷ মই এখন নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিলো৷ বিশেষ বিলাসিতাও নাই জীৱনত আৰু সেইদৰে অভাৱো নাই ৷ সৰু সৰু কিছু আনন্দ নিজে আৰ্জি ল’ব শিকিছিলো বাবেই কিজানি সুখী হ’বলৈ বিশেষ একো কাৰকৰ প্ৰয়োজন

Read more

পৰিৱৰ্তন – ৰিমঝিম বৰঠাকুৰ

পৰিৱৰ্তন এক : পিন্ধনত এটা হলৌ-মলৌ চোলা, ওপৰৰপৰা ক্ৰমান্বয়ে তললৈকে চেপা মাৰি অহা এটা পেণ্ট, চকুত চাৰিচুকীয়া নীলা ৰঙৰ এখন চছমাৰে নঙলাডাল খুলি ল’ৰা এটা সোমাই আহিল৷ ওচৰ পাওঁতেহে দেখিলে ল’ৰাটোৰ চুলিকেইডাল আৰু পকাই থোৱা মোচৰ সৈতে ভোবোকাৰ দাড়িখিনি৷ কাষৰখিনি কোনোবা কাঠমিস্ত্ৰীয়ে ৰাণ্ডা মাৰি সমান কৰি থোৱাৰ দৰে আৰু মাজৰখিনিত একেবাৰে জোপোহা গছডালৰ নিচিনা চুলি৷ ওপৰৰপৰা তললৈ চকু যাঁওতেহে চকুত পৰিল, কাণত বগা ৰঙৰ হেডফোন এডাল, ডিঙিত ব্লেড আকৃতিৰ লকেট এটাৰ সৈতে এডাল শিকলি, ভৰিত আকৌ নিজতকৈ দুই-তিনি আঙুলমান দীঘল

Read more

বিদেশী কুকুৰ বনাম আলধৰা ল’ৰা – অসীমা শইকীয়া দত্ত

যি ছিৰিয়েল অথবা চিনেমাই নাচাওক লাগিলে, সেই মন-মগজুত সোমোৱা চৰিত্ৰটোৰ নামেৰেহে অভিনেতা অভিনেত্ৰীৰ নাম কয় আমাৰ পিতৃ মাতৃয়ে৷ বৰষাৰাণী বিষয়াই দহটা জনম লওক, তেখেতসকলৰ বাবে “উজনিৰ দুজনী গাভৰু”ৰ অাজলীজনীৰেই পৰিচিত৷ যতীন বৰাৰ “চুৰেন চোৰৰ পুতেক”ৰ পৰা পদোন্নতি নহ’ল৷ হলত অসমীয়া চিনেমাৰ মন্দাৱস্থা, টিভিত কিন্তু আমাৰ মা-দেউতাৰ দৰে দৰ্শকৰ বাবে অসমীয়া চিনেমা চাওঁতে সদায় বাল্টি লাগে৷ একেখনকে দহবাৰ চায়৷ হ’লেও সদায় নতুনকৈ চোৱাদি চায়৷ দহবাৰ গালি খায় ৰামধেনুখনত তপন দাসে৷ প্ৰস্তুতি পৰাশৰৰ দুখত মায়ে পাৰিলে তুলি ল’লেহি হয় তাইক মৰমতে৷ ছিৰিয়েল

Read more

কম্প’জিচন – কংকন বৰা

আমাৰ গাঁৱৰ এজন বৰ একাচেকা, অন্য সাধাৰণ মানুহতকৈ কিছু পৃথক ব্যক্তিৰ কথা ক’বলৈ লৈছোঁ৷ গাঁৱৰ ভিতৰতে বয়োজ্যেষ্ঠ ব্যক্তি কাৰণে তেখেতক সকলোৱে বৰদেউতা বুলিয়েই সম্বোধন কৰে৷ এদিন বৰদেউতা ফাৰ্মাচী এখনলৈ গৈ তাত থকা ফাৰ্মাচিষ্টজনক সুধিলে, ‘’তোমাক কথা এটা সোধো বেয়া পাবা নেকি?” ফাৰ্মাচিষ্ট : কি কথা বৰদেউতা? বেয়া নাপাওঁ, সোধক৷ বৰদেউতা : তুমি বিয়া বাৰু কৰালানে? ফাৰ্মাচিষ্ট : নাই, এতিয়ালৈকে কৰা হোৱা নাই, ছোৱালী চাই চিতি থকাহে হৈছে৷ বৰদেউতা : অঁ। বাৰু হেৰি নহয়, ধৰি লোৱা তুমি ছোৱালী এজনী চাই চিতি

Read more
1 2 3 4 14