ফটাঢোল

দুগৰাকী মহিলাৰ ইনবক্সত হোৱা কথোপকথন – ৰূপালী ভৰালী বৰুৱা

১ম মহিলা : ঐ আছ নে? কি খবৰ তোৰ? বহুত দিন ফেচবুকত দেখা নাই যে আৰু একেখন পিক কেলেই দি থৈছ? ২য় মহিলা : এহ নক’বি আৰু! এক সপ্তাহৰ পৰা একেখন প্ৰ-পিকেই আছে। সলাওঁ বুলিও সলাব পৰা নাই। তাকেই মানুহটোক পতাই আছোঁ‌ অ’ ফটো মাৰি দিবলৈ! ১ম মহিলা : মই কালি সলালো তোৰ লাইক কমেণ্ট পোৱা নাই। বোলো কি হ’ল, কিবা গা চা বেয়া নেকি? ২য় মহিলা : নাই অ’, গা ভালেই। কালি শাহু আহিলে যে ফেচবুক চাবলৈ সময়ে পোৱা

Read more

খদৌ মদৌ – মানসী বৰা

ঘটনাটো ঘটিছিল আমেৰিকাৰ ব’ষ্টনত৷ নৈশ যাপন কৰা হোটেলত পাঁচ বন্ধুৰ মাজত চলি আছিল এটি আড্ডা৷ আমি চাৰিটা খাৰখোৱা আৰু এজন আছিল দক্ষিণৰ ৱাণেক্কাম কোৱা, মানে তামিল৷ তামিল বন্ধুৰ সুবিধাৰ বাবে আমাৰ আড্ডাৰ মাধ্যম অসমীয়াৰ পৰিৱৰ্তে হৈ পৰিছিল ইংৰাজী৷ আড্ডাত যদি কেতিয়াবা কোনোবাই অসমীয়াত কিবা বাক্য এটা মুখেৰে উলিয়াই তেতিয়া কোনোবা এজনে তাক ইংৰাজীত অনুবাদ কৰি দিয়ে যাতে তামিল বন্ধুজনেও বুজি পায়৷ আমাৰ খাৰখোৱা জিভাৰ ইংৰাজীৰ উচ্চাৰণৰ এক সুকীয়া ধৰণ আছে যিটো হয়টো ৱৰ্ডচৱৰ্থ অথবা শ্বেক্সপীয়েৰে শুনিও বিপাঙত পৰিলেহেঁতেন যে এইবোৰ

Read more

ব্ৰেণ্ডেড কাপোৰ বনাম বেণ্ডেজ কাপোৰ – খাণ্ডিল্য নয়ন শইকীয়া

বিহু পালেহি। সকলো ফালে উথপথপ্ পৰিবেশ৷ আমাৰ দৰে ডেকাৰ আজিকালি বিহু মনত লাগক বা নালাগক, দেহত কিন্তু লিভাইছৰ পেণ্ট চাৰ্ট, পুমাৰ জোতা আদি লাগিবই লাগিব৷ ফেন্সিলৈ বজাৰ কৰিবলৈ ওলাইছোঁ। লগত দেউতাই দিয়া তিনি হাজাৰ আৰু মাৰপৰা কুটুৰি কুটুৰি লোৱা উপৰঞ্চি দুই হাজাৰ টকা৷ লগত ওলাল লংগ’টিয়া দোষ্ট৷ মনত ভাবিলো নতুন কাপোৰৰে বিহু বুলি পুৰা লেভেল দি চেল্ফি তুলিম আৰু ফেচবুকত আপলোড কৰিম৷ ল’ৰাবোৰৰ হিংসা লাগিলেও উপায়ন্তৰ হৈ মুখখন মেলি থকা ইমজি, ৱাও আৰু ছোৱালীবোৰে লাভ ৰিয়েকচন দিব৷ উৱাও! ভাবিয়েই দেখোন

Read more

বৰলীৰ দুখ – তৃষ্ণা সোনোৱাল

বৈদ্য দুখ জানেনে মোৰ? বৈদ্য দুখ! এনে হেন লাজ আৰু দুখ বৰলা জীৱনতে পাবলৈ ফটা বিধাতাই লিখি থৈ গৈছে৷ একুৰি বিশ দিন ৰোহ ঘৰত সোমাই আজি মুকলি আকাশখন চাইছোঁ৷ ফটামুখে কেছটো কওঁ দেই, পঢ়ি ইমচ’নেল হৈ চকুপানী ওলাই গ’লে মোৰ কিন্তু দোষ নাই৷ ছয়বছৰ হৈছে মোৰ পোনাহঁতক ক-ক-ম-ম শিকোৱা কামত সোমোৱা৷ ইমান মৰম লাগে ঔ পোৱালিবোৰক। যিফালে গঢ় দিব খোজো, সেই ফালেই হাউলি দিয়ে৷ আয়েতো এশ পুত্ৰৰ গান্ধাৰী মাতৃ বুলি মোক উপাধি প্ৰদান কৰিছিলেই৷ পুত্ৰ পুত্ৰীহঁতৰ গৌৰৱেৰে ফুলি থাকোঁতেই লাগিল

Read more

ডিক্লেয়াৰ – মিতালী চহৰীয়া

এদিন প্ৰণৱদাই অফিচৰ পৰা আহি দেখে যে, দুদিনমানৰ আগতে ভূটানৰ পৰা পুহিবলৈ বুলি অনা ভূটীয়া কুকুৰটো বাৰাণ্ডাখনত লাং খাই পৰি আছে৷ লৰচৰ একো নাপাই লগে লগে প্ৰণৱদাই কুকুৰটোক গাড়ীত তুলি আমাৰ পশু চিকিৎসকৰ চেম্বাৰলৈ লৈ গ’ল৷ প্ৰণৱদা : ছাৰ ছাৰ চাওকচোন, মোৰ মৰমৰ কুকৰটোচোন কিবা হঠাতেই মাত বোল নোহোৱা হৈ পৰি থাকিল৷ আপোনাৰ ওপৰতেই ভৰষা আৰু৷ ডাক্তৰ : (ষ্টেথোস্কোপডাল দুবাৰমান লগাই চাই) বুজিছে আই এম চৰি। আপোনাৰ কুকৰটো ব্ৰট ডেথ৷ সেই যে শ্ৰীদেৱী বাথৰুমত পৰি আছিল আপোনাৰ কুকুৰটোৰ কেচটো ঠিক

Read more

ধূপকাঠি, মই আৰু আমাৰ এওঁ – পাৰ্থজ্যোতি বৰুৱা

ধূপকাঠি বুলিলে একপ্ৰকাৰ পাগল মই৷ ৰাতিপুৱা, দুপৰীয়া, আবেলি বা সন্ধ্যা বুলি কোনো কথা নাই৷ যেতিয়াই মন যায় তেতিয়াই জ্বলাই দিওঁ৷ ইমানেই পাগল যে, বিভিন্ন সুগন্ধি ল’বৰ বাবে ডাঙৰ ডাঙৰ বজাৰত সন্ধ্যা দোকানৰ মুখে মুখে পিটপিটাই ফুৰাৰো অভ্যাস আছে মোৰ৷ তাকো অকলে অকলে৷ আনহে নালাগে ভাল ধূপকাঠি জ্বলোৱা মানুহৰ ঘৰলৈ সন্ধ্যা দুই মিনিটৰ কাৰণে গৈ নিশা ভাত খাই অহাৰো নজিৰ আছে৷ জ্বলাওঁ যি হাৰত, কিনোও সেই হাৰত৷ বজাৰত নিতৌ চাৰ্ভে কৰোঁ৷ নতুন নতুন ব্ৰেণ্ডৰ সন্ধান কৰোঁ৷ একেটা ব্ৰেণ্ডকে দুবাৰ কেতিয়াও নিকিনো৷

Read more

টেক্সী বনাম অ’লা-উবেৰ – অমিতাভ মহন্ত

ক’লকাতাত হালধীয়া টেক্সী চাৰ্ভিচটো উঠাই দিব নোৱাৰিনে? প্ৰভুসকলেতো নিজৰ ইচ্ছা নাথাকিলে যাত্ৰীৰ ইচ্ছানুযায়ী ক’লৈকো নাযায়৷ কেতিয়াবা যদিহে কাষ্টমাৰৰ ইচ্ছামতে যাব লাগে তেনেহ’লে মিটাৰৰ ওপৰত এটা এনেকুৱা ভাড়া খুজি দিব যে সেয়া দেখি তেওঁলোকৰ কল্পনাশক্তিৰ ওপৰত শ্ৰদ্ধা উপজি আপোনাৰ শিৰ নত হৈ পৰিব৷ ঠিকেইতো, এইখিনি এক্সট্ৰা নল’লে প্ৰভুসকলৰ শৰীৰৰ সঞ্চালন হ’ব বুলি আশাই বা কিয় কৰো? কালি ৰাতি কলেজ ষ্ট্ৰীটৰ পৰা ওলাইছো, বতৰটো বেয়া হৈ আহিছে৷ সোনকালে হোটেললৈ উভতিব লাগে৷ প্ৰেসিডেন্সীৰ সন্মুখত তথাকথিত এপিচ “ন’ ৰিফিউজেল” মাল ৰৈ আছে৷ সুধিলো, পাৰ্ক

Read more

প্ৰতিশোধ – মাধৱ লহকৰ

তেতিয়া মই ঔষধ কোম্পানী এটাত আঞ্চলিক মেনেজাৰৰ কাম কৰি আছিলো৷ সেইটো বছৰত কোম্পানীৰ পৰা মিল্টনৰ ফ্লাক্স আহিছিল পূজাৰ উপহাৰ হিচাপে, ফাৰ্মেচী আৰু বিতৰকৰ বাবে৷ ঘটনাটো ঘটিল উপহাৰ বিতৰণৰ সময়ত৷ যদিও সেই উপহাৰটোৰ বাবে কোনো চেল টাৰ্গেত নাছিল, কিন্তু চেলচৰ মানুহ হিচাপে “অন্দৰ কা ভূত নিকাল হি আতা হে” না, সেয়েহে ক’লো, : দাদা আপোনাৰ বাবে বৰ বঢ়িয়া কমপ্লিমেণ্ট এটা আহিছে, আপুনি মাত্ৰ পাঁচহাজাৰমান টকাৰ মাল উঠালেই হ’ব৷ : দাদা আপুনি মোক গিফ্টটো দি চাওকনা, মই বিশহাজাৰ টকাৰ মাল উঠাই দিম৷

Read more

দাম্পত্য কলহ – ৰাজশ্ৰী শৰ্মা

শ্ৰীমতীয়ে চোফাত বহি পুৱাই পুৱাই পেপাৰ হাতত লৈ, “তুমি যদি কোৱা, জোনটি আনি দিম৷ তুমি যদি কোৱা, নদীতো জাপ দিম৷ ইফ ইউ চে লা লা লি লি, সাগৰো সাঁতুৰিম৷ ইফ ইউ চে ধেং তেং৷” শ্ৰীমানে পুৱাৰ লাল চাহ দুকাপেৰে থালখন আনি আলফুলে ডাইনিং টেবুলত থ’লে৷ ক’ৰবাত চাহ পৰিলে দাগটো গুচাবলৈ টান৷ ক’লিন মাৰিলেহে যাব৷ গতিকেই সাৱধানতা অৱলম্বন কৰি শ্ৰীমতীৰ ফালে চাই চিঞৰিলে, “অ’ মহাৰাণী, আঁহা চাহ একাপ খোৱা৷ মোৰ আকৌ ভাতো ৰান্ধিবলৈ আছে৷ পুৱাই পুৱাই ক’ত জোনবাই আনিবলৈ যোৱা?” শ্ৰীমতী

Read more

অসমীয়া লেখকৰ সমস্যা ‘গেছ’ – সমুদ্ৰ কাজল শইকীয়া

এই সময়ৰ অসমীয়া কবিতাৰ সমস্ত সমস্যাৰ গুৰিতে হৈছে গেছ৷ আমাৰ বেছিভাগ মানুহেই সময়মতে খোৱা-বোৱা নকৰে৷ কৰিলেও খাদ্যাভ্যাস স্বাস্থ্যসন্মত নহয়৷ ফলত ডেকা বুঢ়া সমন্বিতে বেছিভাগ অসমীয়া মানুহেই এচিডিটি সমস্যাৰে আক্ৰান্ত৷ আশ্চৰ্যজনকভাবে অসমেই একমাত্ৰ দেশ য’ত দুজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে দেখা হ’লেও পাতনিসূচক কথা হিচাপে পেটত গেছ হোৱাৰ কথা পাতি ভাল পায়৷ “এহ নক’ব বুইছেনে, কালি ৰাতিৰে পৰা পেটত গেছেই গেছ” – যেনিবা গেছ এটা উদযাপন কৰিবলগীয়া বস্তুহে৷ গেছ এনে এটা বস্তু যিটো নোখোৱাজনৰো হয়, বেছিকৈ খোৱাজনৰো হয়৷ সি যি কি নহওক

Read more
1 2 3 4 5 14